আন্দোলনে সুৰক্ষিত কৰিবনে অসমীয়া ভাষা–সংস্কৃতি
- ড০ বসন্ত কুমাৰ গোস্বামী
প্রতিটো আন্দোলনৰ বাঞ্ছিত একোটা লক্ষ্য থাকে৷ গতিকে প্রতিজন আন্দোলনকাৰী লক্ষ্য সম্পর্কে সচেতন হ’লে আৰু প্রয়াস সর্বোত্তম হ’লে শেষত আন্দোলনকাৰীয়ে সর্বোত্তমকে পাবলৈ সক্ষম হয়৷ যিকোনো আন্দোলনৰ ভূষণ শেষপর্যন্ত বাঞ্ছিত লক্ষ্যত উপনীত হোৱাৰ বাবে আশাশুধীয়া চেষ্টা৷ পৃথিৱীত কোনো আন্দোলনে সংখ্যাগৰিষ্ঠতা নিবিচাৰে, বিচাৰে কেৱল বৌদ্ধিকভাৱে আঢ়্য, চৰিত্রৱান, নিকা স্বদেশ–স্বজাতিৰ জীয়া অনুভূতি থকা লোকক৷ কোনো প্রৰোচনা–প্রলোভনৰ্ মকৰাজলীয়া ফান্দত ভৰি নিদি নৃসিংহৰ হাঁহিৰ দৰে হোৱা লোক৷ নৃসিংহৰ হাঁহিৰ মাজতেই গীতাৰ আদর্শ ওৰণি লৈ আছে৷ গীতাখন শৰাধত বাপুদেৱে পঢ়িবৰ বাবেই নহয়, ওৰণিখন গুচাই স্বৰূপ উপলব্ধি কৰিবলৈ শিকিবও লাগিব৷ যিকোনো দল বা সংগঠনৰ নেতাই জাতিৰ অভিভাৱক হৈ বা আন্দোলনক জখলাৰূপে ব্যৱহাৰ কৰি দিছপুৰ দখল কৰিবলৈ যোৱাৰ মৰসাহ এতিয়াই কৰিব হোৱা নাই৷ কিন্তু প্রত্যেকজন স্বাভিমানী অসমীয়া কুৰুক্ষেত্র মহাসমৰৰ অর্জুন হৈহে থাকিব খোজে৷ ‘কা’ৰ বিৰোধিতা আৰু ৰাজনৈতিক ক্ষমতা দুয়োটা বেলেগ৷ আন্দোলনৰ মূল উদ্দেশ্য অস্তিত্ব ৰক্ষা, মাটিৰক্ষা, জাতিৰক্ষা৷ ২০১৪ চনৰ মে’ মাহত বিজেপিয়ে ২০১৬ চনৰ মে’ মাহৰ পিছত সকলো বিদেশীয়ে টালি–টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব বুলি কৈছিল৷ কাগজ কল পুনৰ জীৱিত কৰা, বিদেশৰ বেংকত থকা ক’লা ধন ঘূৰাই অনাৰ প্রতিশ্রুতি দিছিল, ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে নির্মাণ কৰা, ৱাক জাল (ফচহু কথা) দিছিল৷ ইতিমধ্যে মোদীয়ে প্রথম কার্যকালত লাভ কৰা জনপ্রিয়তা কমিছে৷ অনির্দিষ্টকাললৈ বিদেশী অহাৰ যি সুবিধা চৰকাৰে দিছে নতুন আইনৰ যোগেদি তাক বৌদ্ধিকভাৱে খণ্ডন কৰিব লাগিব৷ তদুপৰি হিমন্ত বিশ্ব শর্মাই এশ এটা বিধানসভা সমষ্টিত জিকিব বুলি কোৱা কথাও কুৰুৱা বতাহ বুলি গণ্য নকৰা ভাল৷ হিমন্ত বিশ্ব ডিঙিত পিঁয়াজৰ মালা লৈ প্রতিবাদ কৰা পতনুৱা মন্ত্রী নহয়, তেওঁৰ দক্ষতা আছে লগতে উচ্চ শিক্ষাও আছে৷ অসমৰ কেউটা বিধানসভা সমষ্টি চিলনীৰ চকুৰে চাই, চন্দিয়াই, ফঁহিয়াই কথাটো সদৰী কৰিছে৷ তাত যুক্তিও নথকা নহয়৷ কিন্তু শর্মাই এটা ভুল কৰি আছে, তেনে এটা ভুল দুর্যোধনেও নকৰা নহয়, অতি মানে কৌৰৱা৷ গতিকে প্রতিজন অসমীয়া ৰণুৱাই আৱেগক যুক্তিৰ জুইত সেকি ল’বই লাগিব৷ এতিয়াৰ পৰাই ভাষা, সাহিত্য, সংস্কৃতি, অর্থনীতি সুদৃঢ বুনিয়াদ গঠন কৰাটোহে মূল কথা লগতে বিদেশী মিঞাৰ কাষতে থকা অসমীয়া জনজীৱন সামাজিক জীৱনৰ দুর্বিষহ যাতনাৰ কথাও বুজি গম লোৱাৰ এয়া সময়৷ বর্তমান আন্দোলনৰ কৃতিত্বৰ সিংহভাগ কটন বিশ্ববিদ্যালয়ৰ৷ কটন বিশ্ববিদ্যালয়ৰ ৫,০০০ ছাত্র–ছাত্রীয়ে শান্তিপূর্ণ আন্দোলনৰ উদ্যোগপর্বতে দেখুৱাই দিলে ছাত্রৰ সৌন্দর্য ৰঙত নাই, আছে গুণত৷ ছাত্র সমাজৰ প্রতি অসমৰ ৰাইজৰ শ্রদ্ধাভাৱ জাগৰূক হ’বলৈ ছাত্রই নিজৰ নামৰ সার্থকতা উপলব্ধি কৰিব লাগিব৷ হিচাপ দিবলৈ অসমর্থ হোৱা পৰৰ ধনেৰে বিলাসৰ হেন্দোলনিত মন–প্রাণ সঁপি দি নিজকে ক্ষত–বিক্ষত নকৰি, সংসাৰৰ ঢৌ দেখি নাও নচপাই তাক অতিক্রমি জীৱনৰ পথৰ অনুসন্ধান কৰিবলৈ, মহৎভাৱক তদগত চিত্তেৰে হিয়াত থাপি কোনো সমস্যাই গন্তব্য পথত হুল–জেং পুতিব নোৱৰা কৰি হূদয়ত দুর্জেয় সাহস আৰু ধৈর্যক সাৰথি কৰি দেখুওৱা আদর্শই সর্বভাৰতীয় স্তৰলৈও বার্তা দিলে৷ অধিকাৰৰ ক্ষমতা আৰু বিত্তৰ অধিকাৰৰ মাজত যেতিয়া সংঘাত হয়, তেতিয়া যুগে যুগে মানৱ অধিকাৰ যে বর্তি থাকে তাক অধিগত কৰি অসমৰ কল্যাণৰ কষতি শিল সোণ ভজুৱা নে আচল তাক দেখুৱাব পৰা ছাত্রনেতা আমি দেখা নাই৷ সেই কাৰণেই তেওঁলোকৰ দৰে বর্তমান অসমৰ স্বাধিকাৰ আৰু স্বাভিমান ৰক্ষাৰ আন্দোলন স্বতঃস্ফূর্ত আৰু নেতৃত্বহীন৷ গতিকে ‘আছুৱে’ নেতৃত্ব দিছে বুলি আমি পতিয়ন যাব পৰা নাই৷ মহাৰাষ্ট্রত ২৭ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছে