নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ব্যক্তিগত শিক্ষানুষ্ঠানত ভুৱা ডিগ্রীৰ প্রমাণ–পত্র

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ নগাঁও চহৰৰ এখন ব্যক্তিগত শিক্ষা প্রতিষ্ঠানে ছাত্র–ছাত্রীক বিভিন্ন পাঠ্যক্রমৰ নামত দীর্ঘদিন ধৰি ভুৱা ডিগ্রী প্রদান কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই অভিযোগ উত্থাপন কৰিছে স্বয়ং একাংশ ভুক্তভোগী ছাত্র–ছাত্রীয়ে৷ উল্লেখ্য যে নগাঁও চহৰৰ সমীপৰ ধিং ৰোডত থকা ‘হাম– এক ৰুৰেল কলেজ অৱ ছায়েন্স এণ্ড মেনেজমেণ্ট’ নামৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে কেইবাগৰাকী ভুক্তভোগীয়ে ডি ফার্ম তথা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূডান্ত পৰীক্ষা উত্তীর্ণ হোৱাৰ জাল প্রমাণ–পত্র প্রদানৰ গুৰুতৰ অভিযোগ তুলি নগাঁও সদৰ থানাত গোচৰ তৰিছে৷ অভিযোগ অনুসৰি, ২০১৭ বর্ষত উর্দু শিক্ষা ব’ডৰ অনুমোদন লাভ কৰা দেখুৱাই শিক্ষানুষ্ঠানখনে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নামভর্তি কৰি পৰীক্ষা অনুষ্ঠিত কৰি আহিছে৷

বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষা উত্তীর্ণ হোৱাৰ পিছত একেখন শিক্ষানুষ্ঠানে আৰ কে ডি এফ বিশ্ববিদ্যালয়, ভূপালৰ অধীনত ডি ফার্ম ডিপ্ল’মাৰ নামত তেওঁলোকৰ শিক্ষানুষ্ঠানখনৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীর্ণ ছাত্র–ছাত্রীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ ছাত্র–ছাত্রীৰ নামভর্তি আৰম্ভ কৰে৷ ইয়াৰ বিনিময়ত প্রতিগৰাকী শিক্ষার্থীৰ পৰা শিক্ষানুষ্ঠানখনে কেইবালক্ষ টকা সংগ্রহ কৰি আহিছে৷ আন বহুজনৰ লগতে নগাঁও আৰু হোজাই জিলাৰ হাফিজুৰ ৰহমান, ছাজিদুৰ ৰহমান, কাজিম উদ্দিন, মহচিনা বেগম, কবিতা দাস আদি শিক্ষার্থীৰ লগতে উর্দু শিক্ষা ব’ডৰ অধীনত বহু উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীর্ণ ছাত্র–ছাত্রীয়ে ২.৫০ লাখৰ পৰা ৪ লাখ টকাৰ বিনিময়ত ডি ফার্ম ডিগ্রী লাভৰ বাবে নামভর্তি কৰি প্রথম ষাণ্মাসিক পৰীক্ষাত অৱতীর্ণ হয়৷

