‘জাতীয় উৎসৱ’ৰ নামত কিমান দিনলৈ এই উন্মাদনা আৰু বান্দৰালি?
যি কথা লিখিবলৈ লৈছোঁ, বহু বছৰৰ আগেয়ে তেনে বহু বেছি কথা একাধিক কাকতত একেলেথাৰিয়ে অসংখ্যবাৰ লিখিছিলোঁ এতিয়ালৈকে বহু মঞ্চত বহুবাৰ কৈছোঁ৷ হয়, ভালেকেইবছৰ হ’ল, এই বিষয়ে লিখিবলৈ এৰিয়েই দিছিলোঁ৷ আজি আকৌ কলম তুলি লৈছোঁ৷ মঞ্চ বিহু চাওঁগৈ বুলি গধূলি ঘৰৰপৰা ওলাই নোযোৱা কিমান বছৰ হ’ল, ভালকৈ মনত নাই সম্ভৱতঃ ২৪/২৫ বছৰতকৈ কম নহ’ব৷ আলেখ–লেখ, গতি–গোত্রবোৰ কিন্তু পাই আছোঁ মানে, ‘মাথোন আমাৰ লগত, মাথোন আমাৰ লগত’ বুলি, ‘মঞ্চ বিহু মানেই আমি, অমুক–তমুক–ভচুক– মানেই আমি’ বুলি জাল–জুলুকি, চেপা–খোকা পাতি টোপ দি থকা কেউটা বাকচৰে পর্দাত৷
ৰ’বচোন দেই৷ এই মাত্র দৰিশন লভা এফেৰি বাক্যৰ সোৱাদকণ আপোনাসৱকো দি লওঁ– ‘একাঁঠু পানীত বুৰি কক্বকাইছে নলবাৰী’ নলবাৰী কক্বকাইছে, নে, নলবাৰীয়ে (বা নলবাৰীৰ লোকে) কক্বকাইছে? দিনদিয়েক আগেয়ে– ‘উপ–মেয়ৰ (মে’য়ৰ)ৰ শপত ল’লে স্মিতা ৰয়’, ‘পদেন বিষয়া (নে সদস্য?) হিচাপে শপত ল’লে অতুল বৰা’ অর্থাৎ শপত ৰয়ে আৰু বৰাই লোৱা নাছিল ৰয় শপত লৈছিল আৰু বৰা শপত লৈছিল? ‘অভিনয়ৰে খলকনি তুলিবলৈ আগ বাঢ়িছে চিলচিলিয়ে’ মানে, চিলচিলি আগ বঢ়া নাই? চিলচিলিয়ে আগ বাঢ়িছে? কিবা এটা ‘আগ বঢ়োৱা’–ৰ কথা সুকীয়া৷ আকৌ– ‘মুক্তি পালে ছবিখন’ অর্থাৎ ছবিখনে মুক্তি পোৱা নাছিল ছবিখন মুক্তি পাইছিল বঢ়িয়া ‘বিভাগীয় তদন্তটো (তো) স্পষ্ট গগৈৰ অতপালি’ ‘সুৰা পান কৰি বিদ্যালয়ত হেড (হে’ড্) ছাৰ’ মানে,HAD ছাৰ? ধ্বনিসূচক ঊর্ধ্বকমাৰ ব্যৱহাৰ–প–ব্যৱহ্ (আচলতে, দুর্ব্যৱহাৰ)ত অসমীয়াৰ তুলনা নাই৷ আৰু, ‘লা–জৱাব’৷
প্রায় আটাই অসমীয়াৰ মুখে মুখে– ‘বিহু অসমীয়াৰ জাতীয় উৎসৱ, বাপতিসাহোন৷ বিহু এটা কৃষিভিত্তিক উৎসৱ’ আদি ইত্যাদি৷ কিন্তু বিহু বুলিলে, আজি যিসকল লোক কিছুমান বিশেষ উদ্দেশ্যত বলিয়া, কৃষিৰ ভেটি অর্থাৎ পথাৰ তথা ভূমিৰ লগত আৰু সেই ভূমিত উৎপাদিত