নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত বৌদ্ধিক তর্কযুদ্ধ

ড০ বসন্ত কুমাৰ গোস্বামী

 

‘নিয়মীয়া বার্তা’ (২০ আগষ্ট, ২০২০)ৰ ‘ৰাজনৈতিক তর্কযুদ্ধ’ৰ সাদৃশ্যতেই শিৰোনামটি দিয়া হৈছে৷ গোপীনাথ বৰদলৈৰ পৰা গোলাপ বৰবৰালৈকে কেয়োগৰাকী মুখ্যমন্ত্রীৰ আচাৰ–আচৰণ সমাজ আৰু সাংস্কৃতিক ভাবনাৰে উজ্জীৱিত আৰু অসমীয়া জীৱন আৰু সংস্কৃতিৰ মহৎ অধ্যায় ৰূপে স্বীকৃত৷ এই কথা ‘নিয়মীয়া বার্তা’ৰ প্রথম কলমে আমাক সেই ঐতিহ্যৰ মণি–মুকুতাবোৰ আস্তিকেৰে বুটলি থ’বলৈ অনুপ্রাণিত কৰাতেই এই লেখাটোৰ চেৰাশালি৷ তেনেকৈ বৌদ্ধিক জগতত হোৱা তর্কযুদ্ধই পাঠকক জ্ঞানং জ্ঞেয়ং পৰিজ্ঞাতাৰ স্তৰলৈ উত্তৰণ ঘটাইছিল৷ তেনে তর্কযুদ্ধৰ কথা অৱগত কৰাই এই লেখাৰ উদ্দেশ্য৷
ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই চৰকাৰী চাকৰি কৰি অসমৰ ইমূৰ–সিমূৰ ঘূৰি সংশ্লিষ্ট অঞ্চলৰ লোকজগতৰ লগত মিলা–মিচাৰ সুযোগ লৈ স্থূল ৰূপটোৰ চাৰিবেৰৰ সিপাৰে অনুসন্ধান কৰাৰ সামর্থ্য থকাটো বোধ হয় চেষ্টা কৰা নাছিল৷ তেওঁৰ সৃষ্টিশীল ৰচনাত গুৰুৰ আৱশ্যকতা, প্রায়শ্চিত্ত, ব্রহ্মচর্য, গার্হস্থ্য আৰু কেৱলীয়া জীৱনৰ দীঘলীয়াবর্ণনাই বৈষ্ণৱ ধর্মৰ প্রতি আনুগত্যৰ কথা প্রকাশ কৰাৰ দৰেই নির্মল ভকত, কৃষ্ণদাসী, বৈষ্ণৱী, প্রভৃতি চৰিত্র সৃষ্টিয়ে পৰম্পৰা আৰু আস্থাশীল বৰদলৈজনকো দাঙি ধৰে৷ কোনো কোনো উপন্যাসত তান্ত্রিক পদ্ধতিৰ ঊধর্বত কৃষ্ণভক্তি মাহাত্ম্য আৰু শ্রেষ্ঠত্ব প্রতিপাদনৰ যেনেকৈ চেষ্টা আছে, তেনেকৈ সংস্কাৰকামী মনৰ বৰদলৈজনকো বিচাৰি পোৱা যায়৷ অৱশ্যে স্থান বিশেষে সৃষ্টিশীল ৰচনাত সংস্কাৰকামী মনটো দুৱাৰ ভাঙি ওলাই অহাও দেখা যায়৷ বিশেষকৈ শৰণ, ভজন, গুৰুসেৱা আদিৰ বর্ণনাত৷ শাক্ত, বৈষ্ণৱ, তান্ত্রিক ধর্মৰ কথাও সহনশীলতাৰে উল্লেখ কৰিছে৷ তথাপি শংকৰদেৱ আৰু মাধৱদেৱ প্রচাৰিতবৈষ্ণৱ ধর্মৰ সমধিক প্রচলনৰ বাবেই বৈষ্ণৱ সত্র, নামঘৰ, ভাওনা আদিৰ বর্ণনাত বৰদলৈ অধিক আগ্রহশীল৷ যোগৰ সিদ্ধি, সন্মোহন, বশীকৰণ আদি বামাচাৰী সাধন মার্গৰ ইংগিতেৰে নির্মল ভকত, ৰহদৈ লিগিৰী, তাম্রেশ্বৰী মন্দিৰ, খাম্বা খুইবীৰ সাধু পৰিপুষ্ট৷ কলিকতাত পঢি থাকোঁতে ব্রাহ্ম সমাজৰ প্রতি আকৃষ্ট হৈছিল যদিও কৃষ্ণ মতবাদক লৈ বিৰোধ হোৱাত ব্রাহ্ম সমাজ ত্যাগ কৰে৷ ১৯০৩ চনত গোলাঘাটত থাকোঁতে ৰামকৃষ্ণ পৰমহংসৰ প্রতিও আকৃষ্ট হৈছিল৷ পানীৰ চিন ভেটত দেখাৰ দৰে অসম প্রদীপিকাৰ পোহৰত বৰদলৈৰ এনে ৰূপ গৱেষকে বিচাৰি পাব৷ কিন্তু আমি অন্য এটি দিশহে দেখুৱাব খুজিছোঁ৷
(১) প্রদীপিকা সাক্ষাৎ ভগৱতী৷ অসমীয়া হিন্দু সমাজক সত্যৰ, জ্ঞানৰ, সনাতন ধর্মৰ পোহৰ দিব৷ এন্ধাৰৰ পৰা পোহৰলৈ নিবৰ নিমিত্তেহে জন্ম লৈছে৷ প্রদীপিকাই প্রদীপগছ লৈ অসমীয়াৰ ঘৰে ঘৰে ফুৰি অসমীয়া ভাতৃসকলক নিজৰ নিজৰ ঘৰৰ ভিতৰৰ আৱর্জনা সাৰি–পুচি ধুই–পখালি নিকা কৰি ল’বলৈহে পোহৰ দেখুৱাব৷ (প্রথম বছৰ ৩য় সংখ্যা)
(২) অসম প্রদীপিকাই কাৰো ধর্ম ভাবৰ ওপৰত আক্রমণ কৰি কাকো মনত দুখ দিবলৈ জন্ম হোৱা নাই৷ প্রদীপিকাই অসামঞ্জস্যৰ ভিতৰত সামঞ্জস্য দেখুৱাবলৈহে সদায় যত্ন কৰি আহিছে৷ (দ্বিতীয় বছৰ প্রথম সংখ্যা)
(৩) প্রদীপিকাৰ জন্ম হ’ল প্রভু দামোদৰদেৱৰ নিন্দাবাদৰ পৰাহে৷ (দ্বিতীয় বছৰ তৃতীয় সংখ্যা)
(৪) দামোদৰী পন্থৰসকলক মনত তাপ দিবৰ পৰাহে প্রদীপিকাৰ জন্ম হৈছে৷ (প্রাগুক্ত)
প্রথম সংখ্যা প্রদীপিকাত ওলোৱা বাতৰিয়ে বেজবৰুৱাক আহ্লাদিত কৰিছিল৷ পোৱা কিতাপৰ বিষয়–শিতানত বেজবৰুৱাই বাঁহীত এনেকৈ আদৰণি জনাইছিল, ‘অসম প্রদীপিকা’ নামেৰে এখন মাহেকীয়া কাকত শ্রীযুত ৰজনীকান্তবৰদলৈ (অৱসৰপ্রাপ্ত ই–এ–চি) ডাঙৰীয়াই উলিয়াইছে৷ কাকতখনৰ উদ্দেশ্য ভাল অর্থাৎ ‘সদ্ধর্ম’ প্রচাৰ কৰা৷ ‘সদ্ধর্ম’ কথাটোৰ পৰিষ্কাৰ মানে আমি বাস্তৱিকতে ভালকৈ বুজিব পৰা নাই৷ বোধ কৰোঁ ঘাইকৈ দামোদৰীয়াপন্থী সত্রবোৰৰ মত প্রচাৰ কৰা৷ উপযুক্ত হাতত উপযুক্ত বিষয় ন্যস্ত হৈছে দেখি আমি সন্তোষ লাভ কৰিছোঁ৷ কাকতখনিৰ আমি দীর্ঘ জীৱন কামনা কৰোঁ (১০ম বছৰ ৩য় সংখ্যা)৷
ড০ বাণীকান্ত কাকতিয়েও প্রথম সংখ্যা অসম প্রদীপিকা পাই প্রাপ্তি স্বীকাৰ কৰাৰ লগতে দুই–এটি মন্তব্য দি প্রদীপিকাৰ সম্পাদকলৈ পত্র দিয়াৰ কথা উল্লেখ কৰিছে এনেকৈ– প্রথম সংখ্যা ‘প্রদীপিকা’ পাই সম্পাদক ডাঙৰীয়ালৈ প্রাপ্তি স্বীকাৰৰ লগত দুই–এষাৰ মন্তব্য লগ লগাই চিঠি লিখাৰ ভিতৰত এই ক্ষুদ্র প্রবন্ধ লেখকো এজন৷ (বাণীকান্ত ৰচনাৱলী)
