পৰিশ্রম–বিমুখ অসমীয়া
অসমীয়াসকল কিমান আলস্য–পৰায়ণ আৰু শ্রম–বিমুখ সেই বিষয়ে ব্যক্তিগতভাৱে জানিবলৈ মই বহুত সুযোগ পাইছোঁ৷ মাত্র দুটা উদাহৰণেই বোধহয় যথেষ্ট হ’ব৷
মোৰ কর্ম–জীৱনৰ আৰম্ভণিতে মই প্রায় তেৰ বছৰ চৰকাৰী চাকৰি কৰিছিলোঁ৷ আঢ়ৈ বছৰ মহকুমা পৰিকল্পনা বিষয়া হৈ আছিলোঁ যোৰহাটত৷ মোৰ প্রধান কাম আছিল উন্নয়ন খণ্ড আৰু পঞ্চায়তবোৰৰ উন্নয়নমূলক কাম–কাজৰ ওপৰত চকু ৰখা৷
এদিন মাজুলীৰ পৰা তিনিজন মানুহ মোক দেখা কৰিবলৈ আহিল হাতত এখন দর্খাস্ত লৈ৷ উন্নয়ন খণ্ডই তেওঁলোকৰ গাঁৱত এটা পানীকল বহুৱাই দিছিল৷ কিন্তু পানীকলটোৰ ওৱাশ্বাৰ Washer) বিকল হোৱাৰ ফলত যোৱা এসপ্তাহমান ধৰি পানীকলটো অচল হৈ আছে৷ তেওঁলোক মোৰ ওচৰলৈ আহিছে ওৱাশ্বাৰ কিনি লগাই দিয়াৰ ব্যৱস্থা কৰি দিবলৈ মোৰ ওচৰত আবেদন জনাবলৈ৷
প্রয়োজনতকৈ বেছি সময় ধৰি মই তেওঁলোকৰ দর্খাস্তখন পঢ়িলোঁ৷ পঢ়ি থাকোঁতে মোৰ মনৰ মাজেদি বহুত ভাবৰ সোঁত ববলৈ ধৰিলে৷ দর্খাস্তখন পঢ়ি শেষ হোৱাৰ পিছত মই মূৰ তুলি তেওঁলোকৰ মুখলৈ চাই সুধিলোঁ– ‘ওৱাশ্বাৰটোৰ দাম কিমান?’
এজনে উত্তৰ দিলে– ‘৭৫ পইচা৷’ (এইটো ১৯৬৬ চনৰ কথা৷ তেতিয়া এক লিটাৰ পেট্র’লৰ দাম আছিল ৬৪ পইচা এতিয়া ৮০০০ পইচা)৷
মই আকৌ সুধিলোঁ– ‘আপোনালোক তিনিজন মানুহ যোৰহাটলৈ আহোঁতে নাও ভাৰা আৰু বাছ ভাৰাত কিমান টকা খৰচ হ’ল?’
এইবাৰ দ্বিতীয়জন মানুহে টপৰাই উত্তৰ দিলে– ‘নাও ভাৰা, বাছ ভাৰা, ৰিক্সা ভাৰা, হোটেলত ভাত খোৱা– সকলো মিলি কমেও ত্রিশ টকামান নিশ্চয় হ’ব৷ ঘূৰি যোৱাৰ ভাৰাৰ হিচাপটোও ধৰিছোঁ৷’
মই একো নোকোৱাকৈয়ে কথাটো তেওঁলোকে নিজে নিজেই বুজিব পাৰিব বুলি ধৰি লৈ মই কিছু সময় নীৰৱে তেওঁলোকৰ মুখলৈ চাই ৰ’লোঁ৷ নাই, বুজাৰ কোনো লক্ষণ নাই৷
অৱশেষত ময়েই আকৌ মুখ মেলিলোঁ৷ ক’লোঁ– ‘মাত্র ৭৫ পইচাৰ এটা ওৱাশ্বাৰ কিনিবৰ কাৰণে চৰকাৰী ধন বিচাৰি আপোনালোকে ৩০ টকা খৰচ কৰি যোৰহাটলৈ আহিছে?’
খন্তেকৰ কাৰণে তেওঁলোকৰ মুখত সামান্য ভাবান্তৰ ঘটিল৷ মই বুজিলোঁ যে কথাটো সিমান দূৰলৈ তেওঁলোকে ভাবি চোৱাই নাছিল৷ তদুপৰি ৰাজহুৱা পানীকলৰ ওৱাশ্বাৰৰ কাৰণে চৰকাৰী মঞ্জুৰী বিচাৰিবলৈ তেওঁলোকে নিশ্চয় গাঁঠিৰ ধন ভাঙি চহৰলৈ অহা নাই৷ আহিছে গাঁৱৰ ৰাইজৰ বৰঙণিৰ ধনেৰে৷ হয়তো চহৰত তেওঁলোকৰ নিজৰো কিবাকিবি কাম আছিল৷
মোৰ প্রশ্ণ শুনি অপ্রস্তুত হৈ কিছু সময় মনে মনে থাকি অৱশেষত মুখিয়ালৰ ভূমিকা লোৱা মানুহজনে ক’লে– ‘আমি আপোনাৰ কথাটো বুজিছোঁ৷ কিন্তু ৰাইজে যেনিবা নিজে ধন ভাঙি ওৱাশ্বাৰটো কিনিলেই কিন্তু পানীকলত সেইটো লগাব কোনে? আমাৰ গাঁৱলীয়া মানুহৰ সেইবোৰ কাম কৰা অভ্যাস নাই নহয়৷’
তেওঁৰ প্রশ্ণৰ উত্তৰত ক’বলৈ মই একো কথা বিচাৰি নাপালোঁ৷ হতবাক হৈ মই বহুত সময় নীৰৱে তেওঁলোকৰ মুখলৈ চাই ৰ’লোঁ৷
আন এটা অভিজ্ঞতাৰ কথা কওঁ৷
মই তেতিয়া চৰকাৰী চাকৰি ইস্তফা দি বাতৰিকাকতৰ সম্পাদক৷ বহুত মানুহৰ মনত এনে এটা ধাৰণা (বা ভুল ধাৰণা) আছে যে মন্ত্রী আৰু বিষয়াসকলে সম্পাদকসকলৰ অনুৰোধ পৰাপক্ষত ৰক্ষা নকৰাকৈ নাথাকে৷ তেনে ধাৰণাৰ বশৱর্তী হৈ বহুত মানুহে চৰকাৰী সহায় বা অনুগ্রহ পাবৰ কাৰণে সম্পাদকৰ সহায় বিচাৰে৷
এদিন মোৰ ওচৰলৈ আহিল মোৰ জন্মভূমি ঢ়কুৱাখনা অঞ্চলৰ এজন বয়সস্থ মানুহ৷ বিশেষ একো ভূমিকা নকৰি তেওঁ চিধাচিধি মোক ক’লে– ‘বৰ ডাঙৰ বিপদত পৰি তোমাৰ ওচৰলৈ আহিছোঁ৷ যাকে সোধোঁ তেৱেঁই কয় যে একমাত্র তুমিহে মোক এই বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰিবা৷ দেখিছাই নহয়, চিন্তা কৰি কৰি মোৰ শৰীৰৰ কি অৱস্থা হৈছে? চিন্তাত পেটলৈ ভাত নাযায় ৰাতি শুব নোৱাৰোঁ৷ ব্লাড প্রেছাৰ দিনক দিনে বাঢ়িছে…৷’
মই মাজতে বাধা দি ক’লোঁ– ‘আপুনি বিপদটোৰ কথা কওক৷ পাৰিলে মই নিশ্চয় সহায় কৰিম৷’
