নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল–দেৱাংগনাক শীঘ্রে মুক্তি দিবলৈ কেন্দ্রক আৰ্জি

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনকাৰীসকলৰ বিৰুদ্ধে কেন্দ্রই গ্রহণ কৰা ‘দমন নীতি’ত উদ্বেগ প্রকাশ কৰিছে ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ সম্পর্কীয় উচ্চায়ুক্তৰ কার্যালয়ে৷ ‘কা’বিৰোধী গণ আন্দোলনৰ সৈতে জড়িত থকাৰ বাবে ‘ষড়যন্ত্রমূলক’ভাৱে গ্রেপ্তাৰ কৰা ৰাজ্যৰ কৃষক নেতা অখিল গগৈ আৰু দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্র দেৱাংগনা কলিতাক মুক্তি দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰলৈ পত্র প্রেৰণ কৰি সকীয়নি প্রদান কৰা হৈছে৷

গগৈ আৰু কলিতাৰ উপৰি দেশৰ মুঠ ১১গৰাকী মানৱ অধিকাৰ কর্মীৰ মুক্তিৰ আর্জিৰে জেনেভাস্থিত সংস্থাটোৱে এই পত্র প্রেৰণ কৰিছে৷ মানৱ অধিকাৰ সম্পর্কীয় ৰাষ্ট্রসংঘৰ উচ্চায়ুক্তৰ কার্যালয়ে প্রকাশ কৰা এখন বিবৃতিত অভিযোগ কৰা হৈছে যে ভাৰতত মানৱ অধিকাৰ কর্মীসকলক আক্রমণৰ লক্ষ্য কৰি লোৱা হৈছে৷ ইয়াৰ ভিতৰত বহুতো ছাত্র–ছাত্রীও আছে৷ চৰকাৰৰ কাম–কাজৰ বিৰুদ্ধে নিজা মতামত দাঙি ধৰাৰ বাবেই তেওঁলোকক গ্রেপ্তাৰ কৰা হৈছে৷ এয়া চৰকাৰৰ অসহনশীলতাৰ বাদে আন একো হ’ব নোৱাৰে৷

এয়া ভাৰতৰ দৰে অনুকম্পাশীল সমাজৰ বাবে এটা ভয়ংকৰ বিষয়৷ উল্লেখ্য যে কৃষক নেতা অখিল গগৈ আৰু অসম তনয়া দেৱাংগনা কলিতাৰ লগত ৰাষ্ট্রসংঘৰ উচ্চায়ুক্তই মীৰান হাইদাৰ, গুলফিছা, ফামিতা, ছাফুৰা জাৰগাৰ, আছিফ ইকবাল তানহা, নাতাশা নাৰৱাল, খালিদ ছাইফি, ছিফা উৰ ৰহমান, কাফিল খান, শ্বর্জিল ইমামৰো মুক্তিৰ দাবী জনাইছে৷ বিবৃতিত উল্লেখ কৰা হৈছে– তেওঁলোকৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহৰ কোনো সুনির্দিষ্ট প্রমাণাদি এতিয়াও ভাৰতৰ ৰাষ্ট্রযন্ত্রই দাঙি ধৰিব পৰা নাই৷

You might also like