নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৃত বৃক্ষ আন্দোলন : জনসাধাৰণৰ সর্বাত্মক অংশগ্রহণেৰে সর্ববৃহৎ বনানীকৰণ কার্যসূচী

🔹 ড০ হিমন্ত বিশ্ব শর্মা

অসমৰ এসময়ৰ চহকী বনভূমি বিগত কেইটামান দশকৰ ভিতৰতে চকুৰ পচাৰতে কেনেদৰে ক্রমাৎ হ্রাস পালে সেই বিষয়ে মই শৈশৱতে মোৰ জ্যেষ্ঠসকলৰ পৰা সদায় শুনিবলৈ পাইছিলোঁ৷ পৰৱর্তী সময়ত বিভিন্ন কাৰকৰ দ্বাৰা হোৱা দ্রুত বনধ্বংসৰ সাধু সাধু যেন লগা কথা আৰু পৰিস্থিতিৰ বিষয়ে মই নিজেও অনুধাৱন কৰিব পাৰিছিলোঁ৷ এই শতিকাৰ প্রথম দুটা দশকত অসমৰ বনভূমি আচৰিত ধৰণে ১১ শতাংশ হ্রাস পাইছে৷

মই ৰাজহুৱা জীৱনত প্রৱেশ কৰাৰ পাছত যেতিয়া দেশৰ অন্যান্য ৰাজ্য ভ্রমণ কৰাৰ সুযোগ লাভ কৰিছিলোঁ, তেতিয়া বাণিজ্যিক বৃক্ষৰোপণৰ জৰিয়তে নিজ উপার্জন বহুমুখী কৰি তোলা দেশৰ বিভিন্ন প্রগতিশীল কৃষকক প্রত্যক্ষ কৰাৰ সুবিধা লাভ কৰোঁ৷ তেওঁলোকৰ উৎকৃষ্ট কাম–কাজে মোক যথেষ্ট প্রভাৱিত কৰিছিল৷ মই অনুভৱ কৰোঁ গছপুলি ৰোৱাটো পেন্সন আঁচনিত বিনিয়োগ কৰাৰ নিচিনা৷ আজি ৰোপণ কৰা গছপুলিটো পিছলৈ এক সম্পদ হিচাপে পৰিগণিত হয়৷

এয়া আছিল দেশৰ মাননীয় প্রধানমন্ত্রী মহোদয়ৰ ‘Mission LiFE’ৰ এক সপোন, যি কেতবোৰ সাধাৰণ কামৰ জৰিয়তে এক সেউজ জলবায়ু আৰু সেউজ অর্থনীতিৰ দিশত অসাধাৰণ বৰঙণি আগবঢ়োৱাৰ বাবে দেশৰ জনসাধাৰণক উৎসাহ যোগাবলৈ আমাক অনুপ্রাণিত কৰিছিল৷ এই পদক্ষেপে চৰকাৰৰ প্রতিটো প্রয়াসত দেশৰ নাগৰিকসকলক আস্থাত লোৱাৰ বাবে দেশৰ মাননীয় প্রধানমন্ত্রী মহোদয়ৰ সু–প্রশাসন আর্হিৰ যি দর্শন, সেই দর্শনক সাৰোগত কৰিয়ে অসম চৰকাৰে ‘অমৃত বৃক্ষ আন্দোলন’ আৰম্ভ কৰিছে৷ ‘জন ভাগীদাৰী’ৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাইজৰ সক্রিয় অংশগ্রহণেৰে এই পদক্ষেপ সফল কৰি তুলিবলৈ চেষ্টা হাতত লোৱা হৈছে৷

‘অমৃত বৃক্ষ’ হৈছে এক ব্যাপক ৰাজহুৱা আন্দোলন৷ এই আন্দোলনত একেটা দিনতে ১ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণ কৰা হ’ব৷ পৃথিৱীত মানুহ বসবাসৰ অনুকূল পৰিৱেশ সৃষ্টিৰ এক গোলকীয় নেটৱর্ক গঢ়ি তোলাৰ বাবে ভাৰতৰ মাননীয় প্রধানমন্ত্রী মহোদয়ে হাতত লোৱা অবিৰত প্রয়াসৰ অংশস্বৰূপে এই গুৰুত্বপূর্ণ কার্যসূচীৰ সূচনা কৰাৰ দিন হিচাপে আমি তেখেতৰ জন্মদিনটোকে বাছনি কৰিছোঁ৷

