নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙলা মাতৃভাষী অসমীয়া সাহিত্যিকসকল

লেখক আৰু সাহিত্যিক শব্দ দুটা সাধাৰণতে একে অর্থত ব্যৱহাৰ কৰা হ’লেও দুয়োটা শব্দৰ মাজত কিছু পার্থক্য আছে৷ লক্ষণীয়ভাৱে প্রতিজন সাহিত্যিকেই লেখক, কিন্তু প্রত্যেক লেখকেই সাহিত্যিক নহয়৷ যদিও শিথিল অর্থত সকলো লেখককে সাহিত্যিক বুলি কোৱা হয়, প্রকৃততে সৃষ্টিশীল ৰচনাৰ প্রণেতাসকলকহে সাহিত্যিক ৰূপে অভিহিত কৰা বাঞ্ছনীয়৷ অৱশ্যে সাহিত্য সৃষ্টিৰ ইতিহাসত এনে কিছুমান যুগান্তকাৰী ঘটনা ঘটি গৈছে, যিবিলাকলৈ লক্ষ্য কৰিলে সাহিত্যৰ সংজ্ঞাটোৱে বিশালতৰ ৰূপ পৰিগ্রহ কৰাটো মানি ল’বলৈ আমি বাধ্য৷ উদাহৰণ স্বৰূপে ব্রিটিছ প্রধানমন্ত্রী উইনষ্টন চার্চিললৈ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা কথাটোলৈকে আঙুলিয়াব পাৰি৷ কিয়নো চার্চিল ডাঙৰীয়াই প্রচলিত অর্থত কোনো সাহিত্য ৰচনা কৰা নাছিল৷ কিন্তু তেওঁ ইতিহাস আৰু জীৱনীমূলক বিষয়সমূহত যিবোৰ বহুমূলীয়া বত্তৃণতা প্রদান কৰিছিল, সেইবোৰৰ সংকলিত ৰূপটোৰ বাবেই এইজনা ব্রিটিছ ৰাষ্ট্রনেতাক ১৯৫৩ চনৰ বাবে সাহিত্যৰ ন’বেল বঁটা প্রদান কৰা হৈছিল৷ ইয়াৰ পৰা এটা কথাই প্রতিপন্ন হয় যে সকলো ধৰণৰ ৰচনাই সাহিত্যিক গুণাৱলীৰে সমৃদ্ধ হৈ উঠাটো সম্ভৱপৰ৷ এই কথা সর্বজনস্বীকৃত, সাহিত্যও কলাৰে এক বিশিষ্ট অভিব্যক্তি৷ এতেকে যি ধাৰাৰে ৰচনা নহওক কিয়, সাহিত্যিক সুষমাৰে মণ্ডিত প্রতিটো লেখাই সাহিত্য হিচাপে বিৱেচিত হ’বৰ যোগ্য৷ তথাপি ‘বিশুদ্ধ সাহিত্য’ৰ ধাৰা কেইটামানৰ প্রতি আমাৰ পাঠক সমাজে সততে আগ্রহ প্রকাশ কৰি অহা দেখা যায়৷ সাহিত্যৰ এনে কেইটামান ধাৰা হৈছে উপন্যাস, চুটিগল্প আৰু কবিতা ইত্যাদি৷ অৱশ্যে বহু সময়ত কিছুমান পাণ্ডিত্যপূর্ণ বিষয়ৰ ৰচনাও সাহিত্যৰ গুণাৱলীৰে সিক্ত হৈ উঠা দেখা যায়৷ অসমীয়া ভাষাত ইয়াৰ অত্যুজ্জ্বল নিদর্শন হৈছে প্রয়াত সাহিত্যাচার্য যতীন্দ্রনাথ গোস্বামীদেৱে সম্পাদনা কৰা কৃষ্ণকান্ত সন্দিকৈ ৰচনাসম্ভাৰ৷ এই ৰচনাৱলীৰ বাবে পণ্ডিত সন্দিকৈদেৱক সাহিত্য অকাডেমিয়ে মৰণোত্তৰভাৱে ১৯৮৫ চনত অকাডেমি বঁটা প্রদান কৰিছিল৷ কোৱা বাহুল্য যে প্রাচ্যবিদ্যার্ণৱ সন্দিকৈদেৱৰ ৰচনাৱলী মূলতঃ পাণ্ডিত্যৰ গুণেৰে ভূষিত আছিল যদিও এইসমূহ ৰচনা সৃষ্টিশীল সাহিত্যৰ মহত্ত্বৰে মহামণ্ডিত হৈ উঠিছিল৷
