নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনামূলীয়া পিংক বাছৰ সংখ্যা হ্রাস

নিয়মীয়া বাৰ্তা, ২৫ মেঃ গুৱাহাটী মহানগৰীত বৃদ্ধ আৰু মহিলা যাত্রীৰ বাবে চলাচল কৰা বিনামূলীয়া পিংক বাছ সেৱা সীমিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে অসম ৰাজ্যিক পৰিবহণ বিভাগে৷ ৰাজপথত চলাচল কৰা পিংক বাছৰ সংখ্যা চাৰিখনলৈ হ্রাস কৰিছে৷ পর্যাপ্ত যাত্রী নোহোৱাৰ বাবে পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷

খানাপাৰাৰ পৰা জালুকবাৰী আৰু জালুকবাৰীৰ পৰা খানাপাৰা, বোন্দাৰ পৰা জালুকবাৰী আৰু জালুকবাৰীৰ পৰা বোন্দালৈ বাছ চাৰিখন চলাচল কৰিব৷ অৱশ্যে বাছ কেইখন চলাচলৰ সময়সূচীও সামান্য সালসলনি কৰা বুলি অসম ৰাজ্যিক পৰিবহণ নিগমে৷ এক জাননীযোগে এই কথা সদৰী কৰে৷

You might also like