নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰৰ ভিতৰত খোজকঢ়া

   স্বাস্থ্য ৰক্ষাৰ প্রয়োজনত মই সপ্তাহত পাঁচ দিন খোজকাঢোঁ ৷ বতৰ বেয়া হ’লে বা শৰীৰ অসুস্থ হ’লে কেতিয়াবা তাৰ ব্যতিক্রম হয়৷ কোনো কোনো চিনাকি মানুহে মোক লগ পালে সোধে– ‘আপুনি আজিকালি খোজকাঢ়িবলৈ এৰিলে নেকি? আপোনাক বাটে–পথে খোজকাঢ়ি থকা অৱস্থাত বহুত দিন দেখা নাই৷’
মই যেতিয়া তেওঁলোকক কওঁ যে মই আজিকালি ঘৰৰ চাৰিবেৰৰ ভিতৰতে খোজকাঢোঁ বা কাঢ়িবলৈ বাধ্য হৈছোঁ, তেতিয়া তেওঁলোকৰ মুখত ঈষৎ বিস্ময়ৰ ভাব ফুটি উঠে৷ বিস্মিত আৰু সপ্রশ্ন দৃষ্টিৰে তেওঁলোকে নীৰৱে মোৰ মুখলৈ চাই ৰয়৷ তেওঁলোকৰ প্রশ্ণৰ উত্তৰত মই কওঁ– ‘মই আজিকালি আলিবাটত খোজ নাকাঢোঁ, তাৰ কাৰণ ঘাইকৈ দুটা৷ প্রথম, গুৱাহাটীৰ প্রত্যেকটো আলিবাটত যান–বাহনৰ দৌৰাত্ম্য ইমান বেছি যে মোৰ নিচিনা বয়সস্থ মানুহৰ কাৰণে ৰাস্তাত খোজকঢ়াটো অকণো নিৰাপদ নহয়৷ তদুপৰি পদে পদে বাধাগ্রস্ত হৈ খোজকাঢ়িব লগা হ’লে খোজকঢ়াৰ আনন্দই নষ্ট হয়৷ দ্বিতীয়তে গুৱাহাটীৰ বেছিভাগ ৰাস্তাৰ দুই কাষৰ নর্দমা আৰু আৱর্জনাৰ স্তূপৰ উৎকট দুর্গন্ধই মোৰ শৰীৰত এলার্জিৰ সৃষ্টি কৰে৷ এই দুয়োটা কাৰণতে মই ঘৰৰ বাহিৰত খোজকাঢ়িবলৈ এৰি ঘৰৰ ভিতৰতে খোজকাঢ়িবলৈ অভ্যাস কৰিছোঁ৷ অৱশ্যে ঘৰৰ ভিতৰত খোজকাঢ়িলেও মোৰ খোজকঢ়াৰ গতিবেগ আৰু খোজকঢ়াৰ সময় অকণো সলনি হোৱা নাই৷’
ইমানখিনি কোৱাৰ পিছত ঘৰৰ ভিতৰত খোজকঢ়াৰ এই ধাৰণাটো মই ক’ৰ পৰা কেনেকৈ পালোঁ সেই কথাটো কোৱাও বোধহয় উচিত হ’ব৷ ১৯৬৮ আৰু ১৯৭০ চনৰ মাজৰ কোনোবা এটা সময়ত মই এখন কিতাপ পঢ়িবলৈ পাইছিলোঁ৷ কিতাপখনৰ নাম আছিলBrighter than a Thousand Suns৷ লেখকজনৰ নাম ৰ’বার্ট য়ুংক Robert Junk)৷ কিতাপখনৰ উপনাম আছিলThe personal, Moral and Political History of the Atomic Scientists৷ এই উপনামটো উল্লেখ কৰাৰ পিছত কিতাপখনৰ বিষয়বস্তু সম্পর্কে বোধহয় আন একো কথা নক’লেও হ’ব৷ ই আছিল পৃথিৱীৰ প্রথমটো আণৱিক বোমা নির্মাণৰ লগত জড়িত বিজ্ঞানীসকলৰ জীৱন কাহিনী৷ কিতাপখন মই আৱিষ্কাৰ কৰিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিতৰ কৃতবিদ্য অধ্যাপক স্বর্গীয় ড০ বিনয় কুমাৰ তামুলীৰ ব্যক্তিগত পুথিভঁৰালত৷ ড০ তামুলীৰ ব্যক্তিগত পুথিভঁৰালত যিবোৰ অতি মূল্যৱান কিতাপ মই পঢ়িবলৈ পাইছিলোঁ, সেইবোৰৰ ভিতৰত আন দুখন স্মৰণযোগ্য কিতাপ হ’লLives of Mathematicians আৰুThe Mind in the Making৷ এই দুয়োখন কিতাপেও মোৰ চিন্তাৰ ওপৰত গভীৰ প্রভাৱ পেলাইছে৷ অৱশ্যে আজি মোৰ আলোচ্য কিতাপখন হ’লBrighter Than A Thousand Suns৷ কিতাপখনত বর্ণিত বিজ্ঞানীসকলৰ উপন্যাসোপম জীৱন কাহিনীয়ে মোক এনেকৈ মুগ্ধ কৰিছিল যে মই উৰাই–ঘূৰাই কিতাপখন তিনিবাৰ পঢ়িছিলোঁ৷ অৱশ্যে বিভিন্ন সময়ত৷ কিতাপখনত যিসকল বিজ্ঞানীৰ জীৱন কাহিনী বর্ণনা কৰা হৈছে, তেওঁলোকৰ ভিতৰত মোৰ মনত আটাইতকৈ বেছিকৈ ৰেখাপাত কৰিছিল ৰ’বার্ট অ’পেন হাইমাৰে৷ তেওঁ আছিল আণৱিক বোমা নির্মাণৰ কাৰণে স্থাপন কৰা প্রকল্পটোৰ সঞ্চালক আৰু স্বাভাৱিকতেই কিতাপখনৰো প্রধান নায়ক৷ তেওঁ আছিল বিশ্ববিখ্যাত পদার্থ বিজ্ঞানী আৰু লগতে সংস্কৃত ভাষা–সাহিত্যৰ অগাধ পণ্ডিত৷ বহুত বছৰৰ আগতে মই তেওঁৰ বিষয়ে এটা সৰু প্রবন্ধও লিখিছিলোঁ৷ ১৯৪৪ চনত লছ আলামছত যেতিয়া প্রথমটো আণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটোৱা হ’ল, তেতিয়া তাত উপস্থিত আছিল লছ আলমছ গৱেষণাগাৰৰ সঞ্চালক ৰবার্ট অ’পেন হাইমাৰ৷ সেই কল্পনাতীত বিৰাট বিস্ফোৰণ দেখি অ’পেন হাইমাৰৰ মুখৰ পৰা আপোনা আপুনি ওলাই আহিছিল গীতাৰ এই বিখ্যাত শ্লোক ঃ
দিবি সূর্যসহস্রস্য ভবেদ্যুগপদুত্থিতা৷
যদি ভাঃ সদৃশী সা স্যাদ্ভাসস্তস্য মহাত্মনঃ৷৷
অর্থাৎ আকাশত যদি একেলগে এক হাজাৰ সূর্যৰ কিৰণে দেখা দিয়ে, তেন্তে ঠিক তাৰ নিচিনাই হ’ব পাৰে সেই মহাপুৰুষৰ দীপ্তি৷ ৰবার্ট য়ুংকে তেওঁৰ কিতাপখনৰ নামটো–Brighter Than A Thousand Suns লৈছে অ’পেন হাইমাৰৰ মুখত স্বতঃস্ফূর্তভাৱে উচ্চাৰিত হোৱা গীতাৰ এই শ্লোকটোৰ পৰা৷
পাঠকসকলৰ মনত প্রশ্ণ হ’ব পাৰে– মই দেখোন ঘৰৰ ভিতৰত খোজকঢ়াৰ কথা ক’বলৈ আৰম্ভ কৰি একেকোবে উপস্থিত হ’লোঁগৈ পৃথিৱীৰ প্রথমটো আণৱিক বোমা নির্মাণ কৰা গৱেষণাগাৰত৷ অৱশ্যে সেই কাহিনী ইমানতে এৰি থৈ মই আকৌ ঘূৰি আহিম ঘৰৰ ভিতৰত খোজকঢ়াৰ কাহিনীটো ক’বলৈ৷
