বিহু : শৈল্পিক প্রকাশ বনাম শৈল্পিক শোষণ
🔹 ড০ ডিম্পী মহন্ত
আমি বাস কৰা এই পৃথিৱীখন দৰাচলতে যেনেকুৱা, আমি ঠিক তেনেকুৱা নেদেখোঁ৷ আমি নিজে যেনেকুৱা, তেনেকুৱাহে দেখোঁ৷ বাহ্যিক বাস্তৱতাক লৈ এগৰাকী পুৰুষ বা এগৰাকী নাৰীৰ দৃষ্টিভংগী আৰু ব্যাখ্যা কার্যতঃ তেওঁৰ ভিতৰুৱা চিন্তাৰহে প্রতিফলন– যি দৃষ্টিভংগী আৰু ব্যাখ্যা নির্ধাৰণ কৰে তেওঁৰ অন্তর্জগতখনে৷
অসমীয়া নৱবর্ষৰ আৰম্ভণি ঘটোৱা পৱিত্র ব’হাগ মাহৰ ৰঙালী বিহুৰ সময়তে তোলপাৰ লগাইছে এটা ইউটিউব ভিডিঅ’ই, যিটো ভিডিঅ’ই কেইজনমান স্বয়ম্ভু বুদ্ধিজীৱীক বাদ দি বৃহত্তৰ অসমীয়া সমাজৰ সকলো শ্রেণীৰে গৰিষ্ঠসংখ্যক লোকৰ আৱেগ, বিবেক, আত্মসন্মান আৰু অনুভূতিত আঘাত হানিছে৷ বিহু অসমবাসীৰ বাবে এক বিশেষ সাংস্কৃতিক চিহ্ণ৷ পৰম্পৰাগতভাৱে বিহুৰ জৰিয়তে প্রেম, যৌনতা আদি প্রকাশ কৰা হয় যদিও এইবোৰ কৰা হয় যথেষ্ট সংযত আৰু সু–সংস্কৃত ৰূপত, সভ্য সমাজৰ বাবে গ্রহণযোগ্য পথেৰে, পোনপটীয়া বা অশ্লীলভাৱে নহয়৷ অসমীয়া সমাজখন এই বিহুৰ সাংস্কৃতিক ঐতিহ্যৰ উত্তৰাধিকাৰী৷ নিজকে শিল্পী বুলি দাবী কৰা একাংশ ‘কনটেণ্ট ক্রিয়েটৰে’ সেয়েহে বিহুৰ নাম ব্যৱহাৰ কৰি ৰাইজৰ বাবে এৰি দিয়া যিকোনো কনটেণ্ট বা দৃশ্য–শ্রাব্য সামগ্রীৰ ক্ষেত্রত যথেষ্ট সতর্ক হোৱা উচিত৷ বিহুৰ নাম দি প্রস্তুত কৰা যৌনগন্ধী আৰু প্রৰোচনামূলক এনে কেতবোৰ ভিডিঅ’ই ইতিমধ্যে বিহুৰ মূল আত্মাৰ ওপৰতেই যেন সর্বাত্মকভাৱে আক্রমণ চলাইছে৷
ভাব প্রকাশৰ স্বাধীনতা আৰু শিল্পীসুলভ বৈধতাই নাৰীৰ কামনা–বাসনা, যৌনতা আদিক বিষয় হিচাপে লোৱাত নিশ্চয় অনুমোদন জনায়৷ কিন্তু আমি মনত ৰাখিব লাগিব যে বহুপতি ব্যৱস্থা অসমীয়া সংস্কৃতিৰ অংগ নহয় আৰু ই অসমীয়া সমাজৰ বাবে সিদ্ধ বা গ্রহণযোগ্যও নহয়৷ উল্লিখিত সেই তথাকথিত ‘বিহু ভিডিঅ’’টোৱে সাধাৰণ ৰাইজক ক্ষুব্ধ কৰি তোলাৰ মূল কাৰণো সেইটোৱে৷ এহাতে এই ভিডিঅ’টোত বিহুৰ লেবেল লগোৱা হৈছে আৰু আনহাতে ই আমাৰ সাংস্কৃতিক মূল্যবোধৰ সম্পূর্ণ বিপৰীতে গৈছে৷ নির্দিষ্ট কনটেণ্ট ক্রিয়েটৰগৰাকীৰ মাজত সংবেদনশীলতা, সৃষ্টিশীল তথা বৌদ্ধিক পৰিপক্বতাৰ অভাৱ ঘটিছে৷ যাৰ পৰিণতিত সৃষ্টি হৈছে একধৰণৰ গণবিক্ষোভৰ৷ অসমীয়া সমাজত বিহুৰ নামটো ব্যৱহাৰ কৰিলে বিশেষ এক সাংস্কৃতিক দায়িত্ব আহি পৰে৷ আৰু যেতিয়া মূল্যবোধ আৰু উপস্থাপনত এই দায়িত্ব পালন কৰা নাযায়, তেতিয়া সামাজিক মাধ্যমত তেনে সৃষ্টি ব্যাপক গণবিক্ষোভ বা বিৰোধৰ সন্মুখীন হোৱাৰ লগতে ৰাইজৰ দ্বাৰা বর্জিত হয়৷ অসমীয়াৰ সাংস্কৃতিক পৰিচয়ৰ মাজত বিহুৰ শিপাডাল