মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্রসংগত
২০১১ চনৰ লোকপিয়লৰ তথ্য অনুযায়ী ২০০১ চনৰ লোকপিয়লৰ পৰা ২০১১ চনলৈ দহ বছৰৰ ভিতৰত দেশত গড়ে জনসংখ্যা বৃদ্ধি হৈছে ১৮ শতাংশ আৰু বিভিন্ন ধর্মীয় লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ তথ্যত প্রকাশ পাইছে যে মুছলমান ধর্মীয় লোকৰ জনসংখ্যা এই দহ বছৰত ২৪ শতাংশ বৃদ্ধি পাইছে৷ দেশৰ মুঠ জনসংখ্যাৰ ভিতৰত মুছলমান ধর্মীয় লোক ২০০১ চনৰ ১৩.৪ শতাংশৰ বিপৰীতে ২০১১ চনত ১৪.২ শতাংশলৈ বৃদ্ধি হৈছে৷ অর্থাৎ সামগ্রিকভাৱে দেশত মুঠ জনসংখ্যাৰ ভিতৰত মুছলমান ধর্মীয় লোকৰ অংশ এই দহ বছৰত ০.৮ শতাংশ বৃদ্ধি হৈছে৷ এই দহ বছৰত অধিক শতাংশ বৃদ্ধি হোৱা ৰাজ্যবোৰৰ ভিতৰত অসম ৩.৩ শতাংশ (৩০.৯ শতাংশৰ পৰা ৩৪.২ শতাংশ), দ্বিতীয় উত্তৰাঞ্চল ২ শতাংশ (১১.৯ শতাংশৰ পৰা ১৩.৯ শতাংশ), তৃতীয় কেৰালা ১.৯ শতাংশ (২৪.৭ৰ পৰা ২৬.৬), চতুর্থ পশ্চিমবংগ ১.৮ শতাংশ (২৫.২ৰ পৰা ২৭), পঞ্চম গোৱা ১.৬ শতাংশ (৬.৮ৰ পৰা ৮.৪), ষষ্ঠ জম্মু আৰু কাশ্মীৰ ১.৩ শতাংশ (৬৭ৰ পৰা ৬৮.৩), সপ্তম হাৰিয়ানা (১.২ শতাংশ, (৫.৮ৰ পৰা ৭), অষ্টম দিল্লী ১.১ শতাংশ (১১.৭ৰ পৰা ১২.৯৷ বাকীবোৰ ৰাজ্যত এক শতাংশৰ কম বৃদ্ধি আৰু মণিপুৰ ৰাজ্যত ০.৪ শতাংশ মুছলমান লোকৰ সংখ্যা হ্রাস পাইছে৷
ভাৰতবর্ষত আন ধর্মীয় লোকৰ সংখ্যা বৃদ্ধিৰ তুলনাত মুছলমান ধর্মীয় লোকৰ সংখ্যা বৃদ্ধিৰ হাৰ কিয় অধিক সেইটোৰ বস্তুনিষ্ঠ আলোচনাৰ প্রয়োজন৷ ভাৰত যদিও এখন ধর্মনিৰপেক্ষ দেশ আৰু ভাৰতীয় নাগৰিক হিচাপে যিকোনো ধর্মীয় লোকৰ জনসংখ্যা বৃদ্ধি মানে ভাৰতীয় নাগৰিকৰ সংখ্যা বৃদ্ধি ৰূপে ধৰি ল’ব লাগে তৎসত্ত্বেও ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পটভূমিত ভাৰতবর্ষখন ধর্মৰ ভিত্তিত বিভাজন হৈ যোৱাত এক বুজন সংখ্যক নাগৰিকে ভাবে ভাৰত ৰাষ্ট্রত হিন্দু ধর্মীয় লোকৰ শতাংশ বা বর্তমানৰ অংশ হ্রাস পাব নোৱাৰে৷ বিশেষকৈ যিসকলে ভাৰতবর্ষখন হিন্দু ৰাষ্ট্র বুলি ভাবে, মুছলমান লোকৰ সংখ্যা বৃদ্ধি সামূহিক গড় বৃদ্ধিতকৈ অধিক হ’লে উদ্দেশ্যপ্রণোদিতভাৱে জনসাধাৰণৰ মাজত তেওঁলোকে উত্তেজনা সৃষ্টি কৰাৰ সুযোগ পায় তথা ধর্মীয় মেৰুকৰণেৰে জনসাধাৰণৰ মাজত বিভেদ সৃষ্টি কৰে৷ ফলত জনসাধাৰণে তেওঁলোকৰ জীৱন–জীৱিকাৰ সমস্যা সমাধানৰ দাবীবোৰৰ সংগ্রামৰ বাবে ঐক্যবদ্ধ হ’ব নোৱাৰে আৰু এইবোৰ তল পৰি গৈ জাত–পাত–ধর্ম আদিৰ দাবীবোৰ শক্তিশালী হৈ পৰে৷ শোষক শ্রেণীয়ে জনসাধাৰণক বাধাহীনভাৱে শোষণ কৰিব পৰা পৰিৱেশৰ সৃষ্টি হয় আৰু জনসাধাৰণৰ সর্বাধিক অংশই দুখ–যন্ত্রণাত দিন কটাবলগীয়া হয়৷ সাম্প্রতিক কালৰ বিশ্বায়ন শক্তিটোৱে বিচৰা ধৰণে শাসক গোষ্ঠীয়ে সমাজখন গঢ়ি তোলাৰ বাবে পথ সুগম হয়৷
এই পটভূমিত ২০১১ চনৰ পিয়লৰ তথ্যত প্রকাশ পাইছিল, পিয়লৰ দহ বছৰত সামগ্রিকভাৱে দেশৰ জনসংখ্যা ১৮ শতাংশ বৃদ্ধিৰ বিপৰীতে মুছলমান লোকৰ সংখ্যা বৃদ্ধি হৈছে ২৪ শতাংশ৷ উদ্দেশ্যপ্রণোদিত ৰাজনৈতিক দল আৰু সংগঠনবোৰৰ বাবে এই ঘটনাটোৱে ভাৰতবর্ষখন সাৰুৱা ক্ষেত্রত পৰিণত কৰিব পাৰে জনসাধাৰণক ধর্মৰ ভিত্তিত মেৰুকৰণ কৰিবলৈ৷ এই দল বা সংগঠনবোৰে অতি সহজে সাম্প্রদায়িক ৰাজনীতিৰ প্রতি জনসাধাৰণক আকর্ষিত কৰিব পাৰিব, জনসাধাৰণ সাম্প্রদায়িক ৰাজনীতিৰ দ্বাৰা প্রভাৱান্বিত হোৱাৰ পৰিৱেশ সৃষ্টি কৰাত সুবিধা হ’ব তথা জনসাধাৰণৰ মাজত সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰিব পাৰিব৷ জনসাধাৰণে তেওঁলোকৰ জীৱন–জীৱিকাৰ মৌলিক বিষয়বোৰ পাহৰি যাব আৰু জনসাধাৰণক শোষণ–বঞ্চনাৰে ফেচিবাদী প্রক্রিয়াৰে লুণ্ঠন কৰিব খোজা গোষ্ঠীটোৰ বাবে দেশখন মুকলি মঞ্চ হৈ পৰিব৷ বিশ্বায়নৰ সকলো কার্যসূচীয়ে ৰূপায়ণ হৈ যাব জনসাধাৰণৰ অজ্ঞাতে৷ এই উদ্দেশ্যতে ২০১১ চনৰ লোকপিয়লৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ তথ্যটো প্রকাশ কৰিছিল বর্তমানৰ মোদী চৰকাৰে৷ ‘দি হিন্দু’ কাকতৰ বাহিৰে কোনো এখন বাতৰিকাকতে জনসংখ্যা বৃদ্ধিৰ প্রকৃত সত্যটো প্রকাশ কৰা নাই৷ ভাৰত স্বাধীন হোৱা দিনৰে পৰা মুছলমান লোকৰ সংখ্যা বৃদ্ধিৰ হাৰ ক্রমাগত লোকপিয়লত প্রকাশ পোৱা তথ্য মতে হ্রাস হৈছে৷ বিশেষকৈ ১০১১ চনৰ লোকপিয়লৰ তথ্যত প্রকাশিত হৈছে বৃদ্ধিৰ হাৰৰ শতাংশ উচ্চতম৷ ভাৰতত ১৯৫১ৰ পৰা ১৯৬১ চনৰ ভিতৰত মুছলমান ধর্মীয় লোকৰ সংখ্যা বৃদ্ধি আছিল ৩২.৪৯ শতাংশ, ১৯৬১ৰ পৰা ১৯৭১ চনৰ মাজত এই বৃদ্ধি হ্রাস হয় ৩০.৯২ শতাংশলৈ আৰু ১৯৮১ চনলৈ জনসংখ্যা বৃদ্ধি সামান্যতম হ্রাস হয় অর্থাৎ ৩০.৭৮ শতাংশ৷ ১৯৯১ চনৰ লোকপিয়লৰ তথ্য মতে বৃদ্ধিৰ শতাংশ অধিক ৩২.৮৮৷ কিন্তু ১৯৯১ চনৰ পৰা ২০০১ চনৰ মাজত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ পৰিমাণ ৩.৩৬ শতাংশ হ্রাস হৈ ২৯.৫২ শতাংশ হয়৷ ২০০১ চনৰ পৰা ২০১১ চনৰ মাজত মুছলমান লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ প্রায় ৫ শতাংশ (৪.৯২ শতাংশ) হ্রাস হয়, বিপৰীতে ২০০১ আৰু ২০১১ চনৰ মাজত হিন্দু ধর্মীয় লোকৰ আগৰ পিয়লৰ বৃদ্ধিৰ হাৰ ১৯.৯২ৰ পৰা ১৬.৭৬ শতাংশলৈ হ্রাস হয় অর্থাৎ ৩.১৬ শতাংশ বৃদ্ধিৰ হাৰ হ্রাস হয়৷ উক্ত দহ বছৰত মুছলমানৰ বৃদ্ধিৰ হাৰ হ্রাস হৈছে ৪.৯২ শতাংশ, বিপৰীতে হিন্দু লোকৰ বৃদ্ধিৰ হাৰ হ্রাস হৈছে ৩.১৬ শতাংশ৷ ১৯৯১ চনৰ পৰা ২০১১ চনলৈ ২০ বছৰত হিন্দু লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হ্রাস হৈছে ৫.৯৫ শতাংশ আৰু এই সময়ছোৱাত মুছলমানৰ বৃদ্ধিৰ হাৰ হ্রাস হৈছে ৮.২৮ শতাংশ৷
