নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হঠাৎ এন এইচ পি চিৰ অধ্যক্ষসহ উচ্চপদস্থ বিষয়াবৰ্গ গুৱাহাটীত কিয়?

  • ২৭ আগষ্টত ৮ ৰাজ্যৰ শক্তিমন্ত্ৰী, মুখ্য সচিবৰে গুৱাহাটীত কেন্দ্ৰীয় শক্তিমন্ত্ৰীৰ বৈঠক।
  • তাৰ পূৰ্বেই তৎপৰ এন এইচ পি চিৰ একাংশ উচ্চপদস্থ বিষয়াবৰ্গ।
  • এন এইচ পি চিৰ পৰিচালক সঞ্চালক, মানৱ সম্পদৰক্ষী বিষয়া, গেৰুকামুখ প্ৰকল্প মুখ্য প্ৰবন্ধক সহ উচ্চপদস্থ প্ৰতিনিধিৰ দলে বাহৰ পাতিছে গুৱাহাটীত।
  • ২৭ আগষ্টৰ বৈঠকৰ পূৰ্বে এন এইচ পি চিৰ এই বিষয়া সকলে গুৱাহাটীত বাহৰ পতা সন্দৰ্ভত এক সূত্ৰই প্ৰকাশ কৰিছে কিছু বিস্ফোৰক তথ্য।
  • সূত্ৰটোৰ মতে, অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তি খচৰা প্ৰস্তুতৰ বাবে এন এইচ পি চিৰ এই উচ্চপদস্থ দলটো আহিছে গুৱাহাটীলৈ।
  • শুকুৰবাৰে সেই সন্দৰ্ভত আলোচনাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে হ’ব বৈঠক।
  • সেই বৈঠকতে এন এইচ পি চিৰ সৈতে গেৰুকামুখ প্ৰকল্প সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বুজাবুজি চুক্তি সন্দৰ্ভত খচৰাৰ দফা সমূহ চূড়ান্ত হ’ব বুলি সূত্ৰটোৱে দাবী কৰিছে।
You might also like