‘অমৃত বৃক্ষ’ই দুটা উদ্দেশ্য সাধনৰ বাবে লক্ষ্য স্থিৰ কৰিছে ৷ প্রথমতে, অসমৰ হেৰাই যোৱা বনাঞ্চল পুনৰুদ্ধাৰ কৰা আৰু সেউজকৰণৰ ক্ষেত্রত অসমক এখন অগ্রণী ৰাজ্য হিচাপে গঢ়ি তোলা৷ দ্বিতীয় উদ্দেশ্য হ’ল, ৰাজ্যখনত এক কার্যক্ষম বৃক্ষ অর্থনীতিৰ ভেটি স্থাপন কৰি পৰিয়ালসমূহক উপার্জনৰ বিকল্প পথৰ সন্ধান দিয়া৷ ‘অমৃত বৃক্ষ’ই কৃষি বন আৰু কাঠভিত্তিক উদ্যোগ (WBI)ক শক্তিশালী কৰি নিম্নগামী উদ্যোগসমূহত কর্মসংস্থানৰ সৃষ্টি কৰিব৷ একে সময়তে ই এক ব্যাপক ৰূপত ‘কার্বন ছিংক’ সৃষ্টি কৰিব, যি জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত ৰাষ্ট্রসংঘৰ ফ্রেমৱর্ক কনভেঞ্চন (UNFCCC)ত ভাৰতে দাখিল কৰা ৰাষ্ট্রীয়ভাৱে স্থিৰকৃত বৰঙণি (Nationally Determined Contributions)ৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হ’ব৷

এই আন্দোলনৰ বাবে প্রযুক্তি এক অপৰিহার্য অংশ৷ স্বেচ্ছাসেৱকসকলৰ পঞ্জীয়নৰ বাবে চৰকাৰে এটা ম’বাইল এপ্লিকেচন (‘অমৃত বৃক্ষ’ আন্দোলন এপ) আৰু এটা ৱেবছাইট মুকলি কৰিছে৷ প্রশংসাৰ চিনস্বৰূপে চৰকাৰে সফলতাৰে বৃক্ষৰোপণ কৰাৰ লগতে এপটোত বৃক্ষৰোপণৰ জিঅ’টেগড তথা টাইমষ্টেম্পযুক্ত ফটো আপলোড কৰা প্রতিগৰাকী ব্যক্তিক ১০০ টকাকৈ প্রদান কৰি অংশগ্রহণকাৰীসকলক উৎসাহিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ যদি গছজোপা দুবছৰ জীয়াই থাকে আৰু জিঅ’টেগ তথা টাইমষ্টেম্প কৰা ফটো পুনৰ এপটোত ইয়াৰ প্রমাণ হিচাপে দিয়া হয়, তেন্তে ২০০ টকা অতিৰিক্তভাৱে প্রদান কৰা হ’ব৷

সমাজৰ অন্তিমজন ব্যক্তিলৈকে এই পদক্ষেপটো সম্প্রসাৰিত কৰাৰ উদ্দেশ্যে তৃণমূল পর্যায়ৰ সমূহীয়া গোটসমূহ, যেনে– আত্মসহায়ক গোট, আশাকর্মী, অংগনৱাড়ী কর্মী, চাহ শ্রমিক আৰু শৈক্ষিক প্রতিষ্ঠানৰ কর্মী আদিক চৰকাৰে ইয়াৰ লগত জড়িত কৰাইছে৷ বৃক্ষৰোপণৰ এই আন্দোলনত মহিলাসকলক অগ্রণী সেনানী হিচাপে লোৱাত ই এক অনন্য ৰূপ লাভ কৰিছে৷ মহিলাৰ আর্থিক আৰু সামাজিক সবলীকৰণৰ দিশতো এই আন্দোলনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ ‘অমৃত বৃক্ষ’ আন্দোলনৰ প্রতিটো পদক্ষেপত মহিলাসকলক জড়িত কৰি নাৰীশক্তিৰ নেতৃত্ব প্রদানৰ সামর্থ্যক প্রদর্শনৰ বাবে ই এক মঞ্চ প্রদান কৰাৰ উপৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্রত গুৰুত্বপূর্ণ অৱদান আগবঢ়োৱাৰ বাবেও সুযোগ প্রদান কৰিছে৷

