নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষামন্ত্রীৰ অনুমোদনৰ পাছতো অনুষ্ঠিত নহ’ল বিশেষ টেট

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ শিক্ষামন্ত্রীয়ে অনুমোদন দিয়াৰ ছমাহৰ পাছতো অসম সর্বশিক্ষা অভিযানে বিশেষ টেট অনুষ্ঠিত নকৰাত ক্ষোভ প্রকাশ কৰিছে জ্যোতি কেন্দ্র শিক্ষার্থী সন্থাই৷ বৃহস্পতিবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত সন্থাৰ সভানেত্রী মুনমুন চেতিয়াই কয় যে শিক্ষামন্ত্রীয়ে বিগত বর্ষৰ ১৯ জুলাইত সন্থাৰ সৈতে আলোচনাৰ অন্তত জ্যোতি কেন্দ্র শিক্ষার্থীসকলৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰিবলৈ অনুমোদন দিছিল৷ কিন্তু সর্বশিক্ষা অভিযানে আজিপর্যন্ত এইক্ষেত্রত কার্যকৰী ব্যৱস্থা গ্রহণ নকৰিলে৷

এই সন্দর্ভত তেওঁ কয়– জ্যোতি কেন্দ্র শিক্ষাকর্মীৰ বাবে বিশেষ টেটৰ ক্ষেত্রত সর্বশিক্ষাৰ একাংশ বিষয়াই ষড়যন্ত্র ৰচনা কৰিছে৷ সর্বশিক্ষাত বর্তমানলৈ কাম কৰি থকা অথবা সময়ে সময়ে কাম কৰা কর্মচাৰীকো এই টেটত বহিবলৈ অনুমতি প্রদান কৰিছে৷ ইয়াৰ ফলত বিভিন্ন পদবীত কাম কৰি থকা তথা যোগ্যতাসম্পন্ন কর্মচাৰীয়ে বিশেষ টেটত বহিব পাৰিব৷ সর্বশিক্ষাৰ এই সিদ্ধান্তৰ বাবে ৪০–৫০ হাজাৰ প্রার্থী বিশেষ টেটত বহিবলৈ সুযোগ লাভ কৰিব৷

ফলত দীর্ঘদিনে কর্মৰত হৈ থকা জ্যোতি কেন্দ্র শিক্ষাকর্মীসকল বঞ্চিত হ’ব৷ ইপিনে, বিশেষ টেট অনুষ্ঠিত কৰা প্রক্রিয়াৰ ক্ষেত্রত সর্বশিক্ষাৰ বিলম্ব সন্দর্ভত চেতিয়াই কয় যে জ্যোতি কেন্দ্র শিক্ষাকর্মীসকলৰ চাকৰি নিয়মীয়া কৰিবলৈ সর্বশিক্ষা আগ্রহী নহয়৷ চেতিয়াই কয়– ‘২০০৩ চনৰ পৰা জ্যোতি কেন্দ্র শিক্ষাকর্মীসকলে ৰাজ্যত কাম কৰি আছে৷ ২০০৯ চনত জ্যোতি কেন্দ্র শিক্ষাকর্মীক শিক্ষাৰ অধিকাৰ আইনৰ অধীনত সামৰি লয়৷ আন শিক্ষকৰ দৰে আমিও ডি এল এড ডিগ্রী গ্রহণ কৰিলোঁ৷

সেই অনুসৰি আমি বিশেষ টেটত বহাৰ প্রয়োজন নাই৷ আমাক শিক্ষকৰ মর্যাদা প্রদান কৰাটো চৰকাৰৰ দায়িত্ব৷ কিন্তু তাৰ ব্যৱস্থাও চৰকাৰে নকৰিলে৷ এতিয়া পৃথক টেটৰ নামত জ্যোতি কেন্দ্র শিক্ষাকর্মীসকলৰ লগত আন কর্মচাৰীক সুযোগ প্রদান কৰি আমাক পুনৰ বঞ্চিত কৰিব বিচাৰিছে৷’ সেয়েহে বিশেষ টেট অনুষ্ঠিত কৰাৰ পূর্বে শিক্ষামন্ত্রীৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰিবলৈ সন্থাই দাবী উত্থাপন কৰে৷

You might also like