শংকৰদেৱৰ বিষয়ে আমি কিমান জানো?
সর্বকালৰ সর্বশ্রেষ্ঠ অসমীয়াজনাই আছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ৷ এই বিষয়ত কাৰো দ্বিমত থাকিব নোৱাৰে বা থকা উচিত নহয়৷ এই উক্তি দাঙি ধৰা হৈছে আমি গুৰুজনাৰ বিষয়ে যিখিনি জানিছোঁ, তাৰ ওপৰত ভিত্তি কৰি৷ কিন্তু আমাৰ দৰে অভাজনে এই বিশাল প্রতিভাধাৰী পুৰুষজনাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰাটো সম্ভৱ হৈ উঠা নাই৷ তথাপি এনে ধাৰণা এটা গঢ় দি লোৱাত আমাৰ পক্ষে অসুবিধা হোৱা নাই যে শ্রীমন্ত শংকৰদেৱৰ পর্যায়ৰ মনীষীৰ প্রতিসহস্রাব্দত এজন বা দুজনৰহে এই ধৰাতলত আৱির্ভাৱ ঘটে৷ এজনা ব্যক্তিতে ইমানবিলাক গুণৰ সমাৱেশ যথার্থতে বিৰল৷ পিছে তেখেতৰ গুণাৱলী সার্থকভাৱে অনুধাৱন কৰিবলৈ অসমীয়া সমাজখনক বহু দীঘলীয়া সময়ৰ আৱশ্যক হ’ল৷ ঊনবিংশ শতাব্দীৰ দ্বিতীয়ার্ধ আৰু বিংশ শতাব্দীত জন্মগ্রহণ কৰা কেইজনমান বিশিষ্ট অসমীয়া পণ্ডিত তথা গৱেষকৰ প্রচেষ্টাত শংকৰদেৱক ধর্মৰ চাৰিবেৰৰ মাজৰ পৰা উলিয়াই অনাটো সম্ভৱ হৈ উঠিছিল৷ তাৰ আগলৈকে তেখেতৰ একমাত্র পৰিচয় আছিল এজনা ধর্মগুৰু হিচাপেহে৷ কিন্তু ধর্মগুৰুৰ পৰিচয়টো যুক্তিৰ খাতিৰত নিলগাই থৈ এগৰাকী অতি উচ্চ স্তৰৰ কলাকাৰ আৰু সাহিত্য–স্রষ্টা ৰূপে শংকৰ গুৰুজনাৰ মূল্যায়ন প্রক্রিয়াটোৰ সূচনা হোৱা সৌ সিদিনাৰ কথা মাথোন৷ এজনা নমস্য সমাজ–সংস্কাৰক আৰু মানৱতাবাদী হিচাপে তেখেতৰ গুৰুত্ব উপলব্ধি কৰাৰ বৃত্তান্ত তাৰো পাছৰ৷ তদুপৰি দার্শনিক শংকৰদেৱজনৰ সম্পূর্ণ পৰিচয় এতিয়াও উন্মোচিত হ’বলৈ বাকী৷ আমাৰ কোমলমতি শিশুসকলৰ মনত এজনা অলৌকিক শক্তিসম্পন্ন পুৰুষৰ ৰূপতহে শংকৰদেৱৰ ধাৰণা এটা সুমুৱাই দিয়াৰ প্রয়াস আজিও অব্যাহত আছে৷ যথা, এটা ষাঁড়গৰু শিঙত ধৰি মাটিত বগৰাই দিয়া, ভৰবাৰিষা ব্রহ্মপুত্র সাঁতুৰি পাৰ হোৱা, গুৰুৰ টোলত এদিন টোপনি যাওঁতে এটা সাপে ফণা মেলি তেওঁক ছাঁ দিয়া ইত্যাদি৷ এনেবোৰ কথাই শংকৰদেৱক এজন ৰূপকথাৰ নায়ক হিচাপে তুলি ধৰাৰ ফলত তেখেতৰ ব্যক্তিত্বৰ প্রকৃততে মহত্ত্বপূর্ণ অনেক দিশ আজিও অন্ধকাৰতে ৰৈ যোৱা বুলি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ৷ বিশেষকৈ শংকৰদেৱৰ দর্শন বিষয়ক ধ্যান–ধাৰণাৰ সঠিক মূল্যায়ন হ’বলৈ এতিয়াও বাকী৷
এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল, শংকৰদেৱ অধ্যয়নৰ দিশত আমাৰ হাতত থকা সমল মূলতে দুই প্রকাৰৰ৷ ইয়াৰে প্রথম শ্রেণীৰ সমলৰ ভিতৰত আছে তেখেতৰ জীৱনৰ বিভিন্ন বৃত্তান্ত থকা চৰিতপুথিসমূহ৷ দ্বিতীয়তে, গুৰুজনাই ৰচনা কৰা সমস্ত সাহিত্যকৃতি৷ এই দুয়োবিধ সমলেই বর্তমান সময়ত সহজলভ্য৷ অৱশ্যে চৰিতপুথিসমূহত শংকৰদেৱক যি ৰূপত অংকন কৰা হৈছে, সেয়া আধুনিক দৃষ্টিভংগীৰে চালে এশ শতাংশই গ্রহণযোগ্য নহয়৷ ইবিলাকৰ মাধ্যমে কিম্বদন্তীৰ নায়কৰূপী শংকৰদেৱজনহে প্রাণৱন্ত হৈ উঠে৷ মোৰ বোধেৰে শংকৰদেৱক শুদ্ধ ৰূপত জনাৰ অধিক নির্ভৰযোগ্য সমল হৈছে তেখেতৰ ৰচনা–সমগ্র৷ এই ৰচনাৱলীৰ মাজত একমাত্র সাহিত্যিক শংকৰদেৱজনাই সোমাই থকা নাই, একে ঠাইতে দার্শনিক শংকৰদেৱগৰাকীকো বিচাৰি পোৱাটো সম্ভৱপৰ৷ পিছে সেই দিশত অগ্রসৰ হ’বলৈ শুদ্ধ বিশ্লেষণী ক্ষমতাৰ গৰাকী হোৱাটো অপৰিহার্য৷ গুৰুজনাৰ জীৱন–দর্শনৰ অনেক অপব্যাখ্যা সণ্ঢালনিকৈ চলি অহা আমাৰ দৃষ্টিগোচৰ হৈছে৷ তেখেতৰ পৰম সত্তা সম্পর্কীয় ধাৰণা সম্বন্ধে অনুসন্ধান কৰিবলৈ এতিয়াও বহুতো কথা বাকী ৰৈছে৷ শংকৰদেৱৰ ধর্মীয় দর্শন কেৱল একেশ্বৰবাদী আছিল বুলি কৈয়েই সমগ্র বিষয়টোৰ মোখনি মাৰিব পাৰি জানো? কীর্তনঘোষাৰ মাধ্যমে গুৰুজনাৰ কেৱল সাহিত্যিক ৰসজ্ঞানৰে স্ফুৰণ ঘটা নাছিল, এই গ্রন্থখনি তেখেতৰ পৰম সত্তা অন্বেষণৰো দলিলস্বৰূপ৷ গুৰুজনাই কীর্তনঘোষাৰ হৰমোহন খণ্ডত এনে এটি স্তুতিমূলক কীর্তন সন্নিৱিষ্ট কৰিছে, যিটো কীর্তনৰ প্রথম পদটো হৈছে –
নমো নমো মাধৱ বিধিৰ বিধিদাতা৷
তুমি জগতৰ গতি মতি পিতা মাতা৷৷
অর্থাৎ জগতৰ আদি কাৰণস্বৰূপ সেই পৰম সত্তা সমস্ত জগতৰ পিতা আৰু মাতা উভয়েই৷ সৃষ্টিৰ সেই কাৰণবিহীন কাৰণত ব্যক্তিত্ব আৰোপ মানুহেহে কৰিছে৷ সেই পৰম সত্তা পুৰুষ নে নাৰী, তাকো নির্ধাৰণ কৰিছে মানুহেই৷ এতেকে ‘তেওঁ’ক এক দিব্য পুৰুষৰ ৰূপত কিম্বা দিব্যা নাৰীৰ ৰূপত কল্পনা কৰাৰ অধিকাৰ প্রতিজন ব্যক্তিৰে আছে৷ গুৰুজনাই পৰমেশ্বৰক এগৰাকী মাতৃৰ ৰূপত কল্পনা কৰাৰ একাধিক উদাহৰণ কীর্তনপুথিত পোৱা যায়৷ এই কথাৰ মই বুজি পোৱা অর্থ এয়ে যে পৰম সত্তাক পিতা কিম্বা মাতা যিকোনো এটি ৰূপত মানুহে কল্পনা কৰি লোৱাৰ বিষয়ত কোনো গোড়ামি প্রকাশ কৰা নাছিল৷ এই কথাই তেখেতৰ দ্বাৰা অনুসৃত একেশ্বৰবাদ সন্দর্ভতো একো বিসংগতিৰ সৃষ্টি কৰা বুলি আমি নাভাবোঁ৷ একেশ্বৰবাদৰ তাৎপর্য