নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগ্রাম দীঘলীয়া হ’ব

নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত বিগত কুৰিদিন ধৰি উত্তাল হৈ আছে ৰাজ্যখনৰ ব্রহ্মপুত্র উপত্যকাৰ অধিকাংশ অঞ্চল৷ গণহুংকাৰ, বজ্রনিনাদ, গণ সমাৱেশ, জোঁৰ সমদল আদিয়ে সৃষ্টি কৰিছে আন্দোলনমুখৰ পৰিস্থিতি৷ লোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ৰাষ্ট্রপতিয়েও অনুমোদন দিয়াৰ ফলত বহু বিতর্কিত আইনখনক লৈ দুই মেৰুত বিভক্ত হৈছে ৰাজ্যৰ ৰাজনীতি৷ বিতর্কিত আইনখনৰ সপক্ষে শাসকীয় বিজেপি, অসম গণ পৰিষদ (অগপ) আৰু বডোলেণ্ড পিপলছ্ ফ্রণ্ট (বিপিএফ) দলে সমর্থন দিয়াৰ বিপৰীতে বিৰোধী শিবিৰত অৱস্থান কৰিছে কংগ্রেছ, বাঁওপন্থী চি পি এম, চি পি আই, আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি অধিকাংশ দল–সংগঠন৷ বিগত কুৰিদিন ধৰি চলি থকা ‘কা’বিৰোধী আন্দোলনৰ বাবে ব্রহ্মপুত্র উপত্যকাৰ স্বাভাৱিক জীৱনযাত্রাত আহুকালৰ সৃষ্টি হৈছে৷ এই সময়ছোৱাত চৰকাৰী–বেচৰকাৰী বিভিন্ন অনুষ্ঠান বাতিল কৰিবলগা হৈছে৷ বিৰোধী দল–সংগঠনসমূহ প্রতিবাদী কার্যসূচীৰ সমানে শাসকীয় পক্ষয়ো ৰাজ্যখনৰ বিভিন্ন স্থানত শান্তি সমদল উলিয়াই শক্তি পৰীক্ষাৰ যুঁজত নামিছে৷ ‘কা’ৰ সপক্ষে–বিপক্ষে চলা এনে উত্তেজনাময় পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ উন্নয়নমূলক কাম–কাজ বহু পৰিমাণে বাধাপ্রাপ্ত হৈছে৷ এই সময়ছোৱাত অধিক ক্ষতিগ্রস্ত হৈছে ৰাজ্যখনৰ পর্যটন ক্ষেত্রসমূহ৷ শিক্ষানুষ্ঠানসমূহৰ লগতে চৰকাৰী কার্যালয়সমূহত সৃষ্টি হোৱা অচলাৱস্থা এতিয়াও আঁতৰি যোৱা নাই৷ এনে সময়তে আছুকে ধৰি আন্দোলনৰ নেতৃত্ব বহন কৰা সংগঠনসমূহৰ নেতাসকলে ঘোষণা কৰিছে যে ‘কা’বিৰোধী সংগ্রাম দীঘলীয়া হ’ব৷ ৰাজ্যখনৰ সিংহভাগ ৰাইজে ‘কা’ৰ সমর্থন কৰা নাই৷ ইতিমধ্যে ‘কা’ বাতিলৰ দাবীত দেশৰ সর্বোচ্চ ন্যায়ালয়ত ন্যায়িক যুঁজ আৰম্ভ হৈছে৷ ‘কা’ বাতিলৰ দাবীত সর্বোচ্চ ন্যায়ালয়ত ৫৯খন লেখ আবেদন দাখিল কৰা হৈছে৷ ইয়াৰ ভিতৰত অসমৰ ১৪খন লেখ আবেদন কৰিছে আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, অসম গণ পৰিষদ, ড০ হীৰেন গোহাঁই, সদৌ অসম উকীল সন্থা, দেৱব্রত শইকীয়া, অজন্তা নেওগ, অসম বধিৰ সন্থা, মতিউৰ ৰহমান, ৰংমন চৌধুৰী, অসম ৰাজ্যিক জমিয়ত, এন পি পিৰ ৰাজ্যিক কমিটী, অসম প্রদেশ কংগ্রেছ কমিটী আৰু সদৌ অসম মটক সন্মিলন৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰাও চাৰিখন লেখ আবেদন দাখিল হৈছে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই লেখ আবেদনসমূহৰ ওপৰত শুনানি গ্রহণ কৰি সংশ্লিষ্ট পক্ষক জাননী জাৰি কৰিছে৷ এতিয়া বহু বিতর্কিত ‘কা’ বাতিল হ’বনে বাহাল থাকিব, সেয়া নিৰূপণ হ’ব উচ্চতম ন্যায়ালয়ৰ মজিয়াত৷ আই এম ডি টি আইনৰ লেখিয়া উচ্চতম ন্যায়ালয়ে ‘কা’ বাতিল কৰিলেও ইয়াৰ বাবে প্রয়োজন হ’ব এক দীঘলীয়া পৰিক্রমাৰ৷ এইক্ষেত্রত ‘কা’ বাতিলৰ ন্যায়িক যুঁজখনত সর্বাধিক গুৰুত্ব দিয়া উচিত আবেদনকাৰী পক্ষই৷ কিয়নো সর্বোচ্চ ন্যায়ালয়ৰ মজিয়াত থকা ‘কা’ বাতিলৰ যুঁজখনৰ সমাধানসূত্র এতিয়া ৰাজপথৰ সংগ্রামৰ দ্বাৰা ওলাব বুলি আশা কৰিব নোৱাৰি৷ এনে অৱস্থাত ৰাজপথৰ আন্দোলন দীঘলীয়া হ’লে ৰাজ্যখন সর্বদিশতে ক্ষতিগ্রস্ত হোৱাৰ আশংকা আছে৷
