সমন্বয়ৰ প্রতীক সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামী
মুহূর্তটি আছিল ২০০৬ চনৰ ১৭ জুন৷ মাজুলীৰ পৰা প্রকাশ পোৱা ‘গণদিন’ নামৰ মাহেকীয়া কাকতৰ সম্পাদক ৰজনীকান্ত বৰদলৈৰ উদ্যোগত আয়োজিত ‘আষাঢ়স্য প্রথম দিৱসে’ নামৰ এক বর্ণাঢ়্য কবি সন্মিলন, সংগীতানুষ্ঠান আৰু বত্তৃণতামালালৈ মুখ্য অতিথিৰূপে যাওঁতে ১৬ জুনত গড়মূৰ সত্র আৰু ১৭ জুনত কমলাবাৰী সত্র ভ্রমণ কৰিছিলোঁ৷ মোৰ জীৱনৰ প্রথমবাৰৰ মাজুলী ভ্রমণে সফল ৰূপ পাইছিল কমলাবাৰী সত্রৰ সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ সান্নিধ্য পোৱাৰ পিছত৷ সেইদিনা মোৰ যাত্রাৰ সহযোগী আছিল গড়মূৰৰ ৰজনীকান্ত বৰদলৈ, ভূপেন দত্ত আৰু ৰেণুমালা দত্ত৷ আমাৰ আগমনত সত্রাধিকাৰগৰাকীয়ে বৈষ্ণৱী বিনয়েৰে আদৰণি জনাই সত্রৰ অতিথিশালাৰ তেখেতৰ ব্যক্তিগত অধ্যয়ন কোধাত চাহ–পানীৰে আপ্যায়ন কৰিছিল৷ সেইদিনা আমাৰ মাজত অনেক কথা আলোচনা হৈছিল৷ মাজুলীৰ পৰা উভতি আহি ‘সাদিন’ কাকতৰ ১৪ আৰু ১৮ জুলাইত (২০০৬) যি দুটা লেখা লিখিছিলোঁ তাৰে কিয়দাংশ আছিল এনেধৰণৰ ঃ
‘স্নিগ্ধ– শীতল পৰিৱেশ আৰু সেউজীয়া গছ–গছনিৰে পৰিপূর্ণ কমলাবাৰী সত্র চৌহদত প্রায় ডেৰ ঘণ্টা সময় সত্রাধিকাৰ পণ্ডিতগৰাকীৰ সৈতে মন–প্রাণ খুলি সত্র–সংস্কৃতি, জনজাতি সমাজ, সত্রত ইছলামধর্মী, খ্রীষ্টানধর্মী আৰু মহিলাৰ প্রৱেশ, সত্র চৌহদত বিজ্ঞানসন্মত ব্যৱহাৰ, সত্রৰ জৰিয়তে বিকল্প অর্থনীতি, বৃহত্তৰ অসমীয়া জাতি গঠনৰ বাবে সত্রৰ নতুন দৃষ্টিভংগী, সত্রৰ মজিয়াৰ পৰা কানি আৰু সুৰাবিৰোধী আন্দোলনৰ আৱশ্যকতা আদি দিশত কথা পাতিলো৷ তেখেতৰ দৃষ্টিভংগীৰ সাৰমর্ম এনেধৰণৰ (ক) শংকৰদেৱ–মাধৱদে সত্র–সংস্কৃতিত জাত–পাতৰ লেশমানো দি যোৱা নাছিল (খ) সত্রত মূর্তি স্থাপন কৰাটো শংকৰদেৱৰ আদর্শৰ বিৰোধী কথা (গ) পীতাম্বৰদেৱ গোস্বামীয়েহে প্রকৃতার্থত শংকৰদেৱ–মাধৱদে দৃষ্টিভংগীক প্রতিফলিত কৰিছে (ঘ) পীতাম্বৰদেৱ গোস্বামীয়ে গড়মূৰ সত্রৰ চাৰিসংহতীয়া ভেম নাইকিয়া কৰি উল্লেখযোগ্য কাম কৰিছে (ঙ) সত্রত ব্রাহ্মণৰ অধিকাৰ থাকিব পাৰে কিন্তু ব্রাহ্মণ্যবাদ থাকিব নোৱাৰে (চ) অন্য ধর্মৰ লোকৰ প্রৱেশত বৰপেটা সত্রই বাধা দিয়াটো দুর্ভাগ্যজনক৷ (ছ) বৰপেটা সত্রৰ সত্রাধিকাৰ নির্বাচন আৰু অন্যান্য ক্ষেত্রত ভোটাধিকাৰৰ পদ্ধতি তুলি দিব লাগে (জ) সত্রত মহিলা, জনজাতি আৰু অহিন্দুসকলৰ প্রৱেশত বাধা প্রদান কৰা নিয়ম তুলি দিব লাগে ইত্যাদি৷’
