ফখৰুদ্দিন আলী আহমেদৰ অপ্রকাশিত ডায়েৰী
১৯৩৭ চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠিত অসমৰ মন্ত্রীসভাত যেতিয়া ফখৰুদ্দিন আলী আহমেদে মাত্র ৩৩ বছৰ বয়সতে বিত্তমন্ত্রী হিচাপে যোগ দিয়ে, তেতিয়া তেওঁ সমগ্র দেশৰ ভিতৰতে আছিল আটাইতকৈ কম বয়সীয়া মন্ত্রী৷ তাৰ পিছত সুদীর্ঘ কাল ৰাজনীতিত থাকি আৰু বিচিত্র অভিজ্ঞতা অর্জন কৰি অৱশেষত তেওঁ ৰাষ্ট্রৰ সর্বোচ্চ পদ ৰাষ্ট্রপতি হোৱাৰ সন্মান অর্জন কৰে৷ ৰাষ্ট্রপতি হৈ থকা অৱস্থাতে ১৯৭৭ চনত তেওঁৰ মৃত্যু হয়৷ সেই সময়ত দেশৰ ৰাজনৈতিক বাতাৱৰণ এনেকুৱা আছিল যে ফখৰুদ্দিন আলী আহমেদৰ মৃত্যুৱে মানুহৰ মনত নানা প্রশ্ণ জগাই তুলিছিল৷ বহুতে সন্দেহ কৰে যে হঠাৎ কিবা এটা ডাঙৰ আঘাত পাই তেওঁৰ মৃত্যু ঘটিল৷
ফখৰুদ্দিন আলী আহমেদৰ ৰাজনৈতিক জীৱনৰ অভিজ্ঞতা আছিল বিচিত্র৷ যি সময়ত ছাৰ ছাদুল্লাৰ নেতৃত্বত মুছলিম লীগ অসমত এটা ডাঙৰ ৰাজনৈতিক শক্তি হৈ উঠিছিল, সেই সময়ত ফখৰুদ্দিন আলী আহমেদে যোগ দিলে কংগ্রেছত৷ ফলত দেশে স্বাধীনতা নোপোৱা পর্যন্ত তেওঁ অসমৰ মুছলমান সমাজৰ ঘোৰ সাম্প্রদায়িকতাবাদী অংশটোৰ দ্বাৰা নানা প্রকাৰে লাঞ্ছিত আৰু নিগৃহীত হৈছিল৷ দেশে স্বাধীনতা পোৱাৰ তিনি বছৰ পিছতেই ১৯৫০ চনত অসমৰ অবিসম্বাদী নেতা গোপীনাথ বৰদলৈৰ মৃত্যু হ’ল আৰু বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্রী হ’ল৷ বিষ্ণুৰাম মেধিৰ লগত ফখৰুদ্দিন আলী আহমেদৰ মানসিকতাৰ কোনো মিল নাছিল৷ ফলত দুয়োৰে মাজত ব্যক্তিত্ব আৰু দৃষ্টিভংগীৰ সংঘাত আৰম্ভ হৈ গ’ল৷ ১৯৫৭ চনত বিমলা প্রসাদ চলিহা অসমৰ মুখ্যমন্ত্রী নোহোৱালৈকে ফখৰুদ্দিন আলী আহমেদ ৰাজনীতিৰ পৰা স্বেচ্ছা–নির্বাসিত হৈ আঁতৰি আছিল৷ চলিহাৰ মন্ত্রীসভাত তেওঁ যোগ দিলে৷ কিন্তু মাজতে দেৱেশ্বৰ শর্মাৰ লগত তেওঁৰ এখুন্দা ৰাজনৈতিক যুদ্ধ লাগিল৷ ফলস্বৰূপে এইবাৰ ৰাজনীতিৰ পৰা নির্বাসিত হ’ল দেৱেশ্বৰ শর্মা৷
১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত ফখৰুদ্দিন আলী আহমেদ আছিল অসমীয়া জাতিৰ প্রিয়তম নেতা৷ কিন্তু সেই ভাষা আন্দোলনৰ ঢ়ৌ মাৰ যোৱাৰ পিছত ফখৰুদ্দিন আলী আহমেদৰ বিৰুদ্ধে সাম্প্রদায়িকতাৰ অভিযোগ উঠিল৷ পাকিস্তানী অনুপ্রৱেশকাৰী বিতাড়নৰ প্রশ্ণত তেওঁ অনুপ্রৱেশকাৰীসকল