ভাৰত বিভাজন তথা পাকিস্তান সৃষ্টিৰ পাৰিপার্শ্বিক কাৰণ আৰু ভাৰতত বর্তমান সাম্প্রদায়িকতাৰ বিষয়ে পর্যালোচনাৰ দৰকাৰ৷ ভাৰতবর্ষত সাম্প্রদায়িকতাৰ প্রসংগত আলোচনা কৰিবলৈ গৈ সর্বজন পৰিচিত ইতিহাসবিদ বিপান চন্দ্রই কৈছিল ‘সাম্প্রদায়িকতা হ’ল বিগত ১০০ বছৰ ধৰি প্রবাহিত ইতিহাস প্রক্রিয়াৰ এক মিথ্যা চেতনা৷’ তেখেতে আৰু কৈছিল ‘সাম্প্রদায়িকতাক অতীতৰ ধ্বংসাৱশেষ নতুবা ঐতিহ্যগত আদর্শৰ পুনৰুত্থান হিচাপে দেখিলে ভুল হ’ব৷’ ‘সাম্প্রদায়িকতা আৰু ইতিহাস লিখন’ নামৰ এখন পুস্তিকাত ড০ ৰমিলা থাপাৰ, হৰবনচ মুখিয়া আৰু বিপান চন্দ্রৰ তিনিটা প্রবন্ধ সন্নিৱিষ্ট হৈছে৷ ড০ থাপাৰ আৰু মুখিয়াই তেওঁলোকৰ প্রবন্ধত প্রকাশ কৰিছে যে প্রাচীন যুগ আৰু মধ্য যুগৰ ভাৰতত সাম্প্রদায়িকতাৰ কোনো অস্তিত্ব নাছিল৷ বিপান চন্দ্রই কৈছে– সাম্প্রদায়িকতা ভাৰতবর্ষৰ এক আধুনিক ঘটনা৷ অষ্টাদশ শতিকাৰ পৰৱর্তী কালৰ ঘটনা৷ তেওঁ প্রবন্ধটোত লিখিছে– ‘আৰম্ভণিতেই আমি লক্ষ্য কৰিব পাৰোঁ যে জাতীয়তাবাদ আৰু সাম্প্রদায়িকতাবাদ দুটাই হ’ল দেশত ক্রমবর্ধমান অর্থনৈতিক, ৰাজনৈতিক আৰু প্রশাসনিক ঐক্য সাধনৰ কাৰণে প্রবাহিত সদৃশ আধুনিক প্রক্রিয়াৰ ফল৷’ তেখেতে আৰু লিখিছে– ‘বস্তুনিষ্ঠ বাস্তৱতাৰ নির্ভুল প্রতিফলন সংঘটনৰ দ্বাৰা জাতীয়তাবাদ এক মতবাদ হিচাপে বৈধতা অর্জন কৰিছে৷’ এইটো হ’ল এক সমূহীয়া স্বার্থৰ বাবে, বিশেষভাৱে শত্রু বিদেশী সাম্রাজ্যবাদৰ বিৰুদ্ধে ভাৰতীয় জনসাধাৰণৰ বিকাশমান ঐক্য৷ আনফালে, এওঁলোক নতুন জাতীয়তাবাদী চেতনা অর্জনৰ ক্ষেত্রত ব্যর্থ হোৱা বাবে জনগণৰ কিছু কিছু অংশৰ মাজত সাম্প্রদায়িকতাৰ মনোভাব জাগ্রত হৈ উঠিছিল৷ আন কথাত সাম্প্রদায়িকতাবাদৰ জন্ম লৈছিল জাতীয়তাবাদী দৃষ্টিভংগী আৰু আদর্শৰ দ্বাৰা প্রভাৱিত কৰিব নোৱৰাৰ বাবে৷ এই পটভূমিত দেখা গৈছিল যে অকল ধর্মক কেন্দ্র কৰিয়েই বিভিন্ন গোষ্ঠীৰ পৰিচয় প্রতিফলিত হোৱা নাছিল৷ জাতি, ভাষা, উপজাতি, জনজাতি, এলেকা প্রভৃতি সকলোবোৰ পৰিচয়কেই সাম্প্রদায়িকতাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল৷ উদাহৰণ স্বৰূপে উল্লেখ কৰিব পাৰি মহাৰাষ্ট্রত হিন্দু সাম্প্রদায়িকতা শক্তিশালী আছিল৷ এইটো বর্তমানো দুর্বল নহয়৷ কিন্তু এই হিন্দু সাম্প্রদায়িকতাবাদৰ মাজতে ব্রাহ্মণবিৰোধী আন্দোলনো গঢ়ি উঠিছিল৷ প্রায় সদৃশ ঘটনা ঘটিছিল তামিলনাডুত৷ এই ধৰণে দক্ষিণ পঞ্জাবত (বর্তমান হাৰিয়ানা) জাঠ জাতিৰ শক্তিৰ উত্থান ঘটিছিল৷
আমাৰ দেশত জাতীয়তাবাদৰ প্রতিভূ বুলি যিসকল নেতাক উচ্চ স্থানত ৰখা হৈছিল, সেইসকলৰ ধর্মৰ প্রতি দুর্বলতাই সাম্প্রদায়িকতাত ইন্ধন যোগাইছিল৷ আমাৰ দেশৰ জাতীয়তাবাদী নেতাসকল ইমানেই ধর্মপ্রাণ আছিল আৰু স্বাধীনতা আন্দোলনৰ দীঘলীয়া সময়ছোৱাত ক্ষমতাৰ প্রশ্ণটো এনেকুৱাভাৱে তেওঁলোকৰ মনত গ্রথিত হৈছিল যে সাম্প্রদায়িকতাবাদক ধর্মৰ প্রসাৰণ হিচাপেই তেওঁলোকে গণ্য কৰিছিল আৰু সাম্প্রদায়িকতাবাদৰ লগত আপোচৰ পথ গ্রহণ কৰিছিল৷ ১৯৩৮ চনলৈকে হিন্দু মহাসভা আৰু মুছলিম লীগৰ নেতাসকলে কংগ্রেছৰ মাজত অবাধে প্রৱেশ কৰিব পাৰিছিল৷ সংকীর্ণ ধর্মীয় সংগঠনৰ লগত প্রকাশ্যে