সেয়া আছিল সত্রাধিকাৰ নাৰায়ণচন্দ্র গোস্বামীৰ সৈতে প্রথম সাক্ষাতৰ অনুভৱ৷ প্রথম দর্শন আৰু সান্নিধ্যতেই এইগৰাকী সত্রাধিকাৰৰ চিন্তা আৰু দর্শনৰ মাজত বিচাৰি পাইছিলো দূৰদর্শিতা আৰু মহানুভৱতাৰ পৰিচয়৷ পৰৱর্তী সময়ত সত্রাধিকাৰগৰাকীৰ সৈতে গঢ় লৈ উঠা আন্তৰিকতাই তেজৰ সম্পর্কৰ দৰেই আনকি কিছুমান ক্ষেত্রত তাতোকৈও অধিক ওচৰ চপাই আনিছে৷ ২০০৬ চনৰ পৰা ২০১৬ চনলৈকে– এই দহ–এঘাৰ বছৰীয়া সান্নিধ্য আৰু সম্পর্কৰ বাবে সত্রাধিকাৰগৰাকী হৈ পৰিছে মোৰ হূদয়ৰ আপোনজন৷ তেখেতৰ পাণ্ডিত্যপূর্ণ লেখা, দূৰদৃষ্টিসম্পন্ন চিন্তা আৰু কর্ম মোৰ শংকৰদেৱ আৰু সত্রীয়া সংস্কৃতি চর্চাত মহৌষধৰ ভূমিকা পালন কৰি আহিছে৷ নীৰৱে প্রেৰণা যোগাই আহিছে সত্রাধিকাৰগৰাকীৰ চিন্তা–কর্মই৷
নাৰায়ণচন্দ্র গোস্বামী হ’ল অসমৰ একমাত্র সত্রাধিকাৰ, যাৰ নির্দেশনা আৰু পৰামর্শই আমাক ইছলামধর্মী শিল্পীৰ দ্বাৰা গঠিত ‘চান্দসাই ভাওনা দল’ গঠন কৰিবলৈ প্রেৰণা যোগাইছিল৷ ২০০৭ চনত আমাৰ জন্মস্থান বৰপেটা জিলাৰ কয়াকুছিত গঢ় লৈ উঠা চান্দসাই ভাওনা দলে গোস্বামীৰ নিমন্ত্রণত মাজুলীৰ কমলাবাৰী সত্রৰ আৰক্ষীৰ দ্বাৰা আয়োজিত সদৌ অসম অসমীয়া ভাওনা সমাৰোহত অংশগ্রহণ কৰি ২০০৯ চনত ‘ৰাম বিজয়’ আৰু ২০১০ চনত ‘ৰুক্মিনী হৰণ’ পৰিৱেশন কৰি মাজুলীৰ ৰাইজৰ মৰম চেনেহ আদায় কৰিবলৈ সক্ষম হৈছে৷ দুয়োবাৰেই আমাৰ ভাওনা দলৰ শিল্পীসকল সত্রাধিকাৰগৰাকীৰ আতিথ্যত কমলাবাৰী সত্রৰ অতিথিশালাত আছিল৷ সেই সময়ত আমাৰ থকা–খোৱাৰ তদাৰক কৰিছিল স্বয়ং সত্রাধিকাৰগৰাকীয়ে৷ আনকি তেখেতে আমাক ভোজনগৃহৰ ভিতৰলৈ লৈ তেখেতৰ সৈতে একেলগে জলপান খোৱাৰ ব্যৱস্থা কৰি দিছিল৷ সত্রৰ ভিতৰলৈকো আমাক প্রৱেশ কৰাৰ সুবিধা কৰি দিছিল৷ আমাৰ ভাওনা দলৰ ইছলামধর্মী ভাৱৰীয়াসকলে দুয়োবাৰেই সত্রৰ গুৰু আসনৰ সন্মুখত বহি ভকত–শিষ্যসকলৰ সৈতে একেলগে হাত–চাপৰি বজাই নাম–কীর্তনত অংশগ্রহণ কৰা দৃশ্যটি আছিল অপূর্ব৷ সেই মুহূর্তবোৰত গৌৰৱত আমাৰ বুকু ফুলি গৈছিল৷ সত্রাধিকাৰগৰাকীৰ মহানুভৱতাই আমাক সমন্বয়ৰ আদর্শৰ পতাকা ঊর্ধ্বত তুলি ধৰিবলৈ প্রেৰণা যোগাইছিল৷ নাম–কীর্তনৰ সমান্তৰালভাৱে আমাৰ শিল্পীসকলে সত্রৰ অতিথিশালাৰ কোঠাত নামাজো পঢ়িছিল৷