পক্ষ লোৱা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ কৰা হ’ল৷ সেই সময়ত আলী আহমেদৰ মনত নিশ্চয় তিক্ততা পুঞ্জীভূত হৈছিল৷ এনে অৱস্থাতে তেওঁ কেন্দ্রীয় চৰকাৰৰ মন্ত্রী নিযুক্ত হ’ল৷ চলিহাৰ ১৩ বছৰীয়া মুখ্যমন্ত্রিত্বৰ শেষৰ তিনিটা বছৰ তেওঁ প্রায় শয্যাশায়ী হৈ আছিল৷ আৰু তেতিয়া অবিৰামভাৱে তেওঁৰ উত্তৰাধিকাৰীৰ সন্ধান চলিছিল৷ কিন্তু আচৰিত কথা যে যিজন মানুহে ১৯৩৭ চনতে মন্ত্রী হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল, অসমৰ সেই আটাইতকৈ অভিজ্ঞ ৰাজনীতিক আৰু যোগ্য প্রশাসক ফখৰুদ্দিন আলী আহমেদৰ নামটো কিন্তু সেই প্রসংগত এবাৰো উচ্চাৰিত নহ’ল৷ কাৰণ তেওঁ আছিল মুছলমান৷
১৯৬৯ চনত ইন্দিৰা গান্ধীয়ে কংগ্রেছৰ বিভাজন ঘটালে৷ সেই সময়ত তেওঁৰ দুই প্রধান সাৰথি আছিল জগজীৱন ৰাম আৰু ফখৰুদ্দিন আলী আহমেদ৷ অর্থাৎ কংগ্রেছৰ ঘটনামুখৰ ইতিহাসৰ এটা বিৰাট সন্ধিক্ষণত আলী আহমেদে এটা গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷
অৱশেষত ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্রপতি হ’ল৷ তেওঁৰ ত্যাগ, আদর্শবাদিতা, জনসেৱা আৰু ৰাজনৈতিক বিচক্ষণতাৰ প্রতি ৰাষ্ট্রই দিব পৰা সর্বোচ্চ সন্মান তেওঁক দিয়া হ’ল৷ তেওঁ ৰাষ্ট্রপতি হৈ থকা অৱস্থাত ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিলে৷ কিন্তু পিছত বহুত মানুহে এইবুলি সন্দেহ কৰিবলৈ আৰম্ভ কৰিলে যে জৰুৰী অৱস্থাৰ ঘোষণা পত্র আছিল বে–আইনী আৰু সেই বে–আইনী ঘোষণা পত্রতে ৰাষ্ট্রপতিয়ে চহী কৰিছিল৷ সেই সময়ত তেওঁৰ মানসিক অৱস্থা কেনে আছিল? দেশৰ সর্বজন শ্রদ্ধেয় বয়োবৃদ্ধ নেতাসকলকে ধৰি লাখ লাখ মানুহক বিনা বিচাৰে জেলত ভৰাওঁতে ৰাষ্ট্রপতি ভৱনত বহি বহি বিশিষ্ট আইনজ্ঞ ফখৰুদ্দিন আলী আহমেদে কি কথা চিন্তা কৰিছিল? তুর্কমেন গেইটৰ নৃশংস চৰকাৰী হত্যাকাণ্ডত তেওঁৰ মনৰ প্রতিক্রিয়া কি হৈছিল? এলাহাবাদ উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধীৰ নির্বাচন অবৈধ বুলি ঘোষণা কৰোঁতে আৰু তাৰ পিছতো তেওঁ প্রধানমন্ত্রী পদ এৰি দিবলৈ অস্বীকাৰ কৰোঁতে এজন বিশিষ্ট আইনজ্ঞ হিচাপে ফখৰুদ্দিন আলী আহমেদে মনে মনে কি ভাবি আছিল? ইত্যাদি বহুতো প্রশ্ণৰ উত্তৰ পাবলৈ মানুহৰ মনত স্বাভাৱিকতে তীব্র কৌতূহল হয়৷