এতিয়া কথা হৈছে, চিত্রকৰৰ সৃষ্টিকর্মৰ নিমিত্তে যিদৰে বিভিন্ন ধৰণৰ ৰং অপৰিহার্য, একেদৰে সাহিত্যিক একোগৰাকীৰ বাবে সৃষ্টিৰ মাধ্যম হৈছে ভাষা৷ একোজন চিত্রকৰৰ বেলিকা তেওঁ সৃষ্টিৰ মাধ্যম হিচাপে কি ৰং ব্যৱহাৰ কৰিব, সেই কথা একমাত্র নির্ভৰ কৰে তেওঁৰ ব্যক্তিগত ৰুচি–ভিৰুচিৰ ওপৰত৷ একেদৰে এজন সাহিত্য–স্রষ্টাই তেওঁৰ ভাবৰাজিৰ প্রকাশৰ উদ্দেশ্যে কোনটো ভাষা ব্যৱহাৰ কৰিব, তাৰ সিদ্ধান্ত তেওঁ নিজেহে ল’ব পাৰিব৷ প্রতিজন সাহিত্যিকে যে সাহিত্য সৃষ্টিৰ হেতু নিজ মাতৃভাষাটোহে ব্যৱহাৰ কৰিব লাগিব, তেনে বাধ্যবাধকতা ক’তো দৃষ্টিগোচৰ নহয়৷ আপোন মাতৃভাষাৰ পৰিৱর্তে অন্য এটা ভাষাক সাহিত্য সৃষ্টিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ উদাহৰণ পৃথিৱীৰ যিকোনো দেশতে অসংখ্য আছে৷ আচলতে এজন লেখক কিম্বা সাহিত্যিকে কোনটো জনসমষ্টিক নিজ সৃষ্টিৰ লক্ষ্য Terget) হিচাপে ল’ব খোজে, তাৰ ওপৰতে নির্ভৰ কৰে তেওঁ সাহিত্য ৰচনাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা ভাষাটো৷ নিজ মাতৃভাষাৰ পৰিৱর্তে ইংৰাজীক ৰচনাৰ মাধ্যম হিচাপে বাছনি কৰা অগণন লেখক–সাহিত্যিক আমাৰ ভাৰততে দেখিবলৈ পোৱা যায়৷ ইংৰাজী ভাষাৰ প্রয়োগ–ক্ষেত্রখন সমগ্র বিশ্বতে প্রসাৰিত হোৱাৰ বাবেই নিজ ৰচনাৰ ব্যাপক প্রসাৰ কামনা কৰা সাহিত্যিকসকলে এই ভাষাটোক ৰচনাৰ মাধ্যম হিচাপে গ্রহণ কৰাটোত আচৰিত হ’ব লগা একো নাই৷ ইয়াৰ বিপৰীতে ডেৰ কোটি লোকৰ মাতৃভাষা অসমীয়া ভাষাৰ প্রয়োগ–ক্ষেত্রখন তুলনামূলকভাৱে অতিশয় সীমিত৷ এই বিষয়ে অৱগত হোৱাৰ পাছতো যিসকল অনা–সমীয়া সাহিত্যিকে অসমীয়া ভাষাটোক নিজ সৃষ্টিকর্মৰ মাধ্যম হিচাপে গ্রহণ কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি আহে, তেওঁলোকে নিশ্চিতভাৱে কিছু অতিৰিক্ত দায়বদ্ধতা অনুভৱ কৰিব লাগিব৷ এই দায়বদ্ধতা দুই প্রকাৰৰ হোৱাটো সম্ভৱপৰ, যথা– (ক) অসমীয়া ভাষাটোৰ প্রতি সেইসকলে কিবা এক অনির্বচনী আত্মীয়তা অনুভৱ কৰে, নতুবা (খ) অসমীয়া পঢ়ুৱৈসকলৰ প্রতি তেওঁলোকৰ কিবা আছুতীয়া বক্তব্য আছে৷ কিন্তু কাৰণ যিয়েই নহওক, কোনো এটা ভাষাত সার্থকভাৱে সাহিত্য সৃষ্টি কৰিবলৈ হ’লে, যিটো তেওঁৰ মাতৃভাষা নহয়, সেই ভাষাটোৰ ওপৰত