শতবর্ষ গৰকা এটা অনুষ্ঠানৰ মহত্ত্ব অনস্বীকার্য৷ কেইবাশ শাখাৰে এশ বছৰীয়া অসম সাহিত্য সভা নিশ্চিতভাৱে অসমৰ ৰাজহুৱা জীৱনত এটা প্রভাৱশালী অনুষ্ঠান৷ ‘প্রভাৱশালী’ শব্দটো অর্থপূর্ণ৷ প্রভাৱ এটা সম্ভাৱনাহে৷ প্রভাৱ যদি প্রয়োগ কৰা নহয়, ই মন ভাল লগা এটা অনুভৱ৷ প্রভাৱৰ সৃষ্টিশীল প্রয়োগ নহ’লে সুযোগ অথলে যায়৷ নিজে কৰাতকৈয়ো প্রভাৱ খটুৱাই হাজাৰজনক সৃষ্টিশীল কামত নিয়োজিত কৰিব পৰাটোহে সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানৰ সার্থকতা৷ আন কথাত এটা সৃষ্টিশীল বাতাৱৰণ বা শক্তিৰ সঞ্চাৰ কৰিব পৰাটোহে এনে অনুষ্ঠানৰ মহত্ত্বৰ পৰিচায়ক৷ এনে ধৰণেহে এটা অনুষ্ঠান জাতীয় বা সর্বাত্মক কল্যাণৰ বাহক হৈ পৰে৷ এশ বছৰীয়া ইতিহাসত সাহিত্য সভাই সময়ে সময়ে নিশ্চয় এনে ভূমিকা পালন কৰিছে৷ মই অনাগত দিনৰ সম্ভাৱনা সম্পর্কেহে সামান্য অৱলোকন কৰিছোঁ৷
আজি ‘ভাষাৰ সংকট’ বহুজন উচ্চাৰিত এটা বাক্যাংশ৷ ২০১৯ চনৰ এথন্লগ Ethnologue)ৰ ২২সংখ্যক বার্ষিক প্রতিবেদন অনুসৰি পৃথিৱীত বর্তমান ৭,১১১টা ভাষা আছে৷ অহা ১০০ বছৰৰ ভিতৰত ৮০–৯০ শতাংশ ভাষা মৃত্যুমুখত পৰিব৷ ১৫ নিযুত ভাষা–ভাষীৰ সংখ্যাৰ ফালৰ পৰা অসমীয়া ভাষাৰ স্থান ৬৭সংখ্যক৷ যিকোনো মাপকাঠীৰেই ৭,১১১টা ভাষাৰ ভিতৰত ৬৭সংখ্যক স্থান এটা শীর্ষস্থান বুলিয়েই বিবেচিত হ’ব৷ এতিয়ালৈ অসমীয়াতকৈ কমসংখ্যকে কোৱা ১১ ভাষাই ২২বাৰ সাহিত্যৰ ন’বেল বঁটা পাইছে৷ বড়োভাষীৰ সংখ্যা অসমীয়াৰ তুলনাত ১০গুণ কম৷ আন আন জনজাতীয় ভাষা কোৱা লোকৰ সংখ্যা তেনেই তাকৰ৷ ভাষা এটা সংকটত পৰাৰ অন্যতম কাৰণ সংখ্যাগত দুর্বলতা৷ কিন্তু সংখ্যাই শেষ কথা নহয়৷ বিজ্ঞানীসকলে দেখুৱাইছে যে ৫০০জনে কোৱা ভাষা এটাও অহা এশ বছৰত লুপ্ত নহ’ব পাৰে যদিহে গোষ্ঠীটোৰ আটায়ে ভাষাটো মাতৃ বা প্রথম ভাষা হিচাপে কয় আৰু ব্যৱহাৰ কৰে, আৰু নৱজাতসকলে ভাষাটো শিকে৷ ইয়াৰ বিপৰীতে যি কাৰণতেই নহওক কিয় সৰহসংখ্যকে ভাষাটো যদি ব্যৱহাৰ কৰিবলৈ বাদ দিয়ে, আজি যথেষ্ট সংখ্যা থাকিলেও অহা এশ বছৰৰ ভিতৰত ভাষাটো বিপদাপন্ন হ’ব পাৰে৷ সংখ্যাৰ ফালৰ পৰা অসমীয়া ভাষা সংকটাপন্ন নহয়৷ কিন্তু সময়ৰ সৈতে নতুন নতুন ক্ষেত্রসমূহতো ভাষাটোৰ ব্যৱহাৰিক আৰু প্রাসংগিক হৈ নাথাকিলে বা তাতোকৈও ভয়াৱহ, যদি দৈনন্দিন ক্ষেত্রতো ভাষাটোৰ প্রতি এনে ধৰণৰ এক সামাজিক অনীহা আহে যে নতুন প্রজন্মই ভাষাটো ব্যৱহাৰ নকৰি দক্ষতা হেৰুৱাই পেলাইছে, তেনেহ’লে অসমীয়া ভাষা নিশ্চয়কৈ অহা এশ বছৰৰ ভিতৰত বিপদাপন্ন হ’ব পাৰে৷ স্বইচ্ছাই ৰোমান লিপিৰ ব্যৱহাৰ, মাত ফুটাৰ পৰাই ইংৰাজী ভাষাৰে শিক্ষা আৰু সৃষ্টিশীলতা অভাৱ– অসমীয়া ভাষা বিপদাপন্ন হৈ পৰিব পৰাৰ কাৰণ৷
সাহিত্য সভাই এইক্ষেত্রত নিঃসন্দেহে এক প্রাণসঞ্চাৰকাৰী ভূমিকা ল’ব পাৰে৷ যুৱ সাহিত্যিকৰ বাবে কর্মশালা পাতি তেওঁলোকক ভাৰতীয় আৰু বিশ্ব সাহিত্যৰ সৈতে পৰিচয় কৰাই দিয়াই নহয় স্থানীয় ভাষাসমূহৰ প্রতিও সচেতন কৰি তোলা ইত্যাদি প্রাণসঞ্চাৰকাৰী কার্য৷ কিন্তু এনেধৰণৰ কাম ছেগাচোৰোকাকৈ হ’লে নহ’ব৷ প্রণালীবদ্ধ হ’ব লাগিব৷ অনুবাদশৈলীৰ ওপৰত বা সৃষ্টিশীল সাহিত্যৰ উপজীব্য কি এইধৰণৰ বিষয়ৰ প্রতিও নতুন চামক সংবেদনশীল কৰি তুলিব পাৰিব লাগিব৷ ১৯৭১ চনত গুৱাহাটীৰ পৰা ৪০০ কিলোমিটাৰৰো কম দূৰত্বত নৰসংহাৰ হৈছিল৷ ৩০,০০,০০০ মানুহ মৰিছিল, ২,০০,০০০–৩,০০,০০০ লাখ ধর্ষিত হৈছিল৷ নৰসংহাৰৰ ৰিখটাৰ স্কেলত ই আছিল এক অতি উচ্চ কম্পনাংক৷ ইয়াৰ আধাৰত কালজয়ী অসমীয়া সাহিত্য হ’ব পাৰিলেহেঁতেন৷ নতুন চামক মানৱীয় প্রমূল্যৰ প্রতি সংবেদনশীল কৰি তুলিব পৰাটোও জাতি নির্মাণৰ এক চর্ত৷ ই বেদনাদায়ক যে অসমীয়া সাহিত্য এনে এটা বিষয়ৰ ওপৰত নির্বিকাৰ৷ নিশ্চয়কৈ অসংখ্য জাতি–জনগোষ্ঠীৰ বাসভূমি অসমত বহু সাহিত্য সৃষ্টিৰ বহু মানৱীয় উপজীব্য আছে৷ এটা সৃষ্টিশীল আৰু সংবেদনশীল বাতাৱৰণ গঢ়ি সাহিত্য সভাই নিশ্চয়কৈ প্রভাৱী ভূমিকা ল’ব পাৰে৷
মাতৃভাষাত প্রাথমিক শিক্ষা লাভ শিশুৰ অধিকাৰ৷ ইউনেস্কোৱে ১৯৫৩ চনৰ পৰাই মাতৃভাষাত প্রাথমিক শিক্ষাৰ পোষকতা কৰি আহিছে৷ মাতৃ বা প্রথম ভাষাটোৱেহে প্রাথমিক শিক্ষাৰ আটাইতকৈ উৎকৃষ্ট মাধ্যম (ইউনেস্কো, ২০০৮)৷ ইউনেস্কোৰ ঘোষণা মতে এইটো সন্দেহাতীত যে সাহিত্য আৰু গণিতত বুৎপত্তিৰ বাবে মাতৃভাষাত শিকাটো অপৰিহার্য, বিশেষকৈ আদিভাগত৷ মাক–দেউতাক আৰু পৰিয়ালৰ লোকসকলেহে শিশুৰ প্রথম শিক্ষক৷ তথাপি পৃথিৱীৰ বহু দেশত আজি ইংৰাজীৰে শিশুক আদিপাঠ দিয়া হয়৷ পিতৃ–মাতৃৰ এই ইংৰাজীৰ প্রতি মোহ অহৈতুক৷ চাহিদা পূৰাবলৈ এনেধৰণৰ শিশু বিদ্যালয় নগৰে–চহৰে, গাঁৱে–ভূঞে ছানি ধৰিছে৷ কিছুসংখ্যক শিশু নিশ্চয়কৈ ইংৰাজীত শিকিও হয়তো বিশেষ যত্নৰ ফলত সফল হয়৷ যোৱা দুটা দশকত অধিকৰ পৰা অধিকতৰ অসমীয়া শিশু মাতৃভাষাত প্রাথমিক শিক্ষা লাভৰ সুবিধাৰ পৰা দ্রুতগতিত বঞ্চিত হ’ব লগা হৈ আহিছে৷ সেয়া ধৰা পেলাবলৈ শেনদৃষ্টি নালাগে৷ ব্যৱসায়িক ইংৰাজী মাধ্যমৰ কিণ্ডাৰগার্টেনবোৰৰ সৈতে ফেৰ মাৰিব পৰা এক অব্যৱসায়িক কিন্তু সমানে দক্ষ প্রাক্–প্রাথমিক অসমীয়া শিশু বিদ্যালয়ৰ উদ্যোগ সংকট ভাবত ভোগা জাতি এটাক আশ্বস্ত কৰাই নহয়, প্রকৃতপক্ষেও ঘনীভূত হ’ব ধৰা বিপদৰ ডাৱৰ আঁতৰাব পাৰিলেহেঁতেন৷ ই আন এটা প্রভাৱেৰে কৰিব পৰা কাম৷ অসমত সম্প্রতি বেচৰকাৰী খণ্ডত দুটা সংগঠনে অসমীয়া মাধ্যমৰ স্কুল পৰিচালনা কৰি আহিছে৷ কিন্তু প্রাক্–প্রাথমিক পর্যায়ত নগৰে–চহৰে, গাঁৱে–ভূঞে ছানি ধৰা ইংৰাজী কিণ্ডাৰগার্টেনসমূহে যি প্রত্যাহ্বান আনিছে, তাৰ মোকাবিলা কৰিব পৰাকৈ এক অনুকূল পৰিৱেশ বা উদ্যোগৰ বাতাৱৰণ সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ প্রভাৱতহে সম্ভৱ হ’ব পাৰে৷ তদুপৰি সামগ্রিকভাৱে অসমীয়া মাধ্যমত প্রাথমিকৰ পৰা মাধ্যমিকপর্যন্ত শিক্ষাৰ মান উন্নত কৰি তুলিবলৈ প্রভাৱশালী ভূমিকা লোৱাৰ অৱকাশ আছে৷ আধুনিক পাঠ্যপুথি প্রণয়ন, অনুমোদিত কাৰিকুলাম ইত্যাদিৰে এক পৰিৱেশ গঢ়ি তোলাটো অসম্ভৱ নহয়৷
অসমীয়া কোন এনেধৰণৰ এটা প্রশ্ণই এচাম অসমবাসীক আমনি কৰে৷ এইক্ষেত্রত এটা আধুনিক আৰু উদাৰ সূত্র প্রস্তাৱ কৰি আলাপ–আলোচনাৰে এক সামাজিক ঐকমত্যত উপনীত হ’বলৈ সভাই কিছু উদ্যোগ লৈছিল৷ এই উদ্যোগে এটা যুক্তিপূর্ণ শেষ পর্যায় নাপালে৷ জনসাধাৰণক আধুনিক ভাব–ভংগীৰে সচেতন কৰি তোলাটো সামান্য কাম নহয়৷ ৰাজনীতিৰ স্থান থাকিলেও এই ধৰণৰ মত গঠনৰ কাম চৰকাৰৰ নহয়৷ সাহিত্য সভাৰ দৰে অনুষ্ঠানে ছেগাচোৰোকাকৈ নহয় নিৰৱচ্ছিন্নভাৱে এইক্ষেত্রত কাম কৰিব লাগিব৷ আৰম্ভ কৰা এটা প্রচেষ্টাৰ যুক্তিপূর্ণ ইতি হ’ব লাগিব৷ ইয়াৰ বাবে প্রচেষ্টাসমূহ কোনো এজন সভাপতিৰ নহয়, বৰং সভাৰ উমৈহতীয়া প্রচেষ্টা হ’ব লাগিব৷ ইয়াৰ বাবে সাংগঠনিক প্রণালী লাগে৷