ফখৰুদ্দিন আলী আহমেদে তেওঁৰ সুদীর্ঘ ৰাজনৈতিক জীৱনৰ দৈনন্দিন অভিজ্ঞতা ডায়েৰীত লিপিবদ্ধ কৰি ৰাখিছিল৷ তেওঁৰ মৃত্যুৰ পিছত সেই ডায়েৰীৰ অস্তিত্বৰ কথা জনাজনি হয়৷ বিশেষকৈ দেশত জৰুৰী অৱস্থা ঘোষণাৰ আনুষংগিক নানা বিতর্কমূলক প্রশ্ণৰ উত্তৰ সেই ডায়েৰীত পোৱা যাব পাৰে বুলি অনুমান কৰি পৃথিৱীৰ বিভিন্ন মহলত ডায়েৰীখনৰ প্রতি প্রচণ্ড কৌতূহল সৃষ্টি হয়৷ ইউৰোপ আৰু আমেৰিকাৰ বহুতো বিখ্যাত বাতৰিকাকত আৰু প্রকাশন প্রতিষ্ঠানে সেই ডায়েৰীৰ প্রকাশৰ স্বত্ব আদায় কৰিবৰ কাৰণে বিপুল পৰিমাণৰ ধনো আগবঢ়ায়৷ কিন্তু বোধগম্য কাৰণত আলী আহমেদৰ পৰিয়ালে ডায়েৰীখন প্রকাশ কৰিবলৈ দিবলৈ অমান্তি হয়৷ তেনে সময়তে মই বিশ্বস্ত সূত্রৰ পৰা জানিব পাৰিছিলোঁ যে আলী আহমেদৰ পৰিয়ালে সেই ডায়েৰীখন বিশিষ্ট অসমীয়া সাংবাদিক নৰেশ ৰাজখোৱাক সম্পাদনা কৰিবলৈ দিছিল৷ তেওঁলোকৰ যুক্তি আছিল এয়ে যে যি ফখৰুদ্দিন আলী আহমেদে অসম আৰু অসমীয়াক নিজৰ প্রাণতকৈও বেছি ভাল পাইছিল, তেওঁৰ ডায়েৰী এজন অসমীয়াৰ বাহিৰে আন কোনেও সম্পাদনা কৰা উচিত নহয়৷ তাতে আকৌ নৰেশ ৰাজখোৱা আছিল আলী আহমেদৰ অতিশয় প্রিয়পাত্র৷ তেওঁ ৰাষ্ট্রপতি হোৱাৰ পিছতে এখন সাংবাদিক সন্মিলনত দেশ–বিদেশৰ বহুতো সাংবাদিকৰ আগত নৰেশ ৰাজখোৱাক তেওঁৰ নিজৰ পুত্র বুলি চিনাকি কৰি দিছিল৷
কিন্তু ডায়েৰীখন আজিলৈকে প্রকাশ হৈ নোলাল৷ নৰেশ ৰাজখোৱায়ো কেতিয়াবাই পৃথিৱীৰ পৰা বিদায় ল’লে৷ ডায়েৰীখন প্রকাশ হৈ ওলালে সি নিঃসন্দেহে এখন ‘বেষ্ট ছেলাৰ’ হোৱাৰ উপৰি অসম তথা ভাৰতৰ এটা যুগৰ ৰাজনৈতিক ইতিহাস লিখিবৰ কাৰণে এখন অমূল্য আকৰ গ্রন্থ বুলি বিবেচিত হ’লহেঁতেন৷ স্বাভাৱিকতেই প্রায় অর্ধশতাব্দীৰ অসমৰ ৰাজনীতি আৰু ৰাজনৈতিক ব্যক্তিসকলৰ বিষয়ে এই ডায়েৰীত ফখৰুদ্দিন আলী আহমেদৰ ব্যক্তিগত মতামত আৰু ব্যাখ্যা সন্নিৱিষ্ট হৈ আছে৷ তেনেস্থলত সেই ডায়েৰীখনে অসমৰ ৰাজনীতিৰ বহুতো গোপন তথ্য উন্মোচিত কৰিলেহেঁতেন আৰু মানুহে জনা বহুতো তথ্যৰ ওপৰত নতুন পোহৰ পেলালেহেঁতেন৷ এতিয়া প্রশ্ণ হয় ঃ ফখৰুদ্দিন আলী আহমেদৰ পৰিয়ালে বা তেওঁৰ বংশধৰসকলে এনে এখন অমূল্য ডায়েৰী প্রকাশ কৰিবলৈ ব্যৱস্থা লোৱা নাই কিয়? বা সন্মত হোৱা নাই কিয়?