নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰুৱা অসমলৈ আহক, অসমৰ বিকাশৰ বাবে কাম কৰক : ড০ শর্মা

🔹 পৰেশ বৰুৱাক পুনৰ আলোচনালৈ আহ্বান মুখ্যমন্ত্রীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ : আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আলোচনালৈ পুনৰ আহ্বান জনালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ বৰুৱাক অসমলৈ উভতি আহি অহা ২০–৩০ বছৰলৈ অসমৰ বিকাশৰ দায়িত্ব ল’বলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা কেইটামান দিনত বহু লোক আলফাৰ পৰা উভতি আহিছে৷ ময়ো বিচাৰোঁ পৰেশ বৰুৱা আমাৰ মাজলৈ আহক৷ আলফা সদস্যৰ অহা–যোৱা চলি থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেতিয়াবা দুজন গৈছে আৰু কেতিয়াবা দুজন আহিছে, এয়া চলি থাকিব৷ যোৱা ২০ বছৰ ধৰি এইবোৰ আমাৰ জীৱনৰ অংশ হৈ আহিছে৷ আমাৰ কাৰণে গুৰুত্বপূর্ণ কথাটো হ’ল পৰেশ বৰুৱা উভতি অহাটো৷ পৰেশ বৰুৱাৰ এতিয়া বয়স কিমান নাজানো৷ কিন্তু ৬৫ বছৰৰ আশে–পাশে হ’ব৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ সমসাময়িক বয়সৰ বুলি ক’ব লাগিব৷ তেওঁ অসমলৈ আহক আৰু ২০–৩০ বছৰ অসমৰ বিকাশৰ বাবে কাম কৰক৷ এই খবৰটো শুনিলে প্রতিক্রিয়া দিব পৰা যাব৷

