চিত্রকলাবিহীন এখন পৃথিৱী হয়তো আমাৰ বাবে কল্পনাতীত৷ সঁচাকৈ, ৰংহীন–দৃষ্টিনন্দন কলাত্মক সমলসমূহৰ অৱস্থিতিহীন এখন পৃথিৱীৰ কথা আমাৰ বাবে যে কস্মিনকালেও ভাবিব নোৱৰা এক বিষয়৷ কলাৰ অন্য সকলো বিভাগৰ দৰেই চিত্রকলায়ো ভৌগোলিক–ভাষিক আদি সকলো পৰিসীমাৰ ঊর্ধ্বত কলাৰসিকসকলৰ লগতে প্রায় সকলো ব্যক্তিৰেই হূদয় স্পর্শ কৰে৷ এনে সকলো লোকৰ আদৰেই ধন্য কৰে শিল্পীৰ জীৱন৷ কিন্তু এই কলাই যে সবলীকৰণৰ বাটো মুকলি কৰিব পাৰে, সেই কথাহে সাধাৰণতে চিন্তা কৰা নহয়৷ স্ব–নির্ভৰশীল হোৱাৰ কণ্টকময় পথটি যে চিত্রকলাই মসৃণ তথা ৰঙীণ কৰি তুলিব পাৰে, সেই কথা যুুকিয়াই চোৱা নহয়৷
একাংশ ব্যক্তিয়ে চিত্রকলাক পেছাৰূপে নির্বাচন কৰাৰ বিপৰীতে বহু লোকে কিন্তু এই কলাক নিজৰ নিচা বা হবী ৰূপেহে নির্বাচন কৰিবলৈ ভাল পায়৷ সেই কথাৰ অন্যতম উদাহৰণ শেহতীয়াভাৱে লাভ কৰে সকলোৱে৷ চলিত বর্ষৰে বিগত লকডাউনৰ সময়ছোৱাত মূলতঃ সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ হবীৰ কথা বহু লোকে প্রকাশ কৰিছিল৷ একাংশ ব্যক্তিয়ে পেলনীয়া কাঁচ অথবা প্লাষ্টিকৰ বটলৰ ওপৰত ছবি ঁকাৰ বিপৰীতে একাংশ ব্যক্তিয়ে আকৌ সুন্দৰ আকৃতিৰ শিলগুটি, চাকি, ফুলৰ টাব, কাপ আদি কলাত্মকভাৱে সজোৱা দেখিবলৈ পোৱা গৈছিল৷ এনে সমলসমূহক কলাত্মক ৰূপ দিয়াৰ প্রয়াস পূর্বেও দেখা গৈছিল যদিও প্রধানতঃ লকডাউনৰ সময়ছোৱাত এনে কলাৰ প্রচাৰ অধিক হোৱা দেখিবলৈ পোৱা যায়৷ পিছে অৱসৰ বিনোদনৰ বাবে অথবা হবীৰূপে আঁকোৱালি লোৱা এই কামেও মুকলি কৰিব পাৰে স্ব–নিয়োজনৰ পথ৷ আগ্রহী ব্যক্তিসকলৰ লগতে মূলতঃ নাৰীসকলে এই হাতৰ কামটিকে সাৰথি কৰি অর্থনৈতিকভাৱে সবল হোৱাৰ কথা চিন্তা কৰিব পাৰে৷ আমাৰ দেশ ভাৰতবর্ষৰে বিভিন্ন প্রান্তৰ বহু নাৰীয়ে এই ক্ষেত্রখনত কিদৰে সক্রিয়ভাৱে জড়িত হৈ নিজৰ চিনাকি গঢ়ি তুলিবলৈ সক্ষম হৈছে, তাৰে কেইটিমান উদাহৰণ এই লেখাৰ জৰিয়তে তুলি ধৰা হ’ল৷
