নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি কি ঘটনা সংঘটিত হৈছিল ২০১৯ চনত?

নিয়মীয়া বাৰ্তা ২৭ডিচেম্বৰঃ পুৰণি বছৰ বিদায় সমাগত। পুলৱামাৰ আক্ৰমণৰ পৰা শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বিতৰ্কৰ দৰে কেইবাটাও ঘটনা চলিত বৰ্ষতে সংঘটিত হয়। থোৰতে কেইটামান উল্লেখনীয় ঘটনাঃ

১.পুলৱামা আক্ৰমণঃ  চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰী দিনাখন জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে চি আৰ পি এফ জোৱানৰ ওপৰত আত্মঘাটী আক্ৰমণ চলায়। এই আক্ৰমণত ৪০ জন চি আৰ পি এফ জোৱান ছহিদ হৈছিল। পাকিস্তান সৰ্মথিত সন্ত্ৰাসবাদীয়ে চি আৰ পি এফ জোৱানৰ ওপৰত আক্ৰমণ চলাইছিল।

২.বিজেপি২ঃ  বিজেপি দ্বিতীয়বাৰৰ শাসনৰ গাদীতঃ চলিত বৰ্ষত হোৱা দেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত বিজেপি দলে দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত বহিবলৈ সক্ষম হয়। ভাৰতৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে কোনো এটা অকংগ্ৰেছী দল শাসনত অহাটো এইটোৱেই প্ৰথম ঘটনা। বিজেপিয়ে অকলে ৩০৩ খন আসন পাবলৈ সক্ষম হয়।

২. চন্দ্ৰযান ২– ভাৰতীয় বিজ্ঞানী সকলে চন্দ্ৰযান ২ বিফল হলেও কিন্তু এই অভিযান ৯৯.৫% শতাংশ সফল বুলি দাবী কৰে ভাৰতীয় বিজ্ঞানীসকলে।

 

 

 

৩.ধাৰা ৩৭০ প্ৰত্যাহাৰঃ দেশ স্বাধীন হোৱা ৭০ বছৰৰ পিচত জম্মু আৰু কাশ্মীৰত ভাৰতীয় আইন ব্যৱস্থা প্ৰচলন কৰা হয়। জম্মু আৰু কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰা হয়।

 

 

 

 

৪.অভিনন্দনঃ বালাকোট এয়াৰ ষ্ট্ৰাইকৰ নায়ক উইংগ কামাণ্ডাৰ অভিনন্দন বৰ্ধমান ৫৮ ঘণ্টাৰ ভিতৰত পাকিস্তানে গ্ৰেপ্তাৰ কৰাৰ পিচত ভাৰতক গতাই দিবলৈ সক্ষম হয়। ভাৰতৰ বাঘা সীমান্তইদি অভিনন্দনক বীৰৰ দৰে আদৰণি জনায় জনতাই। উল্লেখ্য অভিনন্দনে পাকিস্তানৰ বায়ুসেনাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ এফ-১৬ যুঁজাৰু বিমান বিমান ধ্বংশ কৰে। মনকৰিবলগীয়া এই যে পুলৱামাৰ আক্ৰমণত ৪০ জন জোৱান নিহত হোৱাৰ পিচত ভাৰতীয় বায়ুসেনাই ২৬ ফ্ৰেব্ৰুৱাৰাীত বালাকোটত সন্ত্ৰাসবাদীৰ ঠিকনাত এয়াৰ ষ্ট্ৰাইক চলায়।

৫.আযোধ্যা বিবাদঃ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৪৯১ বৰ্ষৰ অযোধ্যা বিবাদৰ ওপৰত ৰায় দান কৰে। ন্যায়ালয়ে বিবাদিত ২.৭৭ একৰ ভূমি ৰামলালা বিৰাজমানক চমজাই দিবলৈ নিৰ্দেশ দিয়ে। লগতে ন্যায়ালয়ে চৰকাৰক মন্দিৰ নিৰ্মাণ কৰিবলৈ ৩ মাহৰ ভিতৰত ট্ৰাষ্ট গঠন কৰিবলৈও নিৰ্দেশ দিয়ে। আনহাতে মচজিদৰ বাবে অয্যোধাতে ৫ একৰ ভূমি প্ৰদান কৰিবলৈ ৰায় প্ৰদান কৰে। লগতে ন্যায়ালয়ে কয় যে বিচাৰত কোনো আধ্যাত্মিক ভাৱনাৰ লগত জড়িত নহৈ তথ্যৰ ওপৰত ৰায় প্ৰদান কৰা হৈছে।

.তিনিতালাকঃ ভাৰতীয় দুই সদনে তিনি তালক প্ৰথা বিলুপ্তি ঘটাবলৈ তিনি তালাক বিলখন মঞ্জুৰ কৰে। ইয়াৰ পিচতেই ৰাষ্ট্ৰপতিয়ে এই বিলখনক চহী কৰি আইনলৈ ৰূপান্তৰ হয়। দেশত এতিয়া তিনি তালাক নিষিদ্ধ। তিনিতালক বিলখন প্ৰথমে ২৫ জুলাইত লোকসভাত আৰু ৩০ জুলাইত ৰাজ্যসভাত গৃহীত গৈছিল।

 

৭.চি বি আই বনাম মমতা বেনাৰ্জীঃ চিবিআইয়ে ৪০ জনীয়া দল এটাই চিটফাণ্ড কেলেংকাৰীত আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক সোধপোছ কৰিবলৈ কলকাতাত উপস্থিত হৈছিল। যাৰপৰিপেক্ষিতত কলকাতা আৰক্ষীয়ে চি বি আইৰ দলৰ ৫ জনসদস্যক আটক কৰে। যাৰ পৰিপেক্ষিতত কেন্দ্ৰই কলকাতাত চি আৰ পি এফ জোৱানক নিয়োগ কৰে। ইয়াৰ বিৰোধিতাত মমতা বেনাৰ্জীয়ে ধৰ্ণাত বহিছিল।

৮.নাগৰিকত্ব সংশোধনী বিধেয়কঃ শেহতীয়া চৰকাৰে নাগৰিকত্ব বিধেয়ক খন আইনলৈ প্ৰণয়ন কৰাত দেশব্যাপি তীব্ৰ আনন্দোলন তথা বিৰোধ প্ৰদৰ্শন দেখা দিছে। সংশোধিত নাগৰকিকত্ব আইন অনুসৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তানত ধৰ্মত প্ৰতাড়িত হিন্দু লোকক সকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰা হব। উল্লেখ্য যে এই আইনত মুছলমান ধৰ্ম উল্লেখ নাই কাৰণে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

You might also like