প্রদীপিকা পক্ষৰ পালি সেনাপতি হ’ল ঘাইকৈ যশস্পতি শর্মা আৰু ঘনশ্যাম দেৱশর্মা৷ দুয়োটাই ছদ্মনাম৷ যশস্পতি শর্মা হ’ল ‘সুৰ–পৰিচয়’ৰ স্রষ্টা কার্তিনাথ শর্মাবৰদলৈ৷ অৱশ্যে যশস্পতি শর্মাই প্রদীপিকাত আঁৰ–কাপোৰৰ আঁৰৰ পৰা পৰিচয় দিছে এনেকৈ– ‘যশস্পতি বেনামী নাম নহয়৷ কামৰূপ জিলাৰ বডীগোগ মৌজাত আমাৰ ঘৰ৷ নলবাৰীৰ পৰা অগ্ণিকোণৰ ১১–১২ মাইলমান আহিলে আমাৰ ঘৰ পায়৷ সংস্কৃত অধ্যাপনা আমাৰ ব্যৱসায়৷ (প্রথম বছৰ দ্বাদশ সংখ্যা)৷’ যশস্পতি শর্মা যে সংস্কৃত পণ্ডিত সেই কথা তেওঁৰ প্রায়বোৰ ৰচনাত সংস্কৃতিৰ উদ্ধৃতিয়ে প্রমাণ কৰে৷ সেয়েহে বেজবৰুৱাই বিদ্রূপেৰে কৈছে– ‘তেওঁৰ মুখ–খৰাহিত সংস্কৃত শ্লোকৰ বাও (বাঁহী, ১০বছৰ ৭ম সংখ্যা)৷’ কিন্তু শাস্ত্রৰ বিৰূপ ব্যাখ্যা আৰু তাৰ যুক্তিত অতিষ্ঠ হৈ বেজবৰুৱাই কৈছিল– ‘আপোনাৰে–আমাৰে এই ফেৰাই প্রথম আৰু শেষ কথা–বার্তা৷ ইয়াৰ পিছত প্রদীপিকাত অর্থাৎ যশস্পতিৰ পিছত বনস্পতি, বনস্পতিৰ পিছত অনুক্রমে বৃহস্পতি ওলাই আমাকpersonal attack কৰি থাকিলেও আমি আওকাণ কৰি থাকিম বুলি ভাবিছোঁ৷ সেইবাবে পতিসকলে পতি–পুত্র সমন্বিতে আমাক হাৰিল, ভাগিল, পলাল যি বোলে বুলি থাকিব পাৰিব (বাঁহী, ১০বছৰ ৭ম সংখ্যা)৷’ ঘনশ্যাম দেৱশর্মা সম্পর্কে ড০ মহেশ্বৰ নেওগে ‘বাণীকান্ত ৰচনাৱলী’ৰ আগকথাত কৈছে– ‘ঘনশ্যাম দেৱশর্মা নাম লৈ এজনে অধ্যাপক শ্রী বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্য’ শীর্ষেৰে অলপ ৰুষ্ট সমালোচনা কৰাত…(ভূমিকা.১৬)৷
বাঁহী–প্রদীপিকাৰ যুঁজখনৰ বর্তমান মুখত প্রাসংগিকতা নাই৷ যুযুৎসুসকলে সেই যুদ্ধৰ পৰা কি পালে, কি থ’লে সম্প্রতি বিষয়ান্তর্গত হ’লেও সেই যুদ্ধৰ ফলত ‘বাঁহী’ত ব্যংগ–বিদ্রূপৰ নিগুটি অসমীয়া ঠাঁচ এটিৰ ভৰসুঁতি ওলাইছিল৷ দ্বিতীয়তে ভৱানন্দ পাঠকৰ নিব ধাৱলীত বিজুলী নামৰ প্রবন্ধাৱলীৰ প্রকাশ৷ ইয়াৰ যোগেদি ভৱানন্দ পাঠকৰ ‘জ্ঞান বিজ্ঞান তৃপ্তাত্মা’ ৰূপটি ফৰিংফুটা হৈ উঠিল আৰু লগতেThe Mother Goddess Kamakhya, Visnuvite Myths and Legendৰ দৰে গৱেষণা–কর্মও সেই পোহৰত জিলিকি উঠিল৷ পাঠকে প্রদীপিকাই তৰা বৈষ্ণৱ ধর্মৰ কুঁৱলীৰ তাঁতখন আঁতৰাবলৈ যত্ন কৰিছে বেদ–বেদান্ত, দাক্ষিণাত্যৰ বৈষ্ণৱসকলে লিখা জ্ঞান গৌৰৱান্বিত ভৰুণ সমালোচনাৰে৷ এই সমালোচনাৰ অন্তর্লীনত থকা ব্যংগ আৰু বিদ্রূপে প্রতিপক্ষক পেপুৱা লগালে৷ এফালে বেজবৰুৱাৰ বাঁহীৰ গা বেজবেজাই যোৱা ভাষা, নিষ্ঠুৰ সমালোচনাত ব্যংগ আৰু লগতে আভিজাত্যৰ চিন, ভৱানন্দ পাঠকৰ জ্ঞান