নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ ঠিকাদাৰৰ প্রতিবেদন দাখিল

নলা নিষ্কাশনত জড়িত ৭১ ঠিকাদাৰলৈ জিএমচিৰ জাননী

নিয়মীয়া বাৰ্তা ১১ জুনঃ মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে জি এম চি কর্তৃপক্ষই দিন–ৰাতি একাকাৰ কৰি নলা–নর্দমা নিষ্কাশনৰ কাম কৰি আছে৷ বিভাগীয় মন্ত্রী অশোক সিংঘালৰ নির্দেশত পৌৰ আয়ুক্তই নিতৌ কামৰ বুজ লোৱাৰ পিছত নলা–নর্দমা নিষ্কাশনত কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰে বিগত এমাহত মাত্র ২৫–৩০ শতাংশ কাম সম্পন্ন কৰা বুলি পোহৰলৈ আহে৷

পিছত কামৰ অগ্রগতিত অসন্তুষ্টি প্রকাশ কৰি কালি ৭১গৰাকী ঠিকাদাৰক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰে৷ পৌৰ নিগমৰ জাননী পোৱাত ঠিকাদাৰসকলে উদ্বেগ প্রকাশ কৰি দিনে–নিশাই কাম কৰাৰ পিছতো জাননী প্রেৰণ কৰাত পৌৰ নিগমৰ বিভাগীয় অভিযন্তাৰ প্রতি তীব্র ক্ষোভ প্রকাশ কৰে৷

জি এম চিৰ নির্দেশ মতে আজি প্রায় ৩০গৰাকী ঠিকাদাৰে পৌৰ আয়ুক্তলৈ কামৰ অগ্রগতি সন্দর্ভত লিখিত প্রতিবেদন দাখিল কৰে৷ অৱশ্যে বাকী ৪০গৰাকী ঠিকাদাৰে আজিও প্রতিবেদন দাখিল কৰাৰ পৰা বিৰত আছে৷ উল্লেখ্য যে পৌৰ আয়ুক্তই কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰি তিনি দিনৰ ভিতৰত প্রতিবেদন দাখিলৰ নির্দেশ দিছিল৷

You might also like