আত্মনির্ভৰতা
বহুতৰ মতে অসাধাৰণ প্রতিভাশালী বিজ্ঞানী হিচাপে আইনষ্টাইনৰ পিছতেই যাৰ নাম ল’ব পাৰি তেওঁ হ’ল ৰিচার্ড ফাইনমেন৷Genius বা প্রতিভা শব্দটো আমি অতি শিথিল অর্থত ব্যৱহাৰ কৰোঁ৷ কিন্তু প্রকৃত প্রতিভা কোটি কোটি মানুহৰ মাজত আৰু সুদীর্ঘ এটা শতাব্দীত কাচিৎহে দুই–এজন ওলায়৷ তেনেকুৱা এক লোকোত্তৰ প্রতিভা আছিল ৰিচার্ড ফাইনমেন৷ ৰিচার্ড ফাইনমেনৰ দেউতাকৰ নাম আছিল মেলভিল ফাইনমেন৷ ৰিচার্ড ফাইনমেনৰ জীৱনী লিখা লেখকজনৰ মতে তেওঁৰ মাক আৰু দেউতাক দুয়ো নিজৰ ল’ৰা–ছোৱালীবোৰক কিছুমান অলিখিত নীতি অনুসৰণ কৰি ডাঙৰ–দীঘল কৰিছিল৷ তেওঁলোকে নিজৰ সন্তানসকলক সদায় কষ্ট আৰু বিপদৰ মাজলৈ আগবঢ়াই দিছিল৷ এনে কৰাৰ উদ্দেশ্য আছিল– ‘যাতে তেওঁলোকৰ সন্তানসকলে সাহসেৰে সৈতে পৃথিৱীৰ মুখামুখি হ’ব পাৰে৷ আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আনৰ লগত তুমুল প্রতিযোগিতাত অৱতীর্ণ হ’ব পাৰে৷’
আজিকালি বেছিভাগ অসমীয়া পিতৃ–মাতৃয়ে নিজৰ সন্তানসকলক আৰামত ৰাখিব খোজে৷ বিশেষকৈ ন–ধনী অসমীয়াসকলৰ তেওঁলোকৰ মনৰ ভাবটো হ’ল এনেকুৱা– ‘ধন ঘটি কি লাভ হ’ল, যদিহে ল’ৰা–ছোৱালীক আৰামত ৰাখিব নোৱাৰিলোঁ, বা সিহঁতে যেতিয়াই যি বিচাৰে তাকেই দিব নোৱাৰিলোঁ?’ এনেকুৱা পিতৃ–মাতৃবোৰে ধন ঘটাৰ লগে লগে যদি জীৱন সম্পর্কেও কিছু জ্ঞান অর্জন কৰিলেহেঁতেন, তেন্তে তেওঁলোকে বোধহয় এনেকুৱা মূর্খামি নকৰিলেহেঁতেন৷
শৈশৱ কালতে ল’ৰা–ছোৱালীক কষ্ট আৰু বিপদৰ মাজলৈ আগবঢ়াই দিয়াটো যে সিহঁতৰ চৰিত্র গঠনৰ কাৰণে কিমান দৰকাৰী সেই বিষয়ে পৃথিৱীৰ সকলো যুগৰ সকলো দেশৰ গুণী–জ্ঞানী মানুহে অলেখ কথা লিখিছে৷ মই ইয়াত মাত্র এজন মানুহৰ কথা উল্লেখ কৰিম৷
আমেৰিকান চিকিৎসা বিজ্ঞানী এলেক্সিছ কেৰেলে ১৯১২ চনত চিকিৎসা বিজ্ঞানৰ নোবেল পুৰস্কাৰ পাইছিল৷ তেওঁ সর্বসাধাৰণ মানুহৰ কাৰণেMan-The unknown নামৰ ডাঙৰ এখন কিতাপ লিখিছিল– যিখন কিতাপত তেওঁ নিজৰ বৈজ্ঞানিক জ্ঞান, দার্শনিক চিন্তা আৰু প্রত্যক্ষ পর্যবেক্ষণৰ সংমিশ্রণ ঘটাই শৰীৰ আৰু মনৰ বিকাশ সম্পর্কে প্রতিজন মানুহে জানিবলগীয়া বহুতো মূল্যৱান কথা লিখিছিল৷ কিতাপখনৰ এঠাইত তেওঁ লিখিছিল,– ‘মানুহৰ শৰীৰে যিকোনো পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰাৰ ফলত শৰীৰৰ আটাইবোৰ অংগ–প্রত্যংগ উজ্জীৱিত হয়৷ মানুহে যেতিয়া প্রতিকূল বতৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া হয়, ৰ’দ–বৰষুণ আৰু শীত–তাপ মূৰ পাতি ল’ব লগা হয়, যেতিয়া তেওঁ প্রচুৰ পৰিমাণে খাবলৈ পায় আৰু কেতিয়াবা প্রায় লঘোনে থাকিবলগীয়া হয়, যেতিয়া তেওঁ কঠোৰ পৰিশ্রম কৰি খাদ্য সংগ্রহ কৰিব লগা হয়, আৰু আশ্রয় যোগাৰ কৰিব লগা হয়, কেৱল তেতিয়াহে তেওঁৰ শৰীৰৰ পৰিপূর্ণতম বিকাশ ঘটে৷
