নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত কামৰূপী লোকগীতৰ কৰ্মশালা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ “যেনেদৰে মুল ভেটি মজবুত হ’লেহে সুউচ্চ অট্টালিকাৰ নিৰ্মাণ সম্ভৱ, একেদৰে সংগীতৰ মূল ভেটি মজবুত কৰিবলৈ লোকগীত চৰ্চাৰ গত্যন্তৰ নাই। বিশেষকৈ কামৰূপী লোকগীতৰ ভাব-ভাষা, তাল-টানৰ কথাই সুকীয়া। সেই বাবেই ই এক মৰ্যাদাসম্পন্ন স্থানত অধিস্থিত হৈ আছে।” এই গুৰুত্বপূৰ্ণ মন্তব্য কামৰূপী লোকগীতৰ গৱেষক তথা কামৰূপী লোকগীত চৰ্চাকেন্দ্ৰ (কালোচ) অসমৰ সমন্বয়ক তুতুল মানৱৰ। আজি পাঠশালাত জ্যোতিস্মান সংগীত একাডেমীৰ উদ্যোগত আৰু কামৰূপী লোকগীত চৰ্চাকেন্দ্ৰ (কালোচ) অসমৰ সহযোগত অনুষ্ঠিত তিনিদিনীয়া বিনামূলীয়া কামৰূপী লোকগীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত নিজৰ মত ব্যক্ত কৰি তুতুল মানৱে লগতে কয় যে বৰ্তমান কামৰূপী লোকগীত চৰ্চাৰ এক সুন্দৰ পৰিৱেশ চলি আছে। একেদৰে জ্যোতিস্মান সংগীত একাডেমীৰ অধ্যক্ষা কৃষ্ণা মণি দাসে তেখেতৰ সংগীত বিদ্যালয়ৰ পৰা লোৱা প্ৰথম পদক্ষেপত প্ৰশিক্ষাৰ্থীৰ আগ্ৰহ দেখি অভিভূত হোৱা বুলি মত প্ৰকাশ কৰে। উল্লেখ্য যে যোৱা ২৭ মাৰ্চৰ পৰা মুঠ ৩৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাত প্ৰশিক্ষকৰূপে উপস্থিত থাকে কামৰূপী লোকগীতৰ এ গ্ৰেড শিল্পী তথা কামৰূপী লোকগীত চৰ্চাকেন্দ্ৰ (কালোচ) অসমৰ সভাপতি ডম্বৰুধৰ পাঠক, কামৰূপী লোকগীতৰ কণ্ঠ তথা বাদ্যশিল্পী বিষ্ণু নাথ, সমন্বয়ক তুতুল মানৱ আৰু সহযোগী বাদ্যশিল্পী হিচাপে ধনজিৎ দাস। সামৰণি অনুষ্ঠানত বক্তৃতা প্ৰদান কৰা অভ্যাগত ভাস্কৰ কলিতা, প্ৰণৱ তালুকদাৰ, বিদ্যালয়ৰ আঁৰৰ অন্যতম মূল ব্যক্তি ডাঃ ধ্ৰুৱ জ্যোতি কলিতাই প্ৰশিক্ষক-প্ৰশিক্ষাৰ্থী-অভিভাৱকক তেখেতসকলৰ যোগদানৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰেৰক কল্যাণ কলিতা

You might also like