বাৰিধি, আৰু প্রদীপিকাৰ গ্রামীণ সৰলতাৰ যুদ্ধখনত তিক্ততা, আছিল যদিও কুষাৰি ভাবৰ পৰা কিন্তু আঁতৰত৷ সেয়েহে ড০ কাকতিয়ে এই যুদ্ধক ‘অজা যুদ্ধ’ বুলিছে৷ প্রতিটো বিতর্কত বাঁহী–প্রদীপিকাই বন্ধু–বান্ধৱ সম্বোধনহে কৰিছিল৷ যুযুৎসুসকলৰ যুদ্ধই অসমত প্রচলিত বৈষ্ণৱ ধর্মৰ লাইখুঁটা অধিক দৃঢীভূত কৰিলে৷ ড০ নেওগে ‘বাণীকান্ত ৰচনাৱলী’ত কৈছে– ‘এই লেখাবোৰত তর্ক–বিবাদৰ তিক্ততা আছে, তাৰ ভিতৰত সমাজৰ পিছপৰি থকাসকলৰ অধিকাৰ প্রতিপাদন কৰা বৈষ্ণৱ ধর্মৰ উদাৰনৈতিকতা দৃঢীভূত হৈ পৰিল বহুত দিনজোৰা এই সংগ্রামৰ পৰা (ভূমিকা,পৃ ঃ ১৮)৷’ এইবোৰেই বাঁহী–প্রদীপিকাৰ অজা যুদ্ধৰ সাঁচতীয়া চুমহিৰ একোডোখৰ চেকুৰা সোণ, পেলাই নিদি আস্তিকেৰে বুটলি থ’ব পৰা সাঁচতীয়া ধন৷ অজা যুদ্ধ হ’লেও ক্রিয়া লঘু নহয়৷ প্রথম সংখ্যা প্রদীপিকা পাই বেজবৰুৱাই কাকতখনৰ ভাষা আৰু বিষয়বস্তুৰ অপব্যাখ্যা সম্পর্কে কঠোৰ হৈছিল আৰু সদ্যোজাত কাকতখনৰ ভুল উনুকিয়াই দিছিল৷ কিন্তুপ্রদীপিকাৰ Spirt বা গঢ’ দেখি ‘ধৰিলন্ত যুদ্ধকাচে’ বুলি ভাই–ভাগীৰে ‘civil war’ আৰম্ভ কৰাত ব্যংগ–বিদ্রূপৰ আৰিয়া জ্বলালে এনেকৈ–
(১) বৰদলৈয়ে তেওঁৰ কাকতত কুঁৱলীৰ তাঁতখন ভালকৈয়ে তৰিছে৷ তাত দুইফলীয়া কথাৰ দীঘ–বাণিৰে তেওঁ হুৰহুৰ কৰে মাকো চলাব লাগিছে৷ স্বদেশীৰ দিনত এইটোও এটা ভাল স্বদেশ হিতৈষিতা (১০বছৰ ৭ম সংখ্যা)৷
(২) শ্রুতি আৰু আন আন হিন্দুশাস্ত্রhearsy নেকি? বৰদলৈৰ পৰা এটাruling পালে বার্তো (ঐ)৷
(৩) প্রদীপিকা এচকুৱা নহৈ দুচকুৱা হ’লে আমি সন্তোষ পাম (১০মবছৰ ৩য় সংখ্যা)৷
(৪) শিক্ষিত ডেকাসকলPriest craft অৰVested interest অ’ত কোব পৰাৰ ভয়ত ওলোৱা বাক্যৰ জালেৰে মেৰোৱা কথাত মোহ নাযাবাহঁক (১০ম বছৰ ৩য় সংখ্যা)৷
(৫) আবতৰত কেণা বেঙেনাৰ ব্যৱস্থা, জাৰকালি চেঁচাপানীৰ আৰু জহকালি তপত পানীৰ ব্যৱস্থা, দিনে–ৰাতিয়ে অশাস্ত্রীয় মতে চলি শাস্ত্রীয় মত, শাস্ত্রীয় মত বুলি ডিঙি ভাঙোতাসকলেহে কৰা দেখা যায়৷ (১০মবছৰ ৪থ সংখ্যা)৷
(৬) …দামোদৰদেৱে অনুবাদকৰ ওচৰলৈকে নগৈ নতুনকৈ কিবাoriginal পুথি ৰচনা কৰি তেওঁৰ সেৱকসকলক দি থৈ গৈছে, সেইদেখি তেওঁলোকে শ্রীশংকৰদেৱৰ অনুবাদ পুথিকেইখন আন গ্রন্থকাৰৰ সাহিত্যৰ কৰণিত তুলি থৈ দি তেওঁলোকৰ কর্তব্য পালন কৰিছে৷ বোলে ে vanity? তুমি কিমান দূৰ যাবা? (১০মবছৰ ৪থ সংখ্যা)৷
