আৰু কিমান শুহিব তেজ?
বোলোঁ, –নদাই ভদাই, খেতেকেশ্বৰ, ৰঙিলী, পখিলী, চেৰেলী, গেৰেলীহঁতৰ তেজকেইটোপাৰ আৰু কিমান শুহিব হাড়ৰ মাজত এতিয়ালৈ বাকী থকা মজ্জাকণৰ আৰু কিমান শুহিব আৰু, নিজৰ নিজৰ সাদৰৰ বণিয়াহতঁৰ দ্বাৰা কিমান শোহাব, হয়নে বাৰু চৰকাৰ বাহাদুৰ? চৰকাৰ মানে, কেন্দ্র আৰু ৰাজ্য, দুয়ো ঠাইৰে দুয়োখন কাৰণ, কিছুমান বিষয়ৰ মূল দায়িত্ব কোনোবা এখনৰ, আৰু, আন কিছুমানৰ মূল দায়িত্ব আনখনৰ, আৰু, বাকী কিছুমানৰ দায়িত্ব দুয়োখনৰে৷ পিচে, এতিয়া আকৌ হস্তিনাপুৰ আৰু প্রাগজ্যোতিষপুৰ দুয়ো ঠাইৰে ৰাজপাট দুখন একেটা বংশৰে দখলত নহয় জীউটোহঁত থাকে মানে তাকে বুকুত বান্ধি লৈ পুষ্পক ৰথৰ লাগিজ্ ৱেন Laggage Van)ত সোমাই ভ্রমি থকাসৱক বৰকৈ লেখত ধৰা নাই৷ কোনো পাঠশালাৰ কোনো শ্রেণীত নাম আৰু ক্রমিক সংখ্যা নথকা বিদ্যার্থী মহাসভাৰ বৰমূৰীয়াৰ পৰা গৈ জকাইচুক ৰক্ষাকাৰী জাতীয় মহাসভা গঠন কৰাসৱে তৰকিব পাৰিছে, নে, নাই পৰা, ক’ব নোৱাৰিছোঁ যে ইতিপূর্বে জকাইচুকৰ চতুর্দশ ৰাজসভাত থকা মহাসভাৰ আসনৰ সংখ্যা ১৪ৰ পৰা আহি পঞ্চদশ মহাসভাত ৯ হ’লহি পিচে, কিনাহাঁহৰ আকৌ ঠোঁটলৈকে মঙহ নহয় ৰাজেশ্বৰ সিংহ স্বর্গদেউৰ দিনৰে পৰা বিখ্যাত, দেৰগাঁও–ৰ গুৰযোগনীয়াগাঁও–ৰ সমীপৰ বৰুৱাবামুণগাঁও–ৰ চেনিকলটো ৰক্ষাত মহাজাতীয়তাবাদী কুলৰ ভূমিকাৰ কাহিনী এতিয়া, চাংমাইশালৰ জুহালৰ ওপৰত হেন্দালিত থকা সাঁচিপাতৰ পুথিত৷ ইফালে, জাগীৰোডৰ নগাঁও কাগজ কল আৰু শিলচৰৰ পাঁচগ্রামৰ কাছাৰ কাগজ কল গুজ্জুভাই আম্বানি, আদানি আদিৰ বৰপেটত এই সোমায়, এই সোমায়৷ কামপুৰৰ চেনিকল, যোগীঘোপাৰ অশোক কাগজ কল, ৰঙিয়াৰ এপ্ল্ (এপ’ল’ নহয়), ছিপাঝাৰৰ প্রাগ্ বছিমি আদিলৈও মনত পেলাওক পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক ৰাষ্ট্রত কণটিলৌ, কুলাই, ভেলেঙী, ভদৰীহঁতৰ ‘‘ৰাজহুৱা খণ্ড’’ এটা এটাকৈ মনত পৰি গৈ থাকিব প্রধান মন্ত্রী মোদী নৰেন্দ্র দামোদৰে আৰু অন্যান্য অনেকজন ভাজপা বৰমূৰীয়াই সৌ সিদিনালৈকে দি থকা, এইবোৰ পুনৰ কার্যক্ষম কৰি তোলাৰ প্রতিশ্রুতিৰ কথা৷ মনত পৰিব ২০১৪ চনৰ ১৬ মেইৰ পাছত সকলো বাংলাদেশীয়ে টালি–টোপোলা বান্ধি অসম এৰাৰ কথা, গেৰুকামুখত বৃহৎ নদী বান্ধ্ হ’বলৈ নিদিয়াৰ কথা, ‘‘এ’ ফ(ৰ্) আসাম’’–ৰ কথা৷
কথাতে কয় বোলে আগে চাউল কঠা, পাছেহে হৰি কথা আৰু বোলে– দেহা থাকিলেহে বেহা৷ গতিকে সেই কথালৈকে আহিম৷ পিচে, ৰ’ব বৃহৎ নদী বান্ধ্ অর্থাৎ পৰোক্ষভাৱে বিদ্যুতৰ কথা ওলাওঁতেই, থাপ মাৰি আন এষাৰ কথাহে কৈ লওঁ৷ চৰকাৰ যি দলৰে হওক লাগে, প্রতিগৰাকী শক্তি মন্ত্রীয়েই কয় সমগ্র ৰাজ্যৰ চুকে–কোণে ঘৰে ঘৰে দিনটোৰ ২৪ ঘণ্টা অবিৰত বিদ্যুৎ যোগানৰ কথা৷ সিদিনা