নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকাশৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ বিজেপিক ভোট দিয়াৰ আহ্বান তপন গগৈৰ

🎯মাজুলীত মাৰাথন নিৰ্বাচনী প্ৰচাৰ তপন কুমাৰ গগৈৰ
🎯মাজুলীৰ আজলী আই থানৰ আজলী আই দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : কংগ্ৰেছ আৰু শাসকীয় বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰে বৰ্তমান মাজুলীৰ ৰাজনৈতিক পৰিৱেশ গৰম কৰি তুলিছে ৷ মনোনয়ন পত্ৰ দাখিলৰ পিছত প্ৰথমবাৰলৈ মাজুলীত আজি  লোকসভা নিৰ্বাচনৰ যোৰহাট লোকসভা সমষ্টিৰ  বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে  মাৰাথন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। পুৱা ডিব্ৰুগড়ৰ পৰা পোনে পোনে আহি মাজুলীত উপস্থিত হৈ প্ৰথমেই লুইতপৰীয়া পঞ্চায়তৰ অন্তৰ্গত ভগনীয়া মুৰং আকুমত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। উক্ত প্ৰচাৰ সভাত অংশ লৈ প্ৰাৰ্থী গৰাকীয়ে- বিজেপিৰ ডাৱল ইঞ্জিনৰ চৰকাৰখনে জনজাতীয় লোকৰ বাবে কৰি অহা  উন্নয়নমূলক আচনি সমূহৰ কথা উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাৰ বাবে আত্মসমৰ্থনত ভোট ভিক্ষা কৰা পৰিলক্ষিত হয়। ইফালে ইয়াৰ পিছতে প্ৰাৰ্থী গৰাকীৰ ৰতনপুৰ গায়ন পঞ্চায়তৰ ৰতনপুৰ লাহন শ্ৰীমন্ত কৃষ্টি সংঘত অনুষ্ঠিত প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি কয় যে-অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিকাশৰ যাত্ৰা যি আৰম্ভ হৈছে তাৰ ধাৰাবাহিকতা আমি ৰক্ষা কৰিব লাগিব। আমি বৰ্তমান চাৰিটা দলে একেলগে চৰকাৰ চলাই আছোঁ। ৰাজ্যত বিজেপি, অগপ আৰু ইউপিপিএলে মিলি চৰকাৰ চলাই আছোঁ। আপোনালোকে নিজে দেখিলে নিজেই অনুভৱ কৰিব পাৰিব যে ২০১৪ চনৰ আগৰ ভাৰতবৰ্ষ আৰু ২০১৪ চনৰ পিছৰ ভাৰতবৰ্ষ আৰু ২০১৬ চনৰ আগৰ অসম আৰু ২০১৬ চনৰ পিছৰ অসম তথা মাজুলীৰ তুলনা কৰি চালেই আপোনালোকে কাক ভোট দিব লাগে সেইয়া বুজি পাব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে- কংগ্ৰেছ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰৰ শেষৰ খন বাজেট অধিৱেশনত তেতিয়াৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিন্দাম্বৰমে ভাৰতবৰ্ষ বিশ্বৰ ৫ অৰ্থ বহুল দেশ হবলৈ আৰু ৩০ বছৰ সময় লাগিব বুলি উল্লেখ কৰাৰ বিপৰীতে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হোৱাৰ পিছত ১০ বছৰতে ভাৰতবৰ্ষক বিশ্ব ৫ শক্তিশালী অৰ্থ বহুল দেশ কৰিবলৈ সক্ষম হল। এতিয়া ভাৰতবৰ্ষ বিশ্বৰ তৃতীয় অৰ্থবহুল দেশ হবলৈ গৈ আছে এই সময়ত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত থাকি দেশখনক অৰ্থনৈতিক ভাৱে সৱল কৰাৰ কামত সহযোগিতা কৰাৰ সময় বুলি উল্লেখ কৰে। তেওঁ মাজুলীৰ ভোটাৰক দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰি কয় যে