তেওঁ উশাহ সলাবলৈ অলপ সময় লৈ ক’লে– ‘মই বুজিছোঁ, দীঘলীয়া কথা শুনিবলৈ তোমাৰ সময়ৰ নাটনি৷ সেই কাৰণে চমুকৈয়ে কওঁ শুনা৷ মোৰ ল’ৰা পাঁচটা৷ সিহঁত সৰু হৈ থাকোঁতে তুমি সিহঁতক দেখিছিলা৷ এতিয়া গোটেইকেইটা ডেকা হ’ল৷ গোটেইকেইটাই বি এ–বি এছ চিও পাছ কৰিলে৷ কিন্তু এটাৰো চাকৰি নাই৷ চাকৰিৰ আশাত ভেঁটী–ভূটা দি এগালমান ধনৰো শৰাধ কৰা হ’ল৷ মাকে বাসুদেউ থানৰ পৰা আৰম্ভ কৰি কামাখ্যা ধামলৈকে সোণৰ আঙঠিও মানস কৰিলে৷ কিন্তু নাই, আজিলৈকে এটা ল’ৰাৰো চাকৰি নহ’ল৷ বি এ পাছ কৰি চাকৰি নাপাই পাঁচটা গজগজীয়া ডেকা যদি দিনে–ৰাতিয়ে ঘৰতে বহি থাকিবলগীয়া হয়, সেই দৃশ্য কোন মাক–বাপেকে চাই থাকিব পাৰে? বছৰৰ পিছত বছৰ ধৰি চাকৰি নোপোৱা ডেকা ল’ৰা আৰু বিয়া নোহোৱা গাভৰু ছোৱালী ঘৰত থাকিলে সেইখন ঘৰত সুখ–শান্তি বুলিবলৈ একো নাথাকে বুজিছা৷ মোৰ ব্লাড প্রেছাৰ ইমান বাঢ়িছে যে ডাক্তৰৰ মতে যিকোনো মুহূর্ততে মোৰ হার্ট ফেইল হ’ব পাৰে৷ এতিয়া কেৱল তুমিহে মোক ৰক্ষা কৰিব পাৰা৷’
মই মানুহজনৰ মুখলৈ চাই অনুভৱ কৰিলোঁ যে তেওঁৰ পুতেককেইটা বা অন্ততঃ যিকোনো এটা পুতেকৰ চৰকাৰী চাকৰি পোৱা–নোপোৱাৰ ওপৰতে তেওঁৰ জীৱন–মৰণ নির্ভৰ কৰিছে৷ আনহাতে মই এই কথা ভালকৈ জানো যে তেওঁৰ অনুৰোধ ৰক্ষা কৰাৰ সাধ্য মোৰ নাই৷ মন্ত্রীক কৈ অতিশয় দৰিদ্র বা অতিশয় অনুন্নত সম্প্রদায়ৰ দুজনমান ডেকাক চাকৰি যোগাৰ কৰি দিয়াৰ বাহিৰে মই কাৰো চাকৰিৰ কাৰণে কোনো মন্ত্রীক অন্যায় অনুৰোধ কৰি পোৱা নাই৷ মই মানুহজনক মোৰ অক্ষমতাৰ কথা জনালোঁ৷
মোৰ কথা শুনি প্রায় ষাঠি বছৰীয়া মানুহজনে হাওহাওকৈ কান্দিবলৈ ধৰিলে৷ মোৰ ভৰিত ধৰিবলৈ হাত দুখন আগবঢ়াই দিয়াৰ ভংগী কৰি তেওঁ ক’লে– ‘মই তোমাৰ ভৰিত ধৰিছোঁ বোপাই, তুমি মোক এইকণ উপকাৰ কৰা৷ গাঁৱৰ সকলো মানুহেই মোক কৈছে– তুমি টেলিফোনটো এবাৰ তুলি ল’লেই মোৰ অন্ততঃ এটা ল’ৰাৰ চাকৰি হৈ যাব৷ ল’ৰাৰ চাকৰিৰ ব্যৱস্থা নকৰাকৈ মই এইবাৰ ঘৰলৈ ঘূৰি নাযাওঁ৷ অনশন–ধর্মঘট কৰি তোমাৰ চোতালতে পৰি থাকিম৷’