২০০৬ চনৰ পৰা ২০১৬ চনলৈকে সত্রাধিকাৰ নাৰায়ণচন্দ্র গোস্বামীৰ সৈতে একে মঞ্চত একেলগে শংকৰদেৱ আৰু সত্রীয়া সংস্কৃতি সম্পর্কীয় অনেক সভা–সমিতি আৰু আলোচনা–চক্রত অংশগ্রহণ কৰিছো৷ প্রতিবাৰেই তেখেতৰ পৰা শিকিছো শংকৰী দর্শন, ঐতিহ্য আৰু সংস্কৃতিৰ ন ন কথা৷ সেইবোৰে আমাৰ শংকৰদেৱ সম্পর্কীয় চিন্তা আৰু চর্চাত যথেষ্ট সহায় কৰিছে৷ মই সুদীর্ঘ দিনৰ পর্যবেক্ষণ আৰু ব্যক্তিগত সান্নিধ্যৰে অনুভৱ কৰিছোঁ যে কিছুসংখ্যক ধর্মগুৰু আৰু সত্রাধিকাৰৰ দৰে নাৰায়ণচন্দ্র গোস্বামী কথা আৰু কামত দুগৰাকী বেলেগ ব্যক্তি নহয়৷ বৰঞ্চ তেখেত হ’ল কথা–কামে, দর্শনে–চিন্তাই একেগৰাকী ব্যক্তি যাৰ ব্যক্তিত্বৰ সবল দিশটোৱে বহুতকে শক্তি যোগান ধৰে৷ কোনোধৰণৰ কপটতা বা চতুৰালি নথকা এইগৰাকী সত্রাধিকাৰে ধর্ম–বর্ণ নির্বিশেষে সকলো পর্যায়ৰ লোকক সমদৃষ্টিৰে, মৰম আৰু শ্রদ্ধাৰে আঁকোৱালি ল’ব পাৰে যি সময়ত অসমৰ কিছুসংখ্যক সত্রত ইছলামধর্মী আৰু খ্রীষ্টানধর্মী লোকৰ প্রৱেশ নিষিদ্ধ সেই সময়ত সত্রাধিকাৰগৰাকীয়ে নিজৰ কমলাবাৰী সত্রৰ দুৱাৰ সর্বধর্মৰ লোকৰ বাবে খুলি দিয়াৰ সাহস দেখুৱাব পাৰে৷
সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ উদাৰতা আৰু চিন্তাৰ স্বচ্ছতাৰ প্রমাণ পোৱা যায় তেখেতৰ দুটামান ভাষ্যৰ পৰা৷ তাৰে এটা হ’ল বৰপেটা সত্রৰ ভিতৰত ‘অহিন্দুধর্মী’ লোকৰ প্রৱেশ সন্দর্ভত ২০০৫ চনত চলা বিতর্কৰ সময়ত নিজৰ অভিমত ব্যক্ত কৰি সত্রাধিকাৰগৰাকীয়ে কৈছিল ঃ
‘আমি সমাজৰ শ্রেণী বৈষম্য দূৰ কৰাত গুৰুত্ব দিব লাগিব৷ আমি উদাৰতা দেখুৱাব লাগিব৷ সেয়ে আমি সত্রত সকলো জাতি–জনগোষ্ঠীৰ লোকৰ প্রৱেশত অনুমতি দিছোঁ৷ মুছলমানসকলকো সত্রৰ ভিতৰত প্রৱেশৰ অনুমতি দিছোঁ৷’ (দৈনিক অগ্রদূত, ২৭ ছেপ্ঢেম্বৰ, ২০০৫)৷
