নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ কঠালগুৰি আৰু মোৱামাৰীত চোৰাংকাঠ ভৰ্তি গাড়ী জব্দ

নিয়মীয়া বাৰ্তা, ১৪ জুন : নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মোৱামাৰী আৰু কঠাগুৰিত আজি আৰক্ষী আৰু বন বিভাগৰ লোকে পৃথকে পৃথকে অভিযান চলাই দুখন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে চাপানালা খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নজমুল আহমেদৰ নেতৃত্বত এটা বন কৰ্মী দলে আজি পুৱা প্ৰায় ৬–৩০ মান বজাত এক গোপন সুত্ৰৰ পম খেদি কঠালগুৰি অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই ৷

পৰৱৰ্তী সময়ত বন কৰ্মী দলটোৱে কঠালগুৰি অঞ্চলৰ মেজিগাৱঁৰ পথৰ পৰা মূল্যবান চোৰাংকাঠ ভৰ্তি এএছ ৩ ই ৪৩ ২৮ নম্বৰৰ টাটা মোৱাইল গাড়ী জব্দ কৰে যদিও গাড়ীখনৰ চালক সহ দুজন লোক পলাই যাবলৈ সক্ষম হয় বুলি বন বিভাৰগ এক সুত্ৰই জানিবলৈ দিয়ে৷

আনহাতে আজি পুৱা বন বিভাগে জব্দ কৰা চোৰাং শাল কাঠৰ ২৫ টা ফান্ট্ৰা বজাৰৰ মূল্য প্ৰায় অৰ্ধলক্ষাধিক টকা হব বুলি জানিবলৈ দিয়াৰ লগতে বৰ্তমান উক্ত চোৰাং কাঠ ভৰ্তি গাড়ীখন চাপানালা বন কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে ৷

মোৱামাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে আজি পুৱা মোৱামাৰী অঞ্চলৰ পথৰ পৰা এএছ ০২ ই ৩০৫৯ নম্বৰৰ এখন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰি পৰৱৰ্তী সময়ত শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলৰ হাতত চমজাই দিয়ে ৷আৰক্ষীয়ে জব্দ কৰা চোৰাং মাকৈ শালৰ ৫৮ টা টুকুৰা খিনি বজাৰৰ মূল্য প্ৰায় অৰ্ধলক্ষাধিক টকা হব বুলি বন বিভাগে জানিবলৈ দিয়াৰ লগতে উক্ত চোৰাং কাঠ ভৰ্তি গাড়ী খল শালনা বন কাৰ্যালয়ত আছে বুলি জানিবলৈ দিয়ে ৷

You might also like