নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগ্ছৰ বিৰুদ্ধে অভিযান

সমগ্র দেশৰ লগতে অসমতো ক্রমবর্ধমান হাৰত বৃদ্ধি হৈছে মাৰাত্মক ড্রাগ্ছৰ ব্যৱহাৰ৷ বিশেষকৈ একাংশ ছাত্র–ছাত্রীৰ পৰা আৰম্ভ কৰি যুৱক–যুৱতীৰ মাজত নিষিদ্ধ ড্রাগ্ছৰ ব্যৱহাৰ বৃদ্ধি হৈছে৷ ড্রাগ্ছৰ প্রতি এনে আসক্তিত বিগত সময়ছোৱাত কিমানগৰাকী প্রতিভাৱান যুৱক–যুৱতীৰ প্রাণহানি হ’ল, কিমানজনৰ কিমান পৰিয়াল সর্বস্বান্ত হ’ল, কিমান পিতৃ–মাতৃয়ে অসহনীয় বোজা লৈ আছে, সেয়া হয়তো কেইবাসহস্র হ’ব৷ নৱপ্রজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে বিগত প্রায় এসপ্তাহে অসম আৰক্ষীয়ে ৰাজ্যজুৰি বিশেষ অভিযান আৰম্ভ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ ভিত্তিত ৰাজ্যখনৰ চৌদিশে আৰম্ভ হোৱা ড্রাগ্ছবিৰোধী অভিযানত অসম আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰা পৰিলক্ষিত হৈছে৷ বিগত এসপ্তাহত ৰাজ্যখনৰ ভিন্ন প্রান্তত শতাধিক ড্রাগ্ছৰ ঘাটি উৎখাত কৰাৰ লগতে দুই শতাধিক লোকক গ্রেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ’ইন, ব্রাউন ছুগাৰ, টেবলেট, গাঞ্জাকে ধৰি বুজন পৰিমাণৰ নিচাযুক্ত সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে৷ এই সামগ্রীসমূহ চুবুৰীয়া মণিপুৰ আৰু নাগালেণ্ডৰ পৰা অসমৰ মাজেৰে দেশৰ ভিন্ন প্রান্তলৈ সৰবৰাহ হয়৷ এয়া বিগত সময়ছোৱাত অসম আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ অভিযানত স্পষ্ট হৈছে৷ কিন্তু বৰবিহৰ ক’লা বজাৰখনৰ কব্জাত ৰাজ্যখনৰ নৱপ্রজন্ম কিদৰে ধ্বংসৰ মুখলৈ গতি কৰিছে, সেয়া অসম আৰক্ষীৰ শেহতীয়া অভিযানত স্পষ্ট হৈছে৷ মুখ্যমন্ত্রীৰ আসনত বহিয়েই ড০ শর্মাই ড্রাগ্ছৰ ক’লা সাম্রাজ্য উৎখাতৰ বাবে চলোৱা অভিযানক ৰাজ্যখনৰ সর্বশ্রেণীৰ ৰাইজে আদৰণি জনাইছে৷ ড্রাগ্ছৰ এই ক’লা সাম্রাজ্যৰ স’তে শক্তিশালী চক্র যে জড়িত, তাত কোনো সন্দেহ নাই৷ মাৰাত্মক বৰবিহৰ সাম্রাজ্যখনত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ একাংশ উগ্রপন্থী সংগঠন জড়িত থকাৰ অভিযোগো উত্থাপন হৈ আহিছে৷ ম্যানমাৰৰ জৰিয়তে দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ পৰা সৰবৰাহ হোৱা ড্রাগ্ছৰ জৰিয়তে উগ্রপন্থী সংগঠনসমূহেও বুজন পৰিমাণৰ ধন সংগ্রহ কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে৷ নিষিদ্ধ ড্রাগ্ছৰ এই অবৈধ বেহাৰ ধন সন্ত্রাসবাদী কাম–কাজত ব্যৱহূত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ড্রাগ্ছৰ এই সাম্রাজ্যখন যিমানেই প্রভাৱশালী নহওক কিয়, উৎখাত কৰিবই লাগিব৷ অন্যথা ড্রাগ্ছৰ বিৰুদ্ধে অভিযানৰ জৰিয়তে ৰাজ্যখনৰ নৱপ্রজন্মক উদ্ধাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা পদক্ষেপ সফল নহ’ব৷ আশাপ্রদ খবৰ এয়ে যে বৰবিহৰ বৃহৎ ক’লা সাম্রাজ্য উৎখাত কৰিবলৈ জিলাই জিলাই আৰক্ষী আধীক্ষকসকলে নিজেই অভিযানৰ নেতৃত্ব দিয়াৰ বাবেই বৃহৎ সফলতা লাভ কৰা দেখা গৈছে৷ ইয়াৰ পূর্বে সমাজৰ মহাব্যাধি হৈ উঠা মাৰাত্মক ড্রাগ্ছৰ বিৰুদ্ধে পূর্বৰ কোনো চৰকাৰে এনে দৃঢ় পদক্ষেপ গ্রহণ কৰা নাছিল৷ নিষিদ্ধ ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ আইন আছে যদিও বিগত সময়ছোৱাত ক’লা সাম্রাজ্যৰ লোকসকলে দৃষ্টান্তমূলক শাস্তি লাভ কৰা নাছিল৷ আৰক্ষীয়ে যিসকলক গ্রেপ্তাৰ কৰিছিল, সেইসকলৰ অধিকাংশই বিভিন্ন সুৰুঙাৰে ওলাই গৈ আকৌ বৰবিহৰ সাম্রাজ্যখনত নামি পৰিছিল৷ বিজ্ঞানসন্মত অনুসন্ধানৰ অভাৱত আৰক্ষীয়ে জব্দ কৰা হেৰ’ইন, ব্রাউন ছুগাৰ আদি আদালতত অন্য সামগ্রী ৰূপে প্রতিপন্ন হোৱাৰ অলেখ কাহিনী আছে৷
নিষিদ্ধ ড্রাগ্ছৰ প্রচলন প্রথম অৱস্থাত গুৱাহাটীকে ধৰি ৰাজ্যখনৰ একাংশ সৰু–বৰ চহৰত সীমাবদ্ধ আছিল যদিও এতিয়া গ্রামাঞ্চলসমূহতো দ্রুতগতিত শিপাইছে৷ চৰ অঞ্চলতো ড্রাগ্ছ সৰবৰাহকাৰীৰ লগতে আসক্তৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি হৈছে৷ শেহতীয়াকৈ অসম আৰক্ষীৰ বিশেষ অভিযানত আনকি ড্রাগ্ছ আসক্ত শিশুৰ তথ্যও পোহৰলৈ আহিছে৷ এবাৰ এই মাৰাত্মক বৰবিহৰ দ্বাৰা আসক্ত হ’লে ইয়াৰ পৰা মুক্তি লাভ সহজসাধ্য নহয়৷ ইয়াৰ লগে লগে আসক্ত লোকসকলৰ পঢ়া–শুনাৰ লগতে জীৱন–জীৱিকালৈ নামি আহে অন্ধকাৰ৷ ইয়াৰ প্রত্যক্ষ প্রভাৱ পৰে সংশ্লিষ্ট পৰিয়ালটোত৷ লগে লগে বিৰূপ প্রভাৱ পৰে সমনীয়া, বন্ধু–বান্ধৱ তথা সমাজখনত৷ দশক দশক ধৰি চলা বৰবিহৰ ক’লা সাম্রাজ্যখনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলোৱা যুদ্ধখন কঠিন আৰু দীর্ঘম্যাদী হ’ব৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ দক্ষ বিষয়াক বিশেষভাৱে এই যুঁজখনত জড়িত কৰাৰ প্রয়োজন হ’ব৷ মাৰাত্মক ড্রাগ্ছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ জৰিয়তে যিখন যুদ্ধ আৰম্ভ কৰিছে, তাত সর্বসাধাৰণ ৰাইজেও বিশেষভাৱে সহায় কৰা বুলি নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে স্বীকাৰ কৰিছে৷ সর্বসাধাৰণ ৰাইজ সজাগ–সচেতন হৈ থাকিলে ড্রাগ্ছৰ ক’লা সাম্রাজ্যখন চলাই থকাটো সহজ নহয়৷ বিশেষকৈ ড্রাগ্ছ আসক্তসকলৰ পৰিয়ালসমূহে এইক্ষেত্রত বিশেষ সহায় কৰিব পাৰে অসম আৰক্ষীক৷ আসক্তসকলে কোন লোকৰ পৰা এনে নিষিদ্ধ বৰবিহ ক্রয় কৰে সেয়া সহজে উলিয়াই দিব পাৰে৷ এই সময়ত সংশ্লিষ্ট পৰিয়ালসমূহে অগ্রণী ভূমিকা গ্রহণ কৰি উক্ত চক্রটোক চিনাক্ত কৰিলে মাৰাত্মক ড্রাগ্ছৰ বিৰুদ্ধে চলা যুঁজখন আৰু অধিক ফলপ্রসূ হ’ব৷ ইয়াৰ লগে লগে ছাত্র–ছাত্রীসকলৰ লগতে নৱপ্রজন্মই ভয়াৱহ বৰবিহৰ হাতোৰাৰ পৰা উদ্ধাৰ পাব৷

You might also like