আপুনি সুখীনে?
এজন ন–চিনাকি ব্যক্তিৰ এই অভাৱনীয় প্রশ্ণটো শুনি এদিন মই বোবা হৈ পৰিছিলোঁ – ‘আপুনি সুখীনে?’ কিয়নো ‘হয়’ অথবা ‘নহয়’ শব্দৰে এনে একোটা প্রশ্ণৰ উত্তৰ দিয়াটো অসম্ভৱ৷ কেইটামান মুহূর্ত তভক মাৰি থকাৰ পাছত মই তেওঁক ওলোটাই প্রশ্ণ কৰিলোঁ – ‘কিয় অপ্রাসংগিকভাৱে সুধিলে এনে এটা কথা?’ তেতিয়া তেওঁ ক’লে – ‘নহয় মানে, কাগজত আপোনাৰ লেখা প্রায়েই পঢ়ি থাকোঁ৷ মাজে–সময়ে আপুনি কিছুমান দার্শনিক বিষয়তো আলোকপাত কৰে৷ সেয়ে জানিবলৈ বিচাৰিলোঁ, সুখ সম্বন্ধে আপোনাৰ ধাৰণা কি?’ অ’ কথা তেনে সেইটোহে তেন্তে আপুনি মোক দুদিনমান সময় দিব লাগিব৷ মানুহে সুখ সম্পর্কে চিন্তা কৰাটো একো নতুন কথা নহয়৷ বার্ট্রাণ্ড ৰাছেলৰ দৰে মনীষীয়েconquest of Happiness নামৰ কিতাপেই লিখি থৈ গৈছে৷ এই কিতাপখনৰ অসমীয়া অনূদিত সংস্কৰণটোৰ নাম ‘সুখৰ সন্ধান’৷ এই কিতাপখন মই আজিৰ পৰা পাঁচ দশক পূর্বেই পঢ়িছিলোঁ৷ সেয়ে ইয়াৰ প্রতিটো কথাই এই মুহূর্তত মোৰ মনত নাথাকিলেও এটা কথা দৃঢ়তাৰে ক’ব পাৰোঁ যে ৰাছেল মহোদয়ে তেখেতৰ সুলিখিত গ্রন্থখনত এটা সুখী জীৱন যাপনত অন্তৰায় হৈ উঠিব পৰা বিষয়বিলাক ফঁহিয়াই দেখুৱাইছে৷ কিন্তু আপুনি সুখ সম্বন্ধে ৰাছেলৰ ধাৰণা সম্পর্কত মোক সোধা নাই৷ আপুনি সুধিছে সুখ সন্দর্ভত মোৰ ধাৰণা কি৷ আপোনাক লগ পোৱাৰ পাছৰ দিনকেইটাত সুখৰ বিষয়ে মোৰ যি ধাৰণা, তাক যুকিয়াবলৈ প্রয়াস কৰিছোঁ আৰু তাৰেই পৰিণতি এই ৰচনাখন৷ আচলতে কি জানে, মানুহে যিকোনো বিষয়ৰ চিন্তা কৰাটো এটা গতিশীল প্রক্রিয়া৷ এই প্রক্রিয়াটো বার্ট্রাণ্ড ৰাছেল অথবা আনন্দ চন্দ্র আগৰৱালাৰ লেখাতে স্থবিৰ হৈ নপৰে৷ অৱশ্যে এনে কিছুসংখ্যক মনীষীৰ ৰচনাৱলীয়ে শৈশৱ, কৈশোৰৰ দিনবোৰতে আমাৰ দৰে এচাম সংবেদনশীল পঢ়ুৱৈৰ মনত মচিব নোৱৰা সাঁচ বহুৱাইছিল৷ ‘সুখ’ নামৰ কবিতাটোত আনন্দ চন্দ্র আগৰৱালাদেৱে বিষয়টোৰ সন্দর্ভত কিছুমান পৰম্পৰাগত চিন্তাকে লিপিবদ্ধ কৰি থৈ গৈছে৷ আকৌ ‘কাৰ সুখ নাই’ কবিতাটোত (কবিজনাৰ নামটো পাহৰিছোঁ) সুখ লাভৰ কাৰকসমূহৰ পৰিৱর্তে সুখৰ কাৰক কিছুমান বিশ্লেষণ কৰিছে৷ উদাহৰণস্বৰূপে – সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ, অণুমাত্র সুখ নাই চিৰৰুগীয়াৰ৷ অথবা, সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্র থাকে দূৰে (ইয়াত ‘মাতৃৰ অসুখ’ শব্দ দুটাই অনেকে ভবাৰ দৰে মাকৰ ৰোগ বুজোৱা নাই, এই প্রসংগত অসুখ শব্দই সুখৰ অভাৱহে সূচাইছে)৷ এতেকে এই কবিতাটোত অপনয়ন প্রক্রিয়াৰেহে Process of elimination) সুখৰ সন্ধান কৰা হৈছে৷ সি যি নহওক, সুখ সম্বন্ধে যিবোৰ কথা পৰম্পৰাগতভাৱে আমাৰ সমাজত চলি আহিছে, সিবোৰৰ মাজতো অনেক তত্ত্ব নিহিত থকা দেখিবলৈ পাওঁ৷ সৰুতে আইৰ মুখত শুনিছিলোঁ যে শান্তিৰ সমান সুখ নাই৷ কথাষাৰৰ তাৎপর্য চিৰকাল অপৰিৱর্তিত হৈ থাকিব৷ তাহানিতে প্রয়াত হোমেন বৰগোহাঞি ছাৰৰ সুখ বিষয়ক এটা লেখাত পঢ়া মনত আছে যে মানুহক অসুখী কৰিবলৈ জোতাৰ ভিতৰত সোমাই থকা এটা নিচেই সৰু শিলগুটিয়েই যথেষ্ট৷
ওপৰৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট হৈ উঠিছে যে সুখ আৰু দুখ একেটা মুদ্রাৰে দুটা পিঠি৷ সেয়েহে প্রকৃত সুখ আহৰণৰ হেতু দুখৰ কাৰণসমূহৰ বিষয়ে অৱগত হৈ লোৱাটো অপৰিহার্য৷ প্রাচীন ভাৰতীয় চিন্তানায়কসকলো সুখ–দুখৰ কাৰণ অনুধাৱনত সততে ৰত হৈছিল৷ ইয়াৰ ফলত উদ্ভৱ হৈছিল ‘ত্রিতাপ’ সম্বন্ধীয় ধাৰণাৰ৷ ত্রিতাপৰ আভিধানিক অর্থ হৈছে – শৰীৰ, মন আৰু দৈৱৰ পৰা হোৱা তিনিটা দুখ৷ ইয়াৰ ভিতৰত শৰীৰ আৰু মনৰ দুখ সম্বন্ধে ধাৰণা কৰাটো তৃতীয়টো কাৰকৰ তুলনাত সহজ৷ সকলো প্রাণীৰ ভিতৰত একমাত্র মানুহেহে দৈৱজনিত দুখৰ বিষয়ে চিন্তা কৰিব পাৰে৷ কিন্তু সকলো মানুহৰ বাবেও এই তৃতীয় প্রকাৰৰ দুখ সন্দর্ভত সমানে জ্ঞান আহৰণ কৰাটো সম্ভৱ নহয়৷ যিসকল মানুহ অধিক চিন্তাশীল, অধিক তত্ত্বজিজ্ঞাসু – তেওঁলোক সহজে আধিদৈৱিক দুখৰ প্রভাৱাধীন হয়৷ এইখিনিতে আধিদৈৱিক দুখ সম্বন্ধে কিছু কথা আলোচনা কৰাৰ প্রয়োজন৷ জগতৰ সমস্ত প্রাণীৰ ভিতৰত একমাত্র মানুহেহে জীৱনৰ অনিশ্চয়তা সম্বন্ধে জ্ঞান আহৰণ কৰিব পাৰে৷ আৰু এই অনিশ্চয়তাৰ ধাৰণাই মানুহৰ আধিদৈৱিক দুখৰ প্রধান কাৰণ৷ কিয়নো এটা বিষয়ে একমাত্র মানুহহে অৱগত যে কাইলৈ কি হ’ব, সেই সম্বন্ধে পূর্বজ্ঞান লাভ কৰাটো প্রায় নিৰান্নবৈ শতাংশই অসম্ভৱ৷ এই অনিশ্চয়তাৰ ভাবটোৱে মানুহক অহৰহ খেদি লৈ ফুৰিছে৷ আধুনিক বিজ্ঞানৰ জৰিয়তে প্রকৃতি সম্বন্ধে মানুহ যিমানে বেছিকৈ অৱগত হৈছে, সিমানে বৃদ্ধি পাইছে অনিশ্চয়তাজনিত আতংক৷ ইপিনে ধর্মীয় চিন্তা–চর্চাত মনোনিৱেশ কৰা লোকসকলকো এই সংসাৰৰ অনিত্যতা সম্বন্ধে সততে সোঁৱৰাই দি অহা হৈছে৷ যথা – অথিৰ ধন–জন, জীৱন যৌৱন, অথিৰ এভু সংসাৰ…৷ কিন্তু তাৰ পাছতো ধর্মৰ জগতখনত মানুহে এনে এক সত্তাৰ সন্ধান পাইছে, যাৰ ওপৰত বহু পৰিমাণে ভাৰসা কৰিব পৰা যায়৷ সেই পৰম