পৰীক্ষাৰ্থীৰ বাবে টাইম মেনেজমেণ্ট
বন্তি বৰঠাকুৰ বৰুৱা
এলবার্ট আইনষ্টাইনে কৈছিল– ‘সাফল্যৰে পৰিপূর্ণ এজন মানুহ হ’বলৈ চেষ্টা কৰাতকৈ মূল্যবোধেৰে পূর্ণ এজন মানুহ হ’বলৈ চেষ্টা কৰা৷’
এটা অভিযোগ প্রায়েই শুনা যায়– ছাত্র বা ছাত্রীগৰাকীয়ে পৰীক্ষাৰ বাবে ইমান ভালকৈ পঢ়া–শুনা কৰিলে, অথচ আশা কৰা মতে ৰিজাল্ট নহ’ল৷ ৰিজাল্ট ভাল কৰিবলৈ কেৱল পঢ়া–শুনাই যথেষ্টনে? নহয়, বহুতৰ ক্ষেত্রত ৰিজাল্ট ফলপ্রসূ নোহোৱাৰ মূল কাৰণ টাইম মেনেজমেণ্ট (সময় ব্যৱস্থাপনা)ৰ অভাৱ৷ পৰীক্ষা মানে হৈছে পৰীক্ষার্থীৰ জ্ঞান আৰু বুদ্ধিমত্তাৰ মূল্যায়ন৷ পৰীক্ষার্থীয়ে তিনি ঘণ্টা সময়ৰ ভিতৰত তেওঁলোকৰ বাবে প্রস্তুত কৰা প্রশ্ণকাকতখনৰ উত্তৰ যিমান ভালদৰে কৰিব পাৰিব, সিমানেই উন্নত ফলাফল লাভ কৰিব৷ সেয়ে পৰীক্ষাৰ আগতেই পৰীক্ষার্থীয়ে একোটা প্রশ্ণৰ উত্তৰ লিখোঁতে কিমান সময়ৰ দৰকাৰ হ’ব আৰু গোটেইখন প্রশ্ণকাকত সম্পূর্ণ কৰিবলৈ কিমান খৰকৈ লিখিব লাগিব, অভ্যাসৰ দ্বাৰা তাক নিশ্চিত কৰিব লাগিব৷ তেহে পৰীক্ষার্থীসকলে এশ নম্বৰৰ প্রশ্ণকাকতখন তিনি ঘণ্টাৰ সময়সীমাত সম্পূর্ণ কৰিবলৈ সক্ষম হ’ব পাৰিব৷ সময় ব্যৱস্থাপনাত আউল লগাৰ বাবেই বহু পৰীক্ষার্থীয়ে পঢ়ি যোৱা জনা প্রশ্ণৰো উত্তৰ কৰিবলৈ সময় মিলাব নোৱাৰা হয়৷
টকা–পইচা খৰচ কৰাত মিতব্যয়ী হ’লে যেনেকৈ মানুহ চহকী হ’ব পাৰে, ঠিক তেনেকৈ সময় খৰচ কৰাত মিতব্যয়ী হ’লেহে মানুহে জীৱনত সফলতা অর্জন কৰিব পাৰে৷ এই ব্রহ্মাণ্ডত আটাইতকৈ মূল্যৱান বস্তুটোৱেই হৈছে সময়৷ সময়ৰ প্রতিটো মুহূর্তৰে আছে অজস্র মূল্য৷ মানুহক জীৱনৰ মূল্য অনুভৱ কৰায় একমাত্র সময়ে৷ সময়ে সকলোকে সুযোগ দিয়ে, বুদ্ধিমানজনে ইয়াৰ সদ্ব্যৱহাৰ কৰে৷ জীৱনক ভালপোৱা লোক সময় খৰচ কৰাত মিতব্যয়ী হয়৷ সৌ সিদিনা দেশৰ ৰাজধানী নতুন দিল্লীৰ তালকাটৰা ষ্টেডিয়ামত ‘পৰীক্ষা পে চর্চা ২০২০’ কার্যসূচীত দেশৰ ২০০০গৰাকী শিক্ষার্থীৰ সৈতে অন্তৰংগ আলাপত মিলিত হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে প্রস্তুতি চলাই থকা ছাত্র–ছাত্রীসকলক উদ্দেশ্য কৰি কয়– পৰীক্ষা গুৰুত্বপূর্ণ, কিন্তু পৰীক্ষাই জীৱন নহয়৷ পৰাজয়ক জয় কৰাহে জীৱনৰ অর্থ৷ মনত চাপ আৰু উত্তেজনা লৈ পৰীক্ষা হলত প্রৱেশ নকৰিবলৈ পৰামর্শ দি তেওঁ কয় যে আনে কি কৰি আছে, তাক লৈ চিন্তিত নহ’বা৷ নিজৰ ওপৰত বিশ্বাস ৰাখিবা আৰু যিখিনি প্রস্তুত কৰিছা, তাৰ ওপৰত গুৰুত্ব দিবা৷ পৰীক্ষাক সফলতা বা বিফলতা হিচাপে লোৱাৰ মানসিকতা সলনি কৰাৰ আহ্বান জনাই প্রধানমন্ত্রীগৰাকীয়্ কয়– নম্বৰেই জীৱন নহয়৷ তেনেদৰে আমাৰ সমগ্র জীৱনৰ কাৰণে পৰীক্ষাই সিদ্ধান্তকাৰী কাৰক নহয়৷ সকলো লোকৰ পৰা জীৱনৰ অনুপ্রেৰণা ল’বলৈ তেওঁ ছাত্র–ছাত্রীসকলক আহ্বান জনায়৷
স্থিৰ লক্ষ্য আৰু পৰিশ্রম সফলতাৰ চাবিকাঠী৷ পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ হ’লে কেৱল পঢ়াই যথেষ্ট নহয়৷ নিয়মিত মনোযোগেৰে শৃংখলাবদ্ধভাৱে প্রতিটো বিষয় পুংখানুপুংখকৈ পঢ়ি পৰীক্ষাৰ বাবে প্রস্তুতি চলোৱাৰ লগতে লিখি যাব লাগে৷ তিনি ঘণ্টা সময়ৰ ভিতৰত একোখন প্রশ্ণকাকত লিখি শেষ কৰিবলৈ হ’লে হাত খৰ হ’ব লাগিব৷ তাৰ বাবে বিগত বর্ষৰ কিছুমান প্রশ্ণ বিচাৰি পৰীক্ষা দিয়াৰ দৰে একে বহাতে তিনি ঘণ্টা বহি শেষ কৰিবলৈ চেষ্টা কৰিব লাগে৷
যিমানেই পৰীক্ষাৰ দিন চমু চাপি আহে, সিমানেই সময়ৰ নাটনি হোৱা যেন অনুভৱ হয়৷ সেয়ে তলত দিয়া উক্তিখিনি সাৰোগত কৰি চলিবলৈ যত্ন কৰিব লাগে–
তুমি যদি কম সময়ৰ ভিতৰতে বেছি কাম কৰিব খোজা, তেন্তে প্রত্যেক দিনে কৰিব লগা কামৰ এখন তালিকা প্রস্তুত কৰিবা৷ ডাঙৰ ডাঙৰ আখৰেৰে লিখা তালিকাখন এনে ঠাইত ৰাখিবা যাতে দিনটোৰ যিকোনো সময়তে তালিকাখন তোমাৰ চকুত নপৰাকৈ নাথাকে৷ দিনটো আগবাঢ়ে মানে তুমি তালিকাখন চাই চাই এটা এটাকৈ কামবোৰ কৰি যাবা৷