নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ বিজেপি এটা সম্পূর্ণ বিশ্বাসঘাতকৰ দল৷ অসমকতো তেওঁলোকে শেষ কৰিলেই, ভাৰতকো শেষ কৰিলে৷ উন্নয়ন একো নাই৷ কেৱল ধর্মীয় মেৰুকৰণ আৰু মিছা প্রতিশ্রুতিৰে ক্ষমতা দখল কৰি ৰাখিছে বিজেপিয়ে৷ বিটিচিত এতিয়া বিজেপিয়ে দুই হাতে দুটা দল লৈ ৰাজনীতি কৰিব খুজিছে৷ এপিনে ইউ পি পি এল, আনপিনে বিপিএফক হাতত ৰাখি ৰাজনীতি কৰিব খুজিছে৷ এই মন্তব্য প্রদেশ কংগ্রেছৰ সভাপতি কয়– ‘বিটিচি নির্বাচনৰ ২৬টা সমষ্টিত আমি প্রার্থী দিছোঁ৷ আন ১৪টা সমষ্টিত আমি নির্দলীয় প্রার্থীক সমর্থন জনাম৷ ইতিমধ্যে শ্রীৰামপুৰত আমি নির্দলীয় প্রার্থীক সমর্থন দিছোঁ৷ আন ১৩টা সমষ্টিত আমি সমর্থন কৰা নির্দলীয় প্রার্থীৰ নাম আনুষ্ঠানিকভাৱে প্রকাশ কৰা হ’ব৷’ ইফালে, হাগ্রামা মহিলাৰী নেতৃত্বধানী বিপিএফৰে মিত্রতা ভংগ কৰা সন্দর্ভত পুনৰ প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে আগন্তুক বিধানসভা নির্বাচনত বিটিচিৰ অন্তর্গত ১২টা সমষ্টিত বিজেপিয়ে নিজাববীয়াকৈ প্রার্থী দিব৷ বিপিএফেৰে যে পুনৰ কোনো কাৰণত মিত্রতা নহয়, সেয়া নিশ্চিত হৈছে৷ তেওঁ সভাপতি হৈ থকালৈ হাগ্রামাৰ দুৱাৰ বন্ধ বুলিও তেওঁ মন্তব্য কৰে৷ মিত্রতাত থাকিও হাগ্রামা মহিলাৰীয়ে মিত্রতাৰ ধর্ম পালন কৰা নাই বুলি উল্লেখ কৰি দাসে পুনৰ কয়– ‘বিটিচিত আমাৰ নিজাকৈ মাত্র এজনেই এমচিএলএ আছে৷ বিপিএফৰ তিনিজন মন্ত্রী চৰকাৰত আছে৷ গতিকে একমাত্র এমচিএলএজনক কার্যবাহী সদস্যৰ পদ দিবলৈ হাগ্রামাক আহ্বান জনাইছিলোঁ৷ কিন্তু তেওঁ প্রত্যাখ্যান কৰিছিল৷ পঞ্চায়ত নির্বাচনতো আমাৰ সৈতে আলোচনা নকৰাকৈ তেওঁলোকে নিজাববীয়াকৈ প্রার্থী দিছে৷ বিধানসভা নির্বাচনতো তেওঁলোকে বিশ্বাসঘাতকতা কৰিছিল৷ এনে বিশ্বাসঘাতকৰ লগত মিত্রতা লজ্জাজনক৷’
Prev Post
Next Post