নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত বন্ধ ষ্টেডিয়ামত হ’ব আই পি এল

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ মহামাৰী ক’ভিড ১৯ৰ প্রাদুর্ভাৱৰ বাবে বিগত ২ বছৰ ইউ এ ইত অনুষ্ঠিত হ’লেও এইবাৰ আই পি এল দেশৰ মাটিত অনুষ্ঠিত হ’ব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ২০২২ৰ আই পি এল যিকোনো প্রকাৰে ভাৰতত আয়োজন কৰিবলৈ পৰিকল্পনা যুগুত কৰিছে বুলি আজি জানিব পৰা গৈছে৷ আই পি এলৰ গৱর্নিং কাউঞ্চিলৰ সদস্য আৰু ফ্রেনছাইজীৰ স্বত্বাধিকাৰসকলৰ সৈতে হোৱা এক গুৰুত্বপূর্ণ ভার্ছুৱেল বৈঠকত বিচিচিআইৰ শীর্ষ বিষয়ববীয়াসকলে আগন্তুক আই পি এল দেশৰ মাটিত আয়োজন কৰিবলৈ প্রস্তুত বুলি উল্লেখ কৰে৷ বিচিচিআয়ে দেশত অব্যাহত থকা ক’ভিড ১৯ৰ প্রাদুর্ভাৱৰ প্রতি লক্ষ্য ৰাখি এখন চহৰতে আই পি এলৰ মেচসমূহ আয়োজনৰ চিন্তা–চর্চা কৰিছে৷ এই অনুসৰি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়াম, ক্রিকেট ক্লাব অৱ ইণ্ডিয়া আৰু ডি ৱাই পাটিল ষ্টেডিয়ামক আই পি এলৰ ভেন্যু হিচাপে বাছনি কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ প্রয়োজন অনুসৰি কিছুসংখ্যক মেচ পুনেতো অনুষ্ঠিত হ’ব পাৰে৷

ব’ৰ্ডৰ এক সূত্রই সদৰী কৰা অনুসৰি, ২০২২ৰ আই পি এল মুম্বাইত দর্শক অবিহনে অনুষ্ঠিত হোৱাটো একপ্রকাৰ নিশ্চিত৷ অৱশ্যে বিচিচিআয়ে প্লেন ‘বি’ হিচাপে এইবাৰো ইউ এ ইক আই পি এলৰ সম্ভাব্য ভেন্যু হিচাপে সন্নিৱিষ্ট কৰি ৰাখিছে৷ মন কৰিবলগীয়া যে ক’ভিডৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে ব’র্ডে ২০২০ৰ আই পি এল সম্পূর্ণৰূপে ইউ এ ইত আয়োজন কৰিছিল৷ ইয়াৰ পিছত বিচিচিআয়ে ২০২১ৰ আই পি এল দেশৰ মাটিত আয়োজন কৰে যদিও ভাৰতত হঠাতে ক’ভিডৰ প্রাদুর্ভাৱ পুনৰ বৃদ্ধি পোৱাত প্রতিযোগিতাখন আধাতে বন্ধ কৰি পৰৱর্তী সময়ত ইউ এ ইত আয়োজন কৰা হয়৷ এইবাৰো ভাৰতত ক’ভিডৰ সংক্রমণ অব্যাহত থকাত ঘৰুৱা ক্রিকেট প্রতিযোগিতাৰ লগতে আই পি এলক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ বি চি চি আয়ে ইতিমধ্যে দেশৰ আগশাৰীৰ ঘৰুৱা ক্রিকেট প্রতিযোগিতা ৰঞ্জি ট্রফী স্থগিত ৰাখিছে৷

You might also like