নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ: সমগ্ৰ অসমৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ সহযোগত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰাৰ লগতে জিলাখনত পেলু নিৰ্মূলকৰণ অভিযানৰো শুভাৰম্ভ কৰা হয় ।পেলু নিৰ্মূলকৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা: তৰুণ কুমাৰ দেউৰীয়ে । উল্লেখ্য যে ১০ মাৰ্চৰ পৰা চলিবলগা এই অভিযানত ১ বছৰৰ পৰা ১৯ বছৰৰ শিশু তথা কিশোৰ কিশোৰীক পেলুমুক্ত নিশ্চিত কৰিবলৈ পেলুমুক্ত বড়ী প্ৰদান কৰা হব ।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিশুৰোগ বিশেষজ্ঞ ডা: কুইন বৰুৱাই ছাত্র ছাত্ৰীৰ সকলৰ আগত ঘৰৰ চৌদিশ চাফ চিকুণ ৰখা, জোতা চেন্ডেল পৰিধান কৰা, মুকলি ঠাইত  শৌচ পেচাব নকৰি শৌচলয় ব্যৱহাৰ কৰা, ভালদৰে চাবনেৰে হাত ধোঁৱা, ফল মূল শাক পাচলি পৰিষ্কাৰ পানীৰে ধোঁৱা, বিশুদ্ধ পানী ব্যৱহাৰ কৰা, আহাৰ ঢাকনিৰে ঢাকি ৰখা, হাত ভৰিৰ নখবোৰ চাফা আৰু চুটি কৰি ৰখাৰ কথা নিজৰ ভাষণত উল্লেখ কৰে । অনুষ্ঠান উপলক্ষে মোবাইল মেডিকেল ইউনিট, ৰাষ্ট্ৰীয় শিশু সুৰক্ষা কাৰ্যক্ৰমৰ সহযোগত বিদ্যালয়ত এক স্বাস্থ্য পৰীক্ষা শিবিৰ,  শিশু তথা মাতৃৰ টিকাকৰণ, আয়ুষ্মান ভাৰত কাৰ্ডৰ ই -কেৱাইচি কৰা হয় ।এই অনুষ্ঠানত উপস্থিত থাকে বগীনদী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা: মনোৰম টায়েং, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডা: বৰ্ণালী বৰুৱা আৰু বিপুল শইকীয়া, ডা:আয়ন দাস খণ্ড আঁচনি প্ৰবন্ধক শ্ৰীমন্ত বৰকাকটিৰ লগতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্র-ছাত্ৰীসকল আৰু স্থানীয় এএনএম, আশাসকল আৰু শতাধিক ৰাইজ উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like