জাতি মাটি ৰক্ষাৰ এই মৰণপণ যুঁজত সন্মুখত থাকি যুদ্ধ কৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰস্তুত আছো
চৰ অঞ্চলত কৃষি কৰ্মৰ জৰিয়তে সংস্থাপিত হোৱাৰ লগতে সেউজ জামুগুৰি চতিয়া নিৰ্মাণৰ সপোন দেখাটোৱেই অপৰাধ হ’ল এই সকল নিবনুৱা যুৱকৰ । অসমৰ চৰ অঞ্চল সমূহক নিজৰ পৈতৃক সম্পত্তি ৰূপে গণ্য কৰা অবৈধ দখলদাৰী বাহিনীৰ সংগঠিত আক্ৰমণৰ সন্মূখীন হ’ল থলুৱা অসমীয়া যুৱক সকল । লাঠী, যাঠী, দা আদি লৈ কিৰিলি পাৰি জপিয়াই পৰিল নিৰস্ত্ৰ নিৰীহ ল’ৰাহঁতৰ ওপৰত । চকীঘাটৰ মাটি অসমীয়াৰ তেজেৰে ৰাঙলী হ’ল । আমাৰ ৰাজ্য খনৰ বাবে, জাতিটোৰ বাবে এইয়া অশনি সংকেত । এক ভয়ানক ভৱিষ্যতৰ যেন আৰম্ভণি এইয়া । ৰাজনৈতিক পৰিবেশ যদি আক্ৰমণকাৰীহঁতৰ অনুকূলে থাকিলেহেঁতেন , এওঁলোকৰ প্ৰতি সহানুভূতিশীল চৰকাৰ দিশপুৰত থাকিলেহেঁতেন, হয়তো ৮৩ চনৰ লালটাপুৰ ঘটনাতকৈ ভয়াবহ ঘটনাৰ সৃষ্টি হ’লহেতেন ২০২০ চনৰ চকীঘাটত । ভূপেন ডেকা সহ ৭ জন অসমীয়াক নৃশংস ভাৱে হত্যা কৰা ৮৩ ৰ সেই নৃশংস ঘটনাক আজিও জামুগুৰিৰ মাজ মজিয়াৰ সপ্ত শ্বহীদৰ বেদীয়ে আমাক সোঁৱৰাই দিয়ে । থলুৱাৰ মাটিৰ অধিকাৰক ভূ লুণ্ঠিত কৰিব বিচৰা চকীঘাটৰ এই ঘটনাই অসমীয়া জাতিৰ বিবেক যদি জাগ্ৰত নকৰে, জাতি, ধৰ্ম, বৰ্ণ, দল মত নিৰ্বিশেষে সমগ্ৰ অসম যদি এই আগ্ৰাসানৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই নাহে, আমাৰ আজিৰ প্ৰজন্মক এক অন্ধকাৰ ভৱিষ্যতলৈ নিক্ষেপ কৰাৰ বাবে ইতিহাসে আমাক কেতিয়াও ক্ষমা নকৰিব । বাংলাদেশীৰ ভোটৰ আশাত অন্ধ হৈ থকা ধৃতৰাষ্ট্ৰ সকলৰ কথা মই নকও ; কিন্তু জাতীয় সংগঠন, বুদ্ধিজীৱী, সামাজিক প্ৰচাৰ মাধ্যম, লেখক, সাংবাদিক, শিল্পী, সাহিত্যিক সকলোৱে এক মুখে গৰজি উঠাটো আজিৰ সময়ৰ আহ্বান । অকল দূৰদৰ্শনৰ মজিয়াত বহি বা সভাই সমিতিয়ে জাতি ৰক্ষা কৰ্তাৰ ভাওঁ দিলেই নহ’ব । প্ৰকৃতাৰ্থত জাতীয় দায়িত্ব পালন কৰিবলৈ হাতে কামে আগবাঢ়ি আহিব লাগিব । অন্যথা অবৈধ দখলদাৰীয়ে আমাৰ মাটি ভেটি দখল কৰি অসমীয়াৰ মূৰৰ ওপৰত বহি তাণ্ডৱ চলাবলৈ বেছি সময় নালাগিব ।
আজিৰ জামুগুৰি ৮৩ ৰ সেই জামুগুৰি নহয় য’ত ৭ জনকৈ নিৰীহক অভিমন্যুৰ দৰে নৃশংশ ভাৱে বধ কৰা হৈছিল । আজিৰ জামুগুৰিয়ে এনে আক্ৰমণৰ বিৰুদ্ধে সংগঠিত প্ৰতিৰোধ গঢ়ি তুলিবলৈ সাজু আছে । মোৰো স্পষ্ট ঘোষণা – জাতি মাটি ৰক্ষাৰ এই মৰণপণ যুঁজত সন্মুখত থাকি যুদ্ধ কৰিবলৈ মইও সৰ্বতোপ্ৰকাৰে প্ৰস্তুত আছো ।