(৭) বৰদলৈৰ বিশুদ্ধ সিদ্ধান্ত পঞ্জিকাৰ সিদ্ধান্ত আৰু এটি যে শংকৰেদেৱে প্রথমবাৰ তীর্থ কৰিবলৈ গৈছিল অতি কমেও ৫০বছৰ বয়সত৷ … আমি কওঁ তথাস্তু৷ এই নতুন পঞ্জিকা ঠিক চলিব (১০ম বছৰ ৮ম সংখ্যা)৷
(৮) …পাঠক কেনে যুক্তি দেখিলা৷ প্রদীপিকাৰ লেখকে বা প্রদীপিকাই যেতিয়া সেইটো সৰুৰে পৰা জানি আহিছে, সেইটোৱেই ডাঙৰ যুক্তি আৰু কি লাগিছে? তেওঁলোকে যুদ্ধ জিকিলে৷ হেৰ কোন আছ দবা কোবাই দে (১০মবছৰ ১১শ সংখ্যা)৷
(৯) বন্ধুৱৰ শ্রীযুত ৰজনীকান্ত বৰদলৈয়ে যদি এনেবোৰrubbish আর্ৱজনাকে ছপাই উলিয়াবলৈ তেওঁ প্রদীপিকা উলিয়াইছে, তেন্তে তেওঁক আমি বন্ধুভাৱে কওঁ– শীঘ্রে কাকত বন্ধ কৰিবলৈ (১০ম বছৰ ৪থ সংখ্যা)৷
(১০) বৰদলৈৰ সৈতে ধর্মৰ বিষয়ে তর্ক বা বাদানুবাদ আজিৰ পৰা নকৰোঁ বুলি থিৰ কৰিছোঁ৷ প্রথমটো কাৰণ… দ্বিতীয়টো … তৃতীয়টো বৰদলৈয়ে আজি ২৬ বছৰে শৰণ–ভজন লোৱাৰ নিমিত্তে তেওঁৰ ধর্মজ্ঞান আৰু শাস্ত্রজ্ঞান ইমানকৈ তুলতুলীয়া হৈ পকিছে যে দুই যুটীয়া জ্ঞানৰ বৰকৈ পকা–গাঁৰটোত আঙুলি পৰিলেই তেওঁ চিৰিংকৈ উঠে৷ শেহত এটা কুকাণ্ড মাণ্ড হ’বৰ সম্ভৱ (১০ম বছৰ ৭ম সংখ্যা)৷
ড০ বাণীকান্ত কাকতিয়ে প্রথম সংখ্যা প্রদীপিকা পাই দশম বছৰ ৬ষ্ঠ সংখ্যা বাঁহীত ‘সমালোচনাঃ বুৰঞ্জীৰ সম্ভাব্য সম্ভাৱনা’ শীর্ষক এটি প্রবন্ধ লিখিছিল৷ ইতিমধ্যে ‘পুৰণি অসমীয়া সাহিত্য’ত সন্নিৱিষ্ট ‘নামঘোষা’ প্রবন্ধটি চেতনা কাকতত প্রকাশ হৈছিল৷ ঘনশ্যাম দেৱশর্মাই ‘অধ্যাপক শ্রী বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্য’ শীর্ষক এটি সমালোচনা অষ্টম সংখ্যা প্রদীপিকাত লিখে আৰু দশম সংখ্যাত প্রবন্ধটো সামৰে৷ ড০ কাকতিয়ে নৱম সংখ্যা প্রদীপিকাত তাৰ উত্তৰ দিছিল৷ ইয়াৰ পিছত ড০ কাকতিয়ে নামৰ সন্মুখত ভৱানন্দ পাঠকৰ আঁৰ–কাপোৰখন তৰি প্রদীপিকাৰ নিন্দাবাদ আৰু বিকৃত ব্যাখ্যা তীক্ষ্ণ শাণিত ভাষাৰে প্রতিবাদ কৰিবলৈ ‘বিজুলী’ৰ শীর্ষকেৰে বাঁহীত প্রবন্ধ লিখি বেজবৰুৱাৰ পালি সেনাপতি হৈ যোগ দিয়ে৷ ‘বিজুলী’ নামটিৰো বুৰঞ্জীৰ এপিঠি আছে৷ বৃহদাৰণ্যক উপনিষদৰ দ্বিতীয় অধ্যায়ত ‘বিদ্যুতি তেজোময়ঃ অমৃতময়ঃ’ আৰু এই তেজোময় অমৃতময়জনেই ‘সযোহয়ামাত্মেদমৃতম্ ব্রহ্মেদ সর্বং’ বুলি উল্লেখ থকাৰ বাবেই কাকতিৰ ‘বিজুলী’ শিৰোনামৰ তাৎপর্য হ’ব পাৰে৷ ‘বিজুলী’ৰ প্রবন্ধবোৰৰ সমালোচনা সাহিত্যৰ ‘মধবস্যৈ’ (তু সধবস্যৈ বিদ্যুতঃ সধানি ভূতানি)৷ ইয়াত পাঠকৰ ‘জ্ঞানম সবিজ্ঞানম’ ৰূপটি যেনেকৈ প্রকাশ পাইছে, ভাষাৰ অফলাভগা ৰূপটিয়ে ব্যংগ–বিদ্রূপকো মনোৰম শৈলীৰ চানেকিলৈ ৰূপান্তৰ হৈছে– তেনে দুই–এটি মুকুতাৰ মালা অসমীয়া সমালোচনা সাহিত্যৰ পাতত পিন্ধাব পৰা৷ সেই মালাৰ দুই–এটি ফুল আগবঢালোঁ–
(১) অসমীয়া ৰাইজ চিৰকাল দুধছাগুৰ ব্যৱস্থাতে নাথাকিব৷ অলপ টান খাদ্য খাবলৈ প্রস্তুত হওক৷ অলপ চকু মেলি চাওক, পুৰাণ, তন্ত্র আদি নিজেও অলপ মেলি চাওক (বাণীকান্ত ৰচনাৱলী)৷
(২) বৰদলৈৰ দ্বিতীয় দীঘলীয়া খোজ হৈছে ভূঞা আৰু কোচ ৰজাসকলৰ সম্বন্ধ নির্ণয় কৰাত সম্পাদকে বন–হাবি জুৰি দীপিকাৰ পোহৰত অসমীয়া ৰাইজক প্রকৃত চিত্র দেখুৱাবলৈ চেষ্টা কৰিছে, কিন্তুother side of the picture বিজুলীৰ পোহৰত ৰাইজে দেখোক (বা.কা.ৰ)৷
(৩) শাস্ত্রৰ ভিতৰতো লুকালুকি খেলা আছে৷ বৰদলৈদেৱেও এই লুকালুকি প্রণালী ঠায়ে ঠায়ে নিয়োগ কৰিবৰ সূত্রপাত কৰিছে৷
(৪) …নানা শাস্ত্র আলোচনা কৰি খাবলৈ নোপোৱা এমুঠি অসমীয়াৰ মাজত apostle of caste-hatred জাতীয় বিদ্বেষৰ আগৰণুৱা হৈ কিunenviable greatness লভিবৰ প্রলোভন হ’ল৷ হায়ৰে বিভীষণৰ শপথ (বা.কা.ৰ)
(৫) শাস্ত্র বাৰিধি বৰদলৈদেৱে চাকার্ছৰ খেল নকৰি অলপlook before and after কৰিলে ভাল হয় (বা.কা.ৰ)৷
(৬) বাস্তৱিকেই ‘প্রদীপিকা’ৰ কিছুমানchildish যুক্তি আৰু তর্ক দেখি…বেদাভ্যাসজডো বৰদলৈদেৱৰ পৰা আহিব নোৱাৰে৷ ‘প্রদীপিকা’ৰ লেখক বাস্তৱিকে বৰদলৈদেউ নে কোনোবা পণ্ডিত নন্দন টিকনিধৰ শর্মা? যি হওক গোত্র হৰালে কাশ্যপ গোত্রীয় হোৱাৰ নিচিনা নাম নোহোৱা প্রবন্ধবোৰ সম্পাদক গোত্রীয় বুলি ধৰিব পাৰি (বা.কা.ৰ)৷
(৭) … আউল ভাঙিব নোৱাৰি ‘দীপিকা’ৰ এজন লেখকে পেটৰ বিষত এবাৰ দৰবৰ ব্যৱস্থা কৰি কবিৰাজী শাস্ত্রৰ দোহাই দি চৰিত লেখক গোটেইকেইজনকে উৰুৱাই দিলে (বা.কা.ৰ)৷
(৮) যি হওক বৰদলৈদেৱে কথাৰে লয়যোগৰ উল্লেখ কৰিলেও কার্যতঃ মুষ্টিযোগ অভ্যাসহে কৰিছে৷ যোগত অলপ উঠিছেও (বা.কা.ৰ)৷
(৯) সম্প্রতি যশস্পতিয়ে ত্রিকালজ্ঞ মুনিৰ দোহাই দি গণনা কৰি এ বাম মিলেনা বুলি চিঞৰিছে (বা.কা.ৰ)৷