মানুহজনৰ অন্যায় আবদাৰ শুনি মোৰ হঠাৎ ভীষণ খং উঠি গ’ল৷ তদুপৰি মই খুব ব্যস্ত মানুহ মই দিব পৰাতকৈ বহুত বেছি সময় তেওঁ ইতিমধ্যে ল’লেই৷ মই এইবাৰ কঠোৰ মাতেৰে তেওঁক ক’লোঁ– ‘চাওক দদাইদেউ, মই আপোনাৰ আর্থিক অৱস্থাৰ কথা ভালকৈ জানো৷ আপোনাৰ ইমান খেতিৰ মাটি আছে যে মাত্র পাঁচটা কিয়, দহটা ডেকায়ো সেই মাটিত খেতি কৰি সুখে–সন্তোষেৰে খাই থাকিব পাৰে৷ আধুনিক উন্নত পদ্ধতিৰে খেতি কৰিলে সিহঁতে নিজে পেট ফাটি যোৱাকৈ খাই থাকিও গাঁওখনৰ আৰু দহঘৰ মানুহক খোৱাবহে পাৰে৷ তেনেস্থলত আপুনি কিয় এনেকুৱা ভাও জুৰিছে যে আপোনাৰ ল’ৰাই চাকৰি নাপালেই গোটেই ঘৰখন বৰবাদ হৈ যাব? পঢ়া–শুনা নকৰা হ’লে সিহঁতেতো খেতি কৰিয়েই খাই থাকিলেহেঁতেন?’
মোৰ কথা শুনি মানুহজনে কান্দিবলৈ এৰি ফেঁটীসাপৰ দৰে ফঁণা তুলি ফোঁচকৈ উঠিল– ‘কি ক’লা তুমি? মোৰ ল’ৰাই এতিয়া নাঙলৰ মুঠিত ধৰি হাল বাই খেতি কৰি খাব? হাল বাই খেতি কৰি খাবলৈকে মই ইমান কষ্ট কৰি সিহঁতক বি এ পাছ কৰালোঁ নেকি? ছিঃ ছিঃ তোমাৰ মুখত এনেকুৱা কথা শুনিম বুলি জনা হ’লে মই কেতিয়াও তোমাৰ ওচৰলৈ নাহিলোঁহেঁতেন৷’
(২)
পৃথিৱীৰ আটাইতকৈ উন্নত আৰু সু–সভ্য জাতিবোৰৰ ভিতৰত এটা জাতি হ’ল ইহুদীসকল৷ মানুহৰ জ্ঞান–ভাণ্ডাৰ আৰু সভ্যতা–সংস্কৃতিলৈ আটাইতকৈ বেছি পৰিমাণে মূল্যৱান বৰঙণি আগবঢ়োৱা লোকসকলৰ এখন তালিকা যদি কৰা হয়, তেন্তে সেই তালিকাৰ প্রায় আধাভাগ নামেই কিজানি হ’ব ইহুদীসকলৰ৷ ইমান দীঘল তালিকা দিবলৈ এই সৰু প্রবন্ধটোত ঠাইৰ নাটনি হ’ব৷ মাত্র এটা উদাহৰণ দিওঁ৷ আধুনিক জগতৰ চিন্তা, দর্শন আৰু আদর্শত আটাইতকৈ গভীৰ প্রভাৱ বিস্তাৰ কৰা তিনিজন মানুহ হ’ল এলবার্ট আইনষ্টাইন, কার্লমার্ক্স আৰু ছিগমুণ্ড ফ্রয়ড৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদে বিশ্বব্রহ্মাণ্ড সম্পর্কে মানুহৰ ধাৰণা সম্পূর্ণৰূপে সলনি কৰি দিছে আৰু লগতে আধুনিক প্রযুক্তি–বিপ্লৱ সম্ভৱ কৰি তুলিছে৷ কার্লমার্ক্সৰ শ্রেণী–সংগ্রাম আৰু ইতিহাসৰ অর্থনৈতিক ব্যাখ্যাৰ তত্ত্বই কুৰি শতিকাৰে আটাইতকৈ ডাঙৰ সামাজিক আৰু ৰাজনৈতিক বিপ্লৱ সম্ভৱ কৰি তুলিছিল৷ ছিগমুণ্ড ফ্রয়ডৰ নতুন মনস্তাত্ত্বিক আৱিষ্কাৰ আৰু চিন্তাধাৰাই আধুনিক মানুহৰ জীৱনৰ প্রতি দৃষ্টিভংগীক বহু পৰিমাণে সলনি কৰি দিছে আৰু সাহিত্য আৰু দর্শনৰ ওপৰত গভীৰ প্রভাৱ পেলাইছে৷