তেওঁৰ প্রচুৰ দখল থকাটো অপৰিহার্য৷ পিছে দেখ দেখকৈয়ে আনৰ ভাষা এটাত সাহিত্য সৃষ্টি কৰিবৰ জোখাৰে ব্যুৎপত্তি অর্জন কৰাটো মুখৰ কথা নহয়৷ তথাপি বিভিন্ন সময়ত সংখ্যাত সীমিত হ’লেও এচাম লেখক–সাহিত্যিকে নিজ মাতৃভাষা–ভিন্ন আন এটা ভাষাক লেখাৰ মাধ্যম কৰি লোৱা দেখা যায়৷ ইয়াৰ বাবে উক্ত ভাষা আয়ত্ত কৰিব পৰাকৈ কঠোৰ শ্রমৰ লগতে আন্তৰিক অনুৰাগো অপৰিহার্য হৈ উঠে৷ এটা ভাষাভাষী লোক, সংখ্যাত তাকৰ হ’লেও অন্য এটা ভাষাৰ সৌন্দর্যত মুগ্ধ হোৱাটোও অসম্ভৱ কথা নহয়৷ বিশেষকৈ যেতিয়া দুটা ভাষাৰ মাজত বিভিন্ন দিশৰ পৰা নিজ নিজ শ্রেষ্ঠত্ব প্রতিষ্ঠাৰ প্রয়াসে অশুভ ৰূপ ধাৰণ কৰে, তেনে সময়ত ভাষিক উগ্র জাতীয়তাবাদেও গা কৰি উঠা দেখা যায়৷ এই কথা ইংৰাজী আৰু ফৰাচী ভাষাৰ ক্ষেত্রত যিদৰে সত্য, একেই কথা অসমীয়া আৰু বঙলা ভাষাৰ বেলিকাও সমানে প্রযোজ্য৷ নিজ নিজ ভাষাক লৈ ব্যক্তিসকলে গর্ব অনুভৱ কৰাটো কেতিয়াও দোষণীয় কথা নহয়৷ কিন্তু ইয়াকে কৰিবলৈ গৈ আনৰ ভাষা এটাক হেয় প্রতিপন্ন কৰিব খোজাৰ প্রৱণতাক সভ্য সমাজে গ্রহণ নকৰে৷ ভাষাৰ ক্ষেত্রত অসমীয়া আৰু বাঙালী লোকসকল মাত্রাধিকভাৱে অনুভূতিপ্রৱণ বুলি এটা দুর্নাম অতীজৰে পৰাই আছে৷ প্রায় ডেৰশ বছৰ আগলৈকে এচাম বিজ্ঞ বাঙালী লোকে অসমীয়া ভাষাক বঙলা ভাষাৰ এটা চহা ৰূপ হিচাপে প্রতিপন্ন কৰিবলৈ অপপ্রয়াস কৰাটো যিদৰে এক ঐতিহাসিক সত্য, ঠিক একেদৰে অসমীয়া ভাষাক এটা স্বতন্ত্র তথা সমৃদ্ধ ভাষা হিচাপে ভাষা বিজ্ঞানৰ আধাৰত প্রতিষ্ঠা কৰাৰ দিশতো কেইগৰাকীমান নমস্য বাঙালী লোকে গ্রহণ কৰা ঐতিহাসিক ভূমিকা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ কিন্তু এইসকল ব্যক্তিৰ অৱদান পাণ্ডিত্যৰ ক্ষেত্রখনতে মূলতঃ আবদ্ধ হৈ থকাটোও মন কৰিবলগীয়া, য’ত হূদয়তকৈ মগজুৰ প্রাধান্য স্বাভাৱিকতে অধিক৷ কিন্তু আমাৰ আজিৰ আলোচনাত হূদয়ৰ ভূমিকাতহে গুৰুত্ব দিবলৈ প্রয়াস কৰা হৈছে৷ এই দিশৰ বিৱেচনাৰে ভাষা বিজ্ঞানীসকলৰ অৱদানক লঘু নকৰাকৈয়ে অসমীয়া ভাষাক নিজ নিজ সৃষ্টিশীল কর্মৰাজিৰ মাধ্যম হিচাপে গ্রহণ কৰা এমুঠিমান ব্যক্তিৰ সৃষ্টিত বিহংগম–দৃষ্টিৰে আলোকপাত কৰিবলৈ আমি অগ্রসৰ হৈছোঁ৷