‘অমৃত বৃক্ষ’ আন্দোলনটোক এক উপযুক্ত আইনসংগত পৰিকাঠামো প্রদান কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে বনানীকৰণ সম্পর্কীয় বিধিৰ ক্ষেত্রত গুৰুত্বপূর্ণ সালসলনি কৰিছে৷ ব্যৱসায়িক সুচলতা বৃদ্ধিৰ লক্ষ্যৰে কিছুদিন পূর্বে চৰকাৰে Assam Wood Based Industry (Promotional & Development) Rules, 2022 আৰু Tree Outside Forest (Sustainable Management) Rules, 2022 বিধি দুখন প্রণয়ন কৰিছে ৷ এই বিধি দুখনে বনাঞ্চলৰ সীমাৰ বাহিৰত ৰোপণ কৰা গছ কটাৰ ক্ষেত্রত পূর্বানুমতি লোৱাৰ বাধ্যবাধকতাৰ পৰা ৰেহাই দিব৷ ইয়াৰ লক্ষ্য হ’ল তেওঁলোকক বাণিজ্যিকভাৱে লাভজনক মূল্যৱান প্রজাতিৰ গছ ৰোপণৰ বাবে উদ্গনি জনোৱাৰ লগতে উপার্জন বৃদ্ধি, ৰাজ্যৰ বনানীকৰণ ক্ষেত্রৰ প্রসাৰ আৰু কাঠজনিত আৰু কাঠৰ সামগ্রীৰ লগত জড়িত উদ্যোগসমূহলৈ বিনিয়োগ আকর্ষিত কৰা৷

এই ‘জনভাগীদাৰী’ আন্দোলনৰ সময়ছোৱাত অসমে কেইবাটাও গুৰুত্বপূর্ণ বিশ্ব অভিলেখ স্থাপন কৰাৰ আশা কৰা হৈছে৷ এই বিশ্ব অভিলেখসমূহৰ ভিতৰত– সর্বাধিক গছপুলি বিতৰণ, এঘণ্টাত ১০০জনীয়া এটা গোটৰ দ্বাৰা সর্বাধিক গছপুলি ৰোপণ, সর্ববৃহৎ গছৰ মোজাইক ইত্যাদি উল্লেখযোগ্য৷ আজি অসমৰ সমূহ ৰাইজে এই ‘অমৃত বৃক্ষ’ আন্দোলনৰ প্রতি স্বতঃস্ফূর্ত সঁহাৰি জনাইছে৷ ইতিমধ্যে ৪৭ লাখৰো অধিক জনসাধাৰণে আমাৰ এপটোৰ জৰিয়তে এই আন্দোলনত জড়িত হৈছে৷

‘অমৃত বৃক্ষ’ কেৱল এক খন্তেকীয়া আৱেগ বা প্রচাৰ নহয়৷ অসমৰ সেউজভূমিক চিৰ যুগমীয়া কৰি তোলাৰ বাবে এই প্রচেষ্টা অবিৰতভাৱে অব্যাহত থাকিব৷ আমি ২০২৪ চনত ৩ কোটি গছপুলি আৰু ২০২৫ চনত আৰু ৫ কোটি গছপুলি ৰোপণ কৰাৰ বাবে স্থিৰ কৰিছোঁ৷ থোৰতে, এই অভিযানৰ জৰিয়তে আমি আগন্তুক ২ বছৰত ৰাজ্যখনত ৯ কোটি বৃক্ষৰোপণ কৰিম৷ আমাৰ বর্তমান সুৰক্ষিত কৰাৰ উপৰি ভৱিষ্যতক অধিক সমৃদ্ধ আৰু সুখময় কৰি তুলিম– এই সংকল্পৰ কথা ‘অমৃত বৃক্ষ’ আন্দোলনে পুনৰ দৃঢ়তাৰে প্রতীয়মান কৰিছে ৷

You might also like