দ্রৱ্যসমূহৰ লগত সেইসকলৰ কিমানজনৰ কিমান সম্পর্ক আৰু পৰিচয়? আজিৰ অসমত ৰাজ্যখনৰ সর্বমুঠ ভূমি এলেকাৰ অধিক অংশ, অসমৰ বিভিন্ন থলুৱা জনগোষ্ঠীৰ একত্রিত সমষ্টিৰ হাতত আছেনে? সঘন নতুন নতুন আইন আৰু শিথিলকৃত চৰকাৰী ভূমি ব্যৱস্থাৰ যোগে ক্রমবর্ধমান পৰিমাণৰ মাটি দেশী–বিদেশী বহিৰাগতৰ হাতলৈ গৈ আছে৷ ৰাজ্যৰ চৌদিশে নতুন নতুন মুখৰ পয়োভৰ৷ এই মুখবোৰৰ গৰাকীবোৰ ক’ত আছেহি? থাকিব ক’ত? ইফালে ভিন্ ভিন্ দল আৰু জোঁটৰ চৰকাৰৰ তিনি টকীয়া, দুটকীয়া, এটকীয়া আৰু বিনামূলীয়া ভাতভোগী হিতাধিকাৰী সৃষ্টি প্রতিযোগিতাৰ ফলত, ধোদৰ পচলা অনেক অসমীয়াই থলুৱা–বহিৰাগত তথা দেশী–বিদেশীৰ বাছ–বিচাৰ নকৰাকৈ, সাতামপুৰুষীয়া কৃষি ভূমি কেইবিঘা যাকে–তাকে বেচি, চহৰবাসী হোৱাৰ গৌৰৱ অর্জন কৰিছে৷ গুৱাহাটীত চাকৰি–বাকৰি বা কিবা প্রয়োজন থাকক বা নাথাকক, অন্যান্য ঠাইৰ অনেক লোকৰ মুখত শুনা যায়– ‘পাৰিলে, গুৱাহাটীত মোলৈ মাটি এডোখৰ চাবিচোন’৷ বিগত কিছুদিনত মই যেনিয়ে গৈছোঁ, য’লৈকে গৈছোঁ (‘য’তে গৈছোঁ’ নহয়), ত’তে, চৌদিশে দেখা পাইছোঁ ৰঙা–হালধীয়া কুর্তা আৰু ৰঙা–হালধীয়া চুটি চুৰিয়া (‘ধুতী’) পৰিহিত, ৰঙা–হালধীয়া তিলকেৰে কপাল সুশোভিত, চাইকেল আৰোহী, অসংখ্য অচিনাকি বিহাৰী, হিন্দুস্তানী লোকৰ আহ–যাহ, সমাগম, আৰু, পদপথ, ৰাজপথ, সকলোতে সিসৱৰ, ফল–মূল, শাক–পাচলি আৰু হৰেক সামগ্রীৰ পোহাৰ৷ পুৰুষ, মহিলা কাৰো মুখত এষাৰ অসমীয়া মাত–কথা নাই৷ কিবা সুধিলে, একো বুজি নাপাই, চাইকেল থকাসকলে অবিলম্বে তাতে লাপ মাৰি উঠি কৰে পলায়ন৷
ইতিমধ্যে অসমীয়া ল’ৰা–লুৰি, বুঢ়া–বুঢ়ী, ডেকা–গাভৰু, প্রৌঢ়–প্রৌঢ়া, আটাইৰে বাবে তীব্র গতিত জনপ্রিয়তা বাঢ়িছে গণেশ পূজা, দাণ্ডি খে’ল, গৰৱা ডান্স্, ‘হোলি হঁ্যেয়’–ৰ ‘ৰেইন্ ডান্স্’ (বোধ হয় গুৰুজনাৰ নিদান) ৰাখী বন্ধন, ৰাম নৱমী, ষট্ পূজা, ব’ল্ বৌম্, ধন তেৰস্ আদি মহোৎসৱ৷ সকলোতে মহাসমাৰোহ৷ ইফালে, অসমৰ ‘জাতীয় পর্য্যটন মহোৎসৱ’ হৈছেহি, চৌদিশ কদর্য্য (‘কদর্য্যময়’ নহয়) কৰি পেলোৱা আঠ–দহফুটীয়া গোঁফ আৰু পাঁচফুটীয়া দাঁড়িৰে পানীত ভাসমান হৈ ভেলেকি–বাজি দেখুওৱা নঙঠা আৰু আধা নঙঠা, অনা–সমীয়া ভঙুৱা, ফকিৰৰ ‘প্রধান আকর্ষণ’পুষ্ট অম্বুবাচী মেলা গুলী মাৰক কাতি বিহুৰ তুলসী তলৰ চাকি আৰু পথাৰৰ সঁজাল ধৰা ৰোৱাৰ মাজৰ আকাশ বন্তিলৈ৷ খেতিয়কক ডকা–হকা দি দালালে এটকা–দুটকাত লুটি অনা পাচলি (মানে, ‘সব্জি’), বজাৰৰপৰা ৪০/৪৫/৫০ টকাত কিনি খোৱা, ছাল ছিগা ভিকহু, অসমীয়াৰ বাবে এতিয়া আঘোণ–পুহৰ ‘ন–খোৱা বিহু’, মাঘৰ ‘ফ্লেট্ বিহু’ ভোগালী, এই আটাই ‘ৰঙালী বিহু’৷ কিবা এটা ওলালেই কঁকাল ভাঙি ভাঙি কুৰি পাক৷ শিৱ ৰাত্রিতো বিহু নাচ, ফাকুৱাতো বিহু নাচ, নির্বাচনী অভিযানতো বিহু নাচ চৌদিশে ৰঙালীহে ৰঙালী ইফালে, ভিতৰি, কঙাল খাৰ খোৱাৰ নঙলামুখৰপৰা পিছ চোতাললৈকে কঙালীহে কঙালী সকলো ধোবাং বাং৷
এতিয়া প্রশ্ণ হ’ল, জাতিটোৰ এনে এক ‘জীয়া’ বাস্তৱৰ বিপৰীতে, প্রতি বছৰে তিনি–চাৰি মাহ জুৰি বিহুৰ নামত চৌদিশে চলি থকা হাজাৰ–বিজাৰ মঞ্চানুষ্ঠানৰ কিবা প্রাসংগিকতা আছেনে? জাতীয় উৎসৱ সকলো জাতিৰে আছে৷ বাঙালীসকলৰ বাবে দুর্গা পূজা (পূজোটা) বুলিলে বুলিবলৈ নাই৷ দশমীৰ দিনা বিয়লি প্রতিমা বিসর্জনৰ পাছত ঘৰলৈ ওভতোঁতে অনেক বাঙালী (হিন্দু) লোক, ‘মা–মা’ বুলি কান্দি–কাটি হায়ৰাণ হয়৷ কিন্তু এবছৰলৈ তাতেই সকলো শেষ৷ তাৰ বিপৰীতে, ‘নহওঁ দুখীয়া’ অসমীয়ালৈ চাওক৷ ব’হাগৰপৰা আহাৰ–শাওণলৈকে ‘বিহু আদৰণি, ব’হাগী আদৰণি, বিহু সন্মিলন, ব’হাগী উৎসৱ, বসন্ত উৎসৱ, অকাল কুষ্মাণ্ড ব’হাগী বিদায়’–ৰ লেলপেল, লেলপেল৷ তিনি–চাৰি মাহলৈ, মঞ্চই মঞ্চই, ১৫–২০ বছৰীয়া গীতেৰে দুই–আঢ়ৈ ঘণ্টাৰ বাবে ‘সজাই তোলা’ অনুষ্ঠানৰ বাবদ দুই–আঢ়ৈ লাখ টকীয়াৰপৰা পাঁচ–ছয় লাখ টকীয়া গায়ক–গায়িকা, নর্তক–নর্তকীৰ ‘মঞ্চ কঁপোৱা’ সাংস্কৃতিক–বাণিজ্যিক সংগীতানুষ্ঠান৷ পিছে, সমগ্র অসমত এইকেইমাহত, ব্যৱসায়–বাণিজ্য–বি, আমোদপ্রিয়, উৎসৱোন্মাদ, বিহুবলিয়া