ৰাজ্যখনৰ পৰা বিদেশী বহিষ্কৰণৰ দাবীত ১৯৭৯ৰ পৰা ১৯৮৫লৈ চলা অসম আন্দোলনৰ লেখিয়া এইবাৰো ব্রহ্মপুত্র উপত্যকাৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে৷ একাংশ আন্দোলনকাৰীয়ে চৰকাৰী–বেচৰকাৰী সম্পত্তিৰ বিস্তৰ ক্ষতি কৰিছে৷ শাসকীয় পক্ষৰ কেইবাজনো মন্ত্রী–বিধায়ক তথা নেতাৰ বাসভৱনত আক্রমণ কৰিছে৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত গঠন হোৱা অগপ দলে ক্ষমতা দখল কৰাৰ লেখিয়া ‘কা’বিৰোধী সংগ্রামৰ নেতৃত্ব বহন কৰা একাংশ সংগঠন আৰু শিল্পী সমাজে নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলাইছে৷ জাতীয়তাবাদী তথা আঞ্চলিক আদর্শৰে নতুন ৰাজনৈতিক দল গঠন হ’লে ১৯৮৫ৰ লেখিয়া ক্ষমতা লাভ কৰা সহজসাধ্য হৈ উঠিব বুলি ধাৰণা কৰিছে একাংশ নেতাই৷ এই কথা ঠিক যে ‘কা’বিৰোধী সংগ্রামখনক একাংশ নেতাই ছবছৰীয়া অসম আন্দোলনৰ স’তে ৰিজালেও এইবাৰৰ আন্দোলনৰ কিছু পার্থক্য আছে৷ ছবছৰীয়া অসম আন্দোলনৰ সময়ত ক্ষমতাত থকা কংগ্রেছে সমান্তৰালভাৱে কোনো ৰাজনৈতিক প্রতিবাদ কৰা নাছিল৷ ইয়াৰ বিপৰীতে একাংশ উত্তেজিত আন্দোলনকাৰীয়ে কংগ্রেছ আৰু বামপন্থী দল–সংগঠনসমূহ নেতা–কর্মীৰ ওপৰত চলোৱা আক্রমণ নীৰৱে সহ্য কৰিছিল৷ এইবাৰ ‘কা’বিৰোধী আন্দোলনৰ সমান্তৰালকৈ বিজেপিকে ধৰি শাসকীয় পক্ষই শান্তি সমদলৰ জৰিয়তে শক্তি পৰীক্ষাৰ যুঁজ চলাইছে৷ আন্দোলনকাৰী পক্ষই নতুন ৰাজনৈতিক দল গঠনৰ জৰিয়তে ক্ষমতা দখলৰ সপোন ‘মুংগেৰিলাল ক্যা হাচিন স্বপ্ণা’ বুলি কটাক্ষ কৰিছে বিজেপিৰ প্রভাৱশালী নেতা তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ‘কা’বিৰোধী সংগ্রামত ৰাইজ ৰাজপথলৈ ওলাই আহিলেও নতুন ৰাজনৈতিক দলক অসমবাসীয়ে সমর্থন দিবনে? ৰাজ্যখনৰ পৰা বিদেশী বহিষ্কৰণৰ নামত আছুৰ নেতৃত্বত চলা অসম আন্দোলনত ৮৬০গৰাকী শ্বহীদ হোৱাৰ পাছতো আন্দোলনকাৰীৰ নেতৃত্বত গঠিত অগপ দলক অসমবাসীয়ে দুবাৰকৈ ক্ষমতাত অধিষ্ঠিত কৰিছিল৷ কিন্তু বিদেশী বহিষ্কাৰৰ মূল সমস্যা সমাধানৰ ক্ষেত্রত আঞ্চলিক তথা জাতীয়তাবাদী দলটোৱে কিদৰে অসমবাসীক প্রতাৰণা কৰিছে সেয়া প্রতিজন সচেতন নাগৰিকৰ জ্ঞাত৷ মাথোঁ নতুন ৰাজনৈতিক দল গঠনে ‘কা’বিৰোধী সংগ্রামত নিয়োজিত হৈ থকা ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰিব নোৱাৰে৷ নতুন ৰাজনৈতিক দল গঠনৰ লগে লগে নির্বাচনৰ সময়ত সমষ্টিভিত্তিক প্রার্থিত্বকেন্দ্রিক যুঁজ আৰম্ভ হ’বই৷ প্রার্থিত্ব নাপালে একাংশ নেতাই দলত্যাগ কৰিবই৷ এনে পৰিস্থিতিত যদিহে ২০২১ত হ’বলগা বিধানসভা নির্বাচনক লক্ষ্য কৰি ৰাজনৈতিক দল গঠনৰ স্বার্থত সংগ্রাম দীঘলীয়া কৰা হয় তেন্তে ‘কা’বিৰোধী সংগ্রাম দুর্বল হোৱাৰ আশংকাই অধিক৷

You might also like