স্বতঃস্ফূর্তভাৱে তাৰ লগত অসম আন্দোলনৰ তুলনা নহয়৷ অসমত আন্দোলনে এসময়ত নেতা সৃষ্টি কৰিছিল, সেয়া পতনুৱা বুলি ইতিমধ্যে প্রমাণিত হ’ল৷ গতিকে বর্তমান আন্দোলন ৰাজনৈতিক নেতা সৃষ্টিৰ বাবে নহয়, ‘কা’বিৰোধীহে৷ ছাত্র সন্থাই বা আন জাতীয় অনুষ্ঠানে অসমীয়া ভাষা–সাহিত্য–সংস্কৃত্ স্বকুল– গৌৰৱ ৰক্ষা কৰিব পৰা নাই, সেই কথা দিনৰ পোহৰৰ দৰে সঁচা৷ অসমক বিশ্বপূজিতা কৰিবলৈ হ’লে মাতৃভূমিত মৰমৰ কঠীয়া পাৰিব নোৱৰাৰ বাবেই লখিমী থাপিব পৰা নাই৷ আগ বা মাজবতৰত বোকাত গুজি দিয়া গুটি গজিলেও দেশপ্রেমক গজালি যোৱা নির্বাচনত ঠিহিৰা হোৱা দেখিলোঁ৷ নির্বাচনৰ সময়ত জাতীয়তাবাদী শিবিৰবোৰ সাপৰ নেগুৰ ছিগা সোঁতত উটি গৈ বলুকাত জাঁজী হৈ শুকাল আৰু কাৰোবাৰ জুহাল শুৱনি কৰিলে৷ সংগঠনৰ ৰামনামী বস্ত্রখন সদায় ৰক্ষাকৱচ হৈ নাথাকে৷ কোঢালসর্বস্ব আন্দোলনেৰে এচঁহীয়া ডালত উঠিলে পৰিণতি কি হ’ব সকলোৱে জানে৷ আন্দোলনৰ নেতৃত্বৰ জ্ঞান আৰু কর্মৰ বিৰোধ থাকিব নালাগে, তেতিয়াই তাতেই সৌন্দর্য, তাতেই বিজয়, তাতেই সম্পদ, এয়া সার্বজনীন চিৰন্তন নীতি (গীতা ১৮৷৭৮৷) গতিকে আন্দোলনৰ পৰা ৰাজনীতিৰ মজিয়াত খোপনি ল’বলৈ গৈ আগনুগুণি গুণে পাছ কৰা উচিত হ’ব নে নাই সেয়াও চোৱা উচিত৷ ইতিমধ্যেই আছু নেতা সৃষ্টি কৰা কাৰখানাৰূপে চিহ্ণিত হৈছেই৷ বিকল্প ৰাজনীতি আছুৰ মজিয়াৰ পৰা আহিলে ৰাইজে গ্রহণ কৰাৰ সম্ভাৱনা কম৷
এতিয়া অসমখন চান্দা সংগ্রহ, আন্দোলন, উৎসৱ, সম্বর্ধনা আৰু বঁটা–বাহনৰ বাবে বিখ্যাত– এইটোৱেই যেন অসমীয়াৰ আত্মপৰিচয়৷ ৰাজপথৰ চিঞৰ–বাখৰবোৰ আপদ ধর্মহে, মুখ্য ধর্ম নহয় অর্থাৎ গৌণ ধর্ম৷ এটা সময়ত অসমীয়া ভাষাৰ অস্তিত্ব ৰাখিবৰ বাবে বৌদ্ধিক আন্দোলন হৈছিল৷ এতিয়া সেই আন্দোলন ৰাজপথলৈ আহিল৷ ১৯৬০ চনমানলৈকে যুৱকসকলৰ আত্মপ্রত্যয় আৰু আত্মপ্রতিষ্ঠাৰ বোধ আছিল৷ ইয়াৰ পৰৱত্ কালত ৮৫++৫জন শ্বহীদ হ’ল৷ এইসকলৰ আত্মাৰ বাণী কোনোবাই শুনিছেনে? তেওঁলোকৰ মহান ত্যাগক