অতি দুখজনকভাৱে বিগত লকডাউনৰ সময়ছোৱাতেই বহুতো ব্যক্তিয়ে নিজৰ চাকৰি অবিশ্বাস্যভাৱে হেৰুৱাবলগীয়া হৈছিল৷ তেনেদৰেই চাকৰি হেৰুৱাইছিল ছ’ফিয়া বৰাতে নামৰ পুনেৰ এগৰাকী নাৰীয়ে৷ ছবি ঁকা আৰু কাগজেৰে আকাশবন্তি তৈয়াৰ কৰা আছিল তেওঁৰ অন্যতম হবী৷ চাকৰি হেৰুৱাই তেওঁ নিৰাশ নহৈ নিজৰ হবীকেই ব্যৱসায়ৰূপে গঢ় দিয়াৰ সিদ্ধান্ত লয়৷ ছ’ফিয়াই সেই চিন্তাকেই সাৰোগত কৰি ‘ইণ্ডি ক্রাফ্ট’ জন্ম দিয়ে৷ চাকিত সুন্দৰ সুন্দৰ চিত্র অংকন কৰি কলাত্মক ৰূপ দি তথা বিভিন্ন ৰং–বিৰঙী আকাশবন্তি তৈয়াৰ কৰি তেওঁ নিজৰ ব্যৱসায়ৰ কথা সামাজিক মাধ্যমৰ জৰিয়তেই প্রকাশ কৰে৷ তেওঁ ‘ৱ’মেন ৱণ্ডাৰ টেলিগ্রাম’ নামৰ গোট এটিৰ সৈতে জড়িত হৈ আছিল বাবেই সেই কথা প্রচাৰ আৰু প্রসাৰ কৰাত সহজ হৈ পৰে৷ লাহে লাহে বহু লোকৰ পৰা তেওঁ অর্ডাৰ পাবলৈ ধৰে৷ বিগত দুর্গা পূজা আৰু দীপাৱলীৰ সময়ত অর্ডাৰৰ হাৰ সর্বাধিক হোৱাত ছ’ফিয়াই নিজৰ ঘৰৰ কাষৰে অন্য কেইবাগৰাকী নাৰীকো নিজৰ ব্যৱসায়ৰ সৈতে জড়িত কৰে৷ পৰৱর্তী সময়ত তেওঁৰ ঘৰৰে সম্পর্কীয় বহুকেইগৰাকী নাৰীও এই ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰে৷ এনেদৰেই নিজৰ চিত্রকলাৰ হবী আৰু প্রতিভাৰ সহায়ত তেওঁ আত্মনির্ভৰশীল হোৱাৰ লগতে অন্য বহু নাৰীকো স্ব–নির্ভৰশীল হোৱাত সহায় কৰিছে৷ এয়া সাধাৰণ এক উদাহৰণহে মাত্র৷ অতি কম মূলধনেৰে নিজৰ আগ্রহ আৰু নিচাৰ সহায়ত আগ্রহী বহুজনে এনেদৰে উপার্জনৰ বাট মুকলি কৰাটো নিশ্চয় অতি কঠিন কাম নহয়৷
ৰং বোলাই, চিত্র অংকন কৰি, কলাসুলভভাৱে চাকি সজাই তোলাৰ সমান্তৰালভাৱেই বিভিন্ন পেলনীয়া প্লাষ্টিক অথবা কাঁচৰ বটলো কলাসুলভভাৱে সজাই তোলা আমি সততে দেখিবলৈ পাওঁ৷ কিন্তু এই কলাৰ আঁৰত লুকাই থাকে কেইবাটিও মহৎ উদ্দেশ্য৷ আর্থিকভাৱে স্বাৱলম্বী হোৱাৰ সমান্তৰালভাৱে এই কলাৰ সৈতে পৰিৱেশ সুৰক্ষা বিষয়টিও ওতপ্রোতভাৱে জড়িত হৈ থকা পৰিলক্ষিত হয়৷ কেৰালাৰ অপর্ণা নামৰ ২৩ বছৰীয়া যুৱতীগৰাকীয়ে এই কলাকেই এতিয়া জীৱনৰ সাৰথি কৰি লৈছে৷ কিছু বছৰৰ পূর্বৰ কথা৷ অপর্ণাই এদিন নিজৰ যাত্রাপথত আস্থামুদী নামৰ সুন্দৰ জলাশয়টিৰ পাৰত বিভিন্ন আৱর্জনা আৰু বহু