টু বি হেংড টিল ডেথ: নির্ভয়া কাণ্ডৰ দোষীক শাস্তিৰ প্রসংগৰে মৃত্যুদণ্ডৰ সবিশেষ
একবিংশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণি ২০২০ বর্ষৰ সর্বাধিক চর্চিত বিষয়ৰ অন্যতম নির্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচি কেতিয়া হ’ব৷ তিনিবাৰকৈ মৃত্যু পৰোৱানা স্থগিত হোৱাৰ পাছত দিল্লী পাটিয়ালা হাউছ ক’র্টে চতুর্থখন মৃত্যু পৰোৱানা জাৰি কৰি অহা ২০ মার্চৰ পুৱা ৫.৩০ বজাত ফাঁচিকাঠত ওলমোৱাৰ দিন ধার্য কৰিছে৷ ইতিমধ্যে দিল্লী পাটিয়ালা হাউছ ক’র্টে জাৰি কৰা মৃত্যু পৰোৱানা চাৰি দোষীয়ে লাভ কৰিবলগীয়া আইনী প্রক্রিয়াৰ বাবে নিজেই স্থগিত ৰাখিবলগীয়া হৈছিল৷ নির্ভয়া ধর্ষণ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত চাৰি নৰপিশাচ অক্ষয় কুমাৰ সিং, পৱন কুমাৰ গুপ্তা, মুকেশ সিং আৰু বিনয় কুমাৰ শর্মাই আইনী প্রক্রিয়াৰ সুযোগ লৈ উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্রপতিক ক্ষমাৰ আবেদন জনাই ২২ জানুৱাৰী, ১ ফেব্রুৱাৰী আৰু ৩ মার্চৰ ফাঁচিৰ দিন স্থগিত কৰাবলৈ সক্ষম হৈছিল৷ উচ্চতম ন্যায়ালয়ে কিউৰেটিভ আবেদন আৰু ৰাষ্ট্রপতিয়ে ক্ষমাৰ আবেদন নাকচ কৰাত যোৱা ৫ মার্চত দিল্লী পাটিয়ালা হাউছ ক’র্টে চাৰি দোষীৰ ফাঁচিৰ হুকুম জাৰি কৰিছে৷ দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা চাৰি দোষীক ফাঁচিকাঠত ওলমাবলৈ যাৱতীয় কাম–কাজ সম্পূর্ণ কৰি তোলা হৈছে৷ চাৰি দোষীৰ অধিবক্তা এ পি সিঙৰ চতুৰালিৰ বাবেই পৃথকে পৃথকে উচ্চতম ন্যায়ালয়ত আবেদন আৰু ৰাষ্ট্রপতিলৈ ক্ষমাৰ আবেদন প্রক্রিয়াত বিলম্ব হৈছে আৰু পাটিয়ালা হাউছ ক’র্টে ফাঁচিৰ মৃত্যুৰ পৰোৱানা তিনিবাৰ স্থগিত ৰাখি চতুর্থবাৰলৈ জাৰি কৰিলে৷ ইয়েই ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ শক্তি কিম্বা বিসংগতি বুলি দাবী কৰিব পাৰি৷ দেশৰ লগতে বিদেশতো দোষীক ফাঁচিৰ দাবী উঠা নির্ভয়া ধর্ষণ–হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল ২০১২ চনৰ ১২ ডিচেম্বৰত৷ নতুন দিল্লীত চলন্ত বাছত পেৰামেডিকেলৰ ছাত্রী এগৰাকীক ছয় দুর্বৃত্তই ধর্ষণ কৰি নিষ্ঠুৰভাৱে নির্যাতন চলাই ৰাজপথত পেলাই থৈ গৈছিল৷ প্রচণ্ড শীতৰ নিশা সংঘটিত এই ঘটনাই দেশত চাঞ্চল্যৰ লগতে প্রতিবাদৰ জোৱাৰ তুলিছিল৷ দিল্লীৰ পৰা উন্নত চিকিৎসাৰ বাবে ছিংগাপুৰলৈ নিয়া হৈছিল নিপীড়িতা ছাত্রীগৰাকীক৷ প্রকৃত নাম গোপনে ৰাখি ‘নির্ভয়া’ নামেৰে চর্চিত ধর্ষিতা ছাত্রীগৰাকীৰ ২৬ ডিচেম্বৰত মৃত্যু হৈছিল৷ এই ঘৃণনীয় ঘটনাক লৈ দেশজুৰি প্রতিবাদ চলাত দিল্লী আৰক্ষীয়ে ক্ষিপ্রতাৰে বাছৰ চালকসহ ৬জনক গ্রেপ্তাৰ কৰিছিল আৰু তদন্তৰ পাছত আদালতে ছয়জনকে দোষী সাব্যস্ত কৰিছিল৷ ইয়াৰ এজনে কাৰাগাৰত আত্মহনন কৰিছে আৰু এজনক নাবালক হোৱা হেতু শিশু সংস্কাৰ গৃহত ৰাখি পাছলৈ মোকলাই দিয়া হৈছে৷ এই লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ বাকী চাৰিজনক ফাঁচিৰ মৃত্যু পৰোৱানা জাৰি কৰা হৈছে৷
গুৰুতৰ অপৰাধত দোষীক ফাঁচি দিয়াৰ চৰম শাস্তি ব্রিটিছশাসিত ভাৰতত আছিল৷ ব্রিটিছে মুকলি স্থানত দোষীক ফাঁচি দিছিল৷ কিন্তু ১৯৪৭ চনত ব্রিটিছ শাসনৰ পৰা ভাৰত মুক্ত হোৱাৰ পাছত এই নিয়মৰ সলনি ঘটাই কাৰাগাৰৰ ভিতৰত ফাঁচিকাঠত ওলমোৱাৰ ব্যৱস্থা বলৱৎ কৰা হয়৷ স্বৰাজোত্তৰ ভাৰতত আজিলৈকে কিমানজনক ফাঁচি দিয়া হৈছে, সেই তথ্যত অনেক বিতর্ক আছে৷ ১৯৪৭ চনৰ পাছত দেশত ৫২জনক ফাঁচি দিয়াৰ তথ্য আছে যদিও এই তথ্য বিতর্কিত৷ পিপল্ছ ইউনিয়ন ফৰ লিবার্টিজৰ তথ্য মতে, ১৯৫৩ চনৰ পৰা ১৯৬৩ চনৰ মাজতেই ১,৪২২জনক মৃত্যুদণ্ড দিয়া হৈছিল৷ নেচনেল ল’ ইউনিভার্ছিটীৰ তথ্য মতে, ২০০০ চনলৈকে দেশৰ আদালতে ১,৬১৭ কাৰাবন্দীক ফাঁচিৰ হুকুম শুনাইছিল৷ ইয়াৰে ৭২জনক ফাঁচি দিয়া হৈছিল৷ আন এক তথ্য মতে, ১৯৪৭ চনৰ পৰা ৭৫৫জনক ফাঁচি দিয়া হৈছে৷ নেচনেল ল’ ইউনিভার্ছিটীৰ আন এক অধ্যয়নৰ তথ্য অনুসৰি, ১,৪১৪জনক ফাঁচিকাঠত ওলমোৱা হৈছে৷ তথ্যৰ বিসংগতি থাকিলেও এই কথা নিশ্চিত যে দেশদ্রোহকে ধৰি ধর্ষণ–হত্যাৰ গুৰুতৰ অপৰাধত দেশত ফাঁচি দিয়া আইনী ব্যৱস্থা চলি আছে৷ স্বৰাজোত্তৰ ভাৰতত প্রথম ফাঁচি দিয়া হৈছিল ১৯৪৯ চনৰ ১৫ নৱেম্বৰত মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰাৰ অপৰাধত নাথুৰাম গড্ছে আৰু নাৰায়ণ আপ্তেক৷ ইয়াৰ পাছত অনেকজনক ফাঁচি দিয়া হৈছিল যদিও দেশত ফাঁচিকাঠত ওলমোৱা কিছু জটিল, কিয়নো ৰাষ্ট্রপতিয়ে এনে দোষীৰ ফাঁচিক ক্ষমা কৰি দিব