হিটলাৰৰ জার্মানীক সম্পূর্ণৰূপে পৰাস্ত কৰি আমেৰিকান সেনাবাহিনীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণি পেলোৱাৰ পিছত তেওঁলোকৰ দৃষ্টি প্রথম গ’ল জার্মান আণৱিক বিজ্ঞানীসকললৈ৷ যুদ্ধ চলি থাকোঁতেই এটা উৰাবাতৰি প্রচাৰিত হৈছিল যে জার্মান বিজ্ঞানীসকলে আণৱিক বোমা নির্মাণ কৰি আছে আৰু নির্মাণ সমাপ্ত হ’লেই সেই বোমা প্রয়োগ কৰা হ’ব মিত্র শক্তিৰ বিৰুদ্ধে৷ সেইকাৰণেহে আমেৰিকাই খুব লৰালৰিকৈ আণৱিক বোমা নির্মাণ কৰিছিল আৰু সেই বোমা নিক্ষেপ কৰা হৈছিল জাপানৰ হিৰোছিমা আৰু নাগাছাকি চহৰৰ ওপৰত৷ সেই ইতিহাস এতিয়া সর্বজনবিদিত৷ অৱশ্যে যথাসময়ত এই কথা প্রমাণিত হৈছিল যে আণৱিক বোমা নির্মাণ কৰাৰ কোনো প্রস্তুতি আৰু সামর্থ্য জার্মানীৰ নাছিল৷ সি যি কি নহওক, জার্মানী অধিকাৰ কৰিয়ে আমেৰিকান সেনাবাহিনীয়ে সর্বপ্রথমে বন্দী কৰিলে জার্মান পদার্থ বিজ্ঞানীসকলক৷ তাৰ উদ্দেশ্যটো ব্যাখ্যা কৰাৰ কোনো প্রয়োজন বোধহয় নাই৷ জার্মান বিজ্ঞানীসকলক বন্দী কৰাৰ পিছত তেওঁলোকক ৰখা হৈছিল ১২ ফুট দীঘল, ১২ ফুট বহল একো একোটা সৰু কোঠালীত, আৰু কোনো অজুহাততে তেওঁলোকক ঘৰৰ পৰা বাহিৰ ওলাবলৈ অনুমতি দিয়া নহৈছিল৷ জার্মান বিজ্ঞানীসকল সুদীর্ঘ দুটা বছৰ এনেকৈ গৃহবন্দী হৈ আছিল৷ স্বাস্থ্য ৰক্ষাৰ প্রয়োজনত তেওঁলোকে অনন্যোপায় হৈ ১২ ফুট দীঘল ১২ ফুট বহল সৰু কোঠাবোৰতে সজোৰে খোজকাঢ়িবলৈ আৰম্ভ কৰিলে৷ এনেকৈ ঘৰৰ ভিতৰত খোজকাঢ়িয়েই তেওঁলোকে নিজৰ স্বাস্থ্য ৰক্ষা কৰিলে৷
এই ঘটনাৰ বহু বছৰৰ পিছত মোৰ যেতিয়া গুৱাহাটীৰ আলিবাটত খোজকঢ়াৰ সমস্যা আৰম্ভ হ’ল, তেতিয়া হঠাৎ এদিন মোৰ মনত পৰিলBrighter Than a Thousand Suns নামৰ কিতাপখনলৈ৷ জার্মান বিজ্ঞানীসকলক অনুকৰণ কৰি ময়ো ঘৰৰ ভিতৰতে খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ মুকলি বতাহত খোজকাঢ়িলে যিমানখিনি আনন্দ আৰু উপকাৰ পোৱা যায়, ঘৰৰ ভিতৰত খোজকাঢ়িলে তাৰ পৰিমাণ স্বাভাৱিকতেই কিছু হ্রাস পায়৷ কিন্তু যিখিনি বাকী থাকে সেইখিনিয়েই স্বাস্থ্য ৰক্ষাৰ কাৰণে যথেষ্ট৷

You might also like