সত্তাৰ কৃপা হ’লে মানুহে ‘সুখেৰে ভৱ–নদী পাৰ হ’ব পাৰে’৷ এইখিনিতে প্রয়াত লক্ষ্মীনন্দন বৰা ছাৰৰ কথা এষাৰ মনলৈ আহিছে৷ উল্লেখযোগ্য যে তেখেত নিজে নিৰীশ্বৰবাদী হোৱা সত্ত্বেও ঈশ্বৰৰূপী পৰম সত্তাৰ অস্তিত্বৰ বিশ্বাসী লোকসকল বহু প্রকাৰৰ দুশ্চিন্তাৰ পৰা হাত সাৰি থকাটো সম্ভৱপৰ বুলি বৰাদেৱে কৈছিল৷ কিয়নো এক দৈৱী সত্তাত ভাৰসা ৰখাৰ অর্থ হৈছে এটা সাহস লাভ কৰা৷ এতেকে ধর্মীয় তত্ত্বসমূহে একে সময়তে মানুহক দুই প্রকাৰৰ স্থিতি গ্রহণ কৰিবলৈ প্রেৰণা যোগায়৷ প্রথম, এই সংসাৰৰ অনিত্যতাৰ কথা সোঁৱৰাই দি সংকীর্ণ স্বার্থসমূহ পৰিহাৰ কৰি চলিবলৈ কয়৷ দ্বিতীয়তে, এক পৰম সত্তাৰ ওপৰত ভাৰসা ৰাখি অনিশ্চয়তাক কিছু পৰিমাণে হ’লেও জয় কৰাৰ সম্ভাৱনা দেখুৱায়৷ ইয়াৰ বিপৰীতে আধুনিক বিজ্ঞানে জড় জগতৰ অনিশ্চয়তাবাদী চৰিত্রই সর্বশেষ সত্য বুলি মানুহক জনাই দি প্রকাৰান্তৰে এই সংসাৰৰ প্রসাৰতাকে প্রতিপন্ন কৰিছে৷
এতিয়া কথা হৈছে, যি মানুহে ধর্ম কিম্বা বিজ্ঞানৰ নিগূঢ় তত্ত্বসমূহত অধিক মনোনিৱেশ কৰি ‘জ্ঞানী’ হৈ উঠিছে, তেনে লোকসকল আধিদৈৱিক দুখৰ চিকাৰ হোৱাৰ আশংকা প্রবল৷ এই কথাটোকে বোধ হয় ‘দার্শনিকৰ দুখ’ বুলিও অভিহিত কৰিব পৰা যায়৷ গতিকে খুব বেছি তত্ত্বজিজ্ঞাসাই মানুহক গভীৰভাৱে অসুখী কৰি তোলাৰ সম্ভাৱনাও নোহোৱা নহয়৷ অৱশ্যে ব্যৱহাৰিক জীৱনত সুখ আহৰণৰ উপায় সম্বন্ধেও ধর্মীয় পন্থসমূহে অনেক হিতোপদেশ প্রদান কৰি আহিছে৷ মানুহৰ ছটা প্রধান (অশুভ) প্রবৃত্তিক ‘ষড়ৰিপু’ হিচাপে সুদূৰ অতীততে চিনাক্ত কৰা হৈছিল৷ এইকেইটাৰ ভিতৰত কাম–ক্রোধ–লোভ–মোহ কথাকে নকওঁ, মদ (অহংকাৰ) মাৎসর্যই (ঈর্ষা) যে মানুহক বহু পৰিমাণে অসুখী কৰি তোলে, সেই কথা সকলোৰে বিদিত৷ একেদৰে ৰোগ, শোক, জৰা, মৃত্যুক দুখৰ আন চাৰিটা প্রধান কাৰক হিচাপে প্রাচীন শাস্ত্রসমূহে নির্ণয় কৰিছিল৷ সন্দেহ নাই যে সুখ হৰণৰ বিষয়ত এইবোৰৰ চৰিত্র আজিও অপৰিৱর্তিত হৈ ৰৈছে৷ এইবিলাক কাৰকৰ উপৰি সাম্প্রতিক কালত দুখৰ উৎস হিচাপে আৰু বহুতো কাৰকৰ সংযোজন ঘটিছে৷ মানুহৰ গড় আয়ুস অভাৱনীয়ৰূপে বৃদ্ধি পোৱাৰ ফলত অনেক নতুন সমস্যাৰ উদ্ভৱ হৈছে৷ ইয়াৰে ভিতৰত দুটা মুখ্য অনর্থ হৈছে নিঃসংগতাবোধ আৰু কৰিবলৈ কাম নথকাৰ ফলত জন্মা বিৰক্তি Boredom)৷ আচলতে সুখ–দুখৰ সংজ্ঞা বয়স অনুসাৰে পৃথক পৃথক হয়৷ সেয়ে একোজন ব্যক্তিৰ বয়স সম্বন্ধে নিশ্চিত নোহোৱাকৈ ‘আপুনি সুখীনে’ বুলি কৰা প্রশ্ণ অর্থহীন৷ তদুপৰি ব্যক্তিগত সুখ–দুখ আৰু সামূহিক সুখ–দুখৰ মাজত এক নিবিড় সম্পর্ক বিদ্যমান৷ যদি বিশ্বৰ মানৱ সমাজেই গভীৰ দুখত নিমজ্জিত হৈ থাকে, তেনেহ’লে ব্যক্তিগত সুখৰ তাৎপর্যই বা কিমান? অতিমাৰীৰ কবলত পৰা এখন পৃথিৱীৰ বাসিন্দা হিচাপে সুখৰ সংজ্ঞা বিচাৰি আমি হাবাথুৰি খাবলগীয়া হৈছোঁ৷ সমগ্র বিশ্বৰ পৰিপ্রেক্ষিতত সামৰিক প্রতিযোগিতাই শেহতীয়াকৈ যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে, তাৰ খবৰ ৰখা একোজন বিশ্ব–নাগৰিকে নিজকে নিৰাপদ তথা স্বচ্ছন্দ অনুভৱ কৰাটোহে আশ্চর্যজনক কথা হ’ব৷
যদিও বিশ্ব–সম্প্রদায়ৰূপী মহাসাগৰত কোনো ব্যক্তি কিম্বা ক্ষুদ্র ক্ষুদ্র জনসমষ্টি একোটা দ্বীপ হিচাপে বাচি থাকিব নোৱাৰে, তথাপি সুখ–দুখ মূলতঃ ব্যক্তিগত বস্তু৷ কেৱল বৈষয়িক প্রাচুর্যয়ো মানুহক সুখী কৰি তুলিব নোৱাৰে৷ গতিকে সাম্প্রতিক বিশ্বত সুখৰ সংজ্ঞা নিৰূপণৰ প্রয়াসে ভিন্ন ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ উদ্ভাৱিত হৈছে বিশ্ব সুখ সূচ্যাংক World Happiness Index)৷ এই সূচ্যাংকই দেশৰ ভিত্তিত সুখৰ মান নির্ধাৰণৰ যত্ন কৰিছে৷ তদনুসৰি ফিনলেণ্ড পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী মানুহৰ দেশ হিচাপে পৰিগণিত হৈছে৷ আমাৰ বাবে বিশেষ দুর্ভাগ্যৰ বিষয় এয়ে যে সুখৰ সূচ্যাংকৰ আধাৰত ১৪৯খন দেশৰ তালিকাত ভাৰতৰ স্থান ১৩৯সংখ্যক৷ একেখন তালিকাত ভাৰতৰ তিনি প্রতিৱেশী ৰাষ্ট্রৰ স্থান বিশেষভাৱে মন কৰিবলগীয়া – চীন (৮৪সংখ্যক), বাংলাদেশ (১০১সংখ্যক) আৰু পাকিস্তান (১০৫সংখ্যক)৷ মোৰ বোধেৰে যুদ্ধৰ বিভীষিকা, সন্ত্রাসবাদী কার্যকলাপ, প্রাকৃতিক দুর্যোগ আদিৰ সন্মিলিত প্রভাৱেই ভাৰতবাসীৰ সুখ বিঘ্ণিত কৰিছে৷ তদুপৰি নিবনুৱা সমস্যাৰ কৰাল ৰূপ, বুজনসংখ্যক দেশবাসীৰ অপৰাধপ্রৱণতা আদিও জাতীয় সুখ নিম্নগামী কৰাৰ হেতু কম দায়ী নহয়৷ কাৰণ যিয়েই নহওক, বিশ্ব সুখ সূচ্যাংকৰ তালিকাত বাংলাদেশ আৰু পাকিস্তানৰ স্থান ভাৰতৰ তুলনাত ভালেখিনি ওপৰত থকাটো ভাৰতবাসীসকলৰ বাবে অতিশয় পৰিতাপৰ কথা৷ এনে এক দেশব্যাপী দুঃখময় পৰিৱেশৰ প্রতিকূল প্রভাৱ প্রতিজন দেশবাসীৰ ওপৰত পৰাটো তেনেই স্বাভাৱিক৷ এই পৰিস্থিতিত ব্যক্তিগত সুখ–দুখতকৈ জাতীয় সুখ–দুখৰ কাৰকসমূহ অগ্রাধিকাৰ ভিত্তিত চিনাক্ত কৰাত তথা এইবিলাক দূৰীকৰণৰ উপায় উদ্ভাৱন কৰাত গুৰুত্ব দিয়াটোহে এজন সচেতন নাগৰিক হিচাপে মোৰ প্রথম কর্তব্য হোৱা উচিত৷