নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশু চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ

  • আজিজুৰ ৰহমান 
  • শশাংক শাণ্ডিল্য

  পশু চিকিৎসা বিজ্ঞানৰ যোগেদি কেৰিয়াৰ গঢ়িব খোজাসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে– জীৱবিজ্ঞান বিষয়টিৰ প্রতি আকর্ষণ থাকিব লাগিব, জীৱ–জন্তুৰ প্রতি মৰম থাকিব লাগিব, জীৱ–জন্তুৰ আচৰণ বুজি পোৱা ক্ষমতা থাকিব লাগিব, অনুসন্ধিৎসু মন, সূক্ষ্মদর্শী, ভাল যোগাযোগ দক্ষতা থকা, সকলো শ্রেণী মানুহৰ লগত কাম কৰিব পৰা দক্ষতা, কষ্টসহিষ্ণুতা, কর্তব্যপৰায়ণতা, অনুসন্ধিৎসু মন, নিষ্ঠাৱান, দায়িত্ববোধ আদি৷
পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত নামভর্তিৰ বাবে সর্বভাৰতীয় পর্যায়তNational Eligibility Entrance Test (NEET) পৰীক্ষাত অৱতীর্ণ হ’ব লাগে যদিও কোনো কোনো ৰাজ্যই নিজাববীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰে৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় দুখনত স্নাতক পাঠ্যক্রমৰ ব্যৱস্থা আছে৷ নামভর্তি প্রক্রিয়া কিন্তু প্রৱেশ পৰীক্ষাৰ জৰিয়তে হয়৷ যেনে– ‘ভেটেৰিনেৰী এনড্রেঞ্চ টেষ্ট[Veterinary Entrance Test (VET)]’ নামৰ এটি প্রৱেশ পৰীক্ষা হয়৷ এই প্রৱেশ পৰীক্ষাৰ বাবে অনলাইন পদ্ধতিত আবেদন কৰিব লাগে৷ ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল–http://cld.aau.ac.in৷
স্নাতক পাঠ্যক্রম চাৰে পাঁচ (৫.৫) বছৰীয়া ইণ্টার্নশ্বিপ ধৰি৷ অসমত বর্তমান দুখনকৈ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আছে৷ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰা, গুৱাহাটী(http://(www.vetbifg.ac.in) আৰু লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়৷(http://www.aau.ac.in/colleges/name/lakhimpur-college-of-veterinary-science/5)

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ গুৱাহাটী খানাপাৰাৰ ‘পশু চিকিৎসা মহাবিদ্যালয়’ত পশু চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ আৰু পি এইচ ডি, পাঠ্যক্রম অধ্যয়ন কৰিব পৰাৰ সুবিধা আছে৷ উত্তৰ–পূর্বাঞ্চলৰ এখন খ্যাতনামা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়৷
পশু চিকিৎসা বিজ্ঞানত শিক্ষা গ্রহণ কৰিবৰ বাবে নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানখন ভেটেৰিনেৰী কাউঞ্চিল অৱ ইণ্ডিয়া(Veterinary Council of India, www.vci.nic.in)ৰ স্বীকৃতিপ্রাপ্ত হয় নে নহয় জানি লোৱা দৰকাৰ৷

পশু চিকিৎসা বিজ্ঞানৰ বিভিন্ন স্কোপ আছে–

স্নাতক হোৱাৰ পিছত ভাৰতৰ বিভিন্ন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত স্পেচিয়েলাইজেচন কৰিব পাৰি৷ উদাহৰণ স্বৰূপে শল্য চিকিৎসা, দেহতত্ত্ব, অণুজীৱ, পশুপৰিপুষ্টি, বন্যজীৱ আৰু পৰিচালনা আদিকে ধৰি বিভিন্ন বিষয়ত৷
গৱেষণা আৰু স্পেচিয়েলাইজেচন কৰিব পৰা ভাৰতৰ বিখ্যাত বিশ্ববিদ্যালয়কেইখন্ হ’ল ভাৰতীয় পশু চিকিৎসা অনুসন্ধান সংস্থান(Indian veterinary research institute) (http://www.ivri.nic.in) ৰাষ্ট্রীয় ডেইৰী অনুসন্ধান সংস্থান(National diary research institute) (http://www.ndri.res.in/ndri/Design/Index.html) আদি৷ তদুপৰি কৰোবাৰ যদি বন্য জীৱৰ(Wildlife) প্রতি আকর্ষণ আছে, ডেৰাডুনত প্রতিষ্ঠিত বিশ্ববিখ্যাত ভাৰতীয় বন্যজীৱ সংস্থানত(Wildlife institute of India) (https://wii.gov.in) গৱেষণা আৰু স্পেচিয়েলাইজেচন কৰিব পৰাৰ সুবিধা আছে৷

