নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া ইকবাল হুছেইনক নিলম্বন

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বিত কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াক। কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ইকবাল হুছেইনক নিলম্বন কৰিছে বন বিভাগে। উল্লেখযোগ্য যে যোৱা ২৩ মাৰ্চত বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন শিবিৰৰ সমীপত উদ্ধাৰ হৈছিল এটা খড়্গবিহীন মৃত গঁড়। খড়্গবিহীন গড়টোৰ মৃত্যু হোৱাৰ পাছতেই তদন্ত আৰম্ভ কৰিছিল বন বিভাগে। ইফালে এতিয়াও বিচাৰি পোৱা নাই মৃত গঁড়টোৰ খড়্গ। ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে আজি নিলম্বন কৰিছে বিষয়াগৰাকীক।

প্ৰেৰক ৰঞ্জিত ৰজক

You might also like