লোকসভা নির্বাচন উকলিবলৈ ছমাহৰো অধিক কাল হ’ল, কিন্তু আজিও বহু কংগ্রেছীয়ে বৰ আক্ষেপেৰে কয়, ‘যদি পুলৱামাত সন্ত্রাসবাদীৰ আক্রমণৰ ঘটনাটো সংঘটিত নহ’লহেঁতেন৷’ অৱশ্যে এই আক্ষেপৰ যুক্তি নথকাও নহয়৷ ২০১৪ চনত যেতিয়া নৰেন্দ্র মোদীয়ে বিৰোধীক একপ্রকাৰ ধূলিত মিহলি কৰি শাসন ক্ষমতাত অধিষ্ঠিত হৈছিল, নির্বাচনটোত মোদী তথা বিজেপিৰ মূল মন্ত্র আছিল দুটা– গুজৰাট মডেল অর্থাৎ বিকাশ আৰু দুনীতিমুক্ত শাসন৷ বিকাশৰ পৰিসৰো আছিল বিশাল৷ কিন্তু ২০১৯ চন আহোঁতে আহোঁতে দেখা গ’ল, বিকাশৰ পৰীক্ষাত দলটো উত্তীর্ণ হ’ব নোৱাৰিলে৷ অৱশ্যে দুর্নীতিৰ প্রসংগটোত দেশবাসীক বিজেপি তথা প্রধানমন্ত্রী মোদীয়ে আশ্বস্ত কৰাত যথেষ্ট পৰিমাণে সফল হয়৷ কিন্তু মৌলিক সমস্যাসমূহৰ ডত্তৰ ধূসৰ–স্পষ্ট হৈয়েই থাকিল৷ প্রতিক্রিয়া স্বাভাৱিক আছিল৷ সদুত্তৰ নাপাই দেশখনৰ জনসাধাৰণৰ মাজত ক্রমশঃ অসন্তুষ্টি, ক্ষোভ বৃদ্ধি পাবলৈ ধৰে৷ তেনে সময়তে সঠিক স্থানতে আঘাত হানি কংগ্রেছে বিজেপিক প্রায় শ’লঠেকত পেলায়৷ লোকসভা নির্বাচনৰ পাঁচ মাহমান আগেয়ে ৰাজস্থান, ছত্তিশগড, মধ্যপ্রদেশত অনুষ্ঠিত বিধানসভা নির্বাচনত দলটোৱে বিজেপিক বেকফুটলৈ ঠেলি দিবলৈ সক্ষম হয়৷ কংগ্রেছে আথিক বিকাশৰ মন্থৰ গতি, কৃষকৰ আত্মহত্যা, নিবনুৱাৰ সংস্থাপনহীনতাৰ দৰে কিছুমান বুনিয়াদী সমস্যাক লৈ তিনিওখন ৰাজ্যত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই ৰখাত সফল হয়৷ তেতিয়াই ভবা হৈছিল যে লোকসভা নির্বাচন বিজেপিৰ বাবে সহজ হৈ নুঠিব৷ কিন্তু হঠাৎ পুলৱামাত ঘটা আক্রমণ কাণ্ড, প্রত্যুত্তৰত বালাকোটত বায়ুসেনাৰ আক্রমণ, উইং কমাণ্ডাৰ অভিনন্দনৰ তাৎক্ষণিক মুকলি আদিয়ে দেশৰ ৰাজনৈতিক প্রেক্ষাপটত নিমিষতে সলনি কৰি দিয়ে৷ বুনিয়াদী সমস্যাৰ ঠাইত ৰাষ্ট্রবাদৰ ভাবনাই জনসাধাৰণৰ মন–মগজুক ইমানেই আলোডিত কৰি তোলে যে মাথোঁ কেইমাহমান আগেয়ে অনুষ্ঠিত বিধানসভা নির্বাচনত যিকেইখন ৰাজ্যত কংগ্রেছে আশাতীত সাফল্য লাভ কৰিছিল, লোকসভা নির্বাচনত ফলাফল সম্পূর্ণ ওলোটা হয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আপোচহীন