যুক্ত থকা লোকসকলৰ কংগ্রেছত প্রৱেশাধিকাৰৰ ফলত জাতীয় আন্দোলনত ইয়াৰ প্রভাৱ পৰিছিল৷ এই প্রৱেশাধিকাৰৰ কোনো খুঁটি–নাটি বা সাংগঠনিক ভুল নাছিল৷ এইটো আছিল কংগ্রেছ দলৰ নেতৃত্বৰ মানসিকতা৷ তেওঁলোকে সাম্রাজ্যবাদৰ বিৰুদ্ধে সমাৱেশৰ ক্ষেত্রত জনগণৰ আন পৰিচয়সমূহক যেনে শ্রমিক, কৃষক আৰু অন্যান্য অর্থনৈতিক সম্পর্কীয় পৰিচয়ক কামত লগাবলৈ বিচৰা নাছিল৷ অতি সহজেই ধর্মীয় পৰিচয়ক কামত লগাই সাম্রাজ্যবাদবিৰোধী জাতীয়তাবাদ গঢ়ি তোলাৰ কাৰণে নেতৃত্বই সকলো ধৰণৰ প্রচেষ্টাই চলাইছিল৷ হিন্দু–মুছলমানৰ সকলো সাম্প্রদায়িক সংগঠনৰ প্রৱেশাধিকাৰ কংগ্রেছত আছিল আৰু কংগ্রেছী নেতাসকলে ধর্মীয় আচাৰ–আচৰণ–প্রতীক্ প্রভৃতিক স্বাধীনতা আন্দোলনৰ বিভিন্ন উপলক্ষ্যত ব্যৱহাৰ কৰিছিল৷ কংগ্রেছ নেতৃত্বৰ উক্ত দুর্বল নীতিৰ ফলতেই স্বাধীনতাৰ পূর্বে দেশত সাম্প্রদায়িকতাবাদে তীব্র ৰূপ ধাৰণ কৰিছিল৷ সাম্প্রদায়িক ঐক্যৰ মূর্ত প্রতীক মহাত্মা গান্ধীৰ কার্যাৱলীৰ মাজতো সাম্প্রদায়িকতাবাদৰ ধাৰণাৰ আভাস পোৱা গৈছিল৷ গান্ধীৰ ৰাজনীতি আছিল ধর্মনিৰপেক্ষ৷ কিন্তু তেখেতে প্রায়েই হিন্দু নাম আৰু প্রতীক ব্যৱহাৰ কৰিছিল, যদিও এই ব্যৱহাৰ কেতিয়াও আন ধর্মৰ অনুসৰণকাৰীসকলৰ্ প্রতি আক্রমণাত্মক নাছিল৷ গান্ধীয়ে স্বাধীনতাক ধর্মীয় প্রতীক ৰামৰাজ্য হিচাপে ব্যাখ্যা কৰিছিল৷ সর্বোপৰি যেন হিন্দু ধর্মীয়তা সম্পর্কে অভিযোগৰ উত্তৰ দিয়াৰ কাৰণেই তেখেতে মুছলমান, শিখ আৰু খ্রীষ্টানসকলক একে ধৰণে ধর্মীয়তাৰ বাবে উৎসাহ দিছিল৷ বিপান চন্দ্রই লিখিছে– ‘গান্ধীৰ মনোভাবৰ সমান্তৰালভাৱে মৌলানা আবুল কালাম আজাদে তেখেতৰ প্রথম জীৱনত মুছলমানসকলৰ জাতীয়তাবাদ আৰু ধর্মীয়তাৰ প্রসাৰ ঘটাইছিল৷’ বিভাজন কৰি শাসন কৰা নীতি অনুযায়ী ব্রিটিছসকলে মুছলমান সাম্প্রদায়িকতাবাদীস সহায় কৰিছিল আৰু দেশজুৰি সাম্প্রদায়িকতাবাদ বিয়পাই দিয়াৰ ব্যৱস্থা কৰিছিল৷ স্বাধীন ভাৰততো ধর্মনিৰপেক্ষতাৰ আদর্শ গ্রহণ কৰা বুলি ঘোষণা কৰা কংগ্রেছ দলে পশ্চাৎপদ সামাজিক দৃষ্টিভংগী পৰিত্যাগ নকৰি প্রকৃতপক্ষে তেওঁলোকে ৰাষ্ট্র পৰিচালনাৰ ক্ষেত্রত ধর্মক বিচ্ছিন্ন নকৰে আৰু আধুনিক ধর্মনিৰপেক্ষতাক এটা শ্লোগানত পৰিণত কৰে৷ ফলস্বৰূপে ৰাজনীতিত ধর্মীয় বিষয়বোৰ পুনৰায় উভতি আহে৷
১৯৪৭ চনত ভাৰত দ্বি–খণ্ডিত হোৱাৰ সময়ত ধনী আৰু শিক্ষিত বা মধ্যবিত্ত মুছলমানসকলৰ সর্বাধিক অংশ পাকিস্তানলৈ গুচি গ’ল৷ শ্রমিক, কৃষক, গৰিব মুছলমানসকলৰ অধিকাংশই ভাৰততে থাকি গ’ল৷ স্বাধীন ভাৰতে নীতিগতভাৱে ধর্মনিৰপেক্ষতাৰ নীতি গ্রহণ কৰে, জৱাহৰলাল নেহৰুৱে বাৰে বাৰে ঘোষণা কৰিছিল– তেখেত ধর্মনিৰপেক্ষতাৰ পক্ষত থাকিব৷ কিন্তু কংগ্রেছ দলৰ অনেক নেতাই ধর্মনিৰপেক্ষতাত বিশ্বাস নকৰিছিল৷ ইন্দিৰা গান্ধীয়ে ৰাজনৈতিক স্বার্থৰ বাবে ধর্ম আৰু সম্প্রদায়ক ব্যৱহাৰ কৰিছিল৷ ভাৰতত বিজেপি, মুছলিম লীগ, আকালি দল, শিৱসেনা, আৰ এছ এছ, ভি এইচ পি ইত্যাদিয়ে প্রত্যক্ষভাৱে সাম্প্রদায়িক দল আৰু সংগঠন হিচাপে কাম কৰে৷ কিন্তু কংগ্রেছকে ধৰি অনেক ৰাজনৈতিক দল–সংগঠন আছে, যিবোৰে প্রত্যক্ষভাৱে সাম্প্রদায়িকতাক দলীয় আদর্শ আৰু কার্যসূচীৰ অন্তর্ভুক্ত নকৰে কিন্তু দলীয় স্বার্থত সাম্প্রদায়িকতাক ব্যৱহাৰ কৰে৷
