নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগছবিৰোধী অভিযান

বলীউডৰ জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত মুম্বাইত নার্ক’টিক বিভাগে চলোৱা অভিযানক বাদ দিলে ভাৰতৰ কোনো এখন ৰাজ্যতে ড্রাগছৰ বিৰুদ্ধে সংগঠিত অভিযান চলোৱাৰ নজিৰ পাবলৈ টান৷ মুম্বাইত অদ্যাপি চলি থকা ড্রাগছবিৰোধী অভিযান মূলতঃ বলীউডকেন্দ্রিক৷ চিনে জগতখনৰ তাৰকাৰ সৈতে থকা ড্রাগছ মাফিয়াৰ সম্পর্কক উদঙাই দিয়া আৰু সকলো পক্ষক আইনৰ কাঠগৰালৈ অনাৰ বাবেহে মূলতঃ অভিযানটো চলি আছে৷ ইয়াৰ বিপৰীতে শেহতীয়াকৈ অসমত যিটো হাৰত ড্রাগছৰ বিৰুদ্ধে চৰকাৰে অভিযান চলাই আছে, ই এক কথাত অনন্য৷ দেশৰ কোনো অংশৰ সৈতে এই অভিযানৰ তুলনা নহয়৷ এই অভিযান অসমক ড্রাগছ তথা নিচামুক্ত কৰি ৰখাৰ অভিযান৷ অভিযানটোৰ জৰিয়তে ৰাজ্যখনৰ পৰা ড্রাগছসহ বিভিন্ন নিচাজাতীয় সামগ্রীৰ বেহা–সৰবৰাহ সম্পূর্ণ ৰূপে নাইকিয়া কৰাৰ প্রয়াস চলোৱা হৈছে৷ অভিযানটোত কোনো কোনো অংশত চৰকাৰে জনসাধাৰণৰো সহযোগিতা লাভ কৰিছে৷ ৰাইজে নিজেই উদ্যোগ লৈ ড্রাগছ ব্যৱসায়ী,সৰবৰাহকাৰী তথা সেৱনকাৰীক ধৰি আৰক্ষীক গতাই দিছে৷ ভাৰতৰ আন ৰাজ্যত ড্রাগছৰ বিৰুদ্ধে চৰকাৰী অভিযানত জনগণৰ এনে ধৰণৰ অংশগ্রহণ পাবলৈ নাই৷ চৰকাৰে যদি অভিযানটোক অধিক সংঘবদ্ধ কৰে আৰু জনসাধাৰণক ইয়াৰ সৈতে সঠিকভাৱে সংযুক্ত কৰি ল’ব পাৰে, অসমত ড্রাগছ আৰু নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে যুদ্ধখন অধিক ফলপ্রসূ আৰু সুদূৰপ্রসাৰী হৈ পৰিব৷ এইক্ষেত্রত চৰকাৰী যন্ত্রটোৱে চিন্তা কৰাৰ প্রয়োজন আছে৷ জনগণৰ প্রত্যক্ষ অংশগ্রহণে যিকোনো অন্যায়–শুভ শক্তিবিৰোধী অভিযানক সদায়েই নতুন মাত্রা দিয়ে৷ সকলোৱে এইটো ভালদৰে জানে যে ড্রাগছ বা অন্যান্য নিচাযুক্ত সামগ্রীৰ চোৰাং ব্যৱসায়ীজন এইখন সমাজৰে অংশ৷ তেনে সামগ্রীৰ সৰবৰাহ কৰোঁতা আৰু সেৱনকাৰীজনো সমাজখনৰে অংগ৷ তেওঁলোকৰ পৰিয়াল আৰু আশে–পাশে থকা লোকসকলৰ অনেকেই ড্রাগছ সেৱনকাৰীসকলৰ বিষয়ে জানে৷ ড্রাগছক লৈ পৰিয়ালে পৰিয়ালে উদ্ভৱ হোৱা অপ্রীতিকৰ পৰিস্থিতিৰো বহু লোক সাক্ষী৷ একেদৰে ড্রাগছ আৰু নিচাজাতীয় সামগ্রীৰ ব্যৱসায়ী আৰু সৰবৰাহাৰীকো সমাজৰ সকলোৱে নহ’লেও কিছু কিছু লোকে জানে৷ এতিয়া আৱশ্যক ড্রাগছ আৰু টেবলেটকে ধৰি নিচাযুক্ত সামগ্রীয়ে এখন সমাজ আৰু দেশক কিদৰে পংগু কৰি তোলে, সেই বিষয়ে জনজাগৰণৰ সৃষ্টি কৰা৷ চৰকাৰে ৰাজ্যখনত চলাই থকা ড্রাগছবিৰোধী অভিযানটোত এই দিশটো ৰিক্ত হৈ আছে৷ জনগণৰ সহায়–সহযোগিতাক এনে ধৰণৰ সুদূৰপ্রসাৰী প্রভাৱ পেলাব পৰা অভিযানৰ পৰা নিলগাই ৰখাটো সমীচীন নহয়৷ শেহতীয়াকৈ অসম আৰক্ষীক গতিশীল কৰিবলৈ ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপ, ড্রাগছৰ বিৰুদ্ধে সর্বাত্মক অভিযানত গুৰুত্ব দিয়া বাবে এইখিনি কথা ৰাজ্যখনৰ কোনো কোনো মহলত চর্চা হৈছে৷