ভাবমূর্তিৰ ওচৰত কংগ্রেছ তথা বিৰোধী দল একপ্রকাৰ অসহায় হৈ পৰে৷ ৰাজস্থানৰ কেডখন আসনত বিজেপিৰ প্রার্থী জয়ী হয়৷ ছত্তিশগডত ১১খন আসনৰ বিপৰীতে ১০খন আসন বিজেপিৰ হাতলৈ যায়৷ মধ্যপ্রদেশতো অনুৰূপ সাফল্য লাভ কৰি বিজেপি পুনৰবাৰ অপ্রতিৰোধ্য হৈ ডঠে৷ হয়তো সেইবাবেও পুলৱামাৰ ঘটনাটো আজিও একাংশ কংগ্রেছীৰ বাবে সহজে পাহৰিব নোৱাৰা বেদনা হৈ থাকিল৷ বিজেপিৰ দেশ সবাৰো ওপৰত নীতিৰ বিপৰীতে দলটোৰ হাতত প্রত্যয়জনক ডত্তৰ একোৱেই নাছিল৷ আনকি, ‘ন্যায়’ৰ দৰে সামাজিক সুৰক্ষামূলক ঘোষণাও অসাৰ প্রতিপন্ন হয়৷ প্রধানমন্ত্রী মোদীয়ে অকলেই বিৰাট ব্যৱধান এটা গঢ়ি দিয়ে৷
লোকসভা নির্বাচনৰ পাছত নৰেন্দ্র মোদীৰ সৈতে যুটীৰ ৰূপত অমিত শ্বাহৰ সংযোজন ঘটে৷ এই দুয়োজন নেতা কিমান আগ্রাসী আৰু কৌশলী তথা ৰাজনৈতিকভাৱে সুনিপুণ, সেই কথা নক’লেও চলে৷ বিজেপিয়ে দ্বিতীয়টো ইংনিছ আৰম্ভ কৰাৰ লগে লগে তাৎক্ষণিক তিনি তালাকৰ নিষিদ্ধকৰণ, জম্মু–কাশ্মীৰৰ পৰা বিশেষ সাংবিধানিক ব্যৱস্থা প্রত্যাহাৰ আৰু ৰাজ্যখনৰ বিভাজন, নাগৰিকত্ব (সংশোধনী) আইনকে ধৰি এনে কিছুমান পদক্ষেপ ল’লে যে মোদী–শ্বাহ যুটীটোৰ সন্মুুখত বিৰোধী পক্ষ তিষ্ঠি থাকিব পাৰিবনে নাই, তাক লৈও অনেকৰ মনত সন্দেহৰ ডদয় হ’বলৈ ধৰিলে৷ কিন্তু কথাবোৰ ভবা মতে হৈ নাথাকিল৷ সেয়ে ২০২০ চনৰ নঙলামুখত থিয় দি বিজেপিয়ে আত্মবিশ্লেষণ কৰা দৰকাৰ৷
পৰিসংখ্যাৰ ফালৰ পৰা যদি চোৱা হয়, ২০১৮ চনৰ মার্চলৈকে বিজেপিয়ে একক শক্তি আৰু সহযোগীৰ সহযোগত দেশখনৰ প্রায় সত্তৰ শতাংশ ভূ–ভাগত শাসন কৰিছিলি৷ কিন্তু কুৰি মাহ পাৰ নৌহওঁতেই সেই সংখ্যাৰ স্থিতি আধাতকৈও কম অর্থাৎ ৩৪ শতাংশলৈ অৱনমিত হয়৷ ২০১৮ চনৰ মার্চলৈকে বিজেপিয়ে দেশৰ ১৩খন ৰাজ্যত অকলে আৰু ৬খন ৰাজ্যত মিত্রজোঁটৰ সহায়ত শাসন কৰিছিল৷ শেহতীয়াকৈ ঝাৰখণ্ডত পৰাজিত হোৱাত বিজেপিশাসিত ৰাজ্যৰ সংখ্যা ১৬খনলৈ হ্রাস পায়৷ আনহাতে, এই সময়ছোৱাত দলটোৱে নিজ শক্তিৰে শাসন কৰা ৰাজ্যৰ সংখ্যাও ১৩খনৰ পৰা ৮খনলৈ হ্রাস পায়৷ দলটোৱে ৰাজস্থান, ছত্তিশগড, মধ্যপ্রদেশ, মহাৰাষ্ট্র, ঝাৰখণ্ডৰ দৰে ৰাজ্য হেৰুৱায়৷ যোৱা ২৩ ডিচেম্বৰত ঘোষিত ফলাফল অনুসৰি, ঝাৰখণ্ডত বিজেপিৰ শোচনীয় পৰাজয় ঘটে৷ তাৰে পূর্বে দলটোৱে মহাৰাষ্ট্রৰ শাসন ক্ষমতা হেৰুৱাবলগীয়া হয়৷ অৱশ্যে ৰাজ্যখনৰ ভোটাৰে বিজেপি–শিৱসেনা মিত্রজোঁটকেই ভোট দি জয়যুক্ত কৰিছিল৷ কিন্তু নির্বাচনৰ পাছত মিত্রজোঁটৰ মাজত বিভাজন ঘটে আৰু শিৱসেনাই এন চি পি, কংগ্রেছৰ সৈতে মিলি চৰকাৰ গঠন কৰে৷ ফলত বিজেপিয়ে অপ্রত্যাশিতভাৱে ৰাজ্যখনৰ শাসন ক্ষমতা হেৰুৱাবলগীয়া হয়৷ মহাৰাষ্ট্রই মোদী–শ্বাহ যুটীটোৰো ভাবমূর্তি ম্লান কৰা পৰিলক্ষিত হয়৷ ইপিনে, হাৰিয়ানাত দলটাৱে নতুন মিত্রদলৰ সহায়ত কোনোমতে নাক বচাবলৈ সক্ষম হয়৷ এই ধাৰা যদিসমাগত বছৰটোত দিল্লী আৰু বিহাৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত সলনি নহয়, অনাগত দিনবোৰ বিজেপিৰ বাবে সুখকৰ নহ’বও পাৰে৷
অটল বিহাৰী বাজপেয়ীৰ কার্যকাল সম্পূর্ণ হোৱা পৰৱর্তী লোকসভা নির্বাচনত ‘ইণ্ডিয়া চাইনিং’ ধ্বনিৰে বিজেপিয়ে দেশবাসীৰ কাষলৈ গৈছিল৷ কিন্তু জনসাধাৰণৰ বুনিয়াদী সমস্যাক প্রতিফলিত কৰিব নোৱাৰা ধ্বনিটো বুমেৰাং হৈ বিজেপিকে আঘাত কৰিলে৷ বিপক্ষ নহয়, নিজেই ধৰাশায়ী হ’ল৷ জনসাধাৰণৰ মৌলিক সমস্যাৰ সমাধান নহ’লে আৰু প্রগতি যদি মাথোঁ ভাষণৰ প্রতিপাদ্য বিষয় হৈ থাকে, তেতিয়া বিমুদ্রাকৰণত যিদৰে দেশবাসীয়ে অকল্পনীয়–বর্ণনীয়্ সমস্যাৰ সন্মুখীন হৈও প্রধানমন্ত্রীৰ কাষত থিয় দিছিল, জনসাধাৰণে স্বেচ্ছাই কষ্ট মূৰ পাতি লৈছিল, তেনেধৰণৰ আত্মত্যাগ দলটোৱে দুনাই নাপাবও পাৰে৷ নিজৰ সামান্য পর্যবেক্ষণ অভিজ্ঞতা, সীমিত জ্ঞানেৰে বিজেপিৰ প্রায় ছবছৰীয়া শাসনত এটা ডপলব্ধি কৰিছো যে শাসক দলটোৰ বহু নেতাই প্রশ্ণ কৰিলে বেয়া পায়৷ প্রশ্ণ কৰোঁতাক বিভিন্ন ধৰণে হতাশ–নিৰাশ কৰিবলৈ চেষ্টা চলোৱা হয়৷