সভাই নিশ্চয়কৈ সমাজৰ স্বার্থত প্রভাৱৰ পূর্ণ সুযোগ ল’ব পাৰিব লাগিব৷ ইয়াৰ বাবে সাংগঠনিক কার্যকলাপত অদৰকাৰী শক্তিক্ষয়কাৰী বাহ্যিকতাৰ লগতে সাংগঠনিক প্রণালী একৈশ শতিকাৰ উপযোগী কৰি তুলিব লগিব৷ সাংগঠনিক অপচয় ৰোধ কৰিব লাগিব৷ তথ্য–প্রযুক্তিবিদ্যাগ্ সা–সঁজুলিত এককালীন বিনিয়োগৰ দ্বাৰা সাংগঠনিক কার্যকলাপ অতি সৰল কৰি তুলিব পৰা যায়৷ শ শ শাখাক এটা শক্তিশালী নেটৱর্কত পৰিণত কৰি উজ্জীৱিত কৰি তুলিব পৰা যায়৷ অসমীয়া ভাষাত বৃহৎ মাত্রাত ডিজিটেল সমল উপলব্ধ কৰিব পৰা যায়৷ তথ্য–প্রযুক্তিবিদ্যাৰ্ প্রয়োগেৰে সৃষ্টিশীল কামৰ বাবে ‘কলাবোৰেটিভ’ পৰিৱেশ ৰচনা কৰিব পৰা যায়৷ সহযোগ–সহযোগিতাৰ্ কিমান সৃষ্টিশীল কাম সম্ভৱ, এই অনুভৱ স্ব–স্বার্থ জড়িত মনেৰে উপলব্ধি কৰা কঠিন৷ হয়তো আন ঠাইৰ সফলতাৰ উদাহৰণসমূহো আমাৰ অৱগত নহয়৷ এই শতিকা সহযোগ–সহযোগিতাৰ্ শতিকা৷ আমাৰ সকলোখিনি সাহিত্য–সংস্কৃতিমূল ন–পুৰণি আৰু আপুৰুগীয়া সম্পদ ‘ডিজিটেল আর্কাইভ’ কৰি ব্যৱহাৰ আৰু গৱেষণাৰ কাৰণে উপলব্ধ কৰি দিব পৰাটো সভাৰ বিশেষ সফলতা হ’ব৷ এনেধৰণৰ কামো চৰকাৰী অনুদান আহিলে কৰিম বুলি ৰৈ থকাতকৈ প্রভাৱৰ দ্বাৰা ব্যক্তিগত বা সমূহীয়া উদ্যোগত সম্ভৱ কৰি তুলিব পাৰিব লাগিব৷
অসমভূমিৰ আন আন জনগোষ্ঠীৰ সাহিত্য সভাসমূহৰ সৈতে অসম সাহিত্য সভাৰ সম্প্রীতি আছে৷ এই সম্প্রীতি–সহযোগিতা আৰু লগে–ভাগে কাম কৰিবলৈ উদ্যোগ লাগিব৷ উপৰিউক্ত কেইবাটাও কাম যেনে– তথ্য–প্রযুক্তিৰ প্রয়োগ, স্থানীয় ভাষাত উচ্চ স্তৰৰ পাঠ্যপুথি, ডিজিটেল আর্কাইভ ইত্যাদি লগে–ভাগে কৰিব পৰা কাম৷ তেতিয়া খৰচো কম হয় আৰু প্রয়োগো বিস্তৰ হোৱাৰ সম্ভাৱনা বাঢ়ে৷
এজন তেণ্ডুলকাৰ ওলাবলৈ হ’লে লাখ লাখ কিশোৰে হাতত ক্রিকেটৰ বেট তুলিব ল’ব লাগিব৷ এটা সফল উদ্যোগৰ কাৰণে হাজাৰজনৰ হাবিয়াস লাগিব, তাৰে কেইজনমানে হাতে–কামে প্রয়াস কৰিব আৰু তাৰ পৰা এটা বা দুটা প্রকল্প সফল হ’ব৷ প্রতিটো সৃষ্টিশীল কামৰ বাবে এই এটাই চর্ত৷ বহুজনৰ হাবিয়াস আৰু চেষ্টা৷ গুণগত শিক্ষাৰ প্রসাৰ আজি আমাৰ বাবে এক বিশাল প্রত্যাহ্বান৷ এই প্রসাৰ হ’লেহে দেশ আৰু ভাষা জননীৰ অজস্র সেনানী ওলাব, ইয়াৰ পৰা নেতৃত্ব দিয়া কৌশলী সেনানী ওলাব৷ ই দীর্ঘম্যাদী স্বপ্ণ৷ এই প্রত্যাহ্বান গ্রহণ চৰকাৰ আৰু জাতীয় অনুষ্ঠানৰ সমান সমান দায়িত্ব৷
এইখিনি শুৱালকুছি অধিৱেশনৰ পৰা লিখিছোঁ৷ উদুলি–মুদুলি প্রাণচাঞ্চল্যৰে ভৰা এক পৰিৱেশ৷ এই প্রাণচাঞ্চল্য সৃষ্টিশীল কৰি তুলিবলৈ প্রথম চর্ত হৈছে স্ব–আৰোপিত আতংকৰ পৰা মুক্ত হোৱাটো৷ সাহিত্য সভাই আশ্বাসৰ এক পৰিৱেশ ৰচনা কৰিব পাৰিব লাগিব৷
- জয়ন্ত বিশ্ব শর্মা