২০০১ চনত সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামী অসম সত্র মহাসভাৰ সভাপতি নির্বাচিত হৈছিল৷ সেইবাৰ সত্র মহাসভাৰ অধিৱেশনৰ অন্তিম দিনাৰ মুকলি সভালৈ মুখ্য অতিথিৰূপে যোগদান কৰি বিশ্ব হিন্দু পৰিষদৰ উপ–সভাপতি গিৰিৰাজ কিশোৰে ‘ৰাজনীতিৰ হিন্দুকৰণ আৰু হিন্দুত্বৰ সামৰিকীকৰণ’ৰ হকে আহ্বান জনাই যি সাম্প্রদায়িক আৰু উচটনিমূলক ভাষণ দিছিল তাক সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীয়ে সমর্থন কৰা নাছিল৷ গিৰিৰাজ কিশোৰ অতিথি হোৱাহেতুকে গোস্বামীয়ে সভাপতিৰ আসনৰ পৰা প্রতিবাদ কৰা নাছিল যদিও অধিৱেশনৰ সামৰণিৰ পিছত তেখেতে গিৰিৰাজৰ ভাষণৰ সমালোচনা কৰিছিল৷
ওপৰত উল্লেখ কৰা ঘটনা দুটা সন্দর্ভত নাৰায়ণ চন্দ্র গোস্বামীয়ে প্রকাশ কৰা প্রতিক্রিয়াই প্রমাণ কৰে যে তেওঁ সাম্প্রদায়িকতা আৰু বিদ্বেষভাবৰ ওচৰত মূৰ নত নকৰা এগৰাকী নির্ভীক অগ্রাধিকাৰ, ধর্মনিৰপেক্ষতাৰ প্রতীক৷
সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ সান্নিধ্যৰে তেখেতৰ চিন্তা আৰু দৃষ্টিভংগী সম্পর্কে ইতিপূর্বে ‘ব্যতিক্রমী সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামী’, ‘মাজুলীৰ চাৰিসত্র ভ্রমি আহিলোঁ, ‘চান্দসাই ভাওনা দল গঢ়ি তোলাৰ অভিজ্ঞতা’, ‘ৰাম বিজয়ত শ্রীৰামচন্দ্রৰ ভাও লোৱাৰ অভিজ্ঞতা’, ‘ৰুক্মিনী হৰণত শ্রীকৃষ্ণৰ ভাও লোৱাৰ অভিজ্ঞতা’ ইত্যাদি লেখাত কিছু কথা লিখিছোঁ৷ সেই লেখাবোৰৰ মাজেৰে নাৰায়ণ চন্দ্র গোস্বামী সম্পর্কে মোৰ যি অনুভৱ সেয়া হ’ল সত্রাধিকাৰগৰাকী ব্যক্তিত্ব আৰু চিন্তাধাৰাৰ ফালৰ পৰা এগৰাকী অনন্য ব্যক্তি৷
সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ সান্নিধ্য পোৱাৰ পিছত তেখেতলৈ বুলি দুখন চিঠি লিখি তেখেত সম্পর্কে মোৰ অনুভৱৰ কিছু কথা ব্যক্ত কৰিছিলোঁ তাৰে কিয়দংশ আছিল এনেধৰণৰ ঃ
১৷ ‘মহোদয়, আপুনি সত্র চৌহদত বহি আমাৰ আগত কোৱা এইবোৰ কথা শুনি এনেহে ধাৰণা হৈছিল যেন পীতাম্বৰ দেৱ গোস্বামী প্রয়াণৰ ৪৪ বছৰ পিছত পুনৰ মাজুলীৰ সত্রৰ মজিয়াৰ পৰা আৰম্ভ হ’বলৈ লৈছে ধর্মীয় উদাৰতা, সত্রানুষ্ঠানৰ ধর্মনিৰপেক্ষতা আৰু প্রগতিশীল চিন্তাচর্চাৰ নতুন আন্দোলন৷ মই ব্যক্তিগতভাৱে অভিভূত হৈছিলোঁ যেতিয়া আপুনি মোৰ লেখাবোৰ গুৰুত্ব সহকাৰে পঢ়া বুলি কৈছিল আৰু মোক আলোচনাৰ সত্রত এৰাতিৰ বাবে আলহী কৰি ৰখাৰ কথা ব্যক্ত কৰিছিল৷ মোৰ এনেহে ভাব হৈছিল যেন মই কোনো মানুহৰ সান্নিধ্যত আছোঁ আৰু আপোন ঘৰত এৰাতি থকাৰ নিমন্ত্রণ পাইছোঁ৷’ (২১–৬–২০০৬ৰ চিঠি)