তেওঁ শৰীৰৰ পেশীবোৰ ব্যৱহাৰ কৰি সেইবোৰক শক্তিশালী কৰিব লগা হয়৷ পৰিশ্রম কৰি কৰি তেওঁ ক্লান্ত হ’ব লগা হয়, আৰু ক্লান্তি দূৰ কৰিবৰ কাৰণে তেওঁ বিশ্রাম ল’ব লগা হয়৷ তেওঁ সলনাসলনিকৈ নিজকে কঠোৰ কষ্ট দিব লগা হয়৷ আৰু আৰাম দিব লগা হয়৷ তেওঁ কেতিয়াবা একেখন সমাজৰে আন মানুহৰ বিৰুদ্ধে আৰু কেতিয়াবা নিজৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হয়৷ যিকোনো পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল’ব পৰা প্রক্রিয়াই যেতিয়া আটাইতকৈ বেছিকৈ কাম কৰে, তেতিয়াই মানুহৰ শক্তি–সামর্থ্যৰো চৰম বিকাশ ঘটে৷’ এইখিনি কথা লিখি তেওঁ ল’ৰা–ছোৱালী সম্পর্কত লিখিছে– ‘জীৱনৰ কঠিন পৰিস্থিতি আৰু অধিক দায়িত্বই মানুহৰ নৈতিক শক্তি আৰু স্পর্ধাৰ পুনৰুদ্ধাৰ কৰিব পাৰিব৷ স্কুলত ছাত্র–ছাত্রীসকলে অতিশয় আৰামৰ জীৱন যাপন কৰিবলৈ সুবিধা পায়৷ তেওঁলোকৰ দৈনন্দিন ৰুটিনো বৈচিত্র্যহীন৷
আৰামৰ পৰিৱর্তে ছাত্র–ছাত্রীসকলক কঠোৰ আৰু কষ্টকৰ জীৱন যাপন কৰিবলৈ বাধ্য কৰা উচিত৷ এজন মানুহক যেতিয়া কঠোৰ অনুশাসন মানি চলিবলৈ বাধ্য কৰা হয়, তেতিয়া তেওঁৰ স্নায়ুতন্ত্রী, এণ্ড্র’ক্রিন গ্রন্থি আৰু মনৰ কার্যকলাপৰ উল্লেখযোগ্য পৰিৱর্তন ঘটে৷ ইয়াৰ ফলত শৰীৰৰ সমস্ত প্রক্রিয়াটো অধিক সু–সংহত হয় আৰু জীৱনৰ দুখ–দুর্দশা অতিক্রম কৰিব পৰাকৈ সি অধিক শক্তিশালী হয়৷ মনুষ্যত্বৰ পৰিপূর্ণ বিকাশ ঘটে কঠোৰ আৰু দীর্ঘস্থায়ী পৰিশ্রমৰ মাজেদি৷’
চিকিৎসা বিজ্ঞানী আৰু দার্শনিক এলেক্সিছ কেৰেলে স্পষ্ট ভাষাৰে ঘোষণা কৰিছিল যে ছাত্র–ছাত্রীসকলক আৰামৰ পৰিৱর্তে কঠোৰ আৰু কষ্টকৰ জীৱন যাপন কৰিবলৈ বাধ্য কৰা উচিত৷ ওপৰত উল্লেখ কৰা ৰিচার্ড ফাইনমেনৰ দেউতাক আছিল এজন সাধাৰণ ব্যৱসায়ী৷ নোবেল বঁটা বিজয়ী এলেক্সিছ কেৰেলৰ সমান বিশাল অধ্যয়ন আৰু পাণ্ডিত্য তেওঁৰ নাছিল৷ কিন্তু সন্তানৰ প্রকৃত মংগলাকাংক্ষী এজন আদর্শ চিন্তাশীল পিতৃ হিচাপে নিজৰ স্বাভাৱিক প্রজ্ঞাৰ সহায়েৰে তেওঁ এই কথা অনুভৱ কৰিছিল যে ভৱিষ্যতৰ জীৱন সংগ্রামৰ কাৰণে নিজকে প্রস্তুত কৰিবলৈ মানুহে শৈশৱ কালতেই বিপদ–বিঘিনি আৰু দুখ–কষ্টৰ লগত পৰিচিত হোৱা উচিত৷ জীৱনৰ পৰা পোৱা শিক্ষাই হ’ল আটাইতকৈ মূল্যৱান শিক্ষা৷ সেই কাৰণে তেওঁ নিজৰ সন্তানসকলক সদায় বিপদ–আপদৰ মুখলৈ ঠেলি দিছে।