স্বাধীনতাৰ পিছৰে পৰা দেশখন সিংহভাগ সময় কংগ্রেছে শাসন কৰিলে৷ কিন্তু জনসাধাৰণে কাংক্ষিত ফল নাপালে৷ ইয়াৰ বিপৰীতে, দলটো দুর্নীতি–নিয়মৰ প্রধান পৃষ্ঠপোষক হৈ পৰিল৷ বিগত চল্লিশ বছৰত কংগ্রেছৰ নেতৃত্বত গঠিত এনে এখন চৰকাৰ পোৱা নাযাব, যাৰ বিৰুদ্ধে দুর্নীতি–ভ্রষ্টাচাৰ অভিযোগ ডত্থাপন হোৱা নাছিল৷ বৰং পৰিমাণ–পৰিসংখ্যাৰ্ দিশৰ পৰা পৰৱতী চৰকাৰখনৰ সৈতে যেন প্রতিদ্বন্দ্বিতাতহে লিপ্ত হৈছিল৷ ড০ মনমোহন সিং নেতৃত্বাধীন চৰকাৰৰ দুটা কাযকালত পূর্বৰ সকলো অভিলেখ ভংগ কৰা বুলি ক’ব পাৰি৷ এই প্রেক্ষাপটত বিজেপিৰ প্রতি মানুহৰ আস্থা বৃদ্ধি পাইছিল৷
বিজেপিৰ বাবে সমাগত বছৰটো আত্মসমালোচনাৰ বছৰ হওক৷ মন্থৰতাৰ গতি তীব্রতৰ হোৱা আর্থিক সমস্যাৰ সমাধান ডলিয়াবই লাগিব৷ নোলালে দেশখনত সমস্যা বৃদ্ধি পাব৷ চাকৰি–কর্মসংস্থাপ, বেহা–বাণিজ্য, জনকল্যাণমূলক আঁচনি সকলোতে ইয়াৰ কু–প্রভাৱ পৰিবলৈ বাধ্য৷ দেশখনত সামাজিকভাৱে অস্থিৰতাও বাঢ়িব পাৰে৷ দেশৰ জনসাধাৰণৰ সমস্যাবোৰ অগ্রাধিকাৰ ভিত্তিত চৰকাৰী কর্মসূচীত স্থান লাভ কৰক৷ দেৱাল লিখন পঢ়ক৷ এখন আইনক লৈ দেশখন সম্প্রতি অস্থিৰ হৈ পৰিছে৷ হিংসাত্মক ঘটনাও প্রান্তে প্রান্তে ঘটিছে৷ অসমতো অহিংসাত্মক পন্থাৰে আন্দোলন চলি আছে৷ চৰকাৰে শান্তি সমদল ডলিয়াওক, তাত ক’বলৈ নাই৷ কিন্তু যিসকলে ৰাজপথত আন্দোলন কৰি আছে, তেওঁলোকৰ বেদনা কোনে শুনিব? শাসনত থকাসকলেই শুনিব লাগিব৷ আন্দোলনকাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্র বা ইংলেণ্ডৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা নাই৷ কথাবোৰ নতুন দিল্লী, দিছপুৰে শুনক বুলি ৰাজপথত আন্দোলন চলি আছে৷ ৰাজ্য এখন অনন্ত কাললৈ আন্দোলনত ব্যস্ত থাকক, সেইটো কোনেও নিবিচাৰে৷ ইয়াৰ পার্শ্বক্রিয়া, প্রতিক্রিয়া অপূৰণীয়৷ আর্থিকভাৱে ৰাজ্যখন ক্ষতিগ্রস্ত হ’ব৷ সামাজিক সমস্যাৰো সৃষ্টি হ’ব পাৰে৷ আন্দোলনটোৰ পৰা আঁতৰি গৈ অর্থাৎ পথভ্রষ্ট হৈ কোনো কোনোৱে হিংসাৰ পথো ল’ব পাৰে৷ ইতিহাসে এই কথাটোৰ সাক্ষ্য বহন কৰি আছে৷ মুঠতে চৰকাৰী দৰবাৰত জনকণ্ঠৰ প্রতিফলন ঘটক৷ নহ’লে, চৰকাৰৰ সন্মুখত প্রশ্ণ তোলা আঙুলিৰ সংখ্যা বাঢ়ি থাকিব৷ তাত কেৱল বিৰোধীপক্ষৰ অভিসন্ধি নাথাকিব, জনসাধাৰণৰ হূদয়ৰ পৰা উচ্চাৰিত প্রশ্ণক লৈ তোলা আঙুলিও বহু থাকিব৷ কিমান থাকিব, সেইটো নির্ভৰ কৰিব শাসকৰ সংবেদনশীলতাৰ ওপৰত৷