পৃথিৱীত দ্রুতগতিত হৈ থকা মানুহৰ জনবিস্ফোৰণৰ ফলত নিজৰ সুবিধার্থে ঘৰ–বাৰী, ৰাস্তা–ঘাট, কল–কাৰখানা আদি বিভিন্ন প্রয়োজনীয় সমস্যা পূৰণ কৰি আহিছে৷ তাৰ অর্থ এইটো নহয় যে পৃথিৱীখন সৃষ্টিকর্তাই অকল মানৱ জাতি জীয়াই থকাৰ বাবেই কৰিছে৷ সকলোৱে জনা উচিত যে আমি জীয়াই থকা এই পৃথিৱীখনক সৃষ্টিকর্তাই সুন্দৰভাৱে সকলোৰে বাবে ভাৰসাম্য ৰাখি সজাই থৈছে আৰু প্রত্যেককে জীয়াই থকাৰ বাবে প্রকৃতিয়ে আমাক বায়ু, পানী, বতাহ, তাপ আৰু গছ–গছনিকে ধৰি এইখন পৃথিৱীত জীয়াই থাকি জীৱিকা নির্বাহ কৰিবৰ বাবে মানুহকে ধৰি বিভিন্ন জীৱকুলৰ স্থান নির্ধাৰণ কৰি থৈছে৷
তেনেস্থলত দেখা যায় যে দিনক দিনে মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলস্বৰূপে প্রাকৃতিকভাৱে সৃষ্ট গছ–গছনি, হাবি–জংগল, খাল–বিল, পাহাৰকে ধৰি নৈসমূহ মানুহে এফালৰ পৰা ধবংস কৰি আহিছে৷ ফলত পৃথিৱীৰ বায়ুমণ্ডলৰ ব্যাপক তাৰতম্য ঘটাত জৈৱ–বৈচিত্র্যত বেয়াকৈ প্রভাৱ পৰাৰ লগতে জীৱকুলৰ প্রতি প্রচণ্ড ভাবুকি অহা পৰিলক্ষিত হৈছে৷ তাৰ প্রমাণ হিচাপে আগৰ তুলনাত পৃথিৱীৰ তাপমাত্রা দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে লগতে বিভিন্ন জীৱকুলৰ অস্তিত্ব পৃথিৱীৰ বুকুৰ পৰা হেৰাই যাবলৈ ধৰিছে৷
এনেবোৰ ক্ষেত্রত আমাৰ মাজতে এনে কিছুমান লোক আছে এই ধবংসমুখী পৰিস্থিতি পুনৰ উজ্জীৱিত কৰি পৰিৱেশ, জৈৱ–বৈচিত্র্য আৰু প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ অর্থে অহেতুক কষ্ট স্বীকাৰ কৰি আমাৰ সকলোৰে বাবেএখন সুন্দৰ সেউজীয়া, প্রদূষণমুক্ত ঠাইলৈ পর্যবসিত কৰাৰ চেষ্টা চলাই আছে৷ আজি আমি সেইসকল লোকৰ কথা ক’ব বিচাৰিছোঁ, যিসকল লোকে আজিৰ দিনত নিজৰ কথা নাভাবি সমাজ তথা সকলোৰে কথা চিন্তা কৰি এক সেউজ বিপ্লৱৰ সূচনা কৰি গৈ আছে৷ তেনেকুৱা এখন ঠাই অসমৰ উত্তৰ প্রান্তৰ ভাৰত–ভূটান সীমান্তত অৱস্থিত জিলা সদৰ ওদালগুৰি চহৰৰ পৰা মাত্র ২৫ কিঃমিঃ উত্তৰে ভাৰত–ভূটান সীমান্ত, য’ত মিলিত হৈছে অসম, অৰুণাচল আৰু ভূটান সীমা৷ ঠাইখিনিৰ নাম ভৈৰৱকুণ্ড৷ অতি মনোমোহা প্রাকৃতিক দৃশ্যৰাজিৰে ভৰপূৰ অসমৰ সীমাৰ উত্তৰ দিশৰ পৰা ভূটান আৰু অৰুণাচল পাহাৰসমূহৰ পৰা বৈ অহা বৃহৎ জলধাৰা অসমত সোমোৱাৰ পিছতেই ধনশিৰি নদী ৰূপে পৰিচিত হৈ আহিছে৷ প্রতি বছৰে ডিচেম্বৰ–জানুৱাৰী মাহত হাজাৰ হাজাৰ লোক বনভোজৰ আনন্দ ল’বলৈ ইয়ালৈ আছে৷ এই নদীৰ পাৰতেই জিলাখনৰ সাতখন বনাঞ্চলৰ ভিতৰত এখন উল্লেখযোগ্য বনাঞ্চল হ’ল ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চল৷ ওদালগুৰি জিলাৰ ধনশিৰি বন সংমণ্ডলৰ অধীনস্থ এই বনাঞ্চলখনৰ মুঠ মাটিকালি ২,৪৪০.