নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীক মেণ্টৰ হিচাপে লাভ কৰি আনন্দিত কোহলি

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ:  টি–২০ বিশ্বকাপত ভাৰতৰ সবাতোকৈ সফল অধিনায়ক ধোনীক টীম ইণ্ডিয়াৰ মেণ্টৰ হিচাপে লাভ কৰি আনন্দিত অধিনায়ক বিৰাট কোহলি৷ দেওবাৰৰে পৰা আৰম্ভ হোৱা টি–২০ বিশ্বকাপৰ পূর্বে আয়োজিত এখন সংবাদ মেলত টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে কয় যে ধোনীৰ দৰে এগৰাকী অভিজ্ঞ তাৰকাৰ উপস্থিতিয়ে দলৰ মনোবল বৃদ্ধি কৰিব৷ জটিল সময়ত তেওঁৰ দিহা–পৰামর্শ ভাৰতীয় দলৰ বাবে মূল্যৱান হ’ব বুলিও কোহলিয়ে উল্লেখ কৰে৷

তেওঁ লগতে কয় যে উদীয়মান খেলুৱৈসকলে বিশ্বকাপৰ দৰে মেগা ইভেণ্টত চাপ নিয়ন্ত্রণ কৰি কিদৰে সফল হ’ব পাৰি সেয়া ধোনীৰ পৰা শিকিব পাৰিব৷

উল্লেখ্য যে ধোনীৰ নেতৃত্বত ভাৰতে ২০০৭ৰ টি–২০ বিশ্বকাপ, ২০১১ৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ৰ চেম্পিয়নছ ট্রফীৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল৷ অধিনায়ক হিচাপে তেওঁৰ এই সফলতাৰ প্রতি লক্ষ্য ৰাখি বিচিচিআয়ে এইবাৰৰ টি–২০ বিশ্বকাপত ধোনীক ভাৰতীয় দলৰ মেণ্টৰৰ দায়িত্ব অর্পণ কৰিছে৷

You might also like