ভাৰতৰ মুছলমানসকলৰ ৯৫ শতাংশই ধর্মান্তৰ হোৱা অতি বেছি ৫ শতাংশহে আৰবৰ দেশ বা বিশ্বৰ আন দেশৰ পৰা অহা৷ ধর্মান্তৰৰ কাৰণ মূলতঃ হিন্দু সমাজৰ জাত–পাত–বর্ণ ব্যৱস্থাৰ বাবে বর্ণ বিদ্বেষ, শোষণ, নিপীড়ন আদিৰ পৰা মুক্তি পাবলৈ নিম্ন বর্ণৰ, দলিত, নিষ্পেষিত অস্পৃশ্য লোকসকল ধর্মান্তৰিত হৈছিল৷ বংগদেশত জমিদাৰৰ শোষণ তথা স্থায়ী বন্দবস্তিৰ সময়ত ৰায়তসকল সদলবলে মুছলমান ধর্মলৈ ধর্মান্তৰিত হৈছিল৷ এই পটভূমিত ভাৰতৰ মুছলমান সমাজখন অতি পশ্চাৎপদ, অধিকাংশ গৰিব, সর্বাধিক অংশই শিক্ষাৰ পোহৰ পোৱা নাছিল৷ ভাৰত স্বাধীন হোৱাৰ ৭২ বছৰৰ পিছতো দেশৰ ২৭ শতাংশ হিন্দু আৰু ৩৫ শতাংশ মুছলমান লোক ভূমিহীন৷ ২৫ শতাংশ পৰিয়ালৰে মাটি ৩ বিঘাতকৈ কম৷ ২০০১ চনৰ লোকপিয়ল মতে, দেশৰ মুঠ জনসংখ্যাৰ ১৩.৪২ শতাংশ মুছলমান লোক কিন্তু সামাজিক আৰু জীৱন–জীৱিকাৰ সকলোবোৰ ক্ষেত্রত এই সমাজখনৰ প্রাপ্তিৰ অংশ হ’ল মাত্র ৪.৫ শতাংশ৷ দৰিদ্রতা, পুষ্টিহীনতা, নিৰক্ষৰতা, কর্মহীনতা ইত্যাদিয়ে মুছলমানসকলক অতি বেয়াকৈ পীড়িত আৰু বিধ্বস্ত কৰিছে৷ ২০০৬ চনৰ নৱেম্বৰ মাহত দাখিল কৰা ছাচাৰ প্রতিবেদনখনত ২০০১ চনৰ লোকপিয়লৰ তথ্য উল্লেখ কৰি দেখুৱাইছে যে ভাৰতৰ মুছলমান সমাজখন কেনেধৰণে শিক্ষাৰ ক্ষেত্রত পিছপৰা৷ ২০০১ চনৰ পিয়ল মতে, দেশৰ শিক্ষিতৰ গড় হাৰ ৬৫, ইয়াৰ বিপৰীতে মুছলমানসকলৰ ৫৯ শতাংশ৷ ৬–১৬ বছৰ বয়সৰ মুছলমান ল’ৰা–ছোৱালীৰ ভিতৰত ২৫ শতাংশ একেবাৰেই স্কুললৈ যোৱা নাই৷ স্কুলত ক, খ শ্রেণীত নাম ভর্তি কৰা ১০০জন ছাত্রৰ ভিতৰত মেট্রিক পাছ কৰে হিন্দু ২৯জনে, মুছলমান–১১জনে৷ কলেজৰ স্নাতক পর্যায়ৰ ১০০জন ছাত্র–ছাত্রীৰ ভিতৰত মুছলমান মাত্র ৪জন৷ বিশ্ববিদ্যালয়বোৰত স্নাতকোত্তৰ পর্যায়ত ১০০জন ছাত্রৰ ভিতৰত মুছলমান ২জন মাত্র৷ মেডিকেল, ইঞ্জিনীয়াৰিং, মেনেজমেণ্ট আদি শিক্ষাৰ ক্ষেত্রত মুছলমান ছাত্র–ছাত্রীৰ সংখ্যা ৩ শতাংশ বা কম৷
দেশৰ খেতিৰ মাটিৰ ২ শতাংশৰ অধিকাৰী ১৩.৪২ শতাংশ জনসংখ্যাৰ মুছলমান জনগোষ্ঠীৰ মানুহখিনিৰ জীৱন নির্বাহৰ পথ হিচাপে শ্রমিক–কর্মচাৰী ৰূপে কাম কৰাটো বাধ্যতামূলক৷ ২০০৫–০৬ চনত কেন্দ্র, ৰাজ্য চৰকাৰবোৰৰ কর্মচাৰীৰ সংখ্যা ৮৮ লাখ ৪৪ হাজাৰ ৬০০ আছিল৷ ইয়াৰে মুছলমান চাকৰিয়ালৰ সংখ্যা মাত্র ৪ লাখ ৩৮ হাজাৰ ১৭০জন অর্থাৎ ৪.৯ শতাংশ৷ ৰাজহুৱা খণ্ডৰ মুঠ কর্মচাৰী ১৪ লাখ ৩২ হাজাৰ ৭০০ৰ ভিতৰত মুছলমান ১ লাখ ৩ হাজাৰ অর্থাৎ ৭.