বহু গভীৰলৈকে সোমাই আছে৷ এনে প্রেক্ষাপটত নিজৰ যৌনগন্ধী সৃষ্টিৰ প্রচাৰ বা প্রদর্শনৰ বাবে কোনোবাই বিহুৰ নাম ব্যৱহাৰ কৰিলে বিশ্বজুৰি অসমীয়া সমাজে ইয়াক অসমীয়া সংস্কৃতিৰ ভুল উপস্থাপন তথা অসমীয়া সংস্কৃতিৰ প্রতি একধৰণৰ বিদ্রূপ বা অপমান বুলিয়েই স্বাভাৱিকতে গণ্য কৰে৷ এনে অৱস্থাত সংশ্লিষ্ট ‘সৃষ্টিশীল’ কামটোক এক পৰম্পৰাগত শিল্পৰ সৃষ্টিশীল উপস্থাপনৰ সলনি ইয়াৰ অপব্যৱহাৰ বা অপৱিত্রকৰণ বুলিহে গণ্য কৰা হয়৷
উল্লেখ্য যে ভাৰতীয় সংবিধানে দেশৰ প্রত্যেক নাগৰিককে মত প্রকাশৰ স্বাধীনতা প্রদান কৰিছে, কিন্তু উক্ত স্বাধীনতা পৰম বা অসীম নহয়৷ ভাৰতীয় সংবিধানৰ ১৯ (২) অনুচ্ছেদ অনুসৰি নৈতিকতা, শালীনতা, ৰাজহুৱা শৃংখলা, সাংস্কৃতিক মূল্যবোধ আদিৰ স্বার্থত ৰাষ্ট্র, চৰকাৰ বা প্রশাসনে ভাব প্রকাশৰ স্বাধীনতাৰ ওপৰত যুক্তিসন্মত নিষেধাজ্ঞা বা সীমাবদ্ধতা আৰোপ কৰিব পাৰে৷ এনে আইনগত ব্যৱস্থাৰ পৰিপ্রেক্ষিতত ৰাজহুৱা স্থানত যৌনগন্ধী বিষয়বস্তুৰ উপস্থাপন, (বিশেষকৈ বিহুৰ নিচিনা এক পৱিত্র আৰু সাংস্কৃতিকভাৱে তাৎপর্যপূর্ণ উৎসৱৰ লগত জড়িত বিষয়বস্তুৰ উপস্থাপন) ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯২, ২০০০ চনৰ তথ্য–প্রযুক্তি আইনৰ ধাৰা ৬৭ আৰু ১৯৮৬ চনৰ মহিলা উপস্থাপন নিষেধাজ্ঞা আইনৰ অধীনত শাস্তিযোগ্য অপৰাধ হিচাপে পৰিগণিত হ’ব পাৰে৷
ব্যক্তিগতভাৱে কোনো সৃষ্টিশীল লোক বা শিল্পীয়ে সমাজৰ নৈতিক আৰু সাংস্কৃতিক মূল্যবোধ উলংঘা কৰিব নোৱাৰে৷ বিহু এক সামূহিক সাংস্কৃতিক পৰম্পৰা, কোনো ব্যক্তিগত বিষয় নহয়৷ সেয়ে বিহুক অচিলা হিচাপে লৈ অপৰম্পৰাগত বা তথাকথিত বিশেষ সৃষ্টিৰ নামত যৌনগন্ধী বা অশ্লীল কনটেণ্টৰ প্রচাৰ আৰু প্রসাৰত যদি কোনোবা নামে, তেনেহ’লে তেওঁ গণৰোষৰ সন্মুুখীন হোৱাৰ লগতে আইনগত কার্যব্যৱস্থাৰো সন্মুখীন হ’ব লাগিব পাৰে৷ সকলোৱে এটা কথা মনত ৰখা উচিত যে অভিব্যক্তিৰ স্বাধীনতা যুক্তিসন্মত সীমাবদ্ধতাৰ মাজতহে বর্তি থাকে, বিশেষকৈ সেই অভিব্যক্তি যেতিয়া সাংস্কৃতিক ঐতিহ্য, ৰাজহুৱা শালীনতা আৰু সামাজিক সন্মানৰ লগত জড়িত হয়৷ সেয়েহে শিল্পীৰ স্বাধীনতা আৰু সংস্কৃতিৰ প্রতি সন্মানৰ মাজত প্রয়োজনীয় সন্তুলন থাকিবই লাগিব আৰু এই সন্তুলন ৰক্ষাৰ স্বার্থতেই কোনোবাই বিহু নাম দি কিবা এটা সৃষ্টি কৰিব খুজিলে নিম্নোক্ত তিনিটা কথা মনত ৰাখিব লাগিব৷
(১) উদ্দেশ্য : মোৰ কামটো সঁচাকৈয়ে লোকসংস্কৃতিৰ মাধ্যমেৰে কৰা এক শৈল্পিক অন্বেষণ হয়নে? নে ই বিহু নামটো ব্যৱহাৰ কৰি কৰা এক প্রৰোচনামূলক প্রচাৰৰ অপপ্রয়াসহে?