অসমীয়াৰ দ্বাৰা সংগৃহীত সর্বমুঠ শ–শ কোটি, হাজাৰ কোটি টকাৰ প্রধান উৎস কি? অনা–সমীয়া বণিয়াগণেয় নহয় (‘হ’ ধাতুৰ ক্রিয়া ৰূপ) জানো? বস্তুৰ দাম নাবাঢ়িব? অৱশ্যে সেইটোৱেয় দাম বৃদ্ধিৰ একমাত্র কাৰণ নহয়৷ অন্যতম ডাঙৰ কাৰণ হ’ল বৃহৎ অর্থনৈতিক মৰম আৰু ৰেহাইৰ বিনিময়ত মৰম আৰু কৃতজ্ঞতাৰ চিনস্বৰূপে ৰাজনৈতিক দল তথা ব্যক্তিবিশেষলৈ বৃহৎ বণিক গোষ্ঠীয়ে আগবঢ়োৱা বৰঙণি
এতিয়া শুনক আৰু কওক৷ ঢ়কুৱাৰ বেৰৰ ভিতৰফালে, প্রায় আটাই অসমীয়াৰ ঘৰৰ ৰূঢ় বাস্তৱ ছবিখন কেনে? সেইখন ছবি, বৃহৎ চহৰৰ মাজ মজিয়াত সজাই–পৰাই বৰঢ়োল, বৰকাঁহ কোবাই পতা, কে’ জীত ডেৰশ টকীয়া চিৰা, দুশ টকীয়া দৈ, সাতশ টকীয়া ক্রীম, ডেৰশ টকীয়া গুড়, আঢ়ৈশ টকীয়া হুৰুম আৰু গোটে ৭/৮ টকীয়া ঘিলা পিঠাৰ ‘অভিজাত’ ভোগালী মেলা কিম্বা ৰঙালী মেলা নহয়৷ হুৰুম অতি আপুৰুগীয়া সোৱাদ অনুপম৷ মই জীৱনত তিনিবাৰমানহে খাই পাইছোঁ এবাৰ, চেনেহীৰ যোৰহাটৰ বান্ধৱীৰ ঘৰত৷ কিনি পোৱা নাই৷ সামর্থ্য নথকা নহয়৷ কিন্তু লাহ–বিলাহৰ ‘ইস্কি–বিস্কি’ বিপণীবোৰৰ লগত মোৰ বৰ ৰাহি নাহে৷ সি যি কি নহওক, যিখিনি সময়ত চৌদিশে মঞ্চৰ ওপৰত লাখ লাখ টকীয়া গায়ক–গায়িকাই প্রকৃত বিহু গীত, বিহু নাম আৰু বিহু নাচৰ পৰিৱর্তে কিবা ‘বিহু সুৰীয়া গীত’ আৰু হৰেক আধুনিক গীতেৰে ‘মঞ্চ কঁপাই’ দপ্দপাই, অসমীয়াৰ বিহু (?) ‘বিশ্বৰ বৃহত্তম জাতীয় উৎসৱ’ বুলি ‘জগতক জাননী’ দিয়ে– হে’, সেইখিনি সময়ত, ঘৰলৈ আলহী এযোৰা আহিলে, বেছিভাগ অসমীয়া গৃহস্থালিতে শাহুৱেকে–বোৱাৰীয়েকে দুৱাৰ চুকত সোমাই,– ‘এতিয়া আলহীক কেনেকৈ সোধ–পোচ কৰা যায়’ বুলি ফুচফুচীয়া মেল পাতিবলগীয়া হয় কি যে এক ‘জাতীয়তাবাদী’ পৰিহাস কিমান যে দৈত্যকায় এটা ফটা ঢ়োল