চিত্রপটলৈ ৰূপান্তৰ কৰা নাইনে? চিত্রপটত ধূপ–ধুনা, বন্তি জ্বলাই ফুলৰ মালা পিন্ধাই স্মৰণ কৰাতে সকলো শেষ৷ অসমীয়া কিতাপ–পত্র, আলোচনী পঢি শুদ্ধকৈ অসমীয়া ক’বলৈ লিখিবলৈ প্রেৰণা দিব কোনোবাই পাৰিবনে৷ কেৱল বন্তি, ধূপ–ধুনাৰে ভগাহাড জোৰা নাখায় (তু.can prayer set a broken bone? টেনিশ্বনৰ৷ ছাত্র–ছাত্রীক ডাঙৰসকলে উপদেশ–আদেশ দিয়েই দায়িত্ব পালন কৰিবনে? স্বাধীনচিত্ত, ওখ মন, অমায়িক আচৰণ, মধুৰ সম্ভাষণ শিকোৱা হৈছেনে? কেৱল সাংবিধানিক ৰক্ষাকৱচে অসমীয়া জাতি–সংস্কৃতি–ভাষা জীয়াই নাথাকে৷ কোঢাল প্রসংগহে হ’ব৷ ব্যৱস্থাটো খৰিকাৰে পর্বত হেঁচুকিবলৈ যোৱাৰ দৰে৷ আন্দোলনৰ বাবেই আন্দোলন ডলুৱা ভূত, ভূতটো ভৱিষ্যতৰো যে নহ’ব কোনে চিদাংকৈ ক’ব পাৰিব? কৃষকক পথাৰলৈ, অর্থনৈতিকভাৱে জাতিটোক সবল কৰিবলৈ উদ্যোগীকৰণৰ বাবে কি কি কৌশল অৱলম্বন কৰা হৈছে? ৫৯৯৯খন প্রাথমিক বিদ্যালয় বন্ধ হৈ গ’ল, তাৰ কাৰণ বিশ্লেষণ কৰি কোনোবাই চাইছেনে? কি কাৰণে চৰকাৰী বিদ্যালয়ৰ এই শ্মশানযাত্রা৷ কিন্তু চৰকাৰী মাধ্যমৰ বিদ্যালয়ত সন্তানক দিবৰ বাবে অভিভাৱকে ৰাতি বাৰ বজাৰ পৰা আবেদন–পত্রৰ বাবে শাৰী পাতে দিল্লীত৷ দিল্লীতো চৰকাৰী বিদ্যালয়ৰ এই উত্থান, অসমত পতন৷ এই বিষয়ে সকলো নিমাত৷ ওকণি হ’লে মূৰৰ চুলি খুৰাই পেলোৱাৰ দৰে এতিয়া আদর্শ বিদ্যালয় প্রতিষ্ঠা কৰাৰ প্রযত্ন সকলোৱে দেখিছে৷ এই দূর্দৈৱ নিগ্রহ বৌদ্ধিকতাৰে চিন্তাৰ নেওঠনি ঘূৰাই চোৱা দেখা নাই৷ স্বদেশ–স্বজাতিপ্রেম ভাং কুটা পীৰাৰ দৰে মোনাত লৈ ফুৰিব পৰা বস্তু নহয় বা আনে গুজি দিয়া আগধৰা ডালো নহয়৷ ইয়াৰ বাবে প্রথমে পৰিৱেশ সৃষ্টিহে অধিক প্রয়োজন, ৰাজনৈতিক দল গৌণ৷ ‘আছু’ৰ নিশ্চয় বিদ্যায়তনিক কোষ আছে৷ তাৰ যোগেদি বিদ্যায়তনিক মহাসভা পাতিব পাৰিলেহেঁতেন৷ এতিয়া আন্দোলন অসমবাসীক জগাবৰ বাবেহে৷ বৈদ্যুতিন প্রচাৰ মাধ্যমৰ ৰঙৰ পৃথিৱীখনৰ বাহ্যিক সৌন্দর্য আৰু ৰঙেৰে বহুত পিতৃ–মাতৃ তৃপ্ত আৰু ধন্য৷ তাৰ ঊর্ধ্বত থকা পৃথিৱীখন চাবলৈ কোনে শিকাব৷ ছাত্র বা শিশুৰ মানসিক জডতা মষিমূৰ কৰিব পাৰে একমাত্র মাতৃভাষাইহে৷ আভিজাত্যৰ ভেমত কাঞ্চনমতী (গংগাটোপ) বাই হোৱা অভিভাৱকক ছাত্র সন্থাই বুজাই দিয়ক–বস্তুবাদী সংস্কৃতিৰ বিকাশৰ সমান্তৰালভাৱে সন্তানক সাংস্কৃতিক মানসিকতা গঢ দিবলৈও সুযোগৰ সন্ধান কৰিব লাগিব৷ ইংৰাজী, হিন্দী জনাটো প্রতিজন ছাত্রৰ একান্ত কর্তব্য৷ পৰিৱেশৰ অধীন নকৰি অধিগত কৰিবলৈহে সুযোগ দিয়া উচিত৷ ছাত্রৰ মানসিক অনুশীলনৰ পৰিৱেশ সৃষ্টি কৰি নিদিলে সন্তানৰ প্রতিভা মৰহিব আৰু লগতে জীৱনৰ আনন্দৰ পৰাও বঞ্চিত হ’ব৷ মাতৃভাষাৰ মাধ্যমেৰেহে জীৱন্ত বর্তমানৰ সন্মুখীন হ’বলৈ লগতে জ্ঞান আৰু প্রজ্ঞাৰ অধিকাৰী কৰিব পাৰে৷ বোধৰ ভিত্তি লব্ধ জ্ঞান মাতৃভাষাৰ মাধ্যমত হ’লেহে ব্যক্তিনিষ্ঠ ভাব প্রকাশ কৰিবলৈ সক্ষম হ’ব৷ এনে বুনিয়াদ প্রতিষ্ঠা মাধ্যমিক স্তৰতে হ’ব লাগে৷ প্রতিটো সন্তানৰ মুখৰ মাতষাৰ ভাবৰ দোলাভাৰী৷ জার্মান পণ্ডিত হোমবল্টে (১৯৪৯) কৈছিল– প্রত্যেক ব্যক্তিৰ মাতৃভাষাটো আত্মা আৰু মানুহৰ আত্মাই হ’ল তাৰ ভাষা৷ কথাটো প্লেটোৱে আৰু স্পষ্টকৈ কৈছে– চিন্তা আৰু ভাষা মূলতঃ একে৷ কিন্তু প্রভেদটো হ’ল চিন্তা নিজৰ আত্মাৰ লগত নীৰৱ কথোপকথন৷ মনক আৱিষ্কাৰ ভাষা–জিজ্ঞাসাৰ আধাৰ৷ মনেৰে চিন্তা, সংকল্প, অনুভৱৰ প্রকাশ ঘটে আৰু জ্ঞানান্বেষণ, কর্ম আৰু সৌন্দর্য সৃষ্টি কৰে৷ এই সকলোৰে নিগৰণ মাতৃভাষাৰ যোগেদিহে সম্ভৱ৷ বর্তমান যুগধর্মৰ zeitgeist) ফলত মূল্যবোধৰো ৰূপান্তৰ হৈছে৷ কিন্তু সাধুতা, সৎসাহস, সকলো সময়তে থকাৰ দৰে মাতৃভাষা প্রেমৰ ৰূপান্তৰ অসমৰ বাহিৰে ক’তো হোৱা নাই৷ আজি অধিকাংশ সন্তানেengmese ব্যৱহাৰ কৰিবলৈ লোৱাটো জাতিৰ বাবে দুর্ভাগ্যজনক৷ অভিজাত অসমীয়া সমাজে অভিজাত্যৰ ৰংখিনি চাবোনেৰে নিকা কৰি অসমীয়া বুলি কৈ গৌৰৱবোধ কৰিলেহে অসমীয়াৰVitality থাকিব বুলি বেজবৰুৱাই কৈ গৈছে৷ ১৯৩৭ চনৰ ১৯ ডিচেম্বৰত ডিব্রুগড়ৰ ৰাজহুৱা সভাত