অলপতে কিবা প্রসংগত, বর্তমান শক্তি মন্ত্রী বিমল বৰাৰ মুখতো শুনিলোঁ ‘‘২XX৩৬৫’’ বিদ্যুৎ যোগানৰ কথা৷ বঢ়িয়া৷ কিন্তু অতজনৰ মুখৰ অত প্রতিশ্রুতিৰ পাছতো, আজি অত বছৰে দেখিলোঁ, –আকাশত বিজুলী দুচমকামান ওলালেই, গাজনি–ঢ়েৰেকনি দুটামান মাৰিলেই, ছাগলী খেদা বৰষুণ টোপালচেৰেক পৰিলেই, শক্তি পৰিষদৰ শক্তি যোগানত চেটেপ৷ এতেকে, নতুন শক্তি অমাত্যৰ প্রতি মঞি মূঢ়মতিৰ এফেৰা পৰামর্শ আছে৷ দায়–দোষ হ’লে খেমিব৷ আম–কঁঠালৰ গছ আৰু বাঁহৰ খুঁটাত বিদ্যুৎ পৰিবাহী তাঁৰ বান্ধি শক্তি যোগান ধৰা কালৰ বিভাগীয় অমাত্য, বৰদলৈ আৰু হুছেইনে কৈছিল শক্তি যোগান অব্যাহত ৰখাৰ অর্থে আণ্ডা(ৰ্) গ্রাউণ্ড্ কেইব্ল্ বহুওৱাৰ কথা৷ পিচে, কৈ থাকোঁতে থাকোঁতেই দুয়োজনাৰে মন্ত্রিত্বৰ চাউল দুকঠা উকলিল৷ এতিয়া ঠেহ–পেচৰ কথা নাথাকিলে, বৰাদেৱে তেখেতসকলৰ লগত
এতিয়া আহোঁ চাউলকঠাৰ কথালৈ মানে, পেটটোৰ কথালৈ৷ কেৱল খাদ্য বস্তুৰে নহয়, গৃহ নির্মাণ সামগ্রী, সর্বসাধাৰণ ৰাইজৰ দৈনন্দিন ব্যৱহার্য্য সকলো অত্যাৱশ্যকীয় সামগ্রীৰে দাম পাইকাৰী, খুচুৰা সকলো প্রকাৰৰ বণিয়াই প্রতি নিয়ত নিজ খেয়াল–খুচী(শী) মতে এনে স্বেচ্ছাচাৰীভাবে বঢ়াইছে যে তাৰ বর্ণনা দিবলৈ, অসমীয়া ভাষাত থকা ‘‘আকাশলংঘী’’, ‘‘চকু কপালত তোলা’’, ‘‘মূৰ আচন্দ্রাই কৰা’’ আদি একো শব্দগুচ্ছ বা জতুৱা ঠাচ যথেষ্ট নহয়৷ ৰাইজৰ নাৰকীয় যন্ত্রণাৰ উপশম ঘটাবলৈ কোনো দল বা জোঁটৰ চৰকাৰে, চৰকাৰৰ ‘‘যোগান মন্ত্রী’’য়ে তথা মুখ্য মন্ত্রীয়ে অত বছৰে আজিলৈকে, সদিচ্ছা, একনিষ্ঠতা, দৃঢ়মন্যতা আৰু কঠোৰতা সহ একো কৰা নাই৷ সকলো নাটক৷ কাৰণ, এই পৰিক্রমাটোৰ ‘‘সুফল’’, উৎপাদক আৰু গ্রাহকৰ বাদে, চৰকাৰী আৰু গোষ্ঠীগত, ‘‘বৃত্তিধাৰী’’ দালাল, মজুতদাৰ, পাইকাৰী বণিয়া, সামগ্রী পৰিবহনকাৰী, পৌৰ নিকায়সমূহৰ বিষয়া–কর্মচাৰী, আৰক্ষী, বিভাগীয় আমোলা তথা বিয়াগোম আৰু তেমেকা ৰাজনীতিক আটায়ে ভাগে ভাগে ভোগ কৰি আহিছে৷ আন নহ’লেও, অন্ততঃ ‘‘যোগান বিভাগ’’ৰ লগত জড়িত বিভিন্ন সময়ৰ (প্রাক্তন/বর্তমান) ৰাজনীতিক, আমোলা–বিষয়া, বিশেষতঃ ‘‘যোগান পৰিদর্শকসকলৰ ভিতৰৰ বছা বছা একাংশৰ স্থাৱৰ–স্থাৱৰ সা–সম্পত্তি, জীৱন নির্বাহ শৈলী, সন্তান–সন্ততিৰ শিক্ষা লাভৰ প্রক্রিয়া, শিক্ষানুষ্ঠানৰ স্থান আদিৰ বিতং অনুসন্ধান আৰু তদন্ত কৰিলেই ৰাইজে নজনা বা জানিও ‘‘নজনা’’ বহু কথা গুমৰ ফাঁক হৈ পৰিব৷ মই ‘‘যোগান বিভাগ’’ বোলা শব্দ দুটা ঊর্ধ্ব কমাৰ ভিতৰত দিয়াৰ উদ্দেশ্য হ’ল, গৰিষ্ঠসংখ্যক সর্বসাধাৰণ ৰাইজৰ কথা বাদেই, অনেক ৰাজনীতিক, প্রশাসনীয় আমোলা আৰু বিভাগীয় বিষয়া–পৰিদর্শকে নাজানে যে বিভাগটোৰ সম্পূর্ণ তথা আনুষ্ঠানিক কামটো হ’ল, ‘খাদ্য আৰু