যি জাতীয় উৎসৱ ‘কৃষিভিত্তিক’ বুলি সততে গায়ত্রী গাই থকা হয়, সেই সাতামপুৰুষীয়া উৎসৱ পালনৰ বাবে অপৰিহার্য্য খাদ্য বস্তু চিৰা, পিঠা, লাড়ু, আখৈ, হুৰুম, দৈ, ক্রীম, গুড়, মাছ, হাঁহ, পাৰ, ছাগলী উৎপাদন/প্রতিপালনৰ বাবে অপৰিহার্য্য পথাৰ, সৰিয়হ তলী, কুঁহিয়াৰ তলী আদি কৃষিভূমি ঘাঁহনি, দলনি, চৰণীয়া পথাৰ নৈ, খাল, বিল, পিতনি আদি জলাধাৰ, একোতে অসমৰ থলুৱা লোকৰ আধিপত্য নাই৷ যি চৰাই–চিৰিকটি, পতংগ, সৰীসৃপ আৰু বিভিন্ন বনৰীয়া জন্তু আমাৰ বিহু গীত আৰু বন গীতসমূহৰ সৃষ্টিৰ আধাৰ, সেই বিচিত্র, বাৰেৰহণীয়া জীৱকুলৰ বিচৰণ ভূমি, আমাৰ হাবি–বননি, কাঠনি, বাঁহনি, বৃহৎ বনাঞ্চল, এই সকলো, থলুৱা লোক তথা চৰকাৰৰ হাতৰপৰা পিছলি গৈছে৷ সকলোতে দেশী–বিদেশী বহিৰাগত দখলকাৰী, চোৰাং বেপাৰী, ঠিকাদাৰ, কাঠ চোৰ, কাঠ বেপাৰী, কাঠ ফলা কল মাফিয়াৰ দপ্দপনি, গুণ্ডাগিৰি৷ কিছুমান বহুলাংশে, কিছুমান সম্পূর্ণৰূপে উদং৷ এতিয়া যিখিনি সময়ত অধিকাংশ অসমীয়া লোকে, বিহু বুলি, ‘সুস্বাদু খাদ্য’ৰ নামত নিজেও খাই আৰু আলহী–তিথিকো ‘আপ্যায়ন’ কৰি ‘জাতীয় উৎসৱ উদ্যাপন’ কৰিবলগীয়া হৈছে বিহাৰী, হিন্দুস্তানী আৰু পৰৰাষ্ট্রীয় নাগৰিকে পাইকাৰী হাৰত তৈয়াৰ কৰি হাটে–বজাৰে, বাটে–পথে বিক্রী কৰা মেকুৰীকণীয়া ঘিলা পিঠা, একোজন শকত–আৱত লোকৰ হাতৰ মধ্যমা আঙুলিটোৰ সমান তিল পিঠা, পিঁয়াজটোৰ সমান মুড়ি লাড়ু, বগৰী গুটিটোৰ সমান নাৰিকলৰ লাড়ু, আৰু শিলৰ দৰে টান তিলৰ লাড়ুৰে, সেইখিনি সময়ত মাক–দেউতাক, পুতেক–জীয়েক, ককাক–আইতাক, নাতিয়েক–নাতিনীয়েক, ককায়েক–ভায়েক, বায়েক–ভনীয়েক আটাইগিলাখনে ৰাতি ৯ বজাৰপৰা পুৱতি নিশা কাউৰীয়ে কা কৰালৈকে প্লাস্তিকৰ চকীত বহি উন্মাদ হৈ কিৰীলি পৰা ৩/৪/৫ বছৰীয়া পেন্দুকনা ল’ৰা–ছোৱালীয়ে ৰভাৰ তলৰপৰা আৰু মঞ্চলৈ উঠি গৈ ৫/৬/৭ লাখ টকীয়া (২/২.৩০ ঘণ্টাৰ) গায়ক–গায়িকা, নর্তক–নর্তকীৰ ১৫/২০ বছৰ পুৰণা নাচ–গান আৰু তৰল কথা–বতৰা আৰু অংগী–ভংগী, হাত–চাপৰি ভিক্ষাৰ ‘নান্দনিক দৃশ্য’ মৌবাইল্ ফৌনৰ কেমে’ৰাত ‘বন্দী’ কৰি ৰখাৰ ‘জাতীয় দায়িত্ব’ পালনৰ (জ্যেষ্ঠসকলৰ উদগনিত) কিবা অর্থ–পদার্থ আছেনে?