হ’ল, জগতৰ আদি কাৰণ এটাই আৰু আন সকলো দেৱ–দেৱী মানুহৰ কল্পনা মাথোন৷ কিন্তু সেই আদি কাৰণটিৰ ৰূপ ভিন্ন হ’ব পাৰে৷ সেই পৰম সত্তাত যদি ব্যক্তিত্ব আৰোপ কৰা হয়, তেন্তে ‘তেওঁ’ পিতা–মাতা উভয় ৰূপতে অভিব্যক্ত হ’ব পাৰে৷ গুৰুজনাৰ কথাষাৰকে দোহাৰিছোঁ – তুমি জগতৰ গতি মতি পিতা মাতা৷ তাত বাদে অন্যান্য সকলো দেৱ–দেৱীৰ ৰূপ মানুহৰ উর্বৰ কল্পনা মাথোন৷
দর্শনৰ পৰিভাষাত একেশ্বৰবাদ আৰু অদ্বৈতবাদ সমার্থবোধক নহয়৷ অদ্বৈতবাদ ভাৰতীয় দর্শনৰ এক বিতর্কমূলক ধাৰণা৷ এই বিতর্কৰ গভীৰতালৈ শংকৰদেৱে প্রৱেশ কৰিবলৈ ইচ্ছা কৰা নাছিল বুলি চৰিতপুথিত বর্ণিত দুই–এটা কাহিনীৰ পৰা আমি জানিব পাৰোঁ৷ সেয়ে তেখেত শুদ্ধাদ্বৈতবাদী আছিল নে দ্বৈতাদ্বৈতবাদী আছিল, সেই কথা আমাৰ বাবে সিমান প্রাসংগিক নহয়৷ অৱশ্যে আদি শংকৰাচার্যৰ দৰে শংকৰদেৱে ‘ব্রহ্ম সত্য জগৎ মিথ্যা’ জাতীয় উক্তি ক’তো লিপিবদ্ধ কৰি থৈ যোৱা নাই৷ তেখেতৰ অনেক ৰচনাতে ‘লীন–মুক্তি’ৰ উল্লেখে এই কথাকে প্রতীয়মান কৰে যে সাময়িকভাৱে হ’লেও জীৱাত্মা আৰু পৰমাত্মা দুই পৃথক সত্তা হৈ পৰে৷ এই দ্বৈত অৱশেষত গৈ অদ্বৈতত পৰিণত হয়৷ এতেকে জীৱাত্মাৰ অস্তিত্ব সাময়িকভাৱে হ’লেও সত্য৷ শংকৰদেৱৰ প্রিয়তম শিষ্য মাধৱদেৱৰ ৰচনাত ভক্তিক সর্বোচ্চ স্থান দিয়াৰ স্বার্থত মুক্তিকো তুচ্ছজ্ঞান কৰা হৈছে (মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো…)৷ ই পৰোক্ষে এই কথাকে নুসূচায়নে যে পৰমাত্মাক উপলব্ধি কৰিবৰ নিমিত্তেই দ্বিতীয় এটা সত্তাৰ আৱশ্যক আৰু সেইটোৱেই হৈছে জীৱাত্মা৷ লক্ষণীয়ভাৱে ধ্যানী অবিহনে ধ্যেয়ৰ অস্তিত্ব অর্থহীন, যিদৰে দ্রষ্টা অবিহনে দৃশ্যৰ একো অর্থ থাকিব নোৱাৰে৷
শংকৰ–মাধৱ উভয়ৰে ৰচনাৱলীত মানৱী জনমৰ সন্দর্ভত বিশেষ গুৰুত্ব আৰোপ কৰা আমি দেখিবলৈ পাওঁ৷ মাধৱদেৱে নামঘোষাত কৈছে – ইন্দ্রিয়ৰ সুখ সমস্ত যোনিতে পায়, হৰিসেৱা একোথানে নাই৷ এয়া কেৱল মাধৱদেৱৰে কথা নহয়, শংকৰদেৱ গুৰুজনায়ো মনুষ্য জন্মৰ মহত্ত্ব বিভিন্ন প্রসংগত ব্যাখ্যা কৰি থৈ গৈছে৷ অৱশ্যে ইয়াৰ লগতে ভাৰতবর্ষ আৰু কলিযুগ বিষয় দুটা সততে সংপৃক্ত হৈ পৰাটো মন কৰিবলগীয়া৷ অর্থাৎ কলিযুগত ভাৰতবর্ষত মনুষ্য জন্ম লভোতাসকলে ইশ্বৰোপলব্ধিৰ বিৰল সুযোগ পোৱাৰ সম্ভাৱনা শংকৰদেৱে প্রত্যক্ষ কৰিছিল৷ সেয়ে মানৱতাবাদী দর্শনে তেখেতৰ জীৱনত