অসামৰিক যোগান বিভাগ’৷ বহুতো স্বয়ং ‘‘যোগান মন্ত্রী’’য়েও নাজানে/নাজানিছিল যে ভাৰত চৰকাৰৰ উপভোক্তা সংৰক্ষণ (গ্রাহক সুৰক্ষা) আইন অনুসাৰে, প্রতিখন ৰাজ্যৰে উচ্চতম চৰকাৰী পর্য্যায়ত ‘ৰাজ্যিক উপভোক্তা (গ্রাহক) সুৰক্ষা পৰিষদ’ নামে একোখন নীতি নির্ধাৰক পৰিষদ থাকে নাজানে/নাজানিছিল যে বিধি মতে, ‘‘যোগান মন্ত্রী’’ গৰাকী নিজেই সেই পৰিষদখনৰ পদেন (এ’ক্স্ অফিশিঔ) অধ্যক্ষ৷
আটায়ে জানে যে উজনি অসমত শাক–পাচলি (‘‘সাগ্–সব্জি’’?)ৰ প্রধান উৎপাদন থলী আৰু পাইকাৰী বজাৰ কেন্দ্রসমূহ হ’ল খোৱাং, মৰাণ, তিলৈ, থাওৰা, পানীদিহিং, জাঁজী, টিয়ক, দেৰগাঁও মধ্য অসমৰ মৰিগাঁও, ধিং, মৈৰাবাৰী, নীলবাগান, হোজাই, লংকা, কলিয়াবৰ নামনি অসমৰ সোণাপুৰ, ক্ষেত্রী, নলবাৰী, বৰপেটা, হাউলী, বৰপেটাৰোড, জনিয়া, বিলাসীপাৰা, (কৃষ্ণাই, দুধনৈ, আগমনিকে ধৰি) গোৱালপাৰা জিলা, বঙাইগাঁও, হাটশিঙিমাৰী, মানকাচৰ, ধুবুৰী উত্তৰ পাৰে ছিপাঝাৰ, মঙলদৈ, দলগাঁও, জামুগুৰি, ওৰাং, ৰৌতা, বিশ্বনাথ, গহপুৰ, লক্ষীমপুৰ জিলা আৰু ধেমাজি জিলাৰ অলেখ ঠাই৷ ঠাইতে কৈ থওঁ যে এই সকলো শাক–পাচলিৰ বজাৰৰ উপৰি, শদিয়াৰ পৰা ধুবুৰীলৈকে ব্রহ্মপুত্রৰ বিভিন্ন ঠাইৰ মাছৰ ঘাটিবোৰৰ উপৰি, সমগ্র ৰাজ্যৰে সৰু–ডাঙৰ বিল, পিটনি আদিৰ সৰহভাগ ভাৰতীয় বহিৰাগত তথা পৰৰাষ্ট্রীয় বহিৰাগতৰ হাতত অসমীয়া হ’ল দহ–বাৰ হাজাৰ সংগীতবলিয়া লোক গোট খোৱা ন–খোৱা উৎসৱ, মাঘ বিহুৰ উৰুকাৰ বৰভোজ, কইনাঘৰত দৰাঘৰীয়া ভোজ, মৰাঘৰীয়াৰ ঘৰত গিয়াতালি বৰভোজ (‘‘মৎস্যস্পর্শ’’?) খোৱা গ্রাহকৰ দল৷
সর্বসাধাৰণ ৰাইজৰ জীৱন যাত্রা দিনে দিনে কঠোৰৰ পৰা কঠোৰতৰ হৈ আহিছে৷ মোৰ নিজৰ কথাৰেই উদাহৰণ দিম ৰ’ব৷ তাৰ আগেয়ে আন এটা কথা কৈ লওঁ৷ ডিব্রুগড় সদৰ বিধানসভা সমষ্টি ১৫ (X৩) বছৰ প্রতিনিধিত্ব কৰোঁতা ভাজপা বিধায়ক প্রশান্ত ফুকন, সেই একেটা সমষ্টি আকৌ এবাৰ ‘‘প্রতিনিধিত্ব’’ কৰিবলৈ (অর্থাৎ মুঠ কুৰি বছৰলৈ) নির্বাচিত হৈছে৷ মোৰ, ফেইছ্ বূক্ (০০), য়ূ টূ্যব্, ইন্স্টেগ্রেম্ আদি ইত্যাদিৰ লগত সম্বন্ধ নাই৷ কিন্তু মাজে মাজে মোলৈ মোৰ চিনাকি–চিনাকি বহুত মানুহে ‘লিংক’–নে কিবা দি ইটো সিটো কিবা–কিবি পঠাই থাকে৷ দিনদিয়েক পূর্বে কোনো এজনে মোৰ ‘হেৱৎসএপ’–ত ‘‘কুৰি বছৰীয়া’’ জনপ্রতিনিধি প্রশান্ত ফুকনৰ এটা ৱিডিঔ পঠাই দিছিল৷ ৱিডিঔটোত, কোনো এজন সাংবাদিকে পাঁচবাৰ নে ছয়বাৰ সুধিছেহে সুধিছেহে বোলে এগৰাকী জনপ্রতিনিধি, –তাতে চৰকাৰী দলৰ –হৈও তেখেতে ক’ৱিড্ মহামাৰীৰ এই ভয়ংকৰ দিনতো ৰাজহুৱা স্থানত আত্মপ্রকাশ কৰিছে কিয় সাংবাদিকৰ পৱিত্র বৃত্তিগত কর্তব্য৷ কিন্তু ইমানলৈকে প্রশ্ণৰ সন্মুখীন হৈও, ফুকন নিবোকা চামোন উত্তৰ নায়েই যি নায়েই৷ মই ভাবিলোঁ, –এইটো ফুকনৰ প্রস্তৰ মূর্তি, নে শিল পৰা কপৌ এইগৰাকী বিধায়কেই, মনমোহন সিং, তৰুণ গগৈৰ দিনত এক লিটাৰ পে’ট্রল্ ৬০/৬১ টকাত বিক্রী হওঁতে, তাৰ প্রতিবাদত ডিব্রুগড়ৰ ৰাজপথত কান্ধত গৰু গাড়ীৰ যুৱলি লৈ গাড়ী টানি টানি হেম্বেলিয়াই ফুৰিছিল৷ পিচে, এতিয়া পে’ট্রলৰ দাম লিটাৰত ৯১/৯২ টকা আৰু ডীয্লৰ দাম ৮৯/৯০ টকা হোৱাতো দলীয় সৈনিক বোবা৷Mischiefs of party spirit! ৰাতি দুই বাজেহে লাগে৷ ভাতকেইটা গিলি লওঁ, দেই গিলিলোঁ৷ এতিয়া মোৰ কথা কওঁ, ৰ’ব৷ আছিলোঁ কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্রাধ্যাপক আৰু মুৰব্বী পাছে, মহাবিদ্যালয়ৰ উপাধ্যক্ষ৷ অৱসৰৰ পাছত মোটামুটিভাবে ভালকৈয়ে চলি থাকিব পৰাকৈ পে’ন্শ্ন্ এটা পাই আছিলোঁ৷ এতিয়া বিনা পৰিশ্রমে, বিনা খৰচে, মাথোন সন্তান উৎপাদনৰ বিনোদনেৰে জীয়াই থাকি সকলো সা–সুবিধা লৈ, মধ্যবিত্তসৱকHIT কৰি বিনামূলীয়া ভাত–কাপোৰ পাই থাকি ভোট দানৰ বিনিময়ত হোৱা দেশী হিতাধিকাৰী আৰু বাংলাদেশী হিন্দু ভৈয়াই হিতাধিকাৰীৰ স্বর্গসুখৰ স্বার্থত বিগত দুবছৰে নিয়মিত মৰগীয়া বানচ কেইটকাতো চৰকাৰে তলা লগাই থোৱাত, চকু টেলেকা কৰা বস্তুৰ দামৰ প্রকোপত ত্রাহি মধুসুদন সুঁৱৰিছোঁ৷ মই প্রফুল্ল মহন্ত, সর্বানন্দ সোণোৱাল, প্রশান্ত ফুকন আদিৰ দৰে বজাৰত এদিন নাটক কৰা মানুহ নহওঁ৷ হাতত মোনা লৈ নিজে বজাৰ কৰা ‘‘বজৰুৱা’’ মানুহ৷
নিৰন্তৰ প্রাকৃতিক দুর্যোগ, পৰিশোধ কৰিব নোৱৰা ঋণৰ বোজা, খেতিয়কৰ আৰু গ্রাহকৰ ন্যায্য স্বার্থৰ অনুকূলে, উৎপাদিত সামগ্রীৰ সংগ্রহ, পৰিবহন, সৰবৰাহ আৰু বজাৰ ব্যৱস্থাৰ যথোচিত চৰকাৰী ব্যৱস্থাৰ অবিহনে, উল্লিখিত অঞ্চলবোৰৰ খেতিয়কসকলে নিজৰ উৎপাদিত খাদ্য সামগ্রী প্রতি বছৰে হাস্যকৰ মূল্যত দগাবাজ দালাল, মাফিয়া আৰু ধুৰন্ধৰ চহৰীয়া বেপাৰীক দি দিয়া, বিক্রী নোহোৱা পাচলি গৰু–ছাগলী ম’হক খুওৱা, গাড়ীৰ চকাৰ তলত পেলাই দি, সিবোৰ ‘‘চেপ্ঢা পিঠা’’ হোৱাৰ দৃশ্য চাই চাই হিয়া ঢ়াকুৰি কন্দা, অসমৰ বহু বছৰীয়া পুৰণা দৃশ্য৷ মোৰ সেই পে’ন্শ্ন্–ৰ পইচাকেইটাৰে ভাল কেইবছৰ মোটামুটিভাবে সুচলকৈয়ে চলি আছিলোঁ৷ পিচে, এতিয়া এফালে টানিলে আনফালে ফিচিকা অৱস্থা৷ মোৰ দৰে বহু লোকৰে, প্রতিমাহতে অত্যাৱশ্যকীয় ঔষধখিনিৰ দামেয় পাঁচ–ছয় হাজাৰ টকা৷ শেহতীয়াকৈ প্রায় সাত হাজাৰ টকা হৈছেহি৷ ‘‘ভাৰতৰ সংকটাপন্ন ধর্ম ৰক্ষা’’ হকে অসমীয়াই সিহঁতৰ পৰম হিতৈষী বাংলাদেশী হিন্দুসৱক বুকুত সাৱটি ল’বই লাগিব৷ আমীৰ খাঁৰ কথাও আছে ক’ম কেতিয়াবা৷