(২) কার্য ৰূপায়ণ : মই মোৰ সাংগীতিক দৃশ্য–শ্রাব্য কামটো নান্দনিক সংবেদনশীলতা, সাংস্কৃতিক বুজাবুজি আৰু সৎ উদ্দেশ্যৰে কৰিছোঁনে? নে মই কিবা এক চাঞ্চল্যৰ সৃষ্টি কৰি সংবাদ শিৰোনামলৈ অহাৰ বাবেহে কৰিছোঁ?
(৩) শ্রোতা–দর্শক : বিহুৰ লগত আৱেগিকভাৱে জড়িত অসমীয়া সমাজে মোৰ কামক ভুল উপস্থাপন বুলি চিহ্ণিত কৰিব নেকি, বা মোৰ কামক লৈ অসমীয়া সমাজ ক্ষুব্ধ হ’ব নেকি?
যদিহে এইকেহটা প্রশ্ণ আগত লৈ কামটো কৰা হ’লহেঁতেন, সেই কামে ন্যায্যতা পালেহেঁতেন৷ ইয়াৰ অন্যথা মানুহে যৌন চাঞ্চল্য সৃষ্টিৰ বাবে বিহুৰ নামটোৰ অপব্যৱহাৰ কৰা বুলি ভবা আৰু বিহুৰ এই ভুল উপস্থাপনৰ বাবে ক্ষুব্ধ হৈ উঠাটোৱেহ স্বাভাৱিক, যাৰ অৱশ্যম্ভাৱী পৰিণতি হৈছে নেতিবাচক ৰাজহুৱা প্রতিক্রিয়া৷
যদিও বিহুগীতত প্রেম নিবেদন বা যৌন আবেদনময় উপাদানো আছে, তথাপি এইবোৰৰ প্রকাশ হয় সামাজিক গ্রহণযোগ্যতাৰ মাজেৰেহে৷ কিছুমান ব্যক্তিয়ে অৱশ্যে কলা আৰু নাৰীবাদিতাৰ নামত বিহুৰ অপব্যাখ্যাৰে ৰাজহুৱা মনোৰঞ্জনৰ বাবে নাৰীক পণ্য হিচাপে ব্যৱহাৰ কৰাৰ ভুল অভিযোগ তোলে৷ বিহুগীতৰ কথাৰ বিভিন্ন অর্থ থাকিব পাৰে, কিন্তু বিহুগীত স্পষ্টভাৱে যৌনতাৰে ভৰা নহয়৷ ইয়াৰ বিপৰীতে বিহুৰ নামত প্রস্তুত কৰা ‘সাংগীতিক’ ভিডিঅ’ত অশ্লীল দৃশ্যৰ অৱতাৰণাহে যৌনগন্ধী, যাৰ উদ্দেশ্য কেৱল উদ্দীপনাৰ সৃষ্টি কৰা, কোনো সাংস্কৃতিক উদ্দেশ্য সাধন কৰা নহয়৷ এনেবোৰ কামে বয়োসন্ধিৰ কিশোৰ–কিশোৰী আৰু যুৱপ্রজন্মৰ মনস্তত্ত্বৰ ওপৰতো অতি বেয়া প্রভাৱ পেলাব পাৰে৷ ইয়ে বিহুৰ সাংস্কৃতিক মূল্যবোধ আৰু ৰাজহুৱা শালীনতাৰ মানৰ ওপৰতো আঘাত হানে৷
এখন সুসংস্কৃত সমাজ হিচাপে অসমীয়া সমাজে এগৰাকী অতিশয় কামপীড়িতা আৰু বহুগামিনী নাৰীক সৃষ্টিৰ বিষয়বস্তু হিচাপে লৈ বিহুৰ নামত কৰা অশ্লীল, আক্রমণাত্মক, শোষণমূলক আৰু সুলভ ‘সৃষ্টি’ৰ প্রতি যুক্তিসংগতভাৱেই বিৰোধ কৰিছে৷ শিল্পীসুলভ প্রকাশ আৰু শোষণৰ মাজত এক সূক্ষ্ম পার্থক্য আছে৷ এই পার্থক্য কেৱল উচ্চ পর্যায়ৰ সাংস্কৃতিক মেধাসম্পন্ন একোগৰাকী শিল্পীয়েহে বুজিব পাৰে, কেৱল দর্শক গোটোৱাৰ ধান্দাত থকা তথাকথিত অভিনেতা–অভিনেত্রী বা কনটেণ্ট ক্রিয়েটৰে নোৱাৰে৷