বটল পৰি থকা দেখিবলৈ পায়৷ তেতিয়াই তেওঁ সেই বটলবোৰ সংগ্রহ কৰে আৰু পৰিৱেশ সুৰক্ষাৰ স্বার্থতেই কাষৰীয়া সকলো জলাশয়ত আৱর্জনাৰূপে পেলাই দিয়া বটলবোৰ সংগ্রহ কৰিবলৈ লয়৷ তেতিয়াৰে পৰা তেওঁ’Scrap Girl’ নামেৰে অঞ্চলটোত জনাজাত হৈ পৰে৷ পৰৱর্তী সময়ত নিজৰ মাতৃৰ উৎসাহত সেই বটলবোৰ পৰিষ্কাৰ কৰি সেইবোৰত ৰং বোলাই কলাত্মকভাৱে সজাই তোলে৷ সমাজ আৰু পৰিৱেশৰ বাবে ইতিবাচক বার্তা বহন কৰা আৰু স্বাৱলম্বী হোৱাৰ নিদর্শন দাঙি ধৰা অপর্ণাৰ দৰে অন্য এগৰাকী যুৱতী হৈছে কর্ণাটকৰ মেঘা মেনড’ন৷ ফালগুনী নদীৰ কাষতেই ঘৰ হোৱাৰ বাবে মেঘাই সময়ে সময়ে বহু লোকে আৱর্জনা নদীৰ পাৰতেই পেলাই দিয়া দেখিবলৈ পায়৷ নদীখনক কলুষিত কৰিব পৰা বটলবোৰ মেঘাই সঘনে সংগ্রহ কৰি আনে আৰু নিজৰ ধৰণেই কলাত্মকভাৱে বটলবোৰ সজাই তোলে৷ পৰৱর্তী সময়ত মেঘাই জ্যেষ্ঠজনৰ সহায়ত ‘ৱেষ্ট মেনেজমেণ্ট’ অর্থাৎ পেলনীয়া সামগ্রীৰ পুনৰ ব্যৱহাৰৰ সন্দর্ভত কর্মশালাৰ আয়োজন কৰি বহু শিশু আৰু নাৰীক এনেদৰে বটল অথবা অন্য সমল কলাত্মকভাৱে সজোৱাৰ প্রশিক্ষণ দিয়ে৷ এনেদৰে মেঘাৰ লগতে অন্য বহু যুৱক–যুৱতী তথা নাৰীয়ে স্বাৱলম্বী হোৱাৰ পথ চিনি লৈছে৷ চেন্নাইৰ বিদ্যা ভাট আৰু শুশ্রুথ কে এছ নামৰ দম্পতাটোৱেও বিগত বহু বর্ষৰ পৰা পৰিৱেশ সুৰক্ষাৰ লগতে নিজৰ নিচাৰ বাবে এনেদৰে কাঁচৰ বটলত বিভিন্ন ছবি আঁকি, বটলবোৰ বিভিন্ন ধৰণে সজাই বিক্রী কৰি আহিছে৷ ওপৰত উল্লেখ কৰা প্রত্যেকগৰাকী ব্যক্তিয়েই সামাজিক মাধ্যম আৰু ইণ্টাৰনেটৰ সহায়ত নিজৰ এই ব্যৱসায় সুন্দৰভাৱে পৰিচালনা কৰি আছে বুলি জানিবলৈ পোৱা গৈছে৷
বহু লোকে শিলৰ ওপৰত চিত্র অংকন কৰাও আমি দেখিবলৈ পাওঁ৷ সুন্দৰ আকৃতিৰ শিলগুটিৰ ওপৰত চিত্র অংকন কৰি সেই শিল গৃহসজ্জাৰ বাবে অথবা পেপাৰ ৱেটৰূপে ব্যৱহাৰ কৰে৷ কিন্তু আমাৰ মাজৰে বহু লোকে এই কথা হয়তো নাজানে যে শিলত বিশেষভাৱে অংকন কৰা এই কলা ‘ষ্টোৰী ষ্ট’ন’ নামেৰেও প্রসিদ্ধ৷ এনে ষ্টোৰী ষ্ট’ন বিশেষভাৱে সক্ষম শিশুসকলৰ শিক্ষণ প্রণালীত ব্যৱহাৰ কৰা হয়৷ কলাত্মকভাৱে