(১০) যশস্পতিৰ টোকাৰীৰ কোবত যেনেকৈ হিন্দু শাস্ত্রৰ ভাববোৰ ফুটি এলাই মূর্তিমতী ‘বাইজী’ হৈ নাচে, তেনেকৈ আন কোনেও ফুটাই তুলিব নোৱাৰে (বা.কা.ৰ)৷
(১১) বচনবোৰ যদি যশস্পতিয়ে ঠিকঠাককৈ মাতে, তেনেহ’লে ৰাইজে ভাবিব এখেত অগাধ পণ্ডিতেই, যদি বেসুৰা হয় তেনেহ’লে ভাবিব যে আত্মবিনোদন থিয়েটাৰৰ মোচন মাষ্টৰ ভোলা পণ্ডিতৰ সাজেৰে এইটো নতুন বহুৱাহে ভাওনাঘৰৰ সভাত নমাইছে (বা.কা.ৰ)৷
ইয়াৰ উপৰি বিজুলীৰ প্রবন্ধবোৰৰ শিৰোনামত ব্যংগ–বিদ্রূপৰ অনুৰণিত ৰূপ এটিও পোৱা যায়৷ শিৰোনামবোৰ হ’ল–
চৈতন্য দামোদৰ সমাগম লীলা, যশস্পতি বাপুৰ খেমটা, ‘হাকিমী চাল’ৰ এফুট বিডম্বনা, ‘হালোৱা’ শংকৰ আৰু ‘কোৰ’ দামোদৰ, বৰদলৈদেৱৰ ওচৰত ক্ষমা মাগনি, দ্বিজ ৰমানন্দৰ সাক্ষ্য, বৃহৎদলৈৰ বৃহৎ সমস্যা, যশস্পতিৰ বাম মিলেনা, ভোলাই শর্মাৰ আত্মবিনোদক থিয়েটাৰৰ দল, যশস্পতিৰ টোকাৰী, গণ্ডাৰ–মূৰীয়াৰ বহুৱালি, যুঁজাৰু দলৈৰ দৈতাৰি ঢাল, বৰদলৈ বাহিনী চাকি দেৱী, টেঙৰ বৰদলৈ আৰু অগাধ যশস্পতি, বৰদলৈ চিগাৰেট, পুৰুষোত্তম বৰদলৈদেৱ, নৱপঞ্জিকা ফলাফলং আদি৷
প্রদীপিকাই সন্তুলিত গদ্যৰ মাজেদি পৰিহাসৰ যি ধনুর্বাণ জুৰিছিল তাত সৰলতা আছে, আভিজাত্য নাই৷ আছে পোনপটিৰ অজটিল ব্যংগ আৰু বক্রাঘাতৰ হনা৷ যশস্পতি শর্মা আৰু ঘনশ্যাম দেৱশর্মা প্রদীপিকাৰ সোঁবাহু–বাঁওবাহু দুয়োটা৷ প্রদীপিকাৰ পৰা লুৰুকি অনা কেইটামান উদাহৰণ–
(১) প্রদীপিকাৰ বৰ সৌভাগ্য যে এইবাৰ ইয়াৰ পোহৰে গোটেইখন ‘অসমীয়া’ কাকতকে জলক–মলক লগাই দিছে (১ম বছৰ ৩য় সংখ্যা)৷
(২) শ্রীযুত বেজবৰুৱা ডাঙৰীয়াৰে সৈতে আমি ধর্ম সম্বন্ধে দুই–চাৰিষাৰ কথা আলোচনা কৰিবলৈ অসন্মত নহওঁ যদি তেখেতে কথাৰ পোনপটিৰে যায়৷ তেখেতে যদি পোনপটিৰে নগৈ টেৰা–বেঁকা বাটহে লয়, তেন্তে তেখেতৰ লগতো আমাৰ আলোচনাৰ আৱশ্যক নকৰিব৷ আমি আমাৰ বাটে গৈ থাকিম, তেখেতে তেখেতৰ বাটে বাঁহীবজাই গৈ থাকক আমাৰ তাত হানি বা ওজৰ–আপত্তি নহ’ব (১ম বছৰ ৩য় সংখ্যা)৷
(৩) বাঁহীৰ আৰম্ভণতে এই সুৰৰ গীতটিত আমি মুগ্ধ হৈছোঁ৷ ইয়াৰ কাৰণ এই যে বোপাইক মতাৰ আগেয়ে আমাৰ সাদৰী বাঁহীয়ে আইক আগেয়ে মাতিছে৷ আইৰ চৰণত আগেয়ে কাৰুণ্য দেখুৱাইছে… মৰমৰ বাঁহী প্রাণৰ বাঁহী এনেকুৱা দুই–এটি গীতও গাবা (১ম বছৰ ৩য় সংখ্যা)৷
(৪) কাকতিদেৱে উপদেশ দিছিল যে বেনামী প্রবন্ধ ছপা কৰা নীতিবিগর্হিত কাম… কিন্তু আমাৰ মৰমৰ বাঁহীয়েনো সেই উপদেশটি কেলেই ন’ললে আমি কাকতিদেৱক সুধিব পাৰোঁনে৷ (১ম বছৰ ৭ম সংখ্যা)৷