এতিয়া এফালে অভূতপূর্ব অতিমাৰী, আনফালে প্রলংয়কৰী বান৷ গ্রামাঞ্চলতো সান্ধ্য আইন, লক্ডাউন্৷ মই তাৰ বিৰোধিতা কৰা নাই৷ কিন্তু খেতিৰ বতৰতে কৃষি কর্ম কার্যতঃ বন্ধ৷ আগন্তুক দিনত মানুহে খাব কি? সদ্যহতে সেই কথা বাদ৷ কিন্তু বিগত ঋতুত উৎপন্ন কৰা জাতিলাও, কোমোৰা, ৰঙালাও, ফুলকবি, বন্ধা কবি, ওল কবি, বেঙেনা, বিলাহী, তিতা কেৰেলা, ভাত কেৰেলা, জিকা, ভোল, ভেণ্ডি, ধুন্দুলী, পটল, বীন BEAN- ‘‘বিন’’ নহয়), জলকীয়া, কেপ্সিকাম্ আদি সকলো, পথাৰতে কেনেকৈ গেলি–পচি গৈছে, কৃষকে কেনেকৈ কান্দিছে, আত্মহত্যাৰ কথা কৈছে, বাকচৰ পর্দাত সেই সমস্ত সঘনাই যেনেকৈ দেখুৱাই থকা হৈছে, –দেখা নাই, ৰাইজ? দেখা নাই চৰকাৰ বাহাদুৰ৷ বর্তমান আৰু অতীতত চৰকাৰ চলোৱা বিভিন্ন দলৰ মন্ত্রীসকল, জনপ্রতিনিধিত্ব কৰা বিভিন্ন দলীয় বিধায়কসকল, কৃষক আৰু গ্রাহকক সকাহ দিবৰ বাবে সমগ্র ৰাজ্যৰ বিভিন্ন ঠাইত শাক–পাচলিৰ শীতল ভঁৰাল স্থাপনৰ বাবে আজি অত বছৰে কি কৰিলে আপোনালোকে বিধানসভাৰ ভিতৰে–বাহিৰে? কৃষকে কান্দি কান্দি, গুৰিয়াই–ভুকুৱাই দলিয়াই পেলাই দিয়া শাক–পাচলিখিনিৰ কথা বাৰু বাদ৷ কিন্তু তাৰ মাজতে, লাভখোৰ, অসৎ, দগাবাজ, ধুৰন্ধৰ, নিলাজ পাইকাৰী বণিয়াহঁতে, টেক্কামৰা পৰিবহনকাৰীহঁতে খেতিয়কসকলক ডকা–হকা দি ঠগি, প্রবঞ্চনা কৰি যিখিনি শাক–পাচলি চহৰৰ বজাৰত মেলিছেহি, সেইখিনিৰ কাম ১০/১২/১৫ গুণ কিয়? খেতিয়কে প্রতি কে’জী দুই–তিনি টকাত বেচা তৰমুজ মই নিজে কিনিছোঁ কুৰি–পঁচিশ টকা কে’জী–ত৷ মধ্যভোগীবোৰ কোন কোন? একাংশ আৰক্ষী লোক (বিভাগ–গৃহ) আৰু স্থানীয় পৌৰ নিকায়সমূহৰ একাংশ চাকৰিয়ালো হয় নে নহয়৷ সর্বত্র বিৰাজমান কিছুমান ‘‘লাফাংগা’’ স্থানীয় গুণ্ডাও হয় নে নহয়? যোৱা ৭৪টা বছৰে কেন্দ্রীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰসমূহে প্রকৃত আধুনিক মনেৰে কৃষি, শিক্ষা, স্বাস্থ্য, পৰিবহন আদি, জনজীৱনৰ লগত ওতপ্রোতভাবে সংস্পৃক্ত বিষয়বোৰত যথোচিত গুৰুত্ব দিছিলনে? বাজে’টবোৰ কাৰ গোপন নির্দেশত কেনেকৈ প্রস্তুত কৰা হয়? অথচ, চর্দাৰ পেটে’লৰ প্রতিমূর্তি নির্মাণৰ বাবে ৩০০০ কোটি টকা প্রতিখন বিমানত ৮,৪০০ কোটি টকাকৈ ৰাষ্ট্রপতি আৰু প্রধান মন্ত্রীৰ বাবে দুখন ‘‘বিশেষ’’ বিমান ঃ (৮৪০X২ ঃ কোটি টকা) নতুনকৈ আকৌ এটা সংসদ ভৱন নির্মাণ পুৱতি নিশা ৩–৩০ বাজিছে মোৰ চকুত লোতক৷
এতিয়া শুনক নতুন ‘‘যোগান মন্ত্রী’’ ৰঞ্জিত দাসৰ চিৰস্মৰণীয়, মনোৰম কথা৷ মন্ত্রী মহোদয়ৰ মতে, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বস্তুকেইপদৰ বাহিৰে, মুকলি বজাৰৰ বস্তুৰ দিশত তেখেতৰ আৰু তেখেতৰ বিভাগৰ একো কৰিবলগীয়া নাই৷ কথাষাৰ সম্পূর্ণ সত্যতো নহয়েই, আনকি, তেনেহ’লেও, এগৰাকী মন্ত্রীয়ে অন্ততঃ শুভ ৰাজনৈতিক স্বার্থত, এনে এটা বিষয়ত এনেকৈ কোৱাটো কিমান সমীচীন? দৰাচলতে, তেনেকৈ কৈ মন্ত্রী প্রৱৰে এচাম সৰু–ডাঙৰ বণিয়াক উচটাই দিলে৷ তাৰ প্রমাণ, শাক–পাচলি, কণী আদিৰ উপৰি অন্যান্য ভালেখিনি বস্তুৰ ওপৰত ততালিকে প্রত্যক্ষ হ’ল৷ মই তেৰাক আকৌ এবাৰ মনত পেলাই দিওঁ যে তেৰাৰ বিভাগটোৰ সম্পূর্ণ নামটো হ’ল খাদ্য, আৰু অসামৰিক যোগান (ফূড্ এণ্ড্ ছিৱ্ল্ ছাপ্লাইয্) বিভাগ৷ কিন্তু সেই বিভাগটোৰ চাউল আৰু ঘেঁহু (আটা)ৰ ব্যাপক ক’লা বজাৰৰ সাম্রাজ্যখনৰ কথা তেখেতে জানেনে? দৈনিক বাতৰি ওলায়েই আছে৷ কেন্দ্রীয় চৰকাৰে সর্বসাধাৰণ ৰাইজৰ মাজত ৰন্ধন গেছৰ ব্যৱহাৰৰ ব্যাপক বৃদ্ধি ঘটোৱাৰ ফলত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নীলা কেৰাচিনৰ চাহিদা বহুত হ্রাস হ’ল৷ কিন্তু জনা মতে, অসমত নীলা কেৰাচিনৰ আবণ্টনৰ পৰিমাণ একেই আছে৷ তেন্তে, এই তেলবোৰ ক’লৈ গৈছে? হাটে–বজাৰে, বাটে–পথে নীলা কেৰাচিনৰ ক’লা বজাৰ দেখোন এতিয়াও ৰমৰমীয়া যন্ত্রচালিত যান–বাহনৰ ইন্ধনৰ ডে’পৌ Depot) বিলাকৰ অনেকতে যে পে’ট্রল্ আৰু ডীয্লত কেৰাচিন মিহলোৱাৰ বাতৰি প্রায়েই ওলাই থাকে, সেই বিষয়ে মহোদয়ে বা কি কয়? ৰন্ধন গেছৰ বিতৰণৰ দায়িত্ব ‘‘যোগান বিভাগ’’ৰ নহয় কিন্তু বস্তুটোৰ বিতৰণৰ তদাৰকী কৰা আৰু দুর্নীতি দূৰ কৰাটো বিভাগৰ দায়িত্ব৷ পিচে, গুৱাহাটীকে ধৰি অসমৰ চৌদিশে যে ৰন্ধন গেছৰ (ঘৰুৱা ব্যৱহাৰৰ) গার্হস্থ্য ছিলিণ্ডা(ৰ্), হোটে’ল, ৰে’স্তৰাঁ, ধাবা, ফাস্ত্ ফূড্ কর্ণা(ৰ্), চাট্ হাউস্, লোহাৰ কাৰখানা আদি বাণিজ্যিক প্রতিষ্ঠানত যোগান ধৰাৰ এখন বৃহৎ ক’লা বজাৰ চলি আছে, সেই কথা, তেখেতে মোৰ লগত উচ্চ পদমর্য্যাদাৰ বিভাগীয় বিষয়া দিলে, মই দেখুৱাই (‘‘দেখাই’’ নহয়, বুজিছেনে, বাকচ?) দিব পাৰিম৷ ৰাজহুৱা মন্তব্য দিওঁতে মন্ত্রী প্রৱৰ সাৱধান হোৱা ভাল৷ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ অর্থে মানুহে বেছিকৈ কণী খাবলৈ ধৰা হেতুকে কণীৰ দাম বঢ়া বুলি অমাত্য প্রৱৰে কোৱা কথাষাৰে বহু মানুহক দিনদিয়েক, পেটৰ নাড়ী–ভুৰু ওলাই যায় যেনকৈ হঁহুৱালে৷ হাঁহি স্বাস্থ্যৰ বাবে উপকাৰী ধন্যবাদ৷ কিন্তু মুখখন থাকিল বুলিয়েই মন্ত্রী মহোদয়, আপুনি চতুর্দশ বিধানসভাৰ অধ্যক্ষ থকা কালত ২০১৭ চনৰ আগভাগত লণ্ডনলৈ যাওঁতে, ব্রিটিশ্ মিউযীয়ামৰ তত্ত্বাৱধায়ক (কিউৰেইট(ৰ্) গৰাকীৰ লগত কথা–বতৰা পাতি (কি বা?) উভতি আহি কৈছিলহি যে উক্ত সংগ্রহালয়ত থকা, (আমাসৱৰ গুৰুজনাৰ অতুলনীয় সৃষ্টি) বৃন্দাৱনী বস্ত্রভাগিৰ খণ্ডটি অসমলৈ আনি ৰাইজৰ দর্শনৰ বাবে ব্যৱস্থা কৰা হ’ব৷ আপোনাসৱৰ ভাৱ হ’ল, –ক’ব লাগে কোৱা কথা ক’লোঁ আৰু গ’ল মানুহেনো ক’ত মনত ৰাখিব পিচে, মঞি মূঢ়মতি আকৌ নাচোৰবান্দা৷ এতিয়াও ভাবি আছোঁ ঃ ২০১৭ চনৰ নৱেম্বৰ মাহটো কেতিয়া আহিব বাৰু?