(২) ‘আমি ৩ ফেব্রুৱাৰীত ভাওনা কৰি ৪ ফেব্রুৱাৰীৰ নিশা দুই বজাত গুৱাহাটী আহি পালোঁহি৷ আমাৰ ভাৱৰীয়াসকলক ভাগৰি পৰা দেখা নাছিলোঁ৷ কাৰণ, তেওঁলোকৰ মুখত ঘনাই ঘনাই আপোনাৰ নাম উচ্চাৰিত হোৱা দেখিছিলোঁ৷ তেওঁলোকে মোক কৈছিল – ‘ছাৰ, যিগৰাকী মহান সত্রাধিকাৰে দিনে–ৰাতি পৰিশ্রম কৰি ভাগৰি পৰা নাছিল তেনেস্থলত আমি ভাগৰি পৰিম কিয়? আমি শক্তি গোটাই আহিলোঁ, নতুন কমলাবাৰী সত্রই আমাক অসমীয়া জাতিৰ হৈ সাংস্কৃতিক যুঁজ কৰিবলৈ সাহস দিলে৷ আমি চান্দসাই ভাওনা দলে অতি বিনয় আৰু শ্রদ্ধা সহকাৰে স্বীকাৰ কৰোঁ যে অসমত প্রথমবাৰৰ বাবে ইছলামধর্মী ভাৱৰীয়াৰ চান্দসাই ভাওনা দলে ‘ৰামবিজয়’ অংকীয়া নাটেৰে সত্রীয়া সংস্কৃতিৰ যি নতুন আয়তন দিবলৈ সক্ষম হৈছোঁ তাৰ সৰহভাগ কৃতিত্ব আপোনাৰ৷ কাৰণ আপোনাৰ সদিচ্ছা, দূৰদর্শী দৃষ্টিভংগী আৰু আন্তৰিকতাপূর্ণ আমন্ত্রণ তথা পৰামর্শ অবিহনে আমাৰ ভাওনা দল সম্পূর্ণ হৈ নুঠিলেহেঁতেন আৰু অংকীয়া ভাওনাতো অংশগ্রহণ কৰা সম্ভৱ নহ’লহেঁতেন৷ সেয়ে আপুনি আমাৰ ভাওনা দলক নতুন প্রাণ দিয়া বাবে আমি আটায়ে আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লোঁ৷
সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামী শেষ বিচাৰত আমাৰ মনত আপোনাআপুনি এগৰাকী মহান ব্যক্তি যাৰ ব্যক্তিত্ব, আন্তৰিকতা আৰু চিন্তাধাৰাই আমাক সমন্বয়ৰ ঐতিহ্যৰ সুৰক্ষা আৰু সমৃদ্ধিৰ হকে কাম কৰি যাবলৈ অহৰহ প্রেৰণা যোগায়৷ সাম্প্রদায়িকতা, মৌলবাদ আৰু গোষ্ঠীবাদে বিধ্বস্ত কৰিবলৈ ধৰা আমাৰ সমাজ জীৱনত নাৰায়ণ চন্দ্র গোস্বামীৰ দৰে সত্রাধিকাৰৰ গুৰুত্ব কিমান সেই কথা উপলব্ধি কৰিব পাৰে সেইসকল ব্যক্তিয়ে, যিসকলে আমাৰ দৰেই সত্রাধিকাৰগৰাকীৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ গড়মূৰীয়া সত্রাধিকাৰ, স্বাধীনতা সংগ্রামী, পীতাম্বৰদেৱ গোস্বামীৰ পিছতেই পাণ্ডিত্য আৰু প্রগতিশীল চিন্তাৰে সমৃদ্ধ নাৰায়ণ চন্দ্র গোস্বামী হ’ল তেখেতৰ গুণমুগ্ধসকলৰ হূদয়ত অনন্য স্থান দখল কৰা এগৰাকী সত্রাধিকাৰ, যাৰ ৰচনাৰাজিয়ে আমাক দিয়ে বৈষ্ণৱ ধর্ম আৰু সংস্কৃতিৰ সাগৰসদৃশ গভীৰতালৈ সোমাই যোৱাৰ সমল আৰু সাহস৷