২ শতাংশ৷ আই এ এছ আৰু আই পি এছত ৩ শতাংশ৷ জীৱন–জীৱিকাৰ আন এটা বিকল্প পথ ব্যৱসায়–বাণিজ্য, উদ্যোগ, গৃহ নির্মাণ আদিৰ বাবে বিত্তীয় প্রতিষ্ঠানবোৰে আগবঢ়োৱা ‘অগ্রাধিকাৰ ভিত্তি ঋণ’ৰ Priority Sector Advance) হিন্দুৰ বাবে ৮৮.৯ শতাংশ, মুছলমান ৪.৬ শতাংশ, আন ধর্মীয় লোকৰ ৬.৬ শতাংশ৷ অসমত হিন্দুৰ ৯০.১ শতাংশ, মুছলমানৰ ৭.৯ শতাংশ, অন্যান্যৰ ২ শতাংশ৷ উক্ত ঋণবোৰৰ জনমূৰি গড় হিন্দু ৬৬,৩০৪ টকা, মুছলমান ২২,৫৪২ টকা, অন্যান্য সংখ্যালঘুৰ ৪৭,৫৪৬ টকা৷ ছাচাৰ প্রতিবেদনত উল্লেখ কৰিছে যে পৌৰ সা–সুবিধা আৰু আন্তঃগাঁথনি যেনে– বিশুদ্ধ খোৱাপানী, পঢ়াশালি, চিকিৎসাৰ সুবিধা, ৰাস্তা–ঘাট, পৰিবহণ, ডাকসেৱা, যোগাযোগ ব্যৱস্থা, বজাৰ, বেংকৰ সুবিধা, বিজুলী যোগান, স্বাস্থ্যৰক্ষা, ছেনিটেচন ইত্যাদি ব্যৱস্থাবোৰৰ ক্ষেত্রত মুছলমান বসতি থকা অঞ্চলবোৰ বৈষম্য আৰু বঞ্চনাৰ বলি হৈ আহিছে৷ উদাহৰণ স্বৰূপে ৯৫.৫ শতাংশ হিন্দু লোকৰ বসতি থকা যোৰহাট জিলাত ৫৫০জন লোকৰ মাজত এখন প্রাথমিক স্কুল আছে আৰু ৭৪ শতাংশ মুছলমান বসতিৰ ধুবুৰী জিলাত ১১৫০জনৰ মাজত এখন প্রাথমিক স্কুল আছে৷ জাতীয় সংখ্যালঘু উন্নয়ন বিত্তীয় নিগমৰ মুঠ ঋণৰ দেশৰ ৬ শতাংশ মুছলমান লোক বাস কৰা অসমে মাত্র ০.৮৮ শতাংশহে পাইছিল৷ পাব লাগিছিল ২৪ কোটি, কিন্তু পাইছিল ৩.৫ কোটি টকা৷
শিক্ষাৰ ক্ষেত্রত মুছলমানসকলৰ পশ্চাৎপদতাৰ মূল কাৰণ দাৰিদ্র্য৷ ঐতিহাসিক কাৰণত ভাৰতীয় মুছলমানৰ সর্বাধিক অংশ দৰিদ্র৷ ৯৫ শতাংশ ধর্মান্তৰিত ভাৰতীয় মুছলমানসকলৰ দলিত আৰু অস্পৃশ্য তথা এওঁলোক আছিল সম্বলহীন দৰিদ্র মানুহ৷ ধর্মান্তৰিত হৈ সামাজিক মর্যাদা লাভ কৰিছিল যদিও তেওঁলোকৰ আর্থিক অৱস্থাৰ অকণো উন্নতি নঘটিল৷ স্বাধীনতা লাভৰ ৭২ বছৰ পিছতো এই বৃহৎসংখ্যক লোক অৱহেলা আৰু বঞ্চনাৰ পাত্র হৈয়েই ৰ’ল৷ শিক্ষা গ্রহণৰ কথাটো এওঁলোকৰ বাবে এক বিলাসিতাহে মাত্র৷ অশিক্ষিত দৰিদ্র লোকসকলে অধিক সন্তান জন্ম দিয়ে, সি যিকোনো ধর্মৰে নহওক৷ ২০১১–ৰ লোকপিয়লৰ তথ্যলৈ লক্ষ্য কৰিলে প্রতিফলিত হয় যে পশ্চাৎপদ তথা শিক্ষিতৰ হাৰ কম থকা অঞ্চল বা ৰাজ্যবোৰত হিন্দু ধর্মীয় লোককে ধৰি জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক৷ যেনে বিহাৰত শিক্ষিতৰ হাৰ কম তথা লোকসকল অধিক দৰিদ্র৷ ২০১১ৰ লোকপিয়লত দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ১৭.৬৪ শতাংশ, কিন্তু বিহাৰত ২৫.৫২ শতাংশ৷ ঠিক সেইদৰে ঝাৰখণ্ডত ২২.৩৪ শতাংশ, ৰাজস্থানত ২১.৪৪ শতাংশ, উত্তৰপ্রদেশত ২০.৪১ শতাংশ৷ অর্থাৎ জনসংখ্যা বৃদ্ধিৰ জাতীয় গড়তকৈ অনেক শতাংশ বেছি৷ মুছলমানসকলৰ সংখ্যা বৃদ্ধিৰ হাৰ ২৪ শতাংশতকৈও অধিক৷ হিন্দু ধর্মীয় লোক অধ্যুষিত বিহাৰ ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু অধিক অর্থাৎ ২৫.০৭ শতাংশ৷ ঠিক সেইদৰে ২০০১ চনৰ লোকপিয়লৰ সময়তো দেশৰ জনসংখ্যা বৃদ্ধিৰ গড় আছিল ২১.৫৪ শতাংশ, কিন্তু বিহাৰত ২৮.