সুগভীৰ প্রভাৱ বিস্তাৰ কৰা দেখা যায়৷ গুৰুজনাৰ দৃষ্টিত জগৎ–সৃষ্টি–প্রপঞ্চ্ এটা প্রান্তত আদি কাৰণৰূপী পৰমেশ্বৰে অৱস্থান কৰিছে আৰু আনটো প্রান্তত আছে মানুহ৷ আন কথাত ক’ব পাৰি যে সৃষ্টিৰ পূর্ণতা প্রাপ্তিৰ বিষয়ত উভয়েই উভয়ৰ পৰিপূৰক৷ দ্রষ্টা অবিহনে যে দৃশ্য অর্থহীন, সেই কথা আমি ওপৰত উল্লেখ কৰি আহিছোঁ৷ তদ্রূপ উপাসকৰ অনুপস্থিতিত উপাস্যজনৰ উপলব্ধি অসম্ভৱ৷ সেয়েহে এই পাৰাপাৰহীন বিশ্বত মানুহ নামৰ প্রাণীবিধ একক আৰু অনন্য৷ শংকৰদেৱে মানুহৰ এই মহত্ত্ব সম্যক ৰূপে বুজি উঠিছিল৷ তেখেতৰ মানৱ–বন্দনা কেৱল ৰচনাৰাজিতে সীমিত নাছিল, বৰং জীৱনৰ প্রতিটো ক্ষণ তেখেতে মানুহৰ প্রকৃত মুক্তিৰ পথৰ সন্ধানত ব্যয় কৰিছিল৷ গুৰুজনাৰ প্রতিটো কর্ম মানৱ–কল্যাণৰ অনুকূল আছিল৷
এহাতে পৰম সত্তাৰ অন্বেষণ কৰা আৰু আনহাতে সমাজৰ সকলোতকৈ অৱহেলিতজনক মুক্তিপথৰ সন্ধান দিয়া, এই দুয়োটাকে শংকৰ গুৰুজনাই তেখেতৰ দুর্লভ মানৱী জনমৰ পৰম পুৰুষার্থ ৰূপে গ্রহণ কৰিছিল৷ পিছে তেখেতৰ সমস্ত ৰচনাৱলীতে এই ধাৰণা পৰিব্যাপ্ত হৈ আছে যে সৃষ্টিৰ আদি কাৰণস্বৰূপ পৰম সত্তা প্রকৃততে অজ্ঞেয়৷ ‘অজ্ঞেয়তাবাদ’ Agnositicism) নামৰ দার্শনিক মতবাদ ঊনবিংশ শতাব্দীত বিকশিত হৈছিল যদিও ইয়াৰ পূর্বধাৰণা শংকৰদেৱৰ ৰচনাৱলীৰ সর্বত্র বিদ্যমান৷ সেইবাবেই হয়তো পূর্বাপৰ বর্তি থকা দার্শনিক দ্বন্দ্বসমূহৰ পৰা তেখেতে যথাসম্ভৱ নিলগত অৱস্থান কৰিছিল৷ মোৰ বোধেৰে জ্ঞানমার্গৰ অন্তিম পৰিণতি হৈছে অজ্ঞেয়তাবাদ অথবা ৰহস্যবাদ৷ এতেকে শংকৰদেৱে জীৱনজুৰি ভক্তিমার্গৰ শ্রেষ্ঠতাৰ কথা ব্যক্ত কৰি গৈছে৷ তদুপৰি ঈশ্বৰোপলব্ধিয়েই যে মনুষ্য জন্ম লাভৰ পৰম সার্থকতা, সেয়াই গুৰুজনাৰ জীৱনৰ মহত্ত্বম বাণী৷ যিকোনো এগৰাকী মহান ব্যক্তি সম্বন্ধে সামগ্রিক ধাৰণা আয়ত্ত কৰিবলৈ হ’লে সেই ব্যক্তিৰ জীৱন–দর্শন সম্বন্ধে অৱগত হোৱাটো অপৰিহার্য৷ কিয়নো প্রতিজন ব্যক্তিৰে জীৱনৰ সমস্ত কার্যাৱলীৰ নেপথ্যত থাকে এক বা একাধিক দর্শন৷ কিন্তু শংকৰদেৱৰ দর্শন সন্দর্ভত এইপর্যন্ত কিছুমান বিক্ষিপ্ত অধ্যয়নহে সম্পন্ন হোৱা আমি দেখিবলৈ পাইছোঁ৷ এনে প্রয়াসসমূহত যে সামগ্রিকতাৰ অভাৱ, সেই কথা অপ্রিয় হ’লেও সত্য৷ অদূৰ ভৱিষ্যতে তেখেতৰ জীৱনৰ এই বিশিষ্ট দিশটোৰ সন্দর্ভত এক পূর্ণ পর্যায়ৰ অধ্যয়ন সম্পন্ন হ’ব বুলি আমি আশা কৰিছোঁ৷