পৰৱর্তী সময়ত দ্বিতীয় ষাণ্মাসিকত নামভর্তিৰ সময়ছোৱাত প্রয়োজন হোৱা সংশ্লিষ্ট বিশ্ববিদ্যালয়ৰ অধীনত নাম পঞ্জীয়ন কৰিবলৈ যাওঁতেহে উৰহী গছৰ ওৰ ওলাই পৰে৷ কিয়নো তেওঁলোকৰ নাম পঞ্জীয়নৰ সময়ত উর্দু শিক্ষা ব’ডৰ অধীনত দাখিল কৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূডান্ত পৰীক্ষাত উত্তীর্ণ প্রমাণ–পত্রসমূহ গ্রহণ কৰিবলৈ অমান্তি হয়৷ কাৰণ ational Commission For Minority Educational Institutions Act-004, ection-2(g) মতে উর্দু শিক্ষা ব’র্ডে সকলো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰাত বাধা প্রদান কৰি থৈছে৷ আনকি, এই সন্দর্ভত ভাৰত চৰকাৰৰ মানৱ উন্নয়ন মন্ত্রালয়ে চিঠি নম্বৰ–১৬–২২/২০১৬ তাৰিখ–০৫–০৬–২০১৭ মর্মে উর্দু শিক্ষা ব’র্ডে প্রদান কৰা ডিগ্রী–ডিপ্ল’মা আদিৰ প্রমাণ–পত্র আৰু নম্বৰ তালিকাসমূহ ভুৱা বুলি উল্লেখ কৰিছে৷ অকল ইমানেই নহয়, দিল্লীস্থ উর্দু শিক্ষা ব’র্ডে বিগত ২০১৭ চনত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত বাধা প্রদান কৰা ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে স্বয়ং উর্দু শিক্ষা ব’র্ডে B/PMO/2020 STD.15-06-2020 চঠি মর্মে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰে৷ ইমানৰ পিছত নগাঁৱৰ হাম– এক ৰুৰেল কলেজ অৱ ছায়েন্স এণ্ড মেনেজমেণ্ট নামৰ শিক্ষানুষ্ঠানখনে একমাত্র ধন ঘটাৰ বাবেই যোৱা ২০১৭ চনৰ পৰা ভুৱা ডিগ্রী প্রদানৰে এক ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ গুৰুতৰ অভিযোগ উঠিছে৷ ইতিমধ্যে ভুক্তভোগী শিক্ষার্থীসকলে শিক্ষানুষ্ঠানখনৰ সঞ্চালক ইনামূল হাছান আৰু অধ্যক্ষ হাইদৰ আলীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত একাধিক গোচৰ পৃথকে পৃথকে তৰে৷

তেওঁলোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৮৪৫/২০২০, ১৮৬১/২০২০, ১৯৩৯/২০২০ আৰু ১৭৯৭/২০২০ নম্বৰত তিনিটা গোচৰ পঞ্জীভুক্ত কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷ গোচৰকেইটা সন্দর্ভত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাই শিক্ষানুষ্ঠানখনলৈ গৈ তাৰ বিষয়া–কর্মচাৰীসক সোধা–পোছা কৰাৰ লগতে যাৱতীয় নথি–পত্রসমূহো পৰীক্ষা কৰে বুলি আৰক্ষী সূত্রৰ পৰা জানিব পৰা গৈছে৷ শিক্ষানুষ্ঠানখনৰ কেতবোৰ নথি–পত্র আৰক্ষীয়ে জব্দ কৰা বুলিও এক সূত্রত প্রকাশ৷ তদন্তকাৰী বিষয়া নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মীনাই সাংবাদিকৰ আগত কয় যে ছাত্র–ছাত্রীসকলৰ অভিযোগৰ ভিত্তিত পঞ্জীভুক্ত গোচৰৰ তদন্ত আৰম্ভ হৈছে৷ তদন্ত সম্পূর্ণ হ’লে সকলো কথা পোহৰলৈ আহিব৷ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূডান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগতে ডি ফার্মৰ দৰে গুৰুত্বপূর্ণ ডিগ্রী প্রদানৰ নামত ছাত্র–ছাত্রীৰ জীৱনক লৈ হেতালি খেলা তথা জালিয়াতিৰ আশ্রয় লোৱা শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ সচেতন মহলে দাবী জনাইছে৷ স্মর্তব্য যে এই শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে সংখ্যালঘু ছাত্র–ছাত্রীৰ জলপানিৰ ধনৰ নামতো বিয়াগোম কেলেংকাৰি সংঘটিত কৰাৰ আন এক অভিযোগ উত্থাপন হৈছে৷ ইপিনে, সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ কর্তৃপক্ষই তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ খণ্ডন কৰিছে৷ লগতে একাংশ অভিযোগকাৰী শিক্ষার্থীৰ বিৰুদ্ধেহে ওলোটাই থানাত একাধিক গোচৰ তৰা পৰিলক্ষিত হৈছে৷

You might also like