মন্ত্রী মহোদয়, আপোনাৰ বিভাগ সম্পর্কীয় কথাবোৰ মই আপোনাকে প্রথমবাৰ কোৱা নাই৷ মই গ্রাহক সুৰক্ষা সংস্থাৰ সভাপতি হৈ থাকোঁতে, সংস্থাৰ প্রতিনিধি দলে ‘‘যোগান মন্ত্রী’’ ডাঃ অর্ধেন্দু দে’, বিৰাজ শর্মা, দিগেন বৰা, আটাইৰে লগতে এইবোৰ আলোচনা কৰিছিলোঁ৷ মই সংস্থা এৰিবৰ পৰা ১৭ বছৰ গ’ল৷ এতিয়া শুনক৷ বঙাইগাঁও সমষ্টিৰ ৰাইজে ৩৫(X৫) বছৰৰ বাবে প্রতিনিধি কৰি বাছি পঠোৱাৰ পাছত সোণোৱাল মন্ত্রীসভাত ‘‘যোগান মন্ত্রী’’ হোৱাৰ ৪/৫ দিন পাছত ‘‘পৰামর্শ বিচাৰি’’ আমাৰ বাসভৱনলৈ অহা শ্রীযুত ফণীভূষণ চৌধুৰীদেৱক মই, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্রীৰ দুর্নীতি নিয়ন্ত্রণ, উৎপাদন থলীৰ পৰা শাক–পাচলিবোৰ বজাৰলৈ পৰিবহনকাৰী যান–বাহনবোৰৰ লগত হোৱা বিভিন্ন পক্ষৰ লেন–দেন বন্ধ কৰা, চৰকাৰৰ ৰাজ্যিক উপভোক্তা সংৰক্ষণ পৰিষদখন অর্থবহ আৰু শক্তিশালী ৰূপত পুনর্গঠন কৰা আদিৰ উপৰি আৰু ভালেখিনি কথা কৈছিলোঁ৷ কিন্তু একো নকৰিলে ছিণ্ডিকেইট্ চলিয়েই থাকিল৷ মন্ত্রীয়ে বিভাগীয় হাতীমূৰীয়া আৰু যোগান পৰিদর্শকসকলৰ মতে নচলি মূঢ়মতিৰ কথা শুনিবনে? সেইখন বিভিন্ন চৰকাৰী বিষয়াৰে ঠাহ খোৱা৷ বঙাইগাঁও–ৰ অপৰিহার্য, অপ্রতিদ্বন্দ্বী জনপ্রতিনিধি চৌধুৰীক শেহতীয়াকৈ চল্লিশ (X৫) বছৰৰ বাবে বাছি পঠাইছে৷ গণতন্ত্রত ৰাইজেই ৰজা৷ এতেকে, সেই ৰজাই ভাল বোলে যাক পিচে, এইবাৰ নতুন মুখ্য মন্ত্রীয়েহে কি ভাবি জানো, –পূর্বৰ আৰু জনদিয়েক মন্ত্রীৰ দৰে… দাসদেৱ, ইচ্ছা কৰিলে আপুনি আলু বীজখ্যাত, অগভীৰ নলীনাদ খ্যাত, উদেষ্ণা কাণ্ড খ্যাত, ৱল্ৱৌ খ্যাত, কাগজ কল পুনৰুজ্জীৱিতকৰণখ্ মন্ত্রীপ্রৱৰৰ লগত আলোচনা কৰি চাব পাৰে, –শাক–পাচলিসমূহ, উৎপাদন থলীৰ পৰা বজাৰ তথা ৰাইজৰ মাজলৈ পৰিবহনৰ উদ্যোগ সম্ভৱনে?
আকৌ এবাৰ স্বাস্থ্যৰ কথা৷ পূর্বে মুলুকৰ জাতীয়তাবাদী বিদ্যার্থী সংগঠনৰ মূৰব্বী বর্তমান, মুলুকৰ ভুৱা, জাতীয়তাবাদী দলৰ কার্যবাহী সভাপতি, ‘দহ’–ক ‘‘দছ’’ আৰু ‘মথাউৰি’–ক ‘‘মাথাউৰি’’ বোলা খাচ অসমীয়া, নতুন স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই ইতিমধ্যে পূর্বৰ স্বাস্থ্য মন্ত্রী তথা বর্তমান মুখ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ আর্হিত ৰাজ্যৰ ভালেখিনি চিকিৎসালয়, চিকিৎসক আৰু বিভাগীয় ঠিকাদাৰক বহুতো সতর্কবাণী শুনাইছে৷ পিচে, প্রকাশিত বাতৰি মতে, তাৰ ফলাফলহে বৰ আশাপ্রদ নহয়৷ এই কথা বহুজন জ্ঞাত যে নগাঁও আৰু মঙলদৈৰ চৰকাৰী চিকিৎসালয় দুখন, বিভিন্ন দিশত ৰাজ্যৰ বদনামী চিকিৎসালয়বোৰৰ ভিতৰৰ দুখন৷ চিকিৎসালয়বোৰে মুখ্য মন্ত্রীৰ কঠোৰ সতর্কবাণী আৰু নির্দেশ ততালিকে পালন কৰে৷ কিন্তু বর্তমান স্বাস্থ্য মন্ত্রীগৰাকীৰ নির্দেশ পালনত চিকিৎসালয় কর্তৃপক্ষ আৰু ঠিকাদাৰে হেনো গাফিলতিহে প্রদর্শন কৰে৷ তেনেকুৱা