নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুন্দৰী মডেলৰ ফটোত লাইক কৰি পুনৰ বিতৰ্কত Pope Francis

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ  ধৰ্মীয় গুৰু পোপ ফ্রান্সিছৰ ইনষ্টাগ্ৰাম একাউণ্টটো পুনবাৰ চৰ্চালৈ আহিছে। এইবাৰ বিকিনী পৰিহিত এগৰাকী মডেলৰ ছবিত পোপ ফ্রান্সিছৰ একাউণ্টৰ পৰা লাইক কৰাৰ বাবে চৰ্চালৈ আহিছে। যাৰ ফলত পুনৰবাৰ পোপ ফ্রান্সিছৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এক্স ৰেটেড মডেলৰ ছবিত লাইক কৰাৰ অভিযোগ উঠিছে।

ইনষ্টাগ্ৰামত মাৰ্গট ফাক্স নামৰ মডেলগৰাকীয়ে দাবী কৰিছে যে পোপ ফ্ৰান্সিছে তেওঁৰ ছবিখনত লাইক কৰিছে। মডেলগৰাকীয়ে এই কথা প্ৰমাণ কৰিবলৈ স্ক্ৰিনশ্বট এটা শ্বেয়াৰ কৰিছে। উল্লেখ্য যে পোপ ফ্ৰান্সিছৰ আনুষ্ঠানিক একাউণ্টৰ পৰা আগতেও এগৰাকী বিকিনী মডেলৰ ফটোত লাইক কৰা হৈছিল। য’ত যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছিল।

You might also like