পাৰে৷ একবিংশ শতিকাৰ দুটা দশকত ২০০০ চনৰ পৰা ২০১৯ চনলৈকে দোষীক ফাঁচি দিয়া হৈছে৷ ২০০৪ চনত ধনঞ্জয় চেটার্জী নামৰ অপৰাধী, ২০১২ চনত আজমল কাছভ, ২০১৩ চনত আফজল গুৰু আৰু ২০১৫ চনত য়াকুব মেননক ফাঁচি দিয়া হৈছে৷ ৰাষ্ট্রপতি প্রণৱ মুখার্জীয়ে আজমল কাছভ, আফজল গুৰু আৰু য়াকুব মেননৰ ক্ষমাৰ আবেদন নাকচ কৰাৰ বিপৰীতে ধনঞ্জয় চেটার্জীৰ ক্ষমাৰ আবেদন নাকচ কৰিছিল ৰাষ্ট্রপতি এ পি জে আব্দুল কালামে৷ উল্লেখ্য যে চৰম শাস্তি মৃত্যুদণ্ডৰ ক্ষেত্রত ভাৰতে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত সমর্থন জনাই আহিছে৷
এজন কাৰাবন্দী অপৰাধীক ফাঁচি দিয়াৰ পাছত বিভিন্ন প্রশ্ণৰ দেশবাসীৰ মনত উদ্রেক ঘটে৷ সংবাদ মাধ্যমত ফাঁচিকাঠত ওলমোৱাজনে কি খালে, কেনেকৈ আছিল আদি৷ কাৰাগাৰত ফাঁচিকাঠত ওলমোৱাৰ পূর্বে কর্তৃপক্ষই কিছুমান নীতি–নিয়ম পালন কৰে, তাক সংক্ষিপ্তকৈ পর্যালোচনা কৰিছোঁ৷ যিকোনো অপৰাধীক ফাঁচিকাঠত নিচেই পুৱাই ওলমোৱা ব্যৱস্থা চলি আহিছে৷ দোষীক ফাঁচিকাঠত ওলমোৱাৰ পূর্বেই কাৰাগাৰ অধীক্ষকে কেইবাটাও নিয়ম অনুকৰণ কৰে৷ অপৰাধীজনক নিচেই পুৱা অর্থাৎ ৩ বজাত বিছনাৰ পৰা উঠাই মুখ–হাত ধুই সজীৱ হ’বলৈ দিয়ে৷ ইয়াৰ পাছত গা ধুৱাই দিয়া হয়৷ গৰম আৰু ঠাণ্ডা পানী দোষীজনে যি বিচাৰে সেই পানীৰে গা ধুবলৈ দিয়ে৷ তাৰ পাছত ফাঁচিকাঠত ওলমোৱা দোষীজনক প্রিয় খাদ্য গ্রহণৰ সুযোগ দিয়া হয়৷ খাদ্য গ্রহণ কৰাৰ পাছত কিছু সময় জিৰণি ল’ব দিয়া হয়৷ অকলশৰীয়াকৈ থাকি যাতে পৰিয়ালৰ সদস্যৰ স্মৃতি ৰোমন্থন কৰিব পাৰে৷ মনটো শান্ত কৰি ৰাখিবৰ বাবে ধর্মীয় গ্রন্থ কিম্বা প্রার্থনাৰ কপী দিয়া হয়৷ ধর্ম অনুসৰি দোষীজনক ধর্মীয় গ্রন্থ যোগান ধৰা হয়৷ ইয়াৰ পাছতেই চিকিৎসকে শাৰীৰিক আৰু মানসিক স্থিতি পৰীক্ষণ কৰে৷ এই প্রক্রিয়াৰ সমাপ্তিৰ পাছত হাত দুখন পিছফালে বান্ধি সূতাৰ কাপোৰেৰে অপৰাধীক মূৰত বান্ধি দিয়া হয়৷ দণ্ডাধীশে ক’লা কাপোৰ বন্ধা অপৰাধীৰ পৰিচয় তাৰ ভাষাত মাতি শুনায়, পৰিচয় নিশ্চিত কৰে আৰু হেংমেনক ফাঁচি দিবলৈ নির্দেশ দিয়ে৷ লক্ষণীয় যে হেংমেন তথা জল্লাদৰ পৰিচয় গোপনে ৰখা হয় যদিও আজিকালি প্রচাৰ মাধ্যমত প্রচাৰিত হৈ যায়৷ ফাঁচিৰ সময়ত কোন কোন উপস্থিত