কৃষি উৎসৱ বিহু৷ কিন্তু অধিকাংশ বিহু তলীত হুঁচৰি কিম্বা হুঁচৰি প্রতিযোগিতা অনুষ্ঠানৰ গুৰুত্ব, সময় বা স্থান কি, ক’ত, কিমান? বেছিভাগ বিহু তলীতে, হুঁচৰিৰ বাবে সময় হ’ল, বেছি দর্শক সমৱেত নোহোৱা আগবেলা, দুপৰ বেলা বা পুৱতি নিশা৷ অনেকতে, হুঁচৰিৰ দলে মঞ্চৰ ভিতৰফালে পৰ দি থাকি হামিয়াই–হিকটিয়াই, মঞ্চত উঠিবৰ বাবে, উদ্যোক্তাসকলক খট্ বান্ধ কৰি থাকিবলগীয়া অৱস্থা৷ এই বছৰৰ দৰে, জাতি–মাটি–ভেটি সকলো উছন কৰিবলৈ ওলোৱা, মহাকালৰ ৰূপ ধাৰণকাৰী সংহাৰী বানৰ (অনেক বাতৰি পঢ়োঁতাই পঢ়াৰ দৰে ‘সংসাৰী বান’ বা ‘সংসাৰী ৰূপ’ নহয়) দিনতো, তিনি–চাৰিমহীয়া ‘জাতীয় উৎসৱ’ত, প্রতিটো ৰাতিতে দুই/তিনিখন মঞ্চত ‘বিহু দেখুৱাই’, খাৰখোৱা অসমীয়া কিশোৰ–কিশোৰী, ডেকা–গাভৰু, প্রৌঢ়–প্রৌঢ়া, বুঢ়া–বুঢ়ী আটাইকে নিউয়র্ক্, লাস্ ৱে’গাস্, লস্ এঞ্জ্লীয্ আৰু ছাও পাওলোৰ সংগীতানুষ্ঠানৰ দর্শকৰ দৰে উন্মাদ কৰি তোলা ৫/৬/৭ লাখ টকীয়া (প্রতিটো ‘বিহু ঋতু’ত কেইবাকোটিটকীয়া) বাণিজ্যিক শিল্পীৰ মাননিৰ তুলনাত হুঁচৰি দলসমূহৰ মাননি কেনে, কিমান? বিহু বুলি আয়োজিত অনুষ্ঠানৰ ভিতৰত দর্শকৰ ভিৰ মাথোন ‘বিহু কুঁৱৰী’, ‘বিহু ৰাণী’, ‘বিহু সম্রাজ্ঞী’ আদি প্রতিযোগিতাত৷ মুখ্য আকর্ষণ, সুন্দৰী, বিহুৱতীৰ দেহ বল্লৰী৷ তাৰ বাদে, মুখ্য আকর্ষণ হ’ল মাথোন ভুচুং পহুৰ দৰে উদ্ভট বেশ–ভূষা আৰু কেশ বিন্যাস বিশিষ্ট নামী–দামী বিয়াগোম শিল্পীৰ সংগীতানুষ্ঠান,– য’ত বাদ্য যন্ত্র আৰু সৰঞ্জামত টুং টাং, ঠুং ঠাং, আৰু মাইকত ফুৱাই ফুৱাই ‘হে’লৌ, হে’লৌ’ কৰি পৰিৱেশন কৰা প্রায় আধাঘণ্টীয়া ‘অনুষ্ঠান’–ও একো একোটা ডাঙৰ আকর্ষণ৷ মূল অনুষ্ঠানতো, বিহু নাম বা বিহু গীততকৈও উচ্চ স্থান, অধুনা জনপ্রিয় ‘বিহু সুৰীয়া গীত’ৰ৷ তদুপৰি, এক গুৰু অংশ অধিকাৰ কৰে আধুনিক গীতে৷ হওক সেই গীত অসমীয়া আধুনিক গীত৷ কিন্তু বিহুৰ মঞ্চত আধুনিক গীতৰ ইমান প্রাধান্য কিয়? বেছি নকওঁ, ঠাইৰ অভাৱ৷ কিন্তু এটা কথা৷ প্রতিবছৰে ‘জাতীয় উৎসৱ’ৰ নামত ৰাজ্যৰ চৌদিশে পতা হাজাৰ–বিজাৰ ‘বিহু ফাংশ্ন’ৰ নামত কিমান কোটি টকা ক’ৰপৰা সংগৃহীত হয় আৰু ক’ত কেনেকৈ কিমান ব্যয় হয়, তাৰ যথোচিত, নিয়মিত বিতং হিচাপ–নিকাচ বেছিভাগ ‘ফাংশন’ সমিতিৰ পৰা ৰাইজে নাপায়৷ ‘অহা বছৰ আকৌ লগ পাম দেই’৷ আকৌ একেখিনি আগৰণুৱা৷ আৰু এটা কথা কওঁ৷ ব্রজনাথ শর্মা, ৰত্ন তালুকদাৰ, বিষ্ণু ৰাভা, ৰেকিবুদ্দিন আহমেদ, উমাকান্ত বৈৰাগী, প্রতিমা বৰুৱা পাণ্ডে, ৰামেশ্বৰ পাঠক, পুৰুষোত্তম দাস, আনন্দিৰাম দাস নামকেইটামানহে ল’লোঁ৷ আৰু নবহলাওঁ৷ বুজোঁতাই বুজিব৷
এফালে নাঙল, কোৰ, গোহালি, গৰু, ম’হ, পথাৰ, মৈ, কঠীয়া, ৰোৱা, বঁকিয়া, ডোবা, সঁজাল ধৰা ৰোৱা, আহিনৰ কুঁৱলী, কাতিৰ আকাশ বন্তি, আঘোণৰ সোণালী ধাননি, ধানৰ মুঠি, বিৰীয়া, লেছেৰি, নৰা, নৰাৰ পেঁপা, ভঁৰাল, লাহি, শালি, ক’লামণি জহা, আমপাখি, বকুল বৰা, আৰৈ, উখোৱা, ঢেঁকী, সৰিয়হ পেৰা শাল, চিৰা, আখৈ, পিঠা–পনা, দৈ, গুড় আদিৰ লগত তেল–পানীৰ সম্বন্ধ, আৰু, আনহাতে, ইখনৰ পাছত সিখন বিহু মঞ্চত ৫/৬ লাখ টকীয়া গায়িকা–নাচনীয়ে বিহু নাম, বিহু গীত, বিহু নাচৰ নামত একেলেথাৰিয়ে ১৫/২০ বছৰ ধৰি কঁকাল ভাঙি ভাঙি নাচি নাচি গোৱা– ‘চেনাইটি ঐ, মাজনী ঐ, দীঘলতি ঐ, মাখিয়তি ঐ, অমুকটো ঐ, তমুকটো ঐ, কলডিলটো ঐ, কেঁকো সাপটো ঐ, পাতবেংটো ঐ, ঘিলা পিঠাটো ঐ, পঁইতাচুৰুণীজনী ঐ, ভেণ্ডিটো ঐ, জলামালটো ঐ, খুঁটি–তালযোৰ ঐ, নাইপিয়াটো ঐ, মাইক্র’ফৌনটো ঐ আদি ইত্যাদি একেখিনি’ বিহু সুৰীয়া গীতেৰে নমাই আনিছে ধাৰাসাৰ বৃষ্টিৰ প্লাৱন৷ যথার্থতা, প্রাসংগিকতা আৰু বাস্তৱিকতা আদি, ৰাইজৰ বিচার্য্য৷
বিশৃংখল, বজৰুৱা:
এয়েনে ‘জাতীয় উৎসৱ’?
‘জাতীয় উৎসৱ’ৰ ছবিখন ক্রমবর্ধমানভাবে গম্ভীৰকৈ লজ্জাজনক, জঘন্য আৰু কুৎসিত হৈ আহি আছে৷ বছৰটোত কোটি কোটি টকা ঘটা বিয়াগোম বিয়াগোম গায়ক–গায়িকা, নর্তক–নর্তকীৰ মঞ্চানুষ্ঠানত নিতৌ উদ্ভট উদ্ভট কাণ্ড ঘটিবলৈ ধৰিছে৷ কেনিও কাৰো সাৰ–সিকতি নাই৷ ৰাইজেও ‘জাতীয় সংস্কৃতি’ৰূপে সকলোখিনি সহজভাবে মানি হজম কৰি পেলাইছে৷ সংবাদ মাধ্যমত বাতৰি ওলায় লোকজনে মুখৰোচক আলোচনা কৰে আৰু তাতেই শেষ৷ স্পষ্টতঃ, একাংশ সংবাদ মাধ্যমো ইয়াৰ বাবে দায়ী৷ বছৰটোৰ এটা বিশেষ সময়ত একেলেথাৰিয়ে কেইবামাহ আৰু মাজে মাজে বিশেষ বিশেষ ইটো–সিটো সময়ত জনদিয়েক বিশেষ বিশেষ নামী–দামী নাচ শিল্পী আৰু গান শিল্পীৰ বিশেষ বিশেষ ‘ফাংশ্ন্’ পাতি থকা বা পুৱতি নিশালৈকে প্রচাৰ–সম্প্রচাৰ কৰি মানুহক মতলীয়া কৰি ৰখাৰ উদ্দেশ্য কি? অসমত কি, নাচি–বাগি থকা আৰু সেই নাচ–গানবোৰ চাই আৰু শুনি থকাৰ বাহিৰে মানুহৰ আন একো কাম নাই? এনে কার্য্যত কোনো কোনো সংবাদ প্রতিষ্ঠানৰ নিজৰ প্রচাৰ আৰু অন্যান্য বিশেষ লাভালাভৰ হিচাপ–নিকাচ থকাৰ কথা একে আষাৰে নুই কৰিব নোৱাৰি৷ কোনো কোনো পক্ষৰ আচৰণ দেখিলে এনেহে লাগে যেন সিবিলাকে,– য’তে ত’তে, যিকোনো বিষয়তে, যিহকে তিহকে কোৱা বাঁহনি বা ফুটুকা তলীতে এৰি থৈ আহিবলগীয়া মাত–কথা ৰাজহুৱা মঞ্চতো মুকলিকৈ উচ্চাৰণ কৰা মঞ্চৰ খুঁটাত মলুৱাৰ দৰে বগোৱা, মঞ্চৰ মাজতে ঢ়লি পৰা কোনো কোনো বিশেষ ‘শিল্পী’ৰ বাবে সকলো সময়তে জনদিয়েক সাংবাদিক আৰু গোটাদিয়েক কেমে’ৰাEVEREADY কৰিয়েই ৰাখে কেৱল, নাচ–গান বা ছবিৰ কথা নহয়, খেতি–বাতি, বিদেশী অনুপ্রৱেশ, বান, ৰাষ্ট্র সংঘ, অৰণ্য ধ্বংস, বিমান দুর্ঘটনা, কাশ্মীৰ, ৰাশিয়া–য়ূক্রেইন সংঘর্ষ, বিলাহীত ব্লাইট্ ৰোগ, আৰু, ঠাইতে পোৱা সকলো বিষয়তে সিসকললৈ ‘লগালগ’ অবিৰাম প্রশ্ণবাণ৷ লাগিলে, সিসকলে, কৰে যদি কৰি থাকক, হাজাৰ হাজাৰ কোটিটকীয়া প্রতিষ্ঠানৰ শ শ কোটিটকীয়া বৃহৎ মঞ্চানুষ্ঠানত, সহ অভিনেত্রীৰ শৰীৰৰ অংশবিশেষৰ উল্লেখেৰে ‘খুল্লামখুল্লা’ ৰাজহুৱা মন্তব্য৷ এই বছৰ আকৌ আৰম্ভ হৈ গৈছে তেনে বিয়াগোম গায়কৰ মঞ্চানুষ্ঠান থলীৰ কাষে কাষে, শৰীৰত মাথোন একবস্ত্র পৰিহিত কিছুমান উদণ্ড, উন্মাদ যুৱকে ঠেলা–ঠেলি, গতিয়া–গতি, মাৰ–পিট আৰু বিভংগ নৃত্যৰে সজাই তোলা ‘বোকা ডান্স্’ মঞ্চ বিহুৰ আয়োজক, আইন ৰক্ষক সকলো নির্বিকাৰ৷ শ’লঠেকত পৰিলে, গা সৰা অজুহাত৷ এতিয়াৰেপৰা ছাত্র–ছাত্রীয়ে, পৰীক্ষার্থীয়ে ৰঙালী বিহুৰ বিষয়ে ৰচনাত লিখিব পাৰিব– ‘বিহু অসমীয়াৰ জাতীয় উৎসৱ৷ ৰঙালী বিহুৰ দুটা প্রধান আকর্ষণ হ’ল বিহু তলীৰ মঞ্চ, ৰভা আৰু চকী–মেজ ভঙা পর্ব আৰু বোকা ডান্স্’ আতিশয্য, উন্মাদনা, উদ্ভণ্ডালি আৰু বান্দৰালি আৰু কিমান দিনলৈ?
ফোন ঃ ৯৮৬৪৩–৬৯৮২১