এই শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন পাঠ্যক্রমত নামভর্তিৰ বাবে প্রয়োজন হোৱা নূ্যনতম নম্বৰ তথা শিক্ষাগত অর্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়৷ এই শিক্ষানুষ্ঠানবোৰত বিভিন্ন পাঠ্যক্রমত নামভর্তি কৰিবৰ বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইট চাব পাৰে৷ ৰাষ্ট্রীয় বৃত্তিমূলক আৰু গৱেষণা প্রশিক্ষণ পৰিষদে(http://ncvrtindia.org/) ভেটেৰিনেৰী বিভিন্ন বৃত্তিমূলক প্রশিক্ষণ প্রদান কৰে ৷

পশু চিকিৎসা বিজ্ঞান পঢ়িলে চৰকাৰী আৰু বেচৰকাৰী দুয়োটা ক্ষেত্রতে প্রতিষ্ঠিত হ’ব পাৰি৷
চৰকাৰী ক্ষেত্রত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত সহকাৰী অধ্যাপক, বিভিন্ন গৱেষণা প্রতিষ্ঠানত বিজ্ঞানী, পশু চিকিৎসালয়ত সহকাৰী অস্ত্রোপচাৰক, পশু চিকিৎসা বিষয়া হিচাপে নিযুক্তি পাব পাৰি৷ বিভিন্ন চৰকাৰী পামসমূহত(Animals Farms, Dairy Farms, Piggery Farms, Poultry Farms, breeding farms, Sheep and rabbit farms) পৰিচালক হিচাপে নিযুক্তি লাভ কৰিব পাৰি৷ ৰাষ্ট্রীয় উদ্যান, চিৰিয়াখানাসমূহত পশু চিকিৎসক নাইবা বন পশু চিকিৎসা বিষয়া হিচাপে যোগদান কৰিব পাৰে৷
অতি মহামাৰীৰ সংকটৰ সময়ত কোৱাৰেণ্টাইন সেৱাত ভাৰতৰ বিভিন্ন বিমান বন্দৰত নিযুক্তি দিয়া হয়৷
গৱেষণাৰ ক্ষেত্রত পশু চিকিৎসা বিষয়ত বহুতো সুবিধা আছে৷ কৃষি গৱেষণা সেৱা(Agricultural research service) (http://www.asrb.org.in/) চমুকৈ এ আৰ এছ পৰীক্ষাত অৱতীর্ণ হৈ ভাৰতৰ বিভিন্ন গৱেষণা সংস্থানত বিজ্ঞানী হিচাপে নিযুক্তি পাব পাৰি৷
বেচৰকাৰী সংস্থানৰ উদাহৰণস্বৰূপে বেচৰকাৰী ক্লিনিক প্রাইভেট প্রেক্টিচনাৰ হিচাপে স্ব–নিয়োজিত হ’ব পাৰি৷ বেচৰকাৰী পাম,Animal Food companies, Animal Welfare Societies, Food processing industry, Veterinary instruments/equipment industryআদি বিভিন্ন প্রতিষ্ঠানত কাম কৰিব পৰাৰ সুবিধা আছে৷ প্রশাসনিক বিষয়া হিচাপে, সাংবাদিক আৰু বহুত ক্ষেত্রত নিযুক্তি লাভ কৰিব পাৰে পশু চিকিৎসা বিজ্ঞানৰ ছাত্র–ছাত্রীসকলে৷ পশু চিকিৎসা বিজ্ঞানৰ ক্ষেত্রখনত ইমান সুবিধা আছে আমি অনুমানেই কৰিব নোৱাৰোঁ৷

You might also like