থাকিব, তাৰ এক নির্দেশনা আছে৷ কাৰাগাৰৰ নির্দেশনা অনুসৰি ফাঁচিকাঠত ওলমোৱা কাৰাগাৰত কোনো বন্দীকে ফাঁচি প্রত্যক্ষ কৰিবলৈ দিয়া নহয়৷ সকলো বন্দীকে উক্ত দিনা ফাঁচি শেষ নোহোৱালৈকে কক্ষৰ পৰা ওলাবলৈ অনুমতি নিদিয়ে৷ গুৰুত্বপূর্ণ যে পৰিয়াল আৰু সম্পর্কীয় লোকক ফাঁচিৰ সময়ত উপস্থিত থাকিবলৈ দিয়া নহয়৷ জে’ল অধীক্ষক, জে’ল উপ–ধীক্ষক, দায়িত্বত থকা চিকিৎসা বিষয়া আৰু আৱাসিক চিকিৎসা বিষয়াৰ লগত স্থানীয় জিলা দণ্ডাধীশ উপস্থিত থাকিব লাগে৷ যদি কিবা কাৰণত জিলা দণ্ডাধীশ থাকিব নোৱাৰে, তেন্তে অতিৰিক্ত জিলা দণ্ডাধীশ থাকিব লাগে৷ আনহাতে দোষীয়ে যদি বিচাৰে ধর্মীয় গুৰুক উপস্থিত থকাৰ সুযোগ দিয়া হয়৷ উল্লেখ্য যে চৰকাৰে অনুমতি দিলে কাৰাগাৰ কর্তৃপক্ষই সমাজ বিজ্ঞানী, মনোৰোগ বিশেষজ্ঞ আদিক উপস্থিত থকাৰ সুযোগ দিয়াৰ নিয়ম আছে৷ মৃত্যুদণ্ড তথা ফাঁচিৰ সময়ত অপৰাধীৰ মনৰ পৰিস্থিতিক লৈ গৱেষণা চলাই থকা সমাজ বিজ্ঞানী, মনোৰোগ বিশেষজ্ঞ, মনস্তত্ত্ববিদক এই সুযোগ বিশেষ অনুমতিৰ জৰিয়তে দিয়া হয়৷ এইবোৰৰ উপৰি নিৰাপত্তাৰ বাবে এজন ৰক্ষী, ১০জন কনিষ্টবল, ৱার্ডেন আৰু দুজন হেড কনিষ্টবল, হেড ৱার্ডেন তথা সমসংখ্যক কাৰাগাৰৰ সশস্ত্র ৰক্ষক ফাঁচিৰ সময়ত উপস্থিত থাকে৷ জল্লাদে মৃত্যু হোৱালৈকে অপৰাধীক নাদৰ ভিতৰত ওলোমাই ৰাখি নির্দিষ্ট সময়ৰ পাছত মৃতদেহটো বাহিৰলৈ উলিয়াই আনে৷ চিকিৎসকে মৃত্যু হৈছে নে নাই, পৰীক্ষাৰ অন্তত ঘোষণা কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষালৈ প্রেৰণ কৰা হয় আৰু এই প্রক্রিয়া সমাপ্তিত কাৰাগাৰ কর্তৃপক্ষই ধর্মীয় পৰম্পৰা অনুসৰি মৃতদেহৰ অন্তিম সৎকাৰ কৰে৷ অৱশ্যে যদি ফাঁচি দিয়াৰ পাছত দোষীৰ পৰিয়ালে মৃতদেহটো বিচাৰে, তেতিয়া লিখিত আবেদন জনাব লাগে আৰু মৃতদেহক লৈ ৰাজহুৱা প্রদর্শন নকৰোঁ বুলি লিখিত প্রতিশ্রুতি দিব লাগে৷ উনুকিয়াও যে ফাঁচি দিয়াৰ পূর্বে জল্লাদে ডামী ফাঁচিৰ আখৰা কৰে৷ দোষীজনৰ ওজন–উচ্চতা অনুপাতে নাদৰ ভিতৰত কিমান তললৈ ওলোমাই ৰাখিব লাগে, তাৰো অংক আছে৷ বিভিন্ন নিয়মৰ মাজেৰে দেশত চৰম শাস্তি হিচাপে ফাঁচি দিয়াটো আইনী প্রক্রিয়া৷ গতিকে ন্যায়ালয়ৰ ৰায় ‘টু বি হেংড টিল ডেথ’ চলি থাকিব৷