অসমীয়া ভাষালৈ যুগজয়ী সাহিত্যিক অৰিহণা আগবঢ়াই যোৱা সর্বাগ্রগণ্য ব্যক্তিগৰাকী আছিল হেমাংগ বিশ্বাস৷ তেখেতে বিভিন্ন কথা আৰু কার্যৰ মাধ্যমে অসমীয়া ভাষা আৰু অসমপ্রেমৰ অনন্য স্বাক্ষৰ ৰাখি থৈ গৈছে৷ তেনে প্রতিটো কথাৰ ওপৰত দৃষ্টিপাত কৰি বিশ্বাসদেৱক এগৰাকী নিভাঁজ অসমপ্রেমিক ৰূপে অভিহিত কৰিব পাৰি৷ তেখেতে কলকাতাত অৱস্থিত নিজ বাসগৃহটোৰ নামকৰণ কৰিছিল ‘জিৰণি’ আৰু জীয়াৰীৰ নাম থৈছিল ‘ৰঙিলী’৷ মানুহজনৰ অসমীয়া ভাষাপ্রীতিৰ এই দুটা উদাহৰণেই বোধকৰোঁ পর্যাপ্ত হ’ব৷ তেখেতৰ মনোজ্ঞ কবিতাৰ সংকলন ‘কুলখুড়াৰ চোতাল’ মোক কলেজীয়া দিনতে উপহাৰ দিছিল মোৰ এজন আত্মীয় তথা বিশিষ্ট লেখক ড০ প্রফুল্ল মহন্তদেৱে৷ উক্ত সংকলনটিত সন্নিৱিষ্ট প্রতিটো কবিতাতে কবিগৰাকীৰ অসমীয়া ভাষাৰ ওপৰত থকা অগাধ দখলৰ কথাটোৱে মোক বিশেষভাৱে আপ্লুত কৰি তুলিছিল৷
অসমীয়া কাব্য–আকাশৰ এক ভোটাতৰাসদৃশ এগৰাকী কবি হৈছে ৰবীন্দ্র সৰকাৰ৷ সৰকাৰ উপাধিটো বহুতো গোৱালপৰীয়া লোকেও ব্যৱহাৰ কৰা হেতুকে বহু দিনলৈকে ৰবীন্দ্র সৰকাৰদেৱৰ মাতৃভাষা অসমীয়া বুলিয়েই মই ভাবি আছিলোঁ৷ তেখেতে ৰচনা কৰা ‘সমকাল’ কবিতাটো কবিতা–আবৃত্তিৰ প্রথম অসমীয়া গ্রাম’ফোন এলপি ৰেকর্ড ‘সপ্তর্ষি’ত অন্তর্ভুক্ত হৈছিল৷ আমাৰ যৌৱনৰ দিনবিলাকত অমৰজ্যোতি চৌধুৰীদেৱে আবৃত্তি কৰা সেই কবিতাটো কিমানবাৰ শুনিছিলোঁ, তাৰ সীমা–সংখ্যা নাই৷ কবিতাটোৰ কেইটামান শাৰীয়ে মোৰ মনটোক আজিও খুন্দিয়াই থাকে৷ যেনে– ‘মাছৰ চকুত চকু থৈয়ো লক্ষ্যভ্রষ্ট সত্তৰৰ অর্জুন, বণিকৰ লালসাই বিনষ্ট কৰে সোণালী শস্যৰ ভ্রূণ’ তথা ‘গুৰিৰ তলত সাৰ পাই উঠক অংকুৰিত সম্ভাৱনাৰ ঢ়ৌ তোলা মাটি’৷ সাহিত্য অকাডেমিয়ে এইগৰাকী যশস্বী কবিক তেওঁৰ ‘ধূলিয়ৰি ভৰিৰ সাঁচ’ নামৰ কাব্যগ্রন্থৰ বাবে ২০১৩ খ্রীষ্টাব্দত অকাডেমি বঁটা প্রদান কৰে৷ উল্লেখযোগ্য যে ৰবীন্দ্র সৰকাৰেই হ’ল অসমীয়া ভাষাত সাহিত্য ৰচনা কৰি অকাডেমি বঁটাৰে সন্মানিত হোৱা প্রথম তথা এইপর্যন্ত একমাত্র বাঙালী সাহিত্যিক৷
অসমীয়া গদ্য–সাহিত্যত এক নতুন মাত্রাৰ সংযোজন কৰা এগৰাকী প্রসিদ্ধ কথাশিল্পী আছিল প্রয়াত ৰবীন দে’৷ তেওঁ ‘ৰংমন’ ছদ্মনামত ৰচনা কৰি উলিয়াইছিল প্রখ্যাত ‘দস্যু ভাস্কৰ’ ৰহস্য উপন্যাসলানি৷ প্রয়াত দে’ৰ জন্ম হৈছিল অসমৰ নাজিৰাত আৰু একালৰ জনপ্রিয় ‘ছোভিয়েট দেশ’ আলোচনীৰ সম্পাদনা বিভাগৰ কর্মচাৰী হিচাপে তেওঁ কলকাতাত কর্মৰত আছিল৷ অসমীয়া ৰহস্য–সাহিত্যৰ ক্ষেত্রখনত দস্যু ভাস্কৰ ছিৰিজৰ কিতাপবোৰৰ জনপ্রিয়তা ‘পা–ফু’ ছিৰিজৰ ঠিক পিছতে আছিল৷ এই ছিৰিজটোৰ উপৰি আৰু কিছুসংখ্যক শিশু উপযোগী গ্রন্থও ৰবীন দে’ই ৰচনা কৰিছিল৷
