নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাকতি ফৰিঙৰ তাণ্ডৱ

ছাহাৰাৰ উপকণ্ঠীয় কেইবাখনো দেশৰ লগতে সমগ্র মধ্যপ্রাচ্য আৰু এছিয়াৰ কেইবাখনো দেশত ঘাতক ক’ভিড–১৯ৰ সমান্তৰালকৈ আৰম্ভ হৈছে কাকতি ফৰিঙৰ উপদ্রৱ৷ ফৰিঙৰ এই উপদ্রৱৰ বাবেই কেইবাখনো দেশৰ অর্থনীতিলৈ নামি আহিছে ভাবুকি৷ পূব আফ্রিকাৰ বহু দেশত ইতিমধ্যে অত্যধিক হাৰত বৃদ্ধি পোৱা ফৰিঙে কৃষিক্ষেত্রৰ বিস্তৰ ক্ষতি কৰিছে৷ কেনিয়া, ছোমালিয়া, ইথি’পিয়া আদি কেইবাখনো দেশত শ শ কোটি ফৰিঙে শস্যক্ষেত্র খাই তহিলং কৰাৰ ফলত এই দেশবোৰত দুর্ভিক্ষৰ আশংকা ঘনীভূত হৈছে৷ সমান্তৰালভাৱে মধ্যপ্রাচ্যৰ কেইবাখনো দেশ এতিয়া ফৰিঙৰ উপদ্রৱৰ বাবেই সংকটত পৰিছে৷ আনকি ভাৰতৰো কেইবাখনো ৰাজ্যত ফৰিঙে সৃষ্টি কৰিছে সংহাৰ৷ লাখ, কোটি নহয় শ শ কোটি ফৰিঙে পথাৰবোৰ মুহূর্ততে ধ্বংস কৰি পেলাইছে৷ বহু শস্য শ্যামলা পথাৰ নিমিষতে ফৰিঙে তহিলং কৰাৰ ফলত কৃষক গঞাৰ সন্মুখত সৃষ্টি হৈছে নতুন আতংক৷ অকল সেয়াই নহয়, প্রকাণ্ড প্রকাণ্ড গছবোৰৰ ফল আৰু পাত নিমিষতে ভক্ষণ কৰিছে ফৰিঙে৷ আফ্রিকা, মধ্যপ্রাচ্যত ফৰিঙৰ এই ধ্বংসকার্য অব্যাহত থকাৰ সময়তে পাকিস্তানে ইয়াৰ মোকাবিলা কৰিবলৈ দেশখনত জৰুৰী অৱস্থা জাৰি কৰিবলগীয়া হৈছে৷ আনকি ইমৰান খানৰ মন্ত্রী পৰিষদে ফৰিং নিধনৰ বাবে নতুন আইন প্রণয়ন কৰিছে৷ দেশখনৰ পৰা যাতে ফৰিং নিঃশেষ কৰিব পৰা যায় তাৰ বাবে ইমৰান খানে কৃষকসকলৰ সন্মুখত ৰাখিছে অভিলাষী আঁচনি৷ এই আঁচনি অনুসৰি ফৰিং বধ কৰি কুকুৰা পামবোৰত বিক্রী কৰিলে কৃষকসকলক নগদ ধনেৰে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে ইমৰান খানে৷ ভাৰতৰ ৰাজস্থান, উত্তৰপ্রদেশ, মধ্যপ্রদেশ, মহাৰাষ্ট্র আদিত ইতিমধ্যে কাকতি ফৰিঙে দেখুৱাইছে নিজৰ দুর্দমনীয় শক্তি৷ বিভিন্ন ধৰণৰ কীটনাশক দৰব ছটিয়াইও ফৰিঙৰ মুখৰ পৰা ৰক্ষা কৰিব পৰা নাই শস্য ক্ষেত্র৷ আনকি এই চাৰিখন ৰাজ্যত এইবাৰ আমৰ উৎপাদনৰ ক্ষেত্রত পচণ্ড বাধাৰ সৃষ্টি কৰিছে ফৰিঙে৷ এনে পৰিস্থিতিত এফালে ক’ভিড–১৯ মহামাৰী আৰু আনফালে ফৰিং হৈ পৰিছে সমগ্র পৃথিৱীৰ বাবে তীব্র প্রত্যাহ্বান৷ ক’ভিড–১৯ মহামাৰীয়ে ইতিমধ্যে বিশ্ব অর্থনীতিলৈ অমানিশা নমাই আনিছে৷ সমান্তৰালকৈ ফৰিঙে বিশ্বৰ কৃষি অর্থনীতিলৈ কঢ়িয়াই আনিছে ভাবুকি৷