বেজবৰুৱাই কৈছিল–Vitality বা সাৰৰ গুণত অকণমান গুটিৰ পৰাই প্রকাণ্ড বৰগছ হয়৷ সেইদৰে বিদেশী চাৰিওফালে চেপি–খুন্দি আনি অসমীয়া জাতিক আকাৰত সৰু কৰি পেলোৱা সত্ত্বেওVitality থাকিলেসমীয়া জাতি কেতিয়াও মৰিব নোৱাৰে, এইটোৱেই বোধহয় বেজবৰুৱাৰ শেষ ৰাজহুৱা ভাষণ৷ প্রতিবাদৰ মাজেদি প্রকাশ পোৱাVitality আছুৰ মজিয়াৰ পৰা জগিব খোজা বিকল্প ৰাজনীতিয়ে কিন্তু ৰখাব নোৱাৰিব৷ ৰাজপথত বিৰোধী মিঞাৰ বহিষ্কাৰৰ দাবী উত্থাপিত হয়, কিন্তু স্বদেশী অসমীয়াৰ বাবে তেওঁলোক নহ’লেই নহয়৷ এই জাতিটো অসমীয়াৰ কর্মদক্ষতাৰ অভাৱৰ বাবেই উৰি আহি জুৰি বহিল৷ এলেহুৱা, ধোদ অসমীয়াই মিঞাসকলক কামত নলগালে জীৱন নির্বাহেই কৰিব নোৱাৰে৷ ঠেলা, ৰিক্সা, নাপিত, ধোবা, কাঠমিস্ত্রী, পকামিস্ত্রীৰ পৰা বিয়াৰ ভোজ ৰন্ধালৈকে বিদেশী মিঞা নহ’লেই নহয়৷ সাৰ আৰু ঔষধ প্রয়োজনতকৈ অধিক দি শাক–পাচলি উৎপাদকসকল কোন উত্তৰটো সকলোৱে জানে৷ তেনেকৈ কণী, মুগ্, গাখীৰ, বিদেশেই যোগান ধৰে৷ অসমীয়া ডেকাক সকলো আনে কৰি দিব লাগে৷ চোতালৰ দূবৰি বনকেইডালো মিঞাইহে গুচাই দিব লাগে৷ এসময়ত ভাতমুঠিও নিশ্চয় মিঞায়ে গুজি দিব লাগিব৷ যোৰহাটৰ বিধায়ক আৰু বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীৰ প্রচেষ্টাত দুটা পথ নির্মাণৰ বাবে ২০ কোটি টকা ধার্য হ’ল৷ আধুনিক প্রযুক্তিৰে বিজ্ঞানসন্মতভাৱে পথটো নির্মাণ হৈ আছিল৷ ইয়াত বহুতো মিঞা শ্রমিকে দিনে–ৰাতিয়ে কাম কৰিছিল ৰ’দ–বৰষুণ–বতাহ নেওচি৷ ফেব্রুৱাৰী মাহতে কামটো সম্পূর্ণ হোৱাৰ কথা আছিল, কিন্তু মিঞা শ্রমিকৰ অভাৱত ডিচেম্বৰ মাহৰ সাত তাৰিখৰ পৰা কাম বন্ধ হৈ আছে৷ স্বদেশী অসমীয়াৰ জীৱন ধাৰণৰ অপৰিহার্য অংগ হৈ পৰা বিদেশী মিঞাৰ এইটো এটা উদাহৰণহে৷ ঈদৰ সময়ত অসমত ঘৰ নির্মাণ, খেতি–বাতি সম্পূর্ণ বন্ধ হয়৷ ঘৰৰ গাডীচালকজন মিঞা হ’লে সকলোৱে ভাল পায়৷ কিয়নো তেওঁলোকে বিহুৰ বাবে তিনিমাহ ছুটী নলয়৷ বাইকত উঠি অসমীয়া ডেকাই সংগঠন কৰিবলৈ ভাল পায়৷ সংগঠনৰ উদ্যোগপর্বৰ পৰা মুষলপর্বলৈকে এই সময়ছোৱাতে তেওঁলোকে আধুনিকতাৰ হেন্দোলনিত বিলাসী জীৱন যাপন কৰিবৰ কাৰণে প্রস্তুতি সম্পন্ন কৰি তোলে৷ নির্বাচনত উঠিবৰ বাবে সম্পত্তিৰ তালিকাই কোটিৰ ঘৰো চোৱেগৈ৷ এনেকৈয়ে ধদুৱা নেতাৰ ৰাজনৈতিক উত্থান সম্ভৱ হয়৷
এতিয়া এনেকুৱা স্তৰ পাইছেগৈ যে অসমীয়া ভাষাৰ ব্যৱহাৰিক প্রয়োজনীয়তা নাইকিয়া হৈ আহিছে৷ হাট–বজাৰ, কল–কাৰখানা ক’তো অসমীয়া মানুহে অসমীয়া ভাষাত কথা নকয়৷ ভুলে–শুদ্ধই ইংৰাজী, হিন্দী,বাংলা কয়৷ এয়া হীনমন্যতা নে উভনাঙঠ আভিজাত্যৰ মোহাৰি শুঙা ভেম? মূৰৰ চোকোৰা গুচা অৱস্থাৰ পৰাই যেন ডাডি, আংকল, আণ্টি আদি সস্তীয়া বেলুনবোৰ ওঁঠত আঁৰি দিব৷ তাৰ পিছত এশ নম্বৰৰ পিছে পিছে দৌৰিবলৈ সন্তানক বিনিয়োগ৷ তাৰপিছত মহৎ তালুকদাৰৰ দৰে শালিকৰী সনাতন সৃষ্টি, তাৰপিছত নোচোও পানী ধৰোঁ মাছ হ’বলৈ সন্তানক এৰি দিয়ে প্রাতঃকৃত্যৰ পৰা সায়ংকৃত্যলৈকে৷ গতিকে আন্দোলন বা সাংবিধানিক ৰক্ষাকৱচে অসমীয়া ভাষাক ৰক্ষা কৰিব নোৱাৰে৷ অসমীয়াৰ বাহিৰে ভাৰতৰ মহাৰাষ্ট্র, গুজৰাট আদি ৰাজ্যত বিশাল ব্যৱসায় কেন্দ্র হ’লেও মাৰাঠী আৰু গুজৰাটী ভাষাত কথা কৈ মানুহে আনন্দ পায়৷ তেনেকৈ তামিল, তেলুগু, মালয়ালম, কন্নড ভাষাৰ বৈশিষ্ট্য ৰক্ষাত সংশ্লিষ্ট ভাষা–ভাষীয়ে গুৰুত্ব দিয়ে৷ বঙলা ভাষাৰ কথাই বেলেগ৷ বিশ্বৰ চতুর্থ স্থানত অর্থাৎ ইংৰাজীৰ পিছতে বঙলা ভাষাৰ স্থান৷ বঙলাভাষী ইমান সচেতন যে তেওঁলোক শংকিত নহয় আৰু হোৱাৰ পৰিৱেশো নাই৷ কিন্তু আভিজাত্যৰ পোছালি মৰা অসমীয়াই অসমীয়া ভাষাটোক উত্তৰ ভাৰতীয় আৰু ইংৰাজৰ সৰি পৰা দাঁত বুলি ভাবে৷ অথচ অসমীয়া ভাষাৰ মর্যাদা বিচাৰি ৰাজপথলৈ যায় আৰু ভাষাটোৰ কুমত লাং চিঙেৰে খোঁচে৷ সেয়ে অসমীয়াই নিৰাকাৰ মনটোক সাকাৰ কৰিবলৈ অসমীয়া ভাষাৰ ব্যৱহাৰিক প্রয়োজনীয়তাক গুৰুত্ব নিদিলে জ্ঞাতালি পাতিবলৈ বেছিদিন নালাগে৷ কথাবোৰ জাঁয় উঠাকৈ কোৱাৰ বাহিৰে উপায় নাই৷