লেফটেনেণ্ট–কেপ্টেইন চাৰি আলফা (স্বাঃ)ৰ সদস্যৰ আত্মসমর্পণ

পুনৰ মূলসুঁতিলৈ উভতি আহিল চাৰিজন আলফা (স্বাঃ)ৰ সদস্য৷ লেফটেনেণ্ট–কেপ্টেইন চাৰিজন আলফা (স্বাঃ)ৰ সদস্যই কালি আত্মসমর্পণ কৰে৷ অসম আৰক্ষীৰ মুখ্য কার্যালয়ত সঞ্চালকপ্রধান (ডিজিপি) জিপি সিঙৰ উপস্থিতিত চাৰিওজন সদস্যই অস্ত্রসহ আত্মসমর্পণ কৰে৷ মূলসুঁতিলৈ উভতি অহা সদস্যকেইজন হৈছে চৰাইদেউৰ বিক্রম অসম ওৰফে নয়ন পাটমাউত (কেপ্টেইন), ডিগবৈৰ দীপক হাতীবৰুৱা ওৰফে দিব্য অসম (লেফটেনেণ্ট), পেঙেৰীৰ মণ্টু মৰাণ ওৰফে কুলং মৰাণ (চিপিএল) আৰু পলাশ মৰাণ ওৰফে গোপাল অসম৷ আত্মসমর্পণকাৰী বিক্রম অসম আৰু দীপক হাতীবৰুৱাই ২টা থাইলেণ্ড হেণ্ড গ্রেনেড, এটা অষ্ট্রিয়াত নির্মিত পিষ্টল আৰু ২৫ ৰাউণ্ড গুলী জমা দিছে৷ সদস্যকেইজনে ম্যানমাৰৰ টাকাও আৰু ৭৭৯ শিবিৰত প্রশিক্ষণ লাভ কৰিছিল৷ ডিজিপি জিপি সিঙে চাৰিওজন সদস্যকে গামোচা পিন্ধাই আদৰণি জনায়৷ এই উপলক্ষে ডিজিপিগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে ঘৰৰ ল’ৰা পুনৰ ঘৰলৈ উভতি আহিছে৷ তেওঁলোক বিকশিত অসমৰ অংশীদাৰ হ’ব৷ এতিয়া শান্তি–উন্নয়নৰ সময়৷ অসম বহুদূৰ আগবাঢ়ি গৈছে৷ ১৯৯২ চনত তেওঁ প্রথম অসমলৈ আহিছিল৷ তেতিয়াৰ অসম আৰু এতিয়াৰ অসমৰ মাজত আকাশ–পাতাল পার্থক্য আছে৷ কোনোবাই যদি ৰাজ্যখনক পুনৰ সেই অৱস্থালৈ লৈ যাব বিচাৰে সেয়া কেতিয়াও গ্রহণ কৰা নহ’ব৷ কোনোবা যদি উভতি আহিব বিচাৰে, তেওঁলোকক আদৰণি জনোৱা হ’ব৷ কিন্তু বন্দুক–বোমা–বাৰুদ লৈ আহিলে আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ ইপিনে, আলফা (স্বাঃ)ৰ আত্মসমর্পণকাৰী সদস্যসকলক পুনৰ সংস্থাপনৰ ক্ষেত্রত কি ব্যৱস্থা লোৱা হ’ব বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে তেনে সদস্যৰ বাবে সংস্থাপনৰ যাৱতীয় প্রক্রিয়া আছে৷ কিন্তু মূলসুঁতিলৈ উভতি অহা লোকসকলক স্বাৱলম্বী কৰি তোলাৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে৷ ইতিমধ্যে বহুসংখ্যকে কৃষিকার্য, পশুপালন, উদ্যানশস্যৰে স্বাৱলম্বী হৈছে৷ সমান্তৰালভাৱে ২৮ নৱেম্বৰত আলফা (স্বাঃ)–ই প্রতিবাদ দিৱস পালন কৰা সন্দর্ভত তেওঁ কয়– ‘সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) জাপি দিয়া বুলি তেওঁলোকে প্রতিবাদ কৰে৷ আমি আফস্পা আঁতৰাব চেষ্টা কৰিছোঁ৷ এফালে, আফস্পাৰ বাবে প্রতিবাদ কৰিব আৰু আনফালে গ্রেনেড ফুটাই শান্তি বিঘ্ণিত কৰিব৷’ আত্মসমর্পণ অনুষ্ঠানত উপস্থিত থকা আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্রধান হীৰেন চন্দ্র নাথে প্রকাশ কৰা অনুসৰি চলিত বর্ষত ১১জন আলফা (স্বাঃ) সদস্যই আত্মসমর্পণ কৰিছে৷ তেওঁলোকে ২টা থাইলেণ্ড হেণ্ড গ্রেনেড, ২টা চীনা হেণ্ড গ্রেনেড, দুটা বিদেশী পিষ্টল আৰু ২৮ জাঁই গুলী জমা দিছে৷ চলিত বর্ষত আৰক্ষীৰে হোৱা সংঘর্ষত এজন আলফা (স্বাঃ) সদস্য নিহত হোৱাৰ লগতে ১২জনক গ্রেপ্তাৰ কৰা হৈছে৷ তেওঁলোকৰ পৰা ২টা অস্ত্র, ১১ ৰাউণ্ড গুলী আৰু তিনিটা গ্রেনেড জব্দ কৰা হৈছে৷ আত্মসমর্পণৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত বিক্রম অসমে প্রকাশ কৰা অনুসৰি তেওঁ ২০১০ চনত নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিছিল৷ এবাৰ তেওঁ ম্যানমাৰত আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সাক্ষাৎ লাভ কৰিছিল বুলি উল্লেখ কৰি বিক্রম অসমে কয়– ‘মই ডায়মণ্ড শিবিৰত প্রশিক্ষণ গ্রহণ কৰিছিলোঁ৷ ১০ বছৰ সংগঠনত থাকিলোঁ, কিন্তু সংগঠনৰ কোনো উন্নতি নেদেখিলোঁ৷ বর্তমান ২০০–৩০০ সদস্য আছে৷ এই সদস্যৰে স্বাধীনতাৰ সপোন বাস্তৱ নহয়৷’ আনহাতে দিব্য অসমে কয় যে আলফা (স্বাঃ)ৰ বর্তমান যিটো অৱস্থা, সেই অৱস্থাৰে ভাৰতৰ সৈতে যুদ্ধ কৰি স্বাধীনতা অনাটো সম্ভৱ নহয়৷ ভাৰতৰ সৈতে এতিয়া বেলেগ দেশে ফেৰ মাৰিব নোৱাৰে৷ সেই দেশৰ লগত যুদ্ধ কৰি স্বাধীনতা অনাটো সম্ভৱপৰ নহয়৷ আন এজন আত্মসমর্পণকাৰী সদস্য পলাশ মৰাণে প্রকাশ কৰা অনুসৰি তেওঁ আৰাকান শিবিৰত প্রশিক্ষণ গ্রহণ কৰিছিল৷ আন ৯জন সদস্যৰে তেওঁ অসমলৈ আহিছিল৷ কিন্তু গোপনে দলটোৰ পৰা ফালৰি কাটি আহি আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছে৷

You might also like