হ’লে, মুখ্যমন্ত্রীয়ে প্রতিটো কথাতে কিমান অভিভাৱকত্ব কৰি থাকিব? এই কথা সর্বজনজ্ঞাত যে অ’ত ত’ত দুই–চাৰিখনৰ কথা বাদ দিলে, বাকী আটাই ব্যক্তিগত চিকিৎসালয়, সাধাৰণ ৰাইজক শোষণ, লুণ্ঠন আৰু প্রবঞ্চনা কৰাৰ একো একোটা বিয়াগোম প্রতিষ্ঠানিক যন্ত্র৷ চৰকাৰে আনুষ্ঠানিক ঘোষণা নকৰিলেও, দেশৰ ক’ৱিড্সৃষ্ট বর্তমান পৰিস্থিতি দৰাচলতে এক ৰাষ্ট্রীয় জৰুৰী অৱস্থা৷ বাতৰি ওলাইছিল যে এনে ভয়াৱহ পৰিস্থিতিতো, শিৱসাগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ে, তাত ৯ দিন ‘‘চিকিৎসা’’ লোৱা এজন ৰোগীক দুই লাখ নব্বৈ হাজাৰ টকাৰ এখন আদেয়ক দাখিল কৰে৷ দেশৰ বাতৰি শুনিবনে পাঠক? হেনো, সেই য়ম ৰাজ্যত এসাঁজ নিৰামিষ ভাতৰ দাম এহেজাৰ টকা আৰু এসাঁজ সামিষ ভাতৰ দাম ডেৰ হাজাৰ টকা ৰংপুৰ, ৰংপুৰ, ৰঙে ৰসে ভৰপূৰ সেইবোৰ চিকিৎসালয়ৰ একোসাঁজ নিৰামিষ আৰু একোসাঁজ সামিষ ভোজনৰ গুণগত মানৰ বিতং বিৱৰণ মই দিব পাৰোঁ৷ পিচে, ঠায়ে নাটে৷ প্রথমবিধৰ দাম হ’ব পাৰে খুব বেছি ২৫০ টকা আৰু দ্বিতীয় বিধৰ খুব বেছি ৩৫০ টকা৷ ৰাষ্ট্রযন্ত্রৰ কি একো কর্তব্য নাই? স্বাস্থ্য ৱর্ধন মহন্তই বচন মাতিছে বোলে, এনেবোৰ বিষয়ত চৰকাৰে যথোচিত ব্যৱস্থা ল’ব পিচে, দিন–ডকাইতিৰ সন্মুখীন হোৱা সেই বিশেষ ৰোগীজনক দিয়া আদেয়ক অর্থাৎ ‘‘বিল্’’–খনৰ কি হ’ব? তেখেত আৰু তেখেতৰ পৰিয়ালবর্গ সেই বিলখনত বুৰ নাযায়তো? ‘‘বিৰোধী’’ দলবোৰে কি কাটি থাকে? ব্যক্তিগতভাৱে, মইতো শিক্ষা, স্বাস্থ্য আৰু পৰিবহন সম্পূর্ণ ৰাষ্ট্রায়ত্তকৰণৰ পক্ষত৷
বহুত লিখিলোঁ, সামৰোঁ কিন্তু বহু কথা থাকি গ’ল৷ তথাপি কওঁ, –খাদ্যাদি বস্তুৰ কথা বাদ৷ কিন্তু সাধাৰণতে প্রসাধন সামগ্রী বা উপৰুৱা বা বিলাসী সামগ্রী ৰূপে ধৰা অনেক সামগ্রী প্রকৃততে তেনে নহয়েই৷ স্বাস্থ্য ৰক্ষাৰ বাবে আটাই মানুহে মাখন অকণমান খাব নালাগে নেকি? টূথ্ পেইস্ত্ কেনেকৈ প্রসাধন সামগ্রী হয়? দাঁতৰ সুস্বাস্থ্য সমগ্র শৰীৰটোৰ সুস্বাস্থ্যৰ বাবে গুৰুত্বপূর্ণ হয় নে নহয়? আনকি, ছালৰ যত্ন আৰু সাধাৰণ সৌন্দর্য্য চর্চাৰ বাবে স্নৌ, পাউডা(ৰ্), কৌল্ড ক্রীম্ আদিও অত্যাৱশ্যকীয় নহয়? গা ধোৱা চাবোন, কাপোৰ ধোৱা গুড়ি চাবোন, বাচন ধোৱা চাবোন, শেৱিং Shaving) ক্রীম্, ৰেইয্(ৰ্) ব্লেইড্, আফ্ট্(ৰ্) শেইৱ লৌশ্ন্, শেম্পূ (‘‘শ্বে’’ নহয়), এইবোৰকে ধৰি অন্যান্য অনেক বস্তু আজিকালি আপোনাসৱৰ ঘৰুৱা কাম–বন কৰা ‘‘বাই’’সকলৰ পৰিয়ালতো অত্যাৱশ্যকীয় নহয়নে? আৰু, শিশু খাদ্য, মানে– বেইবি ফূড্? পাঠক, এবাৰ নিজকে সুধি চাওকচোন– যোৱা কিছু বছৰত (মানে, আলু, পিঁয়াজ, সিঙাৰা আদিও বিলাসী সামগ্রী হোৱাৰ পাছত) আপোনাসৱে, মই এইমাত্র উল্লেখ কৰা বস্তুবোৰ এক/ডেৰমাহ আগেয়ে যি দামত কিনে/কিনিছিল, এক/ডেৰমাহ পাছত সেই দামতে পায়নে? ধৰক, মস্কীটৌ ৰিপ’লে’ণ্ট্ ৱেপ’ৰাইযে’ (ৰ্)?