নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলঙনীৰ টানপাৰাত চাৰি কৃতী ছাত্ৰীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৪ জুন : নগাঁও জিলাৰ চিলঙনীৰ সমীপৰ নামা টানপাৰাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি চাৰি গৰাকী কৃতী ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

স্থানীয় সমাজকৰ্মী মোস্তাফা কামালে আঁত ধৰা সভাত অঞ্চলটোৰ কৃতী ছাত্ৰী ক্ৰমে ৰৌজিনা আহমেদ, জিন্নাত ফাতিমা, মুছফিয়া ৰহমান আৰু আচমিনা চুলতানাক সম্বৰ্ধনা জনায় প্ৰদেশ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা শান্তনু শৰ্মাই।

উল্লেখ্য যে সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত কাতিমাৰী গ্ৰান্ট নিবাসী ফকৰ উদ্দিন আহমেদৰ কন্যা ৰৌজিনা আহমেদে আটাইকেইটা বিষয়ত লেটাৰ সহ ৯২ শতাংশ, স্থানীয় টানপাৰা নিবাসী ৰাইহান চৌধুৰীৰ কন্যা জিন্নাত ফাতিমাই ৯১ শতাংশ, কাতিমাৰী গ্ৰান্ট নিবাসী মজিবুৰ ৰহমানৰ কন্যা মুছফিয়া ৰহমানে ৭৯ শতাংশ আৰু আতাউৰ ৰহমানৰ কন্যা আচমিনা চুলতানাই ৬২ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পিছপৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰে আচমিনা চুলতানা অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী। এই কৃতী ছাত্ৰী কেইগৰাকীক আজি গামোচা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানত ম’মেন্টাম এডুকেশ্বন কনিষ্ঠ মহাবিদ্যালয়ৰ সঞ্চালক জাকাৰিয়া, ম’মেন্টাম হাইস্কুলৰ অধ্যক্ষ মোজাক্কিৰ হুছেইন, মাৰ্কাজ একাডেমীৰ বিষয়ববীয়া মৌলানা হাফিজুৰ ৰহমান আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like