নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলু গছেৰে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ চেষ্টা ঢকুৱাখনাৰ যোগেশ দলেৰ

নিয়মীয়া বাৰ্তা, ৫ জুন-বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত এটা ভাললগা খবৰ।এক সেউজীয়া সপোন।নিজ হাতে গঢ়িছে এখন অৰণ্য।সন্তানৰ দৰে লালন-পালন কৰিছে ইয়াৰ প্ৰতিজোপা গছ।মানুহজনৰ দুচকুত প্ৰতিনিয়ত উদ্ভাসিত হৈ থাকে এখন সেইজীয়া পৃথিৱীৰ স্বপ্ন।প্ৰকৃতি ধ্বংসৰ বিপৰীতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ চেষ্টাত ব্ৰতী হৈছে ঢকুৱাখনাৰএগৰাকী প্ৰকৃতিপ্ৰেমী ৷ গছ থাকিলেহে মানুহ থাকিব আপ্তবাক্যশাৰীৰ যথাৰ্থ মূল্যায়ণ কৰাৰ আপ্ৰাণ চেষ্টাৰে ব্যক্তিগত প্ৰচেষ্টাত গঢ় দিছে এখন শিমলু গছৰ বাগিছা ৷ এচাম দুস্কৃতিকাৰীয়ে বন ধ্বংস কৰি প্ৰাকৃতিক ভাৰসাম্যৰ প্ৰতি প্ৰবল ভাবুকি নমাই আনিছে তেনে সময়তে গছ-গছনিৰ প্ৰেমত পৰি প্ৰকৃতি ৰক্ষাৰ চেষ্টা চলাইছে ঢকুৱাখনাৰ এইজন ব্যাক্তিয়ে।নাম তেওঁৰ যোগেশ দলে।ঢকুৱাখনাৰ সোৱণশিৰী পঞ্চায়তৰ পাতিৰ চুকৰ যোগেশ দলে নামৰ এইজন ব্যক্তিজনে নিজা প্ৰচেষ্টাৰে গঢ়ি তুলিছে এখন শিমলু গছৰ অৰণ্য।প্ৰায় ১০ বিঘা ভূমিত এজোপা-দুজোপাকৈ শিমলুৰ গছপুলি ৰোপণ কৰি গঢ়ি তুলিছে এখন বৃহৎ অৰণ্য।সন্তানৰ দৰে লালন-পালন কৰিছে প্ৰতিজোপা গছ।বিগত ৪ বছৰত তেওঁ ৰোপন কৰিছে ১০ হাজাৰৰো অধিক শিমলুৰ পুলি।বৰ্ত্তমান ১৫-২০ ফুট উচ্চতা হোৱা শিমলুৰ বাগিছাখনত যোগেশ দলে নামৰ প্ৰচাৰ বিমুখ এইজন ব্যক্তিৰ সপোনে ঠন ধৰি উঠিছে। যিটো সময়য়ত এচাম দুষ্কৃতিকাৰীয়ে গছ-গছনিসমূহ কাটি বন ধ্বংসযজ্ঞত নামি পৰিছে তেনে সময়তে গছ-গছনিৰ প্ৰতি থকা মৰমে যোগেশ দলেৱে প্ৰকৃতিপ্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ প্ৰকৃতিৰ প্ৰতি দায়িত্বশীল মনৰ অধিকাৰী যোগেশ দলেৱে সকলোকে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছে । যদিহে ব্যক্তিগৰাকীক চৰকাৰীভাৱে কিছু সা-সুবিধা প্ৰদান কৰা হয় তেন্তে নিশ্চিতভাৱে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত কিছুপৰিমাণে আগভাগ ল’ব পাৰিব ব্যক্তিগৰাকীয়ে ৷

ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰাৰ ৰিপৰ্ট

You might also like