এই মুহূর্তত আমাৰ মনলৈ অহা কেইগৰাকীমান প্রমুখ বঙলা মাতৃভাষী অসমীয়া সাহিত্যিকৰ বিষয়ে আমি ওপৰত উল্লেখ কৰিলোঁ৷ কিন্তু অসমীয়া কথা–সাহিত্যিকসকল মাজত সবাতোকৈ বিশিষ্ট আসন অধিকাৰ কৰিবলৈ সমর্থ হোৱা বাঙালী ব্যক্তিগৰাকী আছিল সদ্যপ্রয়াত সন্তোষ কুমাৰ কর্মকাৰ ডাঙৰীয়া৷ তেখেতক মুখামুখিকৈ লগ পোৱাৰ সৌভাগ্য মোৰ কেতিয়াও নহ’ল৷ কেৱল এবাৰ দূৰভাষযোগে মোৰ দীঘলীয়া বার্তালাপ হৈছিল তেখেতৰ লগত৷ কর্মকাৰ ডাঙৰীয়াৰ সৈতে মোৰ প্রথম পৰিচয় হৈছিল ‘প্রান্তিক’ আলোচনীত ধাৰাবাহিকভাৱে প্রকাশ পোৱা ‘ঠাকুৰবাড়ীৰ কন্যা’ নামৰ উপন্যাসখনৰ জৰিয়তে৷ তেখেতৰ ৰচনাশৈলী নিৰীক্ষণ কৰি মই অভিভূত হৈছিলোঁ৷ পাছতহে জানিব পাৰিছিলোঁ যে কর্মকাৰদেৱৰ মুঠ প্রকাশিত উপন্যাসৰ সংখ্যা কুৰিখনৰো অধিক৷ ইয়াৰে একাংশ শিশুসকলৰ উদ্দেশ্যে ৰচনা কৰা গ্রন্থ৷ ১৯৫৩ চনত তেতিয়াৰ পূব পাকিস্তানৰ ময়মনসিং জিলাত জন্মগ্রহণ কৰা প্রয়াত কর্মকাৰে পঢ়াশলীয়া শিক্ষা বঙলা ভাষাতে লাভ কৰা সত্ত্বেও পৰৱর্তী কালত তেখেতে অসমীয়া ভাষালৈ বহুমুখী বৰঙণি আগবঢ়াই থৈ গৈছে৷ ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ জীৱনৰ আধাৰত উপন্যাস ৰচনা কৰা প্রথমগৰাকী ব্যক্তি আছিল সন্তোষ কুমাৰ কর্মকাৰ৷ তেখেতৰ সৃষ্টিকর্মই ৰাজহুৱা স্বীকৃতি একেবাৰে লাভ কৰা নাছিল বুলিব নোৱাৰি৷ ইবোৰৰ ভিতৰত তেখেতৰ ‘গৃহভূমি’ গ্রন্থখনৰ বাবে অসম সাহিত্য সভাই ১৯৯৮ চনত আগবঢ়োৱা সীতানাথ ব্রহ্মচৌধুৰী বঁটা বিশেষভাৱে উল্লেখযোগ্য৷ তেখেতৰ লগত মোৰ কথোপকথন এদিনতে সীমিত হৈ থাকিল৷ পাছত কেইবাবাৰো ফোন কৰি বিশিষ্ট সাহিত্যিকগৰাকীৰ পৰা সঁহাৰি পোৱা নাছিলোঁ৷ বহু পলমকৈহে জানিব পাৰিলোঁ যে তেখেতে ইতিমধ্যে দুৰাৰোগ্য কর্কট ৰোগত আক্রান্ত হৈ পৰিছে৷ সেই ৰোগৰ সৈতে যুঁজি অৱশেষত কর্মকাৰদেৱে হাৰ মানিলে৷ কিন্তু ভিন্ন মাতৃভাষী অসমীয়া সাহিত্যিক হিচাপে সন্তোষ কুমাৰ কর্মকাৰ নামটো শ্রদ্ধেয় ৰংবং তেৰাং আৰু য়েছে দৰজে ঠংচিৰ লগত একে শাৰীতে লিপিবদ্ধ হৈ ৰ’ব৷

You might also like