৬২ শতাংশ, হাৰিয়ানাত ২৮.৪৩ শতাংশ, মধ্যপ্রদেশত ২৪.২৬ শতাংশ, ৰাজস্থানত ২৮.৪১ শতাংশ, উত্তৰপ্রদেশত ২৮.৮৫ শতাংশ৷ আনহাতে, উচ্চ হাৰৰ শিক্ষিত তথা নূ্যনতম দৰিদ্র লোকৰ ৰাজ্য কেৰালাত ২০০১–ত জনসংখ্যা বৃদ্ধিৰ হাৰ ৯.৪৩ শতাংশ আৰু ২০১১–ত ৪.৮৬ শতাংশ৷ ঠিক সেইদৰে অন্ধ্রপ্রদেশত ১১.১ শতাংশ, গোৱাত ৮.১৭ শতাংশ, পঞ্জাবত ১৩.৭৩ শতাংশ, পশ্চিমবংগত ১৩.৯৩ শতাংশ৷ ১৯৯১ চনৰ লোকপিয়লৰ সময়লৈকে দেশৰ অনুসূচিত জাতি আৰু জনজাতি, আনকি অন্যান্য পিছপৰা জাতিৰ লোকসকলৰ মাজতো জনসংখ্যা বৃদ্ধিৰ হাৰ মুছলমান লোকসকলতকৈ অধিক আছিল৷ ২০০১ চনৰ পিয়লত জনজাতিসকলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৪.৪৫ শতাংশ আৰু ২০১১ চনৰ পিয়লত ২৩.৭ শতাংশ৷ অনূসূচিত জাতিৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ ২০১১ত ২০.৮ শতাংশ৷ অনুসূচিত জাতিৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ আগৰ তুলনাত অনেক হ্রাস পোৱাৰ কাৰণ হ’ল বিশেষকৈ ১৯৯১ চনৰ পৰা নিয়োগ, শিক্ষা আদি সকলোতে জনসংখ্যা অনুপাতে ১৬ শতাংশ সংৰক্ষণ কৰাৰ নীতি কঠোৰভাৱে ৰূপায়ণৰ ফলত অনুসূচিত জাতি লোকসকলৰ আগৰ তুলনাত কিছু উন্নত হয়, দৰিদ্রতাৰ হাৰ হ্রাস পায়৷ ঠিক সেইদৰে অন্যান্য পিছপৰা শ্রেণীৰ বাবেও ২৭ শতাংশ নিয়োগ, শিক্ষা আদিত সংৰক্ষণৰ দ্বাৰা এওঁলোকৰ জীৱনৰ মানৰ উন্নতি ঘটাত যথেষ্ট সহায়ক হৈছে৷ ফলস্বৰূপে জন্ম নিয়ন্ত্রণৰ সচেতনতা এই লোকসকলৰ মাজত বৃদ্ধি পাইছে আৰু জনসংখ্যা বৃদ্ধিৰ হাৰ হ্রাস হৈছে৷ মুছলমান লোকসকলৰ ৬০–৭০ শতাংশ লোক অনুসূচিত জাতি তথা অন্যান্য পিছপৰা জাতিৰ লোকসকলতকৈও অনুন্নত, পিছপৰা৷ এওঁলোকৰ মাজত সাক্ষৰতাৰ হাৰ নূ্যনতম, দৰিদ্র লোকৰ হাৰ অধিক৷ প্রকৃততে জনসংখ্যা বৃদ্ধিৰ হাৰ বা জন্মৰ হাৰ বৃদ্ধি বা হ্রাস নির্ভৰ কৰে অর্থনৈতিক উন্নয়নৰ ওপৰত৷ বিশ্বৰ যিসমুহ দেশৰ লোকসকলৰ অর্থনৈতিক অৱস্থা ভাল, সেইবোৰ দেশ শিক্ষাৰ ক্ষেত্রত আগবঢ়া, সেইবোৰ দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অতি নিম্ন৷ ইউৰোপ বা আমেৰিকাৰ দেশবোৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অতি নূ্যনতম৷ চীন দেশৰ শিক্ষিত লোকৰ হাৰ ৯৮ শতাংশ হোৱা বাবে জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতৰ হাৰৰ আধাতকৈও কম৷ ভাৰতৰ ৯৫ শতাংশ মুছলমানৰ পূর্বপুৰুষ অনুসূচিত জাতিৰ লোক বা অন্যান্য পিছপৰা জাতিৰ লোক আছিল তথা বর্তমানো অনুসূচিত বা অন্যান্য পিছপৰা জাতিৰ পর্যায়ৰ নিচিনাই তেওঁলোকৰ জীৱনৰ মান হোৱা সত্ত্বেও কোনো ধৰণৰ বিশেষ সুবিধা বা সংৰক্ষণৰ সুবিধা নাই তেওঁলোকৰ বাবে৷ এই সত্যটো ন্যায়াধীশ ৰাজিন্দৰ ছাচাৰ কমিটীৰ প্রতিবেদনে ডে দঙাই দিছে৷ ন্যায়াধীশ ৰংগনাথ মিশ্র কমিটীয়ে মুছলমানৰ বাবে ‘শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰা’ মাপকাঠীৰে কেন্দ্র–ৰাজ্যৰ নিয়োগ, শিক্ষা আদিত দহ শতাংশ সংৰক্ষণৰ পৰামর্শ আগবঢ়াইছিল৷ ভাৰতবর্ষত একমাত্র পশ্চিমবংগৰ বাঁওমর্চাৰ চৰকাৰে মুছলমানক ‘অন্যান্য পিছপৰা সম্প্রদায়’ত অন্তর্ভুক্ত কৰি ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল৷ ভাৰতবর্ষত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হ্রাস কৰিবলৈ হ’লে এই লোকসকলৰ অর্থনৈতিক উন্নয়ন তথা শিক্ষাৰ উন্নয়নৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ অনুন্নত, শিক্ষিত জনসাধাৰণক উদ্দেশ্যপ্রণোদিতভাৱে মৌলবাদী মোল্লা–মছজিদেও প্রভাৱিত কৰিবলৈ সমর্থ হয় জন্ম নিয়ন্ত্রণ নকৰিবলৈ৷ মুছলমান ৰাজনৈতিক নেতা আৰু মুছলমানৰ উন্নত তথা শিক্ষিত শ্রেণীয়ে দৰিদ্র মুছলমানসকলৰ উন্নতিত গুৰুত্ব আৰোপ কৰাৰো অতি জৰুৰী৷ ভাৰতত বিখ্যাত কিছু মুছলমান, যিসকলে ৰাষ্ট্রৰ পৰা প্রচুৰ উপঢ়ৌকন পাইছে, এওঁলোকক বাদ দি অধিকসংখ্যক মুছলমানেই নিজকে বিচ্ছিন্ন বুলি ভাবে আৰু এক বেলেগ সামাজিক, সাংস্কৃতিক পৰিৱেশৰ মাজতে নিজকে আবদ্ধ কৰি ৰাখে৷ যিটোৱে কালক্রমত এক গোষ্ঠী মানসিকতাত পুষ্ট কৰে আৰু নিজৰ গোষ্ঠীৰ আৰু অধিক লোকক ঐক্যবদ্ধ কৰাৰ প্রয়োজনীয়তা অনুভূত কৰা হয়৷ ক্ষয়কাৰী সামাজিক ৰক্ষণশীলতা আৰু অনুন্নয়নৰ লগত এইসমূহ তেতিয়া যোগ হৈ যায় আৰু লগতে থাকে ধর্মীয় নেতাসকলৰ গোড়ামি, মছজিদ, মাদ্রাছা, বত্তৃণতা আৰু ফলস্বৰূপে মুছলমান সমাজৰ অন্যান্য পশ্চাদগামী উপাদানসমূহৰ প্রতি এওঁলোক আকৃষ্ট হৈ পৰে৷ এই পর্যায়ৰ লোকসকলৰ মাজত তেতিয়া বিপজ্জনকভাৱে ধর্মীয় আনুগত্য বা বিশ্বাস বৃদ্ধি পায়, যাৰ মাত্রা হিন্দু ধর্মান্ধতাৰ সমান বা তাতোকৈ অধিক হাৰৰ আৰু জাতীয় ক্ষেত্রত পৰস্পৰ বিবদমান পৰিস্থিতিৰ সৃষ্টি কৰে৷ সাম্প্রদায়িক মানসিকতাক লৈ যি ধর্মীয় আনুগত্যৰ সৃষ্টি হয় সেইটোৱে সাম্প্রদায়িক ৰাজনীতি আৰু সাম্প্রদায়িক হিংসাক শক্তিশালী কৰে৷ ভাৰতীয় মুছলমানৰ এক অংশক বাংলাদেশৰ মুছলিম লীগৰ সমর্থনত বিক্ষোভ প্রদর্শন কৰা দেখা গৈছিল কিন্তু শ্বাহবাগ আন্দোলনৰ সমর্থনত তেওঁলোকৰ প্রতিক্রিয়া ক’তো দেখা পোৱা নগৈছিল৷ এই পটভূমিত অসমৰ এ আই ইউ ডি এফৰো জন্ম হৈছিল৷ মুছলমান সমাজখনক অর্থনৈতিকভাৱে তথা শিক্ষা–দীক্ষাত উন্নত কৰিব পাৰিলে ভাৰতত মুছলমান লোকৰ শতাংশ বৃদ্ধি হোৱাৰ প্রৱণতা দূৰ হ’ব৷ ১৯৯১ চনৰ পৰা ২০১১ চনৰ মাজত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ৮.২৮ শতাংশলৈ হ্রাস হোৱাটোৱে প্রতিফলিত কৰে যে এই সময়ছোৱাত অনেক মুছলমান লোক শিক্ষাৰ পোহৰ পোৱাত তথা অর্থনৈতিকভাৱে উন্নতি ঘটাত জনসংখ্যা নিয়ন্ত্রণৰ প্রতি সজাগ হৈ পৰিছে৷ আগত দিনত এই প্রৱণতা অব্যাহত থাকিব, মুছলমান লোকৰো জনসংখ্যা বৃদ্ধি হিন্দু লোকৰ সমপর্যায়ৰ হাৰত বা কম হ’ব৷
– অনন্ত কলিতা
লেখক ভাৰতীয় ষ্টেট বেংকৰ
চেণ্ড্রেল ব’ডৰ প্রাক্তন সঞ্চালক
ফোনঃ ৯৪৩৫০–৪১২০৩