নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ নির্বাচনঃ কৈৰাণাৰ ঘৰে ঘৰে প্রচাৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ ১০ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া উত্তৰ প্রদেশ বিধানসভা নির্বাচনৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈৰাণাত ঘৰে ঘৰে প্রচাৰ চলাইছে৷ কৈৰাণা বিধানসভা সমষ্টিৰ প্রার্থী প্রয়াত হুকুম সিঙৰ কন্যা মৃগংকা সিঙৰ হৈ কেন্দ্রী গৃহমন্ত্রী শ্বাহে ঘৰে ঘৰে প্রচাৰ অভিযান চলাইছে৷ আজি পুৱা কৈৰাণাত উপস্থিত হৈ প্রথমে গৃহমন্ত্রীগৰাকীয়ে শিক্ষক কলনীলৈ গৈ বিজেপিৰ প্রার্থী মৃগংকা সিঙৰ হৈ প্রচাৰ চলায়৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ ডাবল ইঞ্জিনে ৰাজ্যখনৰ বিকাশৰ নতুন গতি লাভ কৰা বুলি ভোটাৰৰ সৈতে মত ব্যক্ত কৰি গৃহমন্ত্রীগৰাকীয়ে প্রচাৰ পত্রিকাও বিতৰণ কৰে৷ কৈৰাণাত মহালিয়া গোমবাদৰ ৭০ বছৰীয়া পুৰণি সাধু ছুইটছলৈ গৈও গৃহমন্ত্রীগৰাকীয়ে প্রচাৰ চলায়৷ প্রচাৰ পত্রিকা বিতৰণ কৰি গৃহমন্ত্রীগৰাকীয়ে জয় শ্রীৰাম ধ্বনিৰে অঞ্চলটোৰ ভোটাৰক আকর্ষিত কৰিবলৈ প্রয়াস চলায়৷ উল্লেখ্য যে ৰাজ্যখনত ১০ ফেব্রুৱাৰীৰ পৰা ৭টা পর্যায়ত ক্রমে ১০, ১৪, ২০, ২৩, ২৭ ফেব্রুৱাৰী আৰু ৩ আৰু ৭ মার্চত ভোটগ্রহণ হ’ব৷ ফলাফল ঘোষণা কৰা হ’ব ১০ মার্চত৷

You might also like