৭৫ হেক্টৰ৷ এটা সময়ত এই বনাঞ্চলত বিভিন্ন ধৰণৰ মূল্যৱান গছ–গছনি, অর্কিড, আপুৰুগীয়া জীৱ–জন্তু, ভিন্ন প্রজাতিৰ চৰাই, সৰীসৃপৰ প্রধান বসতিস্থল হিচাপে পৰিগণিত হৈ আহিছে৷ ইয়াৰে প্রধান নদী ধনশিৰিৰ লগতে বনাঞ্চলখনৰ ভিতৰৰে ভূটান আৰু অৰুণাচল প্রদেশৰ পাহাৰসমূহৰ পৰা বৈ অহা সৰু সৰু কেইবাটাও জুৰি বৈ অহাৰ ফলত বনাঞ্চলখনৰ জৈৱ–বৈচিত্র্যবৃদ্ধিত ইন্ধন যোগাইছে৷ উল্লেখ কৰিব পাৰি যে এই বনাঞ্চলখন ধনশিৰি নৈৰ পাৰত হোৱা হেতুকে ধনশিৰি বনাঞ্চল৷
১৯৭৯ আৰু ১৯৮৯ চনত ভূটান আৰু অৰুণাচলৰ পাহাৰসমূহৰ পৰা দুটাকৈ প্রচণ্ড বানপানীৰ ধল অহাত এই বনাঞ্চলখন সম্পূর্ণ ধবংসস্তূপত পৰিণত হয়৷ সেই প্রাকৃতিক দুর্যোগ দুটাৰ ফলত পানীৰ ধলৰ লগত অহা প্রকাণ্ড শিল–বালিয়ে গোটেই বনাঞ্চলখন পুতি থৈ যায়৷ এনে পৰিপ্রেক্ষিতত বনাঞ্চলখনৰ সমীপৱর্তী ছখন গাঁও ক্রমে ভৈৰৱপুৰ, গৰৈমাৰী, সোণাইগাঁও, ৰূপনগাঁও, ১নং মাজৰ গাঁও আৰু ২নং মাজৰ গাঁৱৰ শ শ লোক একত্রিত হৈ মনত সংকল্প গ্রহণ কৰি ১৯০৭ চনত ধনশিৰি নৈৰ পাৰত ধ্বংস হৈ যোৱা এই বনাঞ্চলখনত সেউজ বিপ্লৱ ৰচনা কৰিবলৈ ওলাই আহিল৷ ৰাইজৰ কথামতেই কাম৷ ধবংসস্তূপত পৰিণত হোৱা এই স্থানত থকা প্রকাণ্ড শিল–বালি আঁতৰাই অতি কষ্ট সাধন কৰি তেতিয়াৰ পৰাই আজিলৈকে সমূহ গঞা ৰাইজে বিৰামহীনভাৱে পাঁচ বর্গকিঃমিঃজোৰা এডাল এডালকৈ গছপুলি ৰোপণ কৰি এই মানৱসৃষ্ট অৰণ্যখন গঢ়ি তুলিবলৈ ধৰিছে৷ চাবলৈ গ’লে ধবংসৰ পিছত ছখন গাঁৱৰ গঞা ৰাইজৰ হৈ ব্যতিক্রমী দূৰদর্শী পদক্ষেপ হিচাপে চিহ্ণিত হৈ আহিছে৷ আৰম্ভণিতে তেওঁলোকে ওদালগুৰি জিলাৰ ধনশিৰি বন সংমণ্ডলৰ সহযোগত (ণ্ণMC— ‘গেটছেমানি’ নামকৰণেৰে মুঠ ৩৫জনীয়া সমিতি এখন গঠন কৰে৷ বন বিভাগৰ পৰা সংগ্রহ কৰিলে তিতাচপা, গমাৰী, খৈৰা, শিমলুকে ধৰি বিভিন্ন গছপুলি আৰু সেই সময়ৰ পৰাই ৰাইজে এডাল এডালকৈ আজিলৈকে মুঠ ১৮ লাখ মূল্যৱান গছপুলি ৫ হাজাৰ বিঘা মাটিত ৰোপণ কৰাত সেইবোৰ এতিয়া ডাঙৰ গছত পৰিণত হৈছে৷ সম্প্রতি ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চলখন পুনৰ এক নতুন ৰূপত উজ্জীৱিত হৈছে৷ গাঁওবাসীৰ এটা উমৈহতীয়া উদ্দেশ্য আছিল ধবংস হৈ যোৱা প্রকৃতিপ্রদত্ত এই অৰণ্যখনক এক নতুন ৰূপ প্রদান কৰি পূর্বৰ নিচিনাকৈ বনৰীয়া জীৱকুলৰ আৱাসভূমি, প্রকৃতিৰ ভাৰসাম্য ৰক্ষা আদি দূৰদর্শী পদক্ষেপ লোৱা৷ এতিয়া তাত গ’লে প্রত্যক্ষ কৰিব মনোৰম প্রাকৃতিক সৌন্দর্যৰে ভৰা পৰিৱেশ৷ আপ্লুত কৰে বহু ভ্রমণকাৰীৰ মন৷
বনাঞ্চলৰ ৰূপ লোৱা এই অৰণ্যখনৰ গাতে লাগি থকা ভূটান আৰু অৰুণাচল পাহাৰৰ পৰা এতিয়া বিভিন্ন ধৰণৰ জীৱ–জন্তু ইয়ালৈ আগমন কৰিবলৈ ধৰিছে৷ হাতী, নাহৰফুটুকী, হৰিণ, বন গাহৰি, মেথোনকে আদি কৰি ইয়াত বিভিন্ন প্রজাতিৰ চৰাই–চিৰিকটি, ধনেশ, ময়ূৰ, অজগৰ আদি বহুবিধ সৰীসৃপ প্রজাতিৰ প্রাণীৰ বসতিস্থললৈ পর্যবসিত হ’বলৈ ধৰিছে৷ বিশেষকৈ চৰাই–চিৰিকটিৰ মাতে সকলোকে আপ্লুত কৰে৷ বর্তমান তেওঁলোকে প্রতি বছৰে গছপুলি ৰোপণ কৰি বনাঞ্চলখনৰ পৰিসৰ বৃদ্ধি কৰি আহিছে৷ বিগত বর্ষত ‘বালিপৰা ফাউণ্ডেচন’ৰ সহযোগত প্রায় দুই লাখ মূল্যৱান গছপুলি ৰোপণ কৰিছে৷ বনাঞ্চলখনৰ অন্তৰ ভাগলৈ যোৱা কেইবাটাও পথ আছে৷ পথসমূহ ২০১৬–১৭ বিত্তীয় বর্ষৰ চৰকাৰী আঁচনিৰ জৰিয়তে যান–বাহন চলাচলৰ বাবে সুন্দৰভাৱে নির্মাণ কৰি দিছে৷ তদুপৰি, পর্যটকসকল থাকিবৰ বাবে জিলা প্রশাসনে পাঁচ লাখ টকা ব্যয়সাপেক্ষে ২০১৫–১৬ চনত দুটা কোঠালি পর্যটক নিৱাস আৰু অসম চৰকাৰৰ বন বিভাগৰ পি চি চি এফৰ তৰফৰ পৰা এটি পকী চাংবঙলা সাজি দিয়ে৷ ইয়াত প্রায় বিশজন পর্যটকে থকা–খোৱাৰ সুন্দৰ সুবিধা আছে৷ যোৱা পাঁচ বছৰৰ পৰা বহু দেশী–বিদেশী পর্যটকৰ ইয়ালৈ আগমন ঘটিছে৷ পর্যটকৰ পৰা পোৱা কিছু ধনেৰে বনাঞ্চলৰ কাম–কাজ চলাই আছে যদিও সেইখিনি ধন পর্যাপ্ত নহয়৷
পৰিশেষত অসমৰ সীমান্তত এইসকল গাঁওবাসীয়ে ব্যতিক্রমী চেষ্টাৰে অশেষ কষ্ট সাধন কৰি গঢ়ি তোলা এই অৰণ্যখনে মানব জাতি তথা লাহে লাহে আমাৰ মাজৰ পৰা বিলুপ্ত হোৱা সেইজীয়া পৃথিৱীখনৰ লগতে বহু আপুৰুগীয়া প্রাণীকুলক কিছু আশ্রয়, খাদ্য আৰু বাসস্থান সুৰক্ষিত কৰা বাবে তেওঁলোক আমাৰ বাবে চিৰ নমস্য হৈ ৰ’ব৷ তেওঁলোকৰ এনে কার্য বনাঞ্চল সংৰক্ষণত আমাৰ বাবে অম্লান নিদর্শন৷ আশা কৰিছেছা ‘গেটছেমানি’য়ে আৰু অধিক আগবাঢ়ি গৈ আমাৰ এই ধৰণীক সুন্দৰ সেউজ কৰি গঢ়ি তোলক৷