এই তিনিওজন মানুহেই আছিল ইহুদী৷
ইহুদীসকলৰ এটা প্রধান জাতীয় বৈশিষ্ট্য হ’ল এই যে তেওঁলোকে জীৱনৰ সাধনাত শাৰীৰিক পৰিশ্রমক অতি উচ্চ স্থান দিয়ে৷ যি স্থলত পৃথিৱীৰ অন্যান্য বহু জাতিৰ মানুহে শাৰীৰিক পৰিশ্রমক ঘৃণা আৰু অৱজ্ঞাৰ দৃষ্টিৰে চায়, তেনেস্থলত ইহুদীসকলৰ ধর্ম আৰু নৈতিক দর্শনে তেওঁলোকক এনে শিক্ষা দিছে যে শাৰীৰিক পৰিশ্রম ধনী–দৰিদ্র নির্বিশেষে সকলো মানুহৰেই এক অৱশ্য–পালনীয় পৱিত্র কর্তব্য বুলি বিবেচনা কৰিছিল৷ পৃথিৱীৰ দার্শনিকসকলৰ ভিতৰত এখন অতি উচ্চ আসন লাভ কৰা দার্শনিক হ’ল বাৰুখ স্পিনোজা৷ সঁচা কথা ক’বলৈ গ’লে আধুনিক যুগৰ আটাইতকৈ চিন্তাশীল লোকসকলক তেওঁৰ দর্শনে যিমান প্রভাৱিত কৰিছে, আন কোনো দার্শনিকে সিমান কৰা নাই৷ তেওঁ আছিল এজন ইহুদী৷ তেওঁ শাৰীৰিক পৰিশ্রমক অতি পৱিত্র বুলি জ্ঞান কৰিছিল৷ তেওঁ বিশ্বাস কৰিছিল যে প্রত্যেক মানুহেই নিজৰ জীৱনটো সার্থক কৰিবৰ কাৰণে কিবা নহয় কিবা এবিধ শাৰীৰিক পৰিশ্রম কৰা উচিত৷ তেওঁ নিজে বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ প্রত্যাখ্যান কৰি জীৱিকাৰ কাৰণে স্বেচ্ছাই বাছি লৈছিল লেনছ lens) চাফা আৰু মিহি কৰাৰ কাম৷
যীশুখ্রীষ্টৰ জন্মৰ দুশ–তিনিশ বছৰৰ আগতেই ইহুদীসকলৰ জুডিয়া নামৰ নিজৰ এখন দেশ আছিল৷ তেওঁলোকে তাত এক অতি উন্নত সভ্যতা গঢ়ি তুলিছিল৷ কিন্তু পিছলৈ বেবিলনিয়ান, পার্ছিয়ান, ৰোমান আৰু আৰবসকলে জুডিয়া জয় কৰি ইহুদীসকলক পৰাধীন কৰাৰ ফলত তেওঁলোকে নিজৰ ধর্ম–বিশ্বাস আৰু জীৱনধাৰা ৰক্ষা কৰিবলৈ স্বদেশ ত্যাগ কৰি পৃথিৱীৰ বহু দেশত সিঁচৰতি হৈ পৰিল৷ কিন্তু প্রায় দুহাজাৰ বছৰ ধৰি তেওঁলোকে বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছিল স্বদেশলৈ ঘূৰি অহাৰ সংকল্প৷