(৫) ১২ ডিচেম্বৰৰ অসমীয়া কাকত পঢি পালোঁ যে শ্রীযুত লক্ষ্মীনাথ বেজবৰুৱা আৰু আমি এই দুই বুঢাৰ বাঁহী আৰু প্রদীপিকাক দ্বন্দ্ব দেখি আমাৰ হেনো কলিকতাত থকা কলেজত পঢা ছাতৰ বন্ধুসকলে (সকলোৱেইনে?) অকল প্রদীপিকাৰ ওপৰত অভিযোগ কৰিবলৈ ওলাইছিল৷ …যদি ছাতৰ বন্ধুসকলে, মোৰ গোকুলৰ কানাইসকলেjudgement pass নকৰাকৈ নোৱাৰে, তেন্তে আমি দুয়ো বুঢাকেই বেয়া বোলক৷ সিও ভাল (১ম বছৰ ৭ম সংখ্যা)৷
(৬) বাঁহীক কথা–বার্তা পাতিবলৈ আমি মাতি অনা নাই আৰু শহাকণীয়া হ’বলৈকো কোৱা নাই৷ দ্বিতীয় সংখ্যাৰ প্রদীপিকা দেখি সিংহৰ বিক্রমে কমৰ কছি নিজেহে আহিছিল৷ আমাৰ সম্বন্ধে তেওঁৰ আৱাহন বিসর্জন শূন্য পদার্থ৷ তেওঁ সম্বলপুৰত আছিল নে জববলপুৰত আছিল তাৰো খবৰ ৰখা নাছিলোঁ৷ …বাঁহীয়ে কৃপাবৰ বৰুৱাৰ ওভতনিকে গাওক বা গোপাল ভাৰৰ খটাংগ পুৰাণৰ শাৰীত থকা কিতাপৰ কথাকে গাওক, তাত আমাৰ বাধা–বিধিনি নাই৷ (১ম বছৰ ৮ম সংখ্যা)৷
(৭) বাঁহীৰ শব্দৰ আৰু প্রদীপিকাৰ পোহৰৰ পিছে পিছে যোৱা ইংৰাজী নজনা আৰু ঠেঙা, কোট বা ছাপকন, টুপি ইত্যাদি সাজেৰে সৈতে একো এলেকা নৰখা আমাৰ নিভাঁজ–নিখুঁত শ্রীযুত ভৱানন্দ পাঠকদেৱৰ দাখন প্রদীপিকাৰ পোহৰত বিজুলীৰ দৰে মাজে মাজে চিকমিক কৰি উঠা দেখিবলৈ পাইছোঁ৷ (১ম বছৰ ১১ সংখ্যা)৷
(৮) কেঁচুৱা ল’ৰাৰ হাতত খুৰ এখন দিয়া যেনে, দা চলাব নজনাৰ হাতত দলা চিকাৰ কৰিবলৈ দা এখন দিয়াও তেনে৷ (১ম বছৰ ১১ সংখ্যা)৷
শিৰোনাম বা ছেদ–নুচেছদবোৰতো অজ যুদ্ধৰ হনা এটি আছে– যেনে বঁহীয়া সম্প্রদায়ৰ মাৰলি, বেজবৰুৱা ডাঙৰীয়াৰ বুৰঞ্জীবোধ, বন্ধুবৰৰ কৈফিয়ৎ, পাঠকদেৱৰ সদৰি বিভাগ, বেজবৰুৱা ডাঙৰীয়াৰU.N Das আৰু ভৱানন্দ পাঠকৰ টিটেনীয়া দেৱী, কলমবাজ বেজবৰুৱা, উকা শব্দ, আমি সর্বজ্ঞ, সূত খেমটাৱলী, চাতুৰিমা, বলৰামৰ প্রায়শ্চিত্তম, আমালৈ বৰ মৰম, শ্রীমান বোপাটি, কোৰ দামোদৰ, আমাৰ ওচৰত পাঠকদেৱৰ ক্ষমা মাগনি, ভট্টদেৱ আৰু দীনহীনজন ইত্যাদি৷ ইয়াৰ লগত দুই–এজন তুলাপতীয়া লেখক ওলাইছিল যদিও প্রদীপিকা পয়া লাগি মৃত্যু হোৱাৰ লগে লগে অনুশীলন এৰা দেখা গ’ল৷ অসমীয়া সাহিত্যৰ এনে তর্কযুদ্ধ বহুত আছে৷ সময় পালে সেয়া পাঠকলৈ আগবঢোৱা হ’ব৷
ফোনঃ ৮৪৭৩৯–০৭১৯৪

You might also like