নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুষ্প্রাপ্য প্রজাতিৰ কাৰণে নতুন ৰাষ্ট্রীয় উদ্যান

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ অষ্ট্রেলিয়াৰ নিউ ছাউথ ৱেলছত দুষ্প্রাপ্য প্রজাতিৰ পশু–পক্ষীৰ বাবে নতুন ৰাষ্ট্রীয় উদ্যান গঢ়িব৷ বৃহত্তৰ লণ্ডনতকৈ বিশালকৈ গঢ়িব খোজা এই নতুন ৰাষ্ট্রীয় উদ্যানৰ পদক্ষেপক বিশ্বজুৰি প্রকৃতিপ্রেমীয়ে প্রশংসা কৰিছে৷

বিশ্বৰ পৰা ক্রমান্বয়ে হেৰাই যাব ধৰা আৰু বিলুপ্তিৰ দিশে আগবঢ়া পশু–পক্ষীক সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰখাৰ লক্ষ্যৰেই নাৰীয়েৰা ষ্টেচনক সাঙুৰি ১,৫৩৪ বর্গকিলোমিটাৰজোৰা হ’ব এই উদ্যানখন৷ চৰকাৰী ভূমিৰ উপৰি এই উদ্যানত ব্যক্তিগত ভূমি অন্তর্ভুক্ত হ’ব৷ ইতিমধ্যে চৰকাৰে ব্যক্তিগত ভূমিসমূহ ক্রয় কৰি উদ্যান গঢ়াৰ প্রাৰম্ভিক প্রক্রিয়া আৰম্ভ কৰিছে৷

জলমগ্ণ অঞ্চল, আর্দ্রভূমি আৰু গছ–গছনিৰে আৱৰা এই নতুন উদ্যানখনৰ লেখীয়া উদ্যান হয়তো পৃথিৱীত আন এখন পাবলৈ নাই বুলি দেশখনৰ পৰিৱেশমন্ত্রীয়ে প্রকাশ কৰিছে৷ তাৎপর্যপূর্ণ যে যি ঠাইত উদ্যানখন গঢ়ি তোলা হ’ব সেই ঠাইত ইতিমধ্যে ২৫তকৈ অধিক বিলুপ্তপ্রায় পশু–পক্ষী আছে৷

You might also like