ফৰিঙৰ এই উপদ্রৱৰ কাৰণ কি? হঠাতে শ শ কোটি ফৰিঙৰ জন্ম কেনেদৰে সম্ভৱ হ’ল? মূল কথাটোৱেই হৈছে মধ্যপ্রাচ্য আৰু আফ্রিকাৰ দেশসমূহত বিগত বর্ষটোত জলবায়ু আছিল সেমেকা৷ আনকি চলিত বর্ষৰ বসন্ত কালত অভাৱনীয় বৃষ্টিপাতৰ ফলত ফৰিঙৰ প্রজনন পূর্বৰ তুলনাত কেইবাগুণো বৃদ্ধি পায়৷ যাৰ ফলত কোটি কোটি ফৰিঙে প্রকৃতিৰ বুকুত খাদ্যৰ সন্ধানত আৰম্ভ কৰিছে অভিযান৷ অৰণ্য অঞ্চলৰ গছ–বিৰিখেই ফৰিঙৰ একমাত্র খাদ্য নহয়৷ বিভিন্ন দেশৰ কৃষকসকলে পথাৰত ৰোপণ কৰা ধান, ঘেঁহু তথা অন্যান্য শস্য হৈছে ফৰিঙৰ উৎকৃষ্ট খাদ্য৷ গতিকে এই খাদ্যৰ সন্ধানতে ধুমুহাৰ গতিত ফৰিঙে এখন দেশৰ পৰা আন এখন দেশলৈ যাত্রা কৰিছে৷ য’তেই ফৰিঙৰ উপদ্রৱ আৰম্ভ হৈছে তাতেই পথাৰবোৰত সৃষ্টি হৈছে লাওলোৱা অৱস্থা৷ নিমিষতে পথাৰ লাখ লাখ ফৰিঙে খাই নিঃশেষ কৰিছে৷ এনে নিঃশেষ হোৱা পথাৰবোৰ পুনৰ খেতিৰে নদন–বদন কৰি তোলাটো দুখীয়া কৃষকসকলৰ বাবে সম্ভৱ হোৱা নাই৷ নাইবা পথাৰত ফৰিং আহি পৰাৰ সময়ত ইয়াক ধ্বংস কৰিবলৈ কীটনাশক দৰব পর্যাপ্ত পৰিমাণে ছটিয়াবলৈ সক্ষম হোৱা নাই কৃষকসকল৷ এইক্ষেত্রত কেইবাখনো দেশৰ চৰকাৰে কৃষকসকলক পর্যাপ্ত সহায় আগবঢ়াবলৈও সক্ষম হোৱা নাই৷ গতিকে ফৰিং হৈ পৰিছে চলিত বর্ষটোত বহু দেশৰ কৃষি ক্ষেত্রৰ ঘাতক৷ এই ঘাতকে ইতিমধ্যে বহু পথাৰ উছন কৰিছে৷ বহু পথাৰ খাই তহিলং কৰিছে৷ গতিকে ৰাষ্ট্রসংঘৰ কৃষি আৰু খাদ্য সংস্থাই আশংকা প্রকাশ কৰিছে যে আফ্রিকা, মধ্যপ্রাচ্য আৰু ভাৰত–পাকিস্তানকে ধৰি এছিয়াৰ বিভিন্ন দেশত এইবাৰ চৰম দুর্ভিক্ষই দেখা দিব৷ সঁচাকৈয়ে চলিত বর্ষটো মানৱ জাতিৰ বাবে ভয়াৱহ হিচাপে চিহ্ণিত হৈছে৷ এফালে ক’ভিড–১৯ মহামাৰীৰ নৰসংহাৰ, আনফালে কাকতি–ফৰিঙৰ তাণ্ডৱ৷ এই ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আন্তর্জাতিক সম্প্রদায়ে দুয়োটা বিষয়তে সমানে গুৰুত্ব প্রদান নকৰিলে ভৱিষ্যত দিনত পৃথিৱীৰ মানৱ জাতি অধিক সংকটৰ সন্মুখীন হ’ব যে সেয়া নিশ্চিত৷

You might also like