পৃথিৱীৰ সকলো ঠাইতে লোককলা, লোক–পৰস্পৰা বা লোকসংস্কৃতি জনজীৱনৰ লগত জড়িত৷ এইবোৰৰ বাণিজ্যিকীকৰণ বা জনবিচ্ছিন্নকৰণ হ’ব নোৱাৰে৷ উত্তৰ প্রদেশ আৰু বিহাৰৰ মৈথিলী আৰু ভোজপুৰী লোকগীতেই হওক বা বংগৰ বাউল গীতেই হওক, মহাৰাষ্ট্রৰ লাৱণীয়েই হওক বা ৰাজস্থানৰ গোৰবান্ধ আৰু পানীহাৰী গীতেই হওক, জাপানৰ শ্বুংগাই হওক বা জুলু, য়োৰুবাৰ নিচিনা আফ্রিকাৰ নৃত্য–গীতেই হওক সকলোতে একে কথাই প্রযোজ্য হয়৷ এইবোৰত আনকি সাহসিকতাৰে মহিলাৰ যৌনতা প্রদর্শন কৰিলেও সাৱধানতাৰে এইটো লক্ষ্য কৰা হয় যে তেনে প্রদর্শনে যাতে স্থানীয় প্রেক্ষাপট, ভাষা, প্রতীকবাদ, কলাসুলভ মূল্যবোধ আৰু সাংস্কৃতিক সততাৰ লগত সহাৱস্থান কৰিব পাৰে৷ সেয়েহে আমি চর্চা কৰা নির্দিষ্ট ‘সাংগীতিক’ ভিডিঅ’টোৱে পৃথিৱীৰ কোনো লোকপৰম্পৰাৰে প্রগতিবাদী ভাষ্যৰ ওচৰ চাপিব নোৱাৰে, কাৰণ ই কলাসুলভ মূল্য আৰু সাংস্কৃতিক সংবেদনশীলতা হেৰুৱাই পেলাইছে৷ ভিডিঅ’টোত প্রদর্শিত অশ্লীলতা বিহুৰ মাথোন এক বিকৃতি আৰু বিহুৰ আত্মাক ধ্বংস কৰা এক বিষয়বস্তুক ন্যায্যতা প্রদানৰ বাবে এক সাংস্কৃতিক পৰিচয়ৰ অপব্যৱহাৰ৷
ড০ অমৰজ্যোতি চৌধুৰীদেৱে বিহু বিষয়ক এটা প্রবন্ধত উল্লেখ কৰিছে– ‘ব’হাগ এক অসামান্য সময়৷ বিহুৰ কোঁহে কোঁহে নিশ্চয় বিনোদন আছে, কিন্তু বিহু কেৱল বিনোদনেই নহয়৷ ব’হাগতেই আচলতে জাতিয়ে বিচাৰি পায় জীয়াই থকাৰ অর্থ, জীৱনক কিদৰে অনুপম কৰিব পাৰি তাৰ অর্থ…৷’
বিহুৰ গাত ভেজা দি গঢ় দিব খোজা কামবোৰ নিপাত যাওক৷ সকলো অপসংস্কৃতিৰ বিপৰীতে বিহু হওক শান্তি আৰু ঐক্যৰ অগ্রদূত৷
লেখিকা কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ প্রতিষ্ঠাপক মুৰব্বী আৰু সহযোগী অধ্যাপিকা
ফোন : ৯৯৭১৫–১৯০৫৬