নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন নতুন আফগানিস্তানৰ দিশে পাকিস্তান

আমেৰিকা যুক্তৰাষ্ট্রৰ ৰবার্ট এফ হ’ৰান নামৰ এগৰাকী বিষয়াই ১৯৯৩ চনত এটা তাৎপর্যপূর্ণ মন্তব্য দিছিল৷ তেওঁ কৈছিল, এক ডলাৰৰ বাবে পাকিস্তানীয়ে তেওঁলোকৰ নিজ মাতৃকো বিক্রী কৰিব পাৰে৷ কমনৱেল্থৰ এটর্নীগৰাকীৰ এই বক্তব্যৰ লক্ষ্য দেশখনৰ সাধাৰণ জনতাক লৈ নাছিল৷ তেওঁ পোনে পোনে পাকিস্তানৰ শাসকপক্ষ বিশেষকৈ সেনা প্রশাসনক উদ্দেশ্য কৰি সেই বাক্যবাণ নিক্ষেপ কৰিছিল৷ সঁচা অর্থত ক’বলৈ গ’লে এয়াই পাকিস্তানৰ ইতিহাস৷ ইছলামৰ নামত জনসাধাৰণক উচটনি দি থকা আৰু দেশখনক লুণ্ঠন চলাই থকা৷পাৰভেজ মুশ্বাৰফৰ শাসন কালত আমেৰিকাৰ পৰা ধন সৰকোৱাৰ লালসাত পাকিস্তানে নিজৰ দেশৰ নাগৰিকক তালিবান সজাইছিল৷ পথৰ দাঁতিত ফলমূল, পাচলি আদিৰ বেহা কৰা নাইবা তেনে দুখীয়া যুৱকক ধৰি আনি তালিবান সজাইছিল৷ যিমানেই তালিবান সদস্যক ধৰিব পাৰি, সিমানেই আমেৰিকাৰ পৰা ধন পোৱা যায়৷ মুশ্বাৰফে ‘ইন দ্য লাইন অৱ ফায়াৰ’ত নিজেই পৰোক্ষভাৱে সেই কথা লিখিছে৷ অর্থাৎ ধনৰ বাবে নিজ দেশৰ জনসাধাৰণক বিক্রী কৰাটো পাকিস্তানী সামৰিক শাসকৰ এটা প্রধান নীতি৷ অৱসৰৰ পাছত লুণ্ঠনৰ ধন বুকুত বান্ধি তেওঁলোকে আমেৰিকা, কানাডা, ইংলেণ্ড, অষ্ট্রেলিয়া আদিলৈ গুচি যায়৷ নিজৰ দেশত নাথাকে৷ পাকিস্তানৰ বাহিৰে পৃথিৱীৰ কোনো দেশতে সামৰিক নেতৃত্বৰ হাতত ইমান ধন নাথাকে৷ দৰমহাৰ টকাৰে তাৰে এক শতাংশও ধন সাঁচিব নোৱাৰি৷ ভাৰতবর্ষত সামৰিক বাহিনীৰ প্রধানে ঋণ নতুবা পেন্সনৰ ধনেৰে সাধাৰণ ঘৰটোত সাধাৰণভাৱে জীৱন যাপন কৰে৷ কোনেও বাহিৰত সংস্থাপিত হোৱাৰ কথা কল্পনাই কৰিব নোৱাৰে৷ পাকিস্তানৰ সেনা নেতৃত্বই পুঁজিপতিৰ সমান ধন আহৰণ কৰে দেশখনৰ নাগৰিকক ভিন্ন ধৰণে বিক্রী কৰি৷ শেহতীয়াকৈ ধনৰ লালসাত পাকিস্তানৰ সামৰিক প্রশাসনে আমেৰিকা যুক্তৰাষ্ট্রক সৈনিক আড্ডাৰ বাবে ভূমি এৰি দি ধন লালসাৰ আন এটা নিকৃষ্ট উদাহৰণ দাঙি ধৰিছে৷ ইয়ে ৰাষ্ট্রখনক আন এখন আফগানিস্তানত পৰিণত কৰাৰ সম্ভাৱনা আছে৷
লিম লীগে পাকিস্তানৰ দাবী কৰিলেও দেশ বিভাজনৰ আঁৰত ব্রিটিছৰ এটা গোপন এজেণ্ডাই কাম কৰিছিল বুলি অনেকে কয়৷ সেয়া হ’ল ছোভিয়েট ৰাছিয়া৷ স্বাধীন ভাৰতবর্ষক ছোভিয়েটৰ সৈতে ভৌগোলিকভাৱে বিচ্ছিন্ন কৰি ৰখাৰ বাবে ব্রিটিছে মাজত এখন কৃত্রিম ৰাষ্ট্র গঠন কৰি দিছিল৷ সেয়াই হ’ল পাকিস্তান৷ ধর্মৰ ভিত্তি গঢ় লৈ ৰাষ্ট্রখন ভূ–ৰাজনৈতিক দিশৰ অতি গুৰুত্বপূর্ণ হৈ উঠে৷ বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্রৰ বাবে পাকিস্তানৰ ভৌগোলিক অৱস্থান ৰাজনৈতিক–সামৰিক দিশৰ পৰা মহামূল্যৱান হৈ পৰে৷ ৰাষ্ট্রখনৰ চাৰিওফালে আছে ছোভিয়েট ৰাছিয়া (তদানীন্তন), চীন, ইৰান, ভাৰত৷ শত্রু বুলি গণ্য ৰাষ্ট্রকেইখনক চকু দিবলৈ পাকিস্তানৰ দৰে ভূমি এডোখৰ আমেৰিকাক প্রয়োজন আছিল৷ স্বাধীনতা লাভৰ পাছত যেতিয়া পাকিস্তানৰ শাসক পক্ষই নিজেই যেতিয়া কোলাত উঠিব বিচাৰিলে, আমেৰিকাৰ বাবে কাম যথেষ্ট সহজ হৈ পৰিল৷ বিশেষকৈ অবিভক্ত ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাই এডোখৰ ভূমি বিচাৰি পালে৷ সেই যে আমেৰিকাৰ কোলাত গৈ উঠিল, তাৰ পৰা তেতিয়াহে নামিল যেতিয়াৰ পৰা আমেৰিকাই পাকিস্তানক ধন দিবলৈ এৰিলে৷ কিন্তু আমেৰিকাৰ পৰা লাভ কৰা ধনেৰে পাকিস্তানৰ কিবা উন্নতি হ’লনে? স্বাধীনতা লাভৰ পাছত পাকিস্তান আৰু ভাৰতে এদিন অগা–পিছাকৈ খোজ লৈছে৷ আজি দুয়োখন দেশে স্বাধীনতাৰ স্বর্ণ জয়ন্তী বর্ষত খোজ দিবৰ হ’ল৷ কিন্তু দৰিদ্র পাকিস্তান আজিও দৰিদ্র হৈয়েই থাকিল৷ বিকাশৰ দিশত ভাৰত বহু দূৰ আগবাঢ়ি গ’ল৷ তেন্তে শিক্ষা, দৰিদ্রতা, বিশুদ্ধ খোৱাপানী আদিৰ নামৰ বছৰ কোটি কোটি টকা আমেৰিকাৰ পৰা সাহায্য ৰূপে লাভ ধন ক’লৈ গ’ল? প্রায় সমুদায় ধন পাকিস্তানৰ সৈনিক শাসকৰ জেপত সোমাল৷ এইখিনিতে এষাৰ কথা কৈ থোৱা ভাল হ’ব যে সামৰিক শাসনক অধীনত থকা সময়ত পাকিস্তানে আমেৰিকাৰ পৰা অধিক ধন সাহায্য ৰূপে লাভ কৰিছিল৷ সেই ধাৰাবাহিকতা পাৰভেজ মুশ্বাৰফৰ শাসনকাললৈ অব্যাহত থাকে৷ কিন্তু বাৰাক অ’বামাৰ শাসন কালত আমেৰিকাই যেতিয়া বুজি পালে যে পাকিস্তানী সামৰিক শাসকে আমেৰিকাৰ পৰা লাভ কৰা ধন জেহাদীৰ হাতত তুলি দি আহিছে, তাৰ পাছৰে পৰা লাহে লাহে আমেৰিকাই ধন দিবলৈ এৰি দিলে৷ আজিৰ তাৰিখত আমেৰিকাৰ পৰা সাহায্য বা আন ৰূপত পাকিস্তানে এটকাও লাভ নকৰে৷ ইফালে, আমেৰিকাৰ সৈতে সম্পর্ক বজাই ৰখা সময়তে পাকিস্তানে চীনৰ সৈতেও সু–সম্পর্ক গঢ়ি তুলিছিল আৰু তাক আগবঢ়াই লৈ গৈছিল৷ অৱশ্যে চীন তেতিয়াও শক্তিশালী দেশ নাছিল, গতিকে আমেৰিকাই কথাটোত সিমান গুৰুত্ব দিয়া নাছিল৷
আমেৰিকা যুক্তৰাষ্ট্রই ধন দিবলৈ এৰি দিয়াত পাকিস্তান এইবাৰ মুকলিকৈয়ে চীনৰ শিবিৰত ভৰি দিলে৷ চীন আৰু আমেৰিকাৰ মাজত এটা বুনিয়াদী পার্থক্য আছে৷ আমেৰিকাই কোনো দেশৰ পৰা সহায় ল’লে দেশখনৰ বিকাশতো সহায় কৰে৷ তাৰ বাবে দেশখনৰ বাজেটত সুকীয়া পুঁজি ধৰা থাকে৷ কিন্তু চীনৰ সেইবোৰৰ সৈতে কোনো সম্পর্ক নাই৷ এক কথাত ক’বলৈ গ’লে দেশখন মহাজনৰ দৰে৷ ধন দিব৷ কিন্তু মুনাফাৰ চর্তত৷ এটকা দিলে এটকা লাভৰ চর্ত থাকিব৷ কিন্তু পাকিস্তানৰ ধনলোলুপ সেনা শাসকৰ উপায়ো নাছিল৷ ধন লাগিবই৷ চীনৰ কোলাত বহি গ’ল৷ আৰম্ভ হ’ল ঋণৰ আবেদন৷ চীনে পাকিস্তানৰ আন্তঃগাঁথনিৰ বিকাশৰ বাবে ধন বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিলে৷ বিশেষকৈ চীন–পাকিস্তান ইক’নমিক কৰিডৰ নির্মাণ আৰম্ভ হ’ল৷ কিন্তু এই বিশাল প্রকল্পটোৰ বাবে পাকিস্তানৰ হাতত পুঁজি নাছিল৷ চীনে উচ্চ সুদৰ বিনিময়ত ধনৰ যোগান দিলে৷ পাকিস্তানী সেনা প্রশাসকৰ এইটো ডাঙৰ কথাও নাছিল৷ ঋণৰ ধন মাৰিব লাগিব অসামৰিক প্রশাসকে৷ ক’ৰ পৰা, কিদৰে সেই ধন আহিব, সেইবোৰলৈ ভ্রূক্ষেপ নকৰি ঋণ লোৱাত ব্যস্ত হৈ পৰিল৷ প্রায় ১৭ বিলিয়ন ডলাৰৰ ব্যয়ৰ পাছত চীনা কর্তৃপক্ষই দেখিল যে প্রকল্পটো পাকিস্তানৰ সেনা প্রশাসকৰ বাবে খীৰতী গাইত পৰিণত হৈছে, কাম বন্ধ কৰি দিলে৷বর্তমানে চিপেকৰ কাম বন্ধ হৈ আছে৷ প্রকল্পটো সম্পূর্ণ হোৱাৰ সম্ভাৱনাও কম৷ কিন্তু পাকিস্তানত বিনিয়োগ কৰা ধন কি হ’ব? চীনে শুদাই এৰিবনে? কি কৰা যায়?
পাকিস্তানী সামৰিক নেতৃত্বই এটা কথা ভালদৰে জানে যে চীন নহয়, ধন দিব পাৰে আমেৰিকাই৷ গতিকে আমেৰিকাৰ সৈতে পুনৰ সম্পর্ক স্থাপনৰবাট বিচাৰি ফুৰা পাকিস্তানী সামৰিক নেতৃত্বৰ বাবে সুযোগ আহিল আফগানিস্তানৰ শান্তি প্রক্রিয়াই৷ কিন্তু মার্কিন প্রশাসনে পাকিস্তানক আগৰ দৰে বিশ্বাস লোৱাৰ পক্ষত নাই৷ আফগানিস্তানত শান্তি প্রক্রিয়াত পাকিস্তানক চামিল কৰিলেও এটা সীমিত পৰিসৰতহে ৰাষ্ট্রখনক সংযুক্ত কৰি ৰাখিছে৷ দেশখনৰ কোলাত উঠিবলৈ সুযোগ অহা নাই৷ সুযোগটো আহিল আমেৰিকা যুক্তৰাষ্ট্রই পাকিস্তানত সৈনিক আড্ডাৰ বাবে ঠিকনা বিচৰাত৷ এইটো সকলোৱে জানে যে পৃথিৱীৰ আন ৰাষ্ট্রক দিবলৈ পাকিস্তানৰ দুটাই বস্তু আছে৷ এটা জিহাদ আৰু আনটো ভূমি৷ ইয়াৰ বাহিৰে দেশখনৰ ধনো নাই, কাৰিকৰী প্রযুক্তিও নাই৷ নাই কোনো উল্লেখ্য উৎপাদিত সামগ্রী৷ আমেৰিকাক আজিৰ তাৰিখত জিহাদী–মৌলবাদী– সন্ত্রসবাদী নালাগে৷ গতিকেই ভূমিকেই দি সন্তুষ্ট কৰাৰ চেষ্টা চলাইছে৷ কিন্তু কথাটো হ’ল, দেশৰ জনসাধাৰণ কিদৰে সন্তুষ্ট কৰা যায়৷ মৌলানা ফজলুৰ ৰহমান নামৰ আন্দোলনজীৱীজনক ধন দি আমেৰিকাৰ বিৰুদ্ধে ৰাজপথত নমোৱাৰ ব্যৱস্থা কৰা হ’ল৷ কেইদিনমান আন্দোলন চলিব৷ পাকিস্তানী নাগৰিকে নিজৰ দেশৰে চহৰে চহৰে দোকান–পোহাৰ, যান–বাহনত জুই লগাব৷ যিটো ফ্রান্সৰ ক্ষেত্রত হৈছিল৷ শেহতীয়াকৈ ইজৰাইল–হামাছৰ যুদ্ধখনৰ ক্ষেত্রত হৈছিল৷ কিছুদিনৰ পাছত সকলো নিটাল মাৰিব৷ কিন্তু সমস্যাটো হ’ল চীনক কিদৰে সৈমান কৰিব৷ চীন এতিয়া ১৯৬০–৭০ দশকৰ ৰাষ্ট্রখন নহয়৷ আমেৰিকাক ভূমি এৰি দিলে চীন কেতিয়াও নীৰৱে নাথাকিব৷ এখন ৰাষ্ট্রত অর্থাৎ এখন অৰণ্যত দুটা সিংহ থাকিব কিদৰে? তদুপৰি, তালিবানেও পাকিস্তানক সতর্ক কৰি দিছে, আমেৰিকাক বায়ুসেনাৰ বাবে ঠাই এৰি দিয়াটো পাকিস্তানৰ বাবে হ’ব ঐতিহাসিক ভুল৷ মাথোঁ ধনৰ লালসাৰ বাবে পাকিস্তানক তিনিটা বিপৰীত পক্ষৰ মাজত নিজ ভূমি এৰি দিয়া পাকিস্তানী সামৰিক নেতৃত্বৰ সিদ্ধান্তই ৰাষ্ট্রখনত এখন নতুন আফগানিস্তানত পৰিণত কৰাৰ সম্ভাৱনা আছে৷ দেশখনৰ অসামৰিক নেতৃত্বই একো কৰিবও নোৱাৰে৷ সকলো গুৰুত্বপূর্ণ সিদ্ধান্ত আহে ৰাৱালপিণ্ডিৰ পৰা৷ প্রধানমন্ত্রী ইমৰান খান, বৈদেশিক মন্ত্রী শ্বাহ মেহমুদ কুৰেশ্বীয়ে মুখেৰে যিমানেই চিঞৰ–বাখৰক নকৰক কিয়, আমেৰিকাই পাকিস্তানত সামৰিক আড্ডা গঢ়িবই৷ ইয়াৰ বাবে ২০০১ চনতে পাকিস্তানৰ সৈতে চুক্তিবদ্ধ হৈ আছে পাকিস্তান৷ কিন্তু এইবাৰ প্রেক্ষাপটত চীন আছে৷ চীনে পাকিস্তানক ডিঙিলৈকে ধাৰত পোত খুৱাই থৈছে৷ কাইলৈ–পৰহিলৈ সম্ভৱতঃ তালিবান আফগানিস্তানৰ শাসনলৈ আহিব৷ আমেৰিকাৰ সৈতে সংঘাত চলিয়েই থাকিব৷ পেণ্টাগনৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে যে আমেৰিকাৰ সেনাই এইবাবেই আফগানিস্তান এৰিব বিচাৰিছে যে তাত অভিযান শেষ হৈছে৷ কিন্তু ইয়াৰ অর্থ এইটো নহয় যে তেওঁলোকে আফগানিস্তান চৰকাৰ আৰু জনগণৰ সৈতে সম্পর্ক ছেদ কৰিব৷ অর্থাৎ তালিবানৰ ওপৰত আমেৰিকাৰ তীক্ষ্ণ নজৰ থাকিব৷ তালিবানৰ যিকোনো কূটাঘাতমূলক কার্যৰ উত্তৰ পাকিস্তানৰ ভূমিৰ পৰা দিয়া হ’ব৷ ইয়ে পাকিস্তানক আন এখন ৰণক্ষেত্রত পৰিণত কৰিব৷ মুঠতে আর্থিকভাৱে প্রায় দেউলীয়া হৈ পৰা পাকিস্তানৰ সন্মুখত এতিয়া মাথোঁ অন্ধকাৰ আৰু অন্ধকাৰ৷ সেই অন্ধকাৰৰ ক’লা ছায়াই দক্ষিণ–পূব এছিয়াৰো শান্তি বিঘ্ণিত কৰিব পাৰে৷

You might also like