অসম আৰক্ষীক শক্তিশালী, গতিশীল আৰু জনসাধাৰণৰ সেৱাত উৎসর্গিত মনোভাবেৰে গঢ় দিয়াটো সময়ৰ দাবী৷ ইয়ে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা অধিক নিশ্চিত কৰিব৷ লগতে অপশক্তিৰ জগতখনত হাহাকাৰৰ সৃষ্টি কৰিব৷ এইখন চৰকাৰৰ পূর্বৰ কালছোৱাত মৈত্রী আঁচনিৰ জৰিয়তে কেইবাখনো থানাৰ আন্তঃগাঁথনি উন্নত কৰা হৈছে৷ নিযুক্তিৰ ক্ষেত্রতো কিছু পদক্ষেপ লোৱা হৈছে৷ কিন্তু যিমানখিনি কৰিব লগা আছিল বা প্রয়োজন আছিল, তাৰে যৎসামান্যহে কৰা হ’ল৷ বহু বাকী থাকি গ’ল৷ আজিও অসমত বহু থানা আৰু আৰক্ষী চকী আছে, যিবোৰ বানত এবুকু তললৈ বুৰ গৈ থাকে৷ আনকি কৃত্রিম বানতো বুৰ যোৱা থানা–আৰক্ষী চকী আৰু আৰক্ষী নিৱেশ এইখন ৰাজ্যত কম নাই৷ এনে দুর্দশাগ্রস্ত অৱস্থাৰ মাজত থাকি প্রকৃতার্থত কর্তব্য সম্পাদন কৰাটো কঠিন আৰু প্রত্যাহ্বানমূলক৷ তদুপৰি, সময়ৰ সলনিৰ লগে লগে অপৰাধৰ কৌশলো সলনি হৈ গৈ আছে৷ এইক্ষেত্রত আৰক্ষীৰ উত্তৰণ ঘটোৱা হোৱা নাই৷ চাইবাৰ অপৰাধ, সন্ত্রাসবাদী কার্যকলাপ, ড্রাগছ–নিচাজাতীয় সামগ্রীৰ অবৈধ বেহা আদিয়ে কৌশল সলাই ব্যৱসায়িক সাম্রাজ্য চলাই থাকে৷ ইয়াৰ উপৰি ৰাজ্যখনত ইছলামিক সন্ত্রাসবাদ দিনে দিনে বাঢ়িবলৈ লৈছে৷ এইবোৰৰ সৈতে যুঁজিবলৈ এটা শক্তিশালী আৰক্ষী বাহিনী লাগে৷ ড্রাগছৰ বিৰুদ্ধে যুঁজাৰ বাবে এটা বিশেষ বাহিনীৰ দৰকাৰ৷ অনুৰূপ ধৰণে সন্ত্রাসবাদীৰে মোকাবিলা কৰাত আৰক্ষীক বিশেষ প্রশিক্ষণ, অস্ত্র–শস্ত্র আৰু বিশেষ ধৰণৰ মানসিক শক্তিৰ অধিকাৰী হিচাপে গঢ়ি তোলা দৰকাৰ৷ পথেৰে কেইটুকুৰামান চোৰাং কাঠ লৈ ঠেলাৱালা এটাক ধৰি এশ টকা সৰকোৱা আৰক্ষীৰ দ্বাৰা তেনে কাম সম্ভৱ নহয়৷ যিয়েই নহওক, অসম আৰক্ষীক গতিশীল কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা উদ্যোগৰ সুফল ৰাজ্যখনে খুব কম সময়ৰ ভিতৰত পাব বুলি আশা কৰিব পাৰি৷ মূল কথাটো হৈছে প্রজাৰ সম্পত্তি আৰু জীৱন ৰক্ষা কৰাটো ৰজাৰ প্রধান ধর্ম৷ গণতান্ত্রিক শাসন ব্যৱস্থাত ৰজা–প্রজাৰ ধাৰণা অমূলক যদিও কথাৰ সাৰমর্ম কিন্তু একেই আছে৷ মুখ্যমন্ত্রীগৰাকীয়ে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিক সুৰক্ষা দিবই লাগিব৷ ইয়াৰ বাবে তেওঁৰ হাতত থকা প্রধান অস্ত্রপাটেই হৈছে আৰক্ষী৷ গতিকে আৰক্ষীক সক্ষম আৰু সামর্থ্যৱান কৰি তোলাৰ বাবে তেওঁ যি প্রয়াস হাতত লৈছে, সিয়ে জনগণৰ স্বার্থ সুৰক্ষিত কৰিব৷ এইক্ষেত্রত জনসাধাৰণকো সম্ভৱপৰ ক্ষেত্রত অংশীদাৰ কৰিব পাৰি৷ যেনে, ড্রাগছবিৰোধী অভিযানটো৷

You might also like