সজোৱা শিলগুটিৰ সহায়ত খেল–ধেমালিৰ মাজেৰে সেই বিশেষ শিশুহঁতক শিক্ষা প্রদান কৰা হয়৷ এনে ব্যৱস্থাৰ সবিশেষ অধ্যয়ন কৰি এনে কলাৰ মাধ্যমেৰেও স্বাৱলম্বী হোৱাৰ থল নিশ্চয় নোহোৱা নহয়৷ তদুপৰি ফুলৰ টাব, কাপ আদিত কলাত্মকৰূপে সদাই ক্রয়–বিক্রয় কৰা দেখা যায়৷ গতিকে সেইক্ষেত্রতো আগ্রহীসকলে নিজৰ উপার্জনৰ বাট মুকলি কৰিব পাৰে৷
ভাৰতবর্ষৰে ‘ত্রিশূল’ নামৰ বেচৰকাৰী এটি সংস্থাই এই বিষয়টিৰ সন্দর্ভত বিগত বহু বছৰৰ পৰা কাম কৰি আহিছে৷ সংস্থাটোৱে মূলতঃ দেশখনৰ বিভিন্ন প্রান্তৰ ভিতৰুৱা গাঁওসমূহৰ বহু যুৱক–যুৱতী আৰু নাৰীক দক্ষতা বিকাশৰ প্রশিক্ষণ দিয়াৰ লগতে অর্থনৈতিকভাৱে সবল হোৱাৰ বাটো দেখুৱাই দিয়ে বুলি জানিবলৈ পোৱা গৈছে৷ তেওঁলোকে দেশখনৰ মুঠ ৫০,০০০ ঊর্ধ্বৰ পৰিয়ালৰ স্বাৱলম্বনৰ পথ মুকলি কৰিছে৷ তদুপৰি সংস্থাটোৱে এনে লোকসকলে তৈয়াৰ কৰা বিভিন্ন সামগ্রী (কলাত্মকভাৱে সজাই তোলা চাকি, বটল, টাব, মাটিৰ অলংকাৰ, শিলগুটি আদি) বিক্রীৰো সুবিধা কৰি দিয়ে৷ ‘ত্রিশূল’ৰ ৱেবছাইটৰ লগতে বহু স্থানীয় বজাৰতো এনে সুন্দৰ সমলৰ ক্রয়–বিক্রয় হয়৷ এনেদৰেই চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে উদ্যোগ লৈ আগবাঢ়ি আহিলে হয়তো আৰু বহু যুৱক–যুৱতীয়ে, বহু নাৰীয়ে আত্মনির্ভৰশীল হোৱাৰ বাট চিনিবলৈ সক্ষম হ’ব৷ তদুপৰি হবী বা নিচাক পেছাৰূপে গ্রহণ কৰিব পৰাজনেই কর্মক্ষেত্রত সন্তুষ্টি লাভ কৰে বুলি কোৱা হয়৷ সেয়েহে এনেদৰে কলাত্মকভাৱে বিভিন্ন সমল সজাই ভাল পোৱা বহু লোকে এই হবীক নিজৰ উপার্জনৰ পথৰূপে নির্বাচন কৰিব পাৰে৷ এইক্ষেত্রত অতি কম মূলধনৰহে প্রয়োজন হয়৷ লগতে প্রয়োজন হয় নিজৰ আগ্রহ আৰু ইচ্ছাৰ৷ তদুপৰি এনে ব্যৱসায়ৰ প্রসাৰৰ বাবে হাতৰ মুঠিতে থকা ম’বাইল ফোনটোৱেই যথেষ্ট৷ কিয়নো সামাজিক মাধ্যম আৰু ইণ্টাৰনেট সেৱাই এনে ব্যৱসায় সুচাৰুৰূপে চলাই নিয়াত যথেষ্ট সহায় কৰে৷ কলাসুলভ মনবোৰ, ব্যক্তিগত নিচাবোৰ এনেদৰেই হৈ পৰক অর্থনৈতিক উন্নয়নৰ সোপান সুন্দৰ হৈ পৰক আমাৰ চৌপাশ– আমাৰ পৃথিৱীখন৷