এতিয়া মাজুলীৰ ৰাইজে পিছলৈ ঘূৰি চাব নালাগে। মাজুলীৰ মানুহে দেখা সপোন বাস্তৱায়িত কৰাৰ বাবে বিজেপিয়ে অহৰহ চেষ্টা কৰি আহিছে। মাজুলীৰ বহু প্ৰত্যাশিত দুখনকৈ দলং সম্পূৰ্ণ হোৱাৰ পথত, মাজুলীত এখনকৈ বিশ্ববিদ্যালয়, মাজুলীৰ বিভিন্ন আন্তঃগাঠনি নিৰ্মাণ, বাট পথৰ পকীকৰন আদিয়ে মাজুলীৰ পূৰ্বৰ প্ৰতিচ্ছবি সলাই পেলালে। এতিয়া ডিব্ৰুগড়ৰ দৰে দীৰ্ঘ দূৰত্বৰ পথ ডেৰ ঘন্টাতেই পাব পৰা হল যাৰ বাবে ৰোগী সকল লাভাম্বিত হৈছে বুলি উল্লেখ কৰি এই কথা মাজুলীবাসীয়ে মনত ৰাখিব লাগিব বুলি উল্লেখ কৰে। তেওঁ ভোটাৰ ৰাইজক আহ্বান জনাই যে মই মাজুলীৰ প্ৰতিঘৰলৈ যোৱাটো সম্ভৱ নহয় মই আশা কৰিম ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই প্ৰতিঘৰলৈ গৈ চৰকাৰী আচনিৰ কথাৰে ৰাইজক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিব। তেওঁ আৰু কয় যে বৰ্তমান ৰাজ্য চৰকাৰ খনে নাৰী শিক্ষাৰ ক্ষেত্ৰত বিশেষ আচনি গ্ৰহণ কৰিছে। উচ্চ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰীয়ে ১০ হাজাৰ, উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰীয়ে ১২ হাজাৰ আৰু স্নাতক পৰ্যায়ত উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব বিচৰা ছাত্ৰীয়ে এতিয়াৰে পৰা ২৫ হাজাৰকৈ লাভ কৰিব বুলি প্ৰাৰ্থী গৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পিছতেই প্ৰাৰ্থী তপন গগৈয়ে শ্ৰীৰাম গাঁও পঞ্চায়তৰ নভগা ৰংগমঞ্চ, ফুলনি গাঁও পঞ্চায়তৰ উলুৱনী ৰংগমঞ্চত প্ৰচাৰ সভাত অংশগ্ৰহণৰ পিছতেই ৰাৱণাপাৰ গাঁও পঞ্চায়তৰ আজলী আই থানত আজলী আই দিৱসৰ অনুষ্ঠানত অংশ লৈ এক সন্ত সন্মিলনতো উপস্থিত থাকে। উক্ত অনুষ্ঠানত অংশ লৈ প্ৰাৰ্থী গৰাকীয়ে কয় যে-ময়ামৰা সকলৰ থান সত্ৰ সমূহক আগুৱাই নিয়াৰ বাবে বিজেপি চৰকাৰ বদ্ধপৰিকৰ। ইতিমধ্যেই ময়ামৰা সম্প্ৰদায়ৰ কেইবাখনো সত্ৰ পুনৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে পূজি আৱন্টন দি কাম আৰম্ভ কৰিছে বুলি উল্লেখ কৰে। ইফালে প্ৰাৰ্থী গৰাকীয়ে সোণাৰীআটী নৱজ্যোতি কৃষ্টি সংঘ, লোহিত খাৱলু পঞ্চায়তৰ অন্তৰ্গত তামোলঘূলি তিনিআলি, বেঙেনাআটী সত্ৰৰ বেঙেনাআটী ৰংগমঞ্চ, কমাৰগাঁও ৰূপালী যুৱক সংঘত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত সন্ধিয়া ৬ বজাত গড়মূৰত মিত্ৰজোটৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পিছতে প্ৰাৰ্থী গৰাকীয়ে মাজুলী ক্ৰীড়া সন্থাৰ লগতে মাজুলীৰ বিভিন্ন ক্লাৱ সমূহত অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। প্ৰাৰ্থী গৰাকীৰ সৈতে আটাইকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত মাজুলীৰ বিধায়ক ভুৱন গাম, জিলা বিজেপিৰ সভাপতি বীৰেন শইকীয়া, জিলা প্ৰভাৰী কামাখ্যা মোহন দাসকে আদি কৰি মিত্ৰ দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like