নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজপেয়ীৰ বৰ্ণিল জীৱনৰ কথাবোৰ…..

-ৰিংকুমণি পাঠক

দেশৰ ৰাজনীতিৰ এক চিৰস্মৰণীয় ব্যক্তিত্ব প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী । আজি তেওঁৰ জন্ম বাৰ্ষিকীত দেশবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে জনপ্ৰিয় নেতাগৰাকীক । এই বিশেষ দিনটোত আহক জানো অবিসম্বাদী, আকৰ্ষণীয় আৰু বাকপটু নেতাগৰাকীৰ জীৱন আৰু কৰ্মৰ কেইটামান আমোদজনক আৰু গুৰুত্বপূৰ্ণ তথ্য-

(১) জানিলে হয়তো আপুনিও আচৰিত হ’ব যে অটল বিহাৰী বাজপেয়ী আৰু তেওঁৰ পিতৃ কলেজত আছিল সহপাঠী । কানপুৰৰ ডি এ ভি কলেজত অটল বিহাৰী বাজপেয়ী আৰু তেওঁৰ পিতৃয়ে একেলগে একেটা শ্ৰেণীতে আইনৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল । আনকি পিতৃ-পুত্ৰ দুয়ো একেটা আবাসৰে আবাসী আছিল ।

(২) বাজপেয়ীয়ে সদায় এগৰাকী সাংবাদিক হ’ব বিচাৰিছিল । ভুলক্ৰমেহে ৰাজনীতিত প্ৰৱেশ কৰা বুলি তেওঁ এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল ।

(৩) এগৰাকী সুবক্তা হিচাপে সুখ্যাত আছিল অটল বিহাৰী বাজপেয়ী । তেওঁৰ এই গুণক প্ৰশংসা কৰি জৱাহৰলাল নেহৰুৱে এদিন বাজপেয়ী প্ৰধানমন্ত্ৰী হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল ।

(৪) ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত হিন্দীত ভাষণ প্ৰদান কৰা প্ৰথমগৰাকী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী তথা প্ৰথমগৰাকী ব্যক্তি হ’ল অটল বিহাৰী বাজপেয়ী ।

(৫) প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকী দহবাৰকৈ চাৰিখন ৰাজ্যৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল । তেওঁ উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট আৰু দিল্লীৰ বিভিন্ন সমষ্টিক দহবাৰকৈ লোকসভাত প্ৰতিনিধিত্ব কৰিছিল ।

You might also like