ৰোমানসকলে জুডিয়া জয় কৰি দেশখনৰ নতুন নাম দিছিল পেলেষ্টাইন৷ ঘটনা–চক্রত ১৯১৭ চনত পেলেষ্টাইন ব্রিটিছৰ অধীনলৈ আহিল৷ ঊনৈশ শতিকাৰ শেষভাগৰ পৰাই পৃথিৱীৰ বিভিন্ন দেশৰ পৰা ইহুদীসকলে পেলেষ্টাইনলৈ প্রব্রজন কৰিবলৈ আৰম্ভ কৰিছিল, কাৰণ প্রায় দুহাজাৰ বছৰ ধৰি তেওঁলোকে পেলেষ্টাইন তথা জুডিয়াকে নিজৰ একমাত্র গৃহভূমি বুলি গণ্য কৰি আহিছিল৷ ফলত ব্রিটিছশাসিত পেলেষ্টাইনত ইহুদীৰ সংখ্যা দ্রুতগতিৰে বাঢ়িবলৈ ধৰিছিল৷ ব্রিটিছসকলৰ লগত হোৱা এটা চুক্তি অনুযায়ী ১৯৪৭ চনত ইহুদীসকলৰ নিজৰ এখন স্বাধীন ৰাষ্ট্র স্থাপিত হ’ল৷ সেই ৰাষ্ট্রৰ নতুন নাম হ’ল ইজৰাইল৷
ইজৰাইলৰ প্রথমজন প্রধানমন্ত্রী আছিল ডেভিদ বেন গুৰিয়ন৷
ইজৰাইল গোটেই দেশখনেই প্রায় মৰুভূমি৷ জনসংখ্যা মাত্র ষাঠি লাখ৷ কিন্তু ইজৰাইলী ইহুদীসকলে সেই মৰুভূমিত কেৱল সোণৰ ফচল ফলায়েই ক্ষান্ত হৈ থকা নাই ইজৰাইলক চৌদিশে ঘেৰি ৰখা আৰব দেশবোৰৰ প্রায় ২৫ কোটি মানুহৰ বিৰুদ্ধে অবিৰাম যুদ্ধ কৰি নিজকে এখন প্রকৃত অর্থত স্বাধীন, শক্তিশালী আৰু সমৃদ্ধিশালী দেশ ৰূপে প্রতিষ্ঠা কৰিছে৷ সন্দেহ নাই যে ইহুদীসকল অসাধাৰণ প্রতিভাৰ অধিকাৰী মানুহ৷ কিন্তু তেওঁলোকৰ বৌদ্ধিক প্রতিভাৰ লগত যুক্ত হৈছে শাৰীৰিক পৰিশ্রমৰ প্রতি জাতিগত শ্রদ্ধা৷ তাৰ প্রমাণ পোৱা যায় ডেভিদ বেন গুৰিয়নৰ এই অবিস্মৰণীয় উক্তিত–
‘আমি শাৰীৰিক পৰিশ্রমক অভিশাপ বুলি নাভাবোঁ৷ আমি আনকি তাক এটা তিক্ত প্রয়োজন বুলিও নাভাবোঁ৷ শাৰীৰিক পৰিশ্রমক আমি কেৱল জীৱিকাৰ উপায় বুলিও নাভাবোঁ৷ আমাৰ বিচাৰত শাৰীৰিক পৰিশ্রম প্রত্যেক মানুহৰ কৰণীয় এটা মহৎ কর্তব্য, মানুহৰ জীৱনৰ আটাইতকৈ মর্যাদা–মণ্ডিত প্রয়াস, আৰু সি হোৱা উচিত স্বাধীন আৰু সৃষ্টিশীল৷ শাৰীৰিক পৰিশ্রম কৰি প্রত্যেক মানুহেই গর্ব অনুভৱ কৰা উচিত৷’
শাৰীৰিক পৰিশ্রমৰ প্রতি এনে